Pod kak bule ?Pod kei prokaror aru ki ki ?

Pod kak bule ? Pod kei prokaror aru ki ki ai post tur joriyote bujaboloy sesta kora hoise jodi apunar aru kiba beleg janibologiya thake tente comment kori jonabo dhoinnobad.

পদ কাক বোলে ? ই কেই প্ৰকাৰৰ আৰু কি কি ?

উত্তৰঃ– বিভক্তি যুক্ত শব্দক পদ বোলে । অৰ্থাৎ ধাতু আৰু প্ৰাতি-পদিকৰ লগত বিভক্তি যোগ হলে সিহঁতে পদ নাম পাই । চমুকৈ কবলৈ গলে বাক্যত ব্যৱহাৰ হোৱা শব্দবোৰকে পদ বুলি কোৱা হয় বা পদ বোলে বা বাক্যত ব্যৱহাৰ হোৱা প্ৰত্যেক শব্দই একো একোটা পদ ।

পদ পাঁচ প্ৰকাৰৰ:
১. বিশেষ্য পদ ।

  1. বিশেষণ পদ ।
  2. সৰ্বনাম পদ ।
  3. অব্যয় পদ আৰু ।
  4. ক্ৰিয়া ।

বিশেষ্য পদ কাক বোলে ? ই কেই প্ৰকাৰৰ আৰু কি কি ? প্ৰতি বিধৰে একোটাকৈ উদাহৰণ দিয়া ?

উত্তৰ :- যি পদে কোনো প্ৰাণী, বস্তু, জাতি, গুণ আদিৰ নাম বুজায় তাক বিশেষ্য পদ বোলে । চমুকৈ কবলৈ গলে নাম মাত্ৰই বিশেষ্য পদ ।

বিশেষ্য পদ পাঁচ প্ৰকাৰৰ :-

জাতিবাচক বিশেষ্য । উদাহৰণ – মানুহ , গৰু, ছাগলী ইত্যাদি ।

নামবাচক বিশেষ্য বা সংজ্ঞাবাচক বিশেষ্য । উদাহৰণ – কৃষ্ণ , হজৰত, অসম আদি ।

বস্তুবাচক বিশেষ্য । উদাহৰণ – মাটি,পানী,ঘড়ী আদি ।

গুনবাচক বিশেষ্য । উদাহৰণ – ধুনীয়া, লেতেৰা, বিনয় আদি ।

ক্ৰিয়াবাচক বিশেষ্য । উদাহৰণ – হাঁহি, কান্দোন, আদি ।

বিশেষন পদ কাক বোলে ? ই কেই প্ৰকাৰৰ আৰু কি কি ? প্ৰতিবিধৰে উদাহৰণ দিয়া ।(Bisleshan pod kei prokaror aru ki ki )

উত্তৰ :- যি পদে অইন কোনো পদৰ গুণ, দোষ, পৰিমাণ, অৱস্থা আদি প্ৰকাশ কৰে তাকে বিশেষণ পদ বোলে ।

বিশেষন পদ তিনি প্ৰকাৰৰ ।

ক) বিশেষ্যৰ বিশেষন । উদাহৰণ- ভাল লৰা, শুৱলা মাত, অসৎ লোক আদি ।


(খ) বিশেষণৰ বিশেষন বা বিশেষণীয় বিশেষণ । উদাহৰণ – বৰ ভাল লৰা , সেইজিয়া ৰং আদি ।

(গ) ক্ৰিয়া বিশেষণ । উদাহৰণ- লাহে লাহে খাবা, ভয় ভয়কৈ কলে আদি ।

Assamese essay on library Read

Leave a Comment

Your email address will not be published. Required fields are marked *