class 9 science chapter 1 assamese medium
ক্লাছ 9 ৰ যিকোনো বিষয়ৰ সমাধান পাবলৈ বা সুধিবলৈ ইয়াত ক্লিক কৰক

Table of Contents

আমাৰ চাৰিওকাষৰ বস্তুবোৰ Matter in Our Surroundings

Chapter 1 question answer পাঠভিত্তিক প্ৰশ্নোত্তৰ

1. তলৰ কোনবোৰ পদাৰ্থ ?

উত্তৰ:-চকী, বায়ু, প্ৰেম, গোন্ধ, ঘৃণা, বাদাম, চিন্তা, ঠাণ্ডা, ঠাণ্ডা-পানীয়, সুগন্ধি দ্রব্যৰ সুবাস।
চকী৷,বায়ু, বাদাম, ঠাণ্ডা-পানীয় আদি পদাৰ্থ ।

2.তলৰ পৰ্যবেক্ষণটোৰ কাৰণ দৰ্শোৱা।

কঢ়াকৈ ভজা গৰম বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়। কিন্তু ঠাণ্ডা বস্তুৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে ।

উত্তৰ:- ব্যাপনশীল পদাৰ্থৰ উষ্ণতা বৃদ্ধিৰ লগে লগে ব্যাপনৰ হাৰ বৃদ্ধি পায়। গতিকে, কঢ়াকৈ ভজা গৰম বস্তুৰ পৰা নিৰ্গত উত্তপ্ত গেছৰ কণিকাবোৰৰ বায়ুৰ কণিকাবোৰৰ সৈতে অধিক দ্ৰতত হাৰত ব্যাপন ঘটে। ফলত কঢ়াকৈ ভজা গৰম বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়। কিন্তু ঠাণ্ডা বস্তুৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে।

3.এজন ডুবাৰুৱে সীঁতোৰৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে। পদাৰ্থৰ কি ধৰ্মৰ ভিত্তিত এইটো সম্ভব ?

উত্তৰ:-এই পৰ্যবেক্ষণে উপস্থাপন কৰিছে যে পদাৰ্থৰ কণিকাবোৰে পৰস্পৰক আকৰ্ষণ কৰে। অৱশ্যে এই ক্ষেত্ৰত পানীৰ কণিকাবোৰৰ আকৰ্ষণ বলৰ মান কম। গতিকে, এজন ডুবাৰুৱে সীতোৰৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে ।

4.পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্যবিলাক কি কি ?

উত্তৰ:-পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্যবিলাক হ’লঃ
(a) ইহঁতৰ মাজত ব্যৱধান থাকে। এই ব্যৱধানক আশ্তঃআণবিক ব্যৱধান বুলি কোৱা হয়।
(b) ইহঁতে অনবৰতে গতি কৰি থাকে। ফলস্বৰূপে, ইহঁতৰ গতি শক্তি থাকে।
(c) আন্তঃআণৱিক বলৰ জৰিয়তে ইহঁতে পৰস্পৰক আকৰ্ষণ কৰে। পদাৰ্থৰ প্রকাৰ সাপেক্ষে আকৰ্ষণ বল ভিন্ন হয়।

5.(a) পদাৰ্থৰ বিভিন্ন অৱস্থাৰ বৈশিষ্ট্যবোৰৰ পাৰ্থক্য দেখুৱাই এখন তালিকা কৰা।
(b) তলৰ বিষয়বিলাকৰ ওপৰত মন্তব্য দিয়া –
দৃঢ়তা (rigidity),, সংকোচনশীলতা (compressibility), প্রবাহিতা (fluidity),আকাৰ (shape), গতি শক্তি (kinetic energy) আৰু ঘনত্ব (density)

উত্তৰ:-(a) পদাৰ্থৰ বিভিন্ন অৱস্থাৰ বৈশিষ্ট্যবোৰৰ পাৰ্থক্যঃ

ক্ৰমিক নংপাৰ্থক্যৰ ভিত্তিকঠিনতৰলগেছ
(i)আয়তন আৰু আকৃতিকঠিনপদাৰ্থৰ নিৰ্দিষ্ট আকৃতি আৰু আয়তন থাকে । তৰল পদাৰ্থৰ নিৰ্দিষ্ট আয়তন থাকে, কিন্তু নিৰ্দিষ্ট আকৃতি নাথাকে ।গেছবিলাকৰ নিৰ্দিষ্ট আয়তন নতুবা নিৰ্দিষ্ট আকৃতি নাথাকে।
(ii)সংকোচনশীলতাকঠিনপদাৰ্থৰ সংকোচনশীলতাৰ মাত্ৰা নগণ্য ।তৰল পদাৰ্থক কিছু পৰিমাণে সংকোচনশী ।কঠিন আৰু তৰল পদাৰ্থৰ তুলনাত গেছবিলাক অতিশয় সংকোচনশীল ।
(iii)দৃঢ়তাকঠিন পদাৰ্থবিলাক অতিশয় দৃঢ় কাৰণ কঠিন পদাৰ্থৰ কণিকাবোৰ নিকটভাৱে সংলগ্ন আৰু কণিকাবোৰৰ মাজত ব্যৱধান অতি কম ।তৰল পদাৰ্থক যি পাত্ৰত ৰখা হয় সেই পাত্ৰৰে আকৃতি লয়। সেয়ে ইহঁতক প্রবাহী বুলি কোৱা হয় ।গেছসমূহ মুঠেই দৃঢ় নহয় ।
(iv)গতি শক্তিকঠিন পদাৰ্থৰ কণিকাবোৰৰ গতি শক্তি কম।তৰল পদাৰ্থৰ কণিকাবোৰৰ গতি শক্তি কঠিন পদাৰ্থৰ কণিকাবোৰৰ গতি শক্তিতকৈ গেছীয় পদাৰ্থৰ কণিকাবোৰৰ গতি শক্তি সৰ্বাধিক ।
(v)ঘনত্বকঠিন পদাৰ্থৰ ঘনত্ব অধিক।তৰল পদাৰ্থৰ ঘনত্ব কঠিন ।গেছীয় পদাৰ্থৰ ঘনত্ব কঠিন পদাৰ্থৰ ঘনত্বকৈ কম।

(b) দৃঢ়তা :- বাহ্যিক বল প্রয়োগ কৰাৰ ক্ষেত্ৰত পদাৰ্থৰ নিজস্ব আকৃতি অপৰিৱৰ্তিত ৰখাৰ প্রৱণতাকে দৃঢ়তা বোলা হয়। গোটা পদাৰ্থবিলাক অতিশয় দৃঢ়। তৰল পদাৰ্থ প্রবাহিত হয় আৰু আকৃতি পৰিৱৰ্তন কৰে। গেছসমূহো অতি নিম্ন ঘনত্ববিশিষ্ট প্রবাহী।

সংকোচনশীলতা:- সংকোচনশীলতা হৈছে পদাৰ্থৰ এনে এক ধৰ্ম যাৰ জৰিয়তে ইয়াৰ
ওপৰত চাপ হাস বাববৃদ্ধি কৰি পদাৰ্থটোৰ আয়তন হাস বা বৃদ্ধি কৰিব পাৰি। গোটা পদাৰ্থৰ সংকোচনশীলতা উপেক্ষণীয়।তৰল পদাৰ্থক সামান্য পৰিমাণে সংকুচিত কৰিব পাৰি । আনহাতে গেছসমূহ অতিশয় সংকোচনশীল।

প্রবাহিতা:- ইয়াৰ অৰ্থ হৈছে প্ৰবাহৰ ধৰ্ম। কঠিন পদাৰ্থ প্রবাহী নহয়, কাৰণ ই প্রবাহিত

হ’ব নোৱাৰে। তৰল আৰু গেছসমূহ প্রবাহী ।

আকৃতি:- আকৃতিয়ে সুনিৰ্দিষ্ট পৰিসীমা সূচায়। কঠিন পদাৰ্থৰ নিৰ্দিষ্ট আকৃতি থাকে কিন্তু তৰল আৰু গেছীয় পদাৰ্থৰ নিৰ্দিষ্ট আকৃতি নাথাকে।

গতি শক্তি:- গতি শক্তি হৈছে পদাৰ্থৰ কণিকাবোৰে সম্পন্ন কৰা গতিৰ বাবে

কণিকাবোৰত নিহিত থকা শক্তি। কঠিন,তৰল আৰু গেছীয় পদাৰ্থবোৰৰ গতি শক্তিৰ মান ক্ৰমে কম, আধিক আৰু অত্যধিক।

ঘনত্ব:- পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰক ঘনত্ব বুলি কোৱা হয়। কঠিন, তৰল আৰু গেছীয় পদাৰ্থৰ ঘনত্ব ক্ৰমে অধিক, কম আৰু অতি কম ।

6.Chapter 1 question answerকাৰণ দৰ্শোৱা —

(a) ৰখা পাত্ৰটোত গেছ এটা সম্পূৰ্ণৰূপে ভৰি পৰে ।

(b) ধাৰক পাত্ৰৰ বেৰত গেছে চাপ দিয়ে ।

(c) কাঠৰ টেবুল এখনক কঠিন পদাৰ্থ বুলিব পাৰি ।

(d) বায়ুত আমাৰ হাতখন সহজে ঘূৰাব পাৰোঁ কিন্তু কাঠ এডোখৰৰ মাজেৰে ঘূৰাবলৈ এজন কেবাটে বিশেষজ্ঞৰ প্ৰয়োজন।

উত্তৰ:- (a) এটা গেছৰ কণিকাবোৰৰ মাজৰ আন্তঃআণবৱিক ব্যৱধান অতি বৃহৎ আৰু কণিকাবোৰৰ মাজৰ আকৰ্ষণ বল উপেক্ষণীয়। গতিকে কণিকাবোৰে মুক্তভাৱে সকলো দিশতে উচ্চ বেগত যাদৃচ্ছিকভাৱে গতি সম্পন্ন কৰিব পাৰে। সেয়ে, ৰখা পাত্ৰটোত গেছ এটা সম্পূৰ্ণৰূপে ভৰি পৰে।

(b) গেছীয় পদাৰ্থৰ কণিকাবোৰৰ গতি শক্তি অতি বেছি। গতিকে, কণিকাবোৰে সকলো দিশতে দ্ৰুত বেগেৰে যাদৃচ্ছিকভাৱে গতি সম্পন্ন কৰে। এনে কৰোঁতে কণিকাবোৰে পৰস্পৰৰ লগত আৰু পাত্ৰৰ বেৰৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। ফলস্বৰূপে ধাৰক পাত্ৰৰ বেৰত সিহঁতে কিছু বল প্রয়োগ কৰে। ধাৰক পাত্ৰটোৰ প্রতি একক ক্ষেত্ৰফলত গেছৰ কণিকাবোৰে প্রয়োগ কৰা বলেই হৈছে গেছটোৱে প্রয়োগ কৰা চাপ।

(c) কাঠৰ টেবুলৰ নিৰ্দিষ্ট আকৃতি আৰু নিৰ্দিষ্ট আয়তন থাকে। ই বাহ্যিক বলৰ প্রভাৱৰ পৰা মুক্ত হৈ নিজস্ব আকৃতি অপৰিৱৰ্তিত ৰাখে। সেয়ে, কাঠৰ টেবুল এখনক কঠিন পদাৰ্থ বুলিব পাৰি ।

(d) এটা গেছৰ কণিকাবোৰৰ মাজৰ আন্তঃআণৱিক ব্যৱধান অতি বৃহৎ আৰু কণিকাবোৰৰ মাজৰ আন্তঃআণৱিক আকৰ্ষণ বল উপেক্ষণীয়। সেয়ে আমি বায়ুত আমাৰ হাতখন সহজে ঘূৰাব পাৰোঁ। কিন্তু কাঠ এডোখৰৰ ক্ষেত্ৰত আন্তঃআণৱিক বল অতি বৃহৎ আৰু কাঠডোখৰৰ কণিকাবোৰ দৃঢ়ভাৱে বান্ধ খাই থাকে। সিহঁতক আঁতৰ কৰিবলৈ বৃহৎ পৰিমাণৰ বলৰ প্রয়োজন হয়। সেয়ে একেটা কাম কাঠ এডোখৰৰ মাজেৰে কৰিবলৈ এজন
কেৰাটে বিশেষজ্ঞৰ প্রয়োজন।

7.কঠিন পদাৰ্থৰ তুলনাত জুলীয়া পদাৰ্থৰ ঘনত্ব কম । কিন্তু দেখিছানে-বৰফ পানীত ওপঙে,কিয় বাৰু ?

উত্তৰ:-পানী হিমীভূত হৈ বৰফ গঠন হওতে পানীৰ কণিকাবোৰৰ মাজত ব্যৱধান ৰৈ যায় । ইয়াৰ ফলত বৰফৰ ঘনত্ব পানীৰ ঘনত্বকৈ কম হয়। ফলস্বৰূপে বৰফ পানীত ওপঙে ।

8.তলত দিয়া উষ্ণতাবোৰ ছেলছিয়াছ স্কেলত প্রকাশ কৰা :-
(a) 300K (b) 573 K

উত্তৰ:- (a) আমি জানো,
TK= t°C+ 273 য’ত ‘T” হৈছে কেলভিন স্কেলৰ উষ্ণতা আৰু হৈছে ছেলছিয়াছ স্কেলৰ উষ্ণতা ।

∴ 300 = t°C+273
=> t°C = 300-273
=> t°C = 27°C
∴ 300K = 27°C

(b) 573 =t°C +273
=>. t°C = 573-273
=> t°C = 300°C
∴ 573 = 300°C


9. তলৰ উষ্ণতাৰিলাকত পানীৰ ভৌতিক অবস্থা কি হ’ব ?
(a) 250°C (b) 100°C

উত্তৰ:-(a) গেছীয় অৱস্থা
(b) বাষ্প (বা ভাপ)


10. পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণকে ঘনত্ব বোলে । (ঘনত্ব = ভৰ /আয়তন । তলৰ পদাৰ্থবোৰ ঘনত্বৰ উৰ্ধক্ৰমত সজোৱা :-
বায়ু,চিমনিৰ পৰা ওলোৱা ধোঁৱা, মৌ, পানী,চকমাটি,কপাহ আৰু লো।

উত্তৰ:-চিমনিৰ পৰা ওলোৱা ধোঁৱা, বায়ু, কপাহ, পানী, মৌ, চকমাটি আৰু লো।

11. কোনা পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তনৰ সময়ছোৱাত উষ্ণতা স্থিৰ হৈ থাকে কিয় ?

উত্তৰ:-পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তনকালত প্রয়োগ কৰা তাপ শক্তি, পদাৰ্থৰ কণিকাবোৰৰ মাজৰ আকৰ্ষণ বল অতিক্ৰম কৰাত ব্যৱহৃত হয়।অৱস্থাৰ পৰিৱৰ্তনকালত কণিকাবোৰৰ গতি শক্তি বৃদ্ধি নাপায়। সেয়ে, কোনো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তনৰ সময়ছোৱাত উষ্ণতা স্থিৰ হৈ থাকে।

12. বায়ুমণ্ডলীয় গেছ জুলীয়া কৰিব পৰা পদ্ধতি এটা কোৱা ।

উত্তৰ:-উচ্চ চাপ প্রয়োগ কৰি উষ্ণতা হাস কৰি বায়ুমণ্ডলীয় গেছ জুলীয়া কৰিব পাৰি।

13. Desert cooler এটাই শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে কিয় ?

উত্তৰ:-বাষ্পীভৱনে ঠাণ্ডা কৰে কাৰণ বাষ্পীভৱনৰ বাবে উচ্চ শক্তিসম্পন্ন কণিকাবোৰে তৰল পৃষ্ঠৰ পৰা গতি কৰে আৰু নিম্ন শক্তিসম্পন্ন কণিকাবোৰহে ৰৈ যায়। ফলস্বৰূপে, অৱশিষ্ট তৰলৰ উষ্ণতা হাস পায়।

শুষ্ক গৰম দিনত পানীৰ বাষ্পীভৱনৰ হাৰ উষ্ণতা বৃদ্ধিৰ লগে লগে বৃদ্ধি পায়। তদুপৰি, বায়ুৰ আৰ্দ্ৰতা কম হোৱা হেতুকে বাষ্পীভৱনৰ হাৰ বৃদ্ধি পায়। গতিকে, বাষ্পীভৱনৰ বৰ্দ্ধিত হাৰৰ বাবে Desert cooler এটাই শুদ্ধ গৰম দিনত ভালকৈ ঠাণ্ডা কৰে।

14. গ্ৰীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে কিয় ?

উত্তৰ:-মাটিৰ কলহত বৃহৎ সংখ্যক ক্ষুদ্ৰ ৰহ্ধ থাকে। এই ৰন্ধবোৰৰ মাজেৰে পানীৰ কণিকাবোৰ বহিঃপৃষ্ঠলৈ ওনাই আহে৷ এই পানীখিনি বাষ্পীভৱন হৈ বায়ুৰ লগত মিলিত হয়। বাষ্পীভৱনৰ বাবে প্রয়োজন হোৱা তাপ মাটিৰ কলহ আৰু অৱশিষ্ট পানীখিনিৰ পৰা শোষিত হয়। ফলস্বৰূপে, অৱশিষ্ট পানীখিনিৰ উষ্ণতা হ্ৰাস পায় আৰু এয়া ঠাণ্ডা হৈ থাকে।

15.হাতৰ তলুৱাত এচিট’ন, পেট্ৰ’ল বা সুগন্ধি আতৰ ঢালি ল’লে ঠাণ্ডা অনুভৱ হয় কিয় ?

উত্তৰ:-হাতৰ তলুৱাত এচিট’ন, পেট্ৰ’ন বা সুগন্ধি আতৰ ঢালি ল’লে বাষ্পীভৱনৰ বাবে প্রয়োজন হোৱা তাপ শক্তি আমাৰ হাতৰ তলুৱা বা চৌপাশৰ পৰা শোষণ কৰে। ফলস্বৰূপে, আমাৰ হাতৰ তলুৱাত শীতলতা অনুভৱ কৰোঁ।

16. গৰম চাহ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৰা সহজ কিয় ?

উত্তৰ:-পৃষ্ঠকালি বৃদ্ধি পালে বাষ্পীভৱনৰ হাৰ বৃদ্ধি পায়। প্লেটৰ পৃষ্ঠকালি কাপতকৈ বেছি। গতিকে বাষ্পীভৱনৰ বৰ্ধিত হাৰৰ বাবে গৰম চাহ বা গাখীৰ প্লেটত সোনকালে ঠাণ্ডা হয়। ফলস্বৰূপে, গৰম চাহ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱা সহজ।

17. গ্ৰীষ্মকালত আমি কি ধৰণৰ কাপোৰ পিন্ধিব লাগে ?

উত্তৰ:- গ্ৰীষ্মকালত আমি কপাহী কাপোৰ পিন্ধা উচিত। গ্ৰীষ্মকালত আমাৰ দেহৰ পৰা যথেষ্ট ঘাম ওলায়। ঘামে আমাৰ দেহৰ পৰা তাপ শোষণ কৰে। কপাহী কাপোৰে ঘাম শোষণ কৰি বায়ুমণ্ডললৈ বাষ্পীভূত হোৱাত সহায় কৰে। ইয়াৰ ফলত আমাৰ দেহটো শুষ্ক আৰু শীতল হৈ পৰে।

Chapter 1 question answer অনুশীলনী

18. তলৰ উষ্ণতাবিলাক ছেলছিয়াছত প্রকাশ কৰা—
(a) 293 K (b) 470K

উত্তৰ:-(a) আমিজানো,
TK= t°C + 273 য’ত ‘T’ হৈছে কেলভিন স্কেলৰ উষ্ণতা আৰু

t° হৈছে ছেলছিয়াছ স্কেলৰ উষ্ণতা।
∴ 293 = t°C + 273

=> t°C=293-273

=>t°C=20

∴ 293K=20°C

(b) আমি জানো,
TK= t°C + 273 য’ত ‘T’ হৈছে কেলভিন স্কেলৰ উষ্ণতা আৰু

t° হৈছে ছেলছিয়াছ স্কেলৰ উষ্ণতা ।

∴ 470=t°C+273

=>t°C=470-273

=>t°C=197

∴ 470K=197°C

19.তলৰ উষ্ণতাৰিলাক কেলভিনত প্রকাশ কৰা—

(a) 25 °C (b) 373°C
উত্তৰ:-(a) আমি জানো,

TK = t°C+ 273 য’ত ‘T’ হৈছে কেলভিন স্কেলৰ উষ্ণতা আৰু

t° হৈছে ছেলছিয়াছ স্কেলৰ উষ্ণতা।

∴ TK=25+273

=>TK=25+273

=> TK=298

∴ 25°C = 298K

(b) আমি জানো,
TK=t°C + 273 য’ত “T” হৈছে কেলভিন স্কেলৰ উষ্ণতা আৰু

t° হৈছে ছেলছিয়াছ স্কেলৰ উষ্ণতা।

∴TK= 373+273

=> TK= 646
∴ 373°C= 6461K

20. কাৰণ দৰ্শোৱা—
(a) খোলা ঠাইত নেফথেলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হয় ।
(b) দূৰৰ পৰাই আতৰৰ গোন্ধ পোৱা ষায় ।


উত্তৰ:- (a) নেফথেলিন ভধপাত্নৰ গৰিমা পৌষ ত পটা অৱস্থাৰ ৰি তৰল তুনি যাতিকুম নকৰাকৈ পোনপটীয়াভাৱে গেছীয় অৱস্থালৈ পৰিৱৰ্তিত হয় ।

(b) বায়ুৰ কণিকাবোৰৰ সৈতে আতৰৰ কণিকাবোৰৰ ব্যাপন হয় আৰু সকলো দিশে দ্ৰুতভাৱে গতি কৰে সেয়ে আমি দূৰৰ পৰাই আতৰৰ গোন্ধ পাওঁ ।

21.কণিকাবোৰৰ মাজৰ আকৰ্ষণ বলৰ উৰ্দ্ধক্ৰমত সজোৱা –পানী, চেনি আৰু অক্সিজেন

উত্তৰ:- অক্সিজেন < পানী < চেনি ।

22.তলৰ উষ্ণতাত পানীৰ ভৌতিক অবস্থা কি ?

(a) 25°C (b) 0°C (c) 100°C

উত্তৰ:- (a) জুলীয়া (b) গোটা (c) গেছীয়

23.যুক্তি দৰ্শহি ব্যাখ্যা কৰা–

(a) সাধাৰণ উষ্ণতাত পানী জুলীয়া ।
(b) সাধাৰণ উষ্ণতাত লোৰ আলমাৰিটো কঠিন ।

উত্তৰ:-(a) সাধাৰণ উষ্ণতাত পানী জুলীয়া কাৰণ
(i) ইয়াৰ নিৰ্দিষ্ট আকৃতি নাথাকে কিন্তু নিৰ্দিষ্ট আয়তন থাকে। ইয়াক যি পাত্ৰত ৰখা হয়, সেই পাত্ৰৰে আকৃতি লয়।
(ii) ই প্রবাহিত হ’ব পাৰে। সেয়ে ইয়াক প্রবাহী বুলি কোৱা হয় ।
(b) সাধাৰণ উষ্ণতাত লোৰ আলমাৰিটো কঠিন কাৰণ
(i) ইয়াৰ নিৰ্দিষ্ট আকৃতি আৰু নিৰ্দিষ্ট আয়তন আছে ।
(ii) ইদৃঢ় আৰু ইয়াক সহজে সংকুচিত কৰিব নোৱাৰি ।

24. 273 K উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেছি ঠাণ্ডা কৰে কিয় ?

উত্তৰ:-গলনৰ লীন তাপৰ বাবে 273 K উষ্ণতাত থকা বৰফৰ একে উষ্ণতাত থকা পানীতকৈ কম পৰিমাণৰ তাপ থাকে। 273K উষ্ণতাত থকা 1kg বৰফ গলিবলৈ3:35 x 105 জুল তাপ শক্তি লাগে, যিখিনি তাপ পদাৰ্থৰ পৰা শোষণ কৰা হয় । ফলস্বৰূপে, পদাৰ্থটোৱে তাপ শক্তি হেৰুৱায়। গতিকে, 273 K উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেছি ঠাণ্ডা কৰে।

25.উতলা পানী আৰু পানীৰ ভাপৰ কোনটোৱে বেছিকৈ পুৰিব ?

উত্তৰ:-লীন তাপৰ বাবে 100 °C উষ্ণতাত থকা পানীৰ ভাপৰ 100 °C উষ্ণতাত থকা উতলা পানীতকৈ অধিক পৰিমাণৰ তাপ থাকে আৰু ছালৰ সংস্পৰ্শত অধিক পৰিমাণৰ তাপ নিৰ্গত কৰে। গতিকে, 100 °C উষ্ণতাত থকা পানীৰ ভাপে 100 °C উষ্ণতাত থকা উতলা পানীতকৈ বেছিকৈ পুৰিব।

26.Chapter 1 question answerঅৱস্থাৰ পৰিৱৰ্তন দেখুৱাই তলৰ চিত্ৰত A,B,C,D আৰু Fৰ নাম দিয়া ।

উত্তৰ:- A—বিগলন ।

B–বাষ্পীভৱন ।

C–ঘনীভৱন ।

D–গোটাকৰন ।

E–উৰ্ধপাতন ।

F–উৰ্ধপাতন ।

CHAPTER 13 আমি অসুস্থ হওঁ কিয় ?

CHAPTER 6 কলা

CHAPTER 10 মহাকৰ্ষণ

CHAPTER 7 জীৱৰ বিচিত্ৰতা

CHAPTER 14 প্রাকৃতিকসম্পদ

CHAPTER 2 আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে?

CHAPTER 5 কোষ 

CHAPTER 15 CLICK HERE

Click here To join Whatsapp Group

By Assamlearningpoint

Hi, readres welcome to my site. Myself Rinku Baruah working as a blogger to help readers of Assam to get infromation in assamese. If you want to know more about me visit about me page . Thankyou

Leave a Reply

Your email address will not be published. Required fields are marked *