Pod kak bule

Essay flood in Assam

Essay flood in Assam in Assamese language for class 10 is given below. Proti bosore Asomot banpanir samsya dekhboloy puwa jai. Hoitu tumi jikhon thait bakh kora tatu banpani hoi tar uporot vitti kori tumi nijor babe ekhon rosona sojai tulibo pariba. Beleg beleg thait banpanir somosya beleg dhoronor jodi tumi vaba je tumar khomosya bur tolot diya dhoronot koi beleg tente tumi nijor somsya khini likhibo para. Porikhat nije khojai porai jiman val dore likhiba uttor bohi sauta jone besi marks dibo.

kritim Banpani

আৰম্ভণি Flood in assam essay introduction

বানপানী অসমৰ এটি এৰাব নোৱাৰা জলন্ত সমস্যা । ব্ৰহ্মপুত্ৰ আৰু বৰাক আৰু বহুকেইখন উপনৈ অসমৰ মাজেৰে বৈ যোৱাৰ বাবে বাৰিষা কালত পৰ্বত পাহাৰৰ পৰা অহা পানীয়ে এই নদী আৰু উপনদী সমূহ উপচি পৰে বাবে প্ৰতিবছৰে একাধিক বান পানীৰ সৃষ্টি হয় ।

বানপানী হোৱাৰ কাৰণসমূহ (Banpani essay in Assamese)

অসমত প্ৰচুৰ পৰিমাণে হোৱা বাৰিষাৰ ফলত বা ওচৰ চুবুৰীয়া অঞ্চলবোৰত হোৱা বৰষুণৰ পানী বৰাক ব্ৰহ্মপুত্ৰ আদিৰ মাজেৰে বৈ যোৱাৰ ফলত বাৰিষা কালত নদী আৰু নৈ সমূহত উপচি পৰে যাৰ ফলত বানপানীৰ সৃষ্টি হয় । ইয়াৰ উৰিয়া অপৰিকল্পিতভাৱে মথাউৰী নিৰ্মানৰ ফলত আৰু কিছুমান মানৱ নিৰ্মিত সমস্যাৰ ফলত অসমত কৃত্ৰিম বানপানী হোৱা দেখিবলৈ পোৱা যায় ।

বানপানীৰ পৰা হোৱা ক্ষতি

প্ৰতি বছৰে বানপানীয়ে অসমত বিভিন্ন ক্ষতি সাধন কৰে গাওঁৰ পৰা আৰম্ভ কৰি চহৰ নগৰলৈকে । যাতায়ত ব্যৱস্থাৰ পৰা আৰম্ভ কৰি খেতি পথাৰৰ খেতি । ইয়াৰ উপৰিও মানুহৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ জীৱ জন্তু গৰু,মহ, ছাগলী আদি পানীত বুৰি মৃত্যু মুখত পৰে। বানপানীয়ে আমাৰ খোৱা পানীৰ ওপৰত প্ৰভাৱ পেলাই যাৰ ফলত বিভিন্ন ধৰণৰ বেমাৰ আজাৰ মহামাৰী খোৱা পানীৰ সমস্যাৰ সৃষ্টি কৰে যাৰ ফলত আমাৰ অৰ্থনৈতিক আৰু সামাজিক জীৱনত প্ৰভাৱ পৰে । বানপানীৰ ফলত হোৱা গড়াখহনীয়াই পৃথিৱীৰ বৃহত্তম নদী দ্বীপ মাজুলীৰ স্থান লাহে লাহে হ্ৰাস পোৱা দেখিবলৈ পোৱা গৈছে ।

বানপানীৰ ফলত হোৱা উপকাৰ

দুৰ্গম ঠাইৰ পৰা বস্তু বাহিনী অনা নিয়াত সুবিধা হয় । বানপানীয়ে পানীত লগত বন যাবৰ আৰু বিভিন্ন ধৰণৰ পলস কঢ়িয়াই আনে যাৰ ফলত খেতি পথাৰত সাৰৰ সৃষ্টি হয় ইয়াৰ উপৰিও বানে বিভিন্ন ধৰণৰ মাছ খৰি ইত্যাদি উটুৱাই আনে যাৰ ফলত বিভিন্ন দৰিদ্ৰ পৰিয়ালৰ লাভ হয় ।

বান পানীৰ প্ৰতিৰোধ কৰাৰ উপায়

বানপানী সাধাৰণতে দুই প্ৰকাৰৰ কৃত্ৰিম বানপানী আৰু প্ৰাকৃতিক বানপানী বিধৰে প্ৰতিৰোধৰ উপায় বেলেগ ধৰণৰ । প্ৰথমতে আহোঁ কৃত্ৰিম বানপানীলৈ কৃত্ৰিম বানপানী বিশেষ কৈ চহৰ নগৰ ত দেখিবলৈ পোৱা যায় ইয়াৰ মূল কাৰণ হল নলা নৰ্মদা আদিত মানুহে পেলনীয়া বিভিন্ন ধৰণৰ যাবৰ জুঠৰ পাৰ হৈ যাব নোৱাৰি পানীবোৰ ৰাস্তাত উপচি পৰে । ইয়াৰ উপায় হল নলা বোৰ সম্পূৰ্ণ ভাবে চাফা ৰখা তাত যাবৰ জুঠৰ নেপেলাই যাবৰ জুঠৰবোৰ বেলেগ ঠাই ৰখা যাতে নলা নৰ্মদাত পৰি যাম নহয় ।

প্ৰাকৃতিক বানপানীৰ প্ৰতিৰোধৰ উপায় হল বিভিন্ন ঠাইত মথাউৰী নিৰ্মান কৰা দ ঠাইত বান্ধ হৈ থকা পানী ঠিকমতে ওলাই যোৱাৰ ব্যৱস্থা কৰা,গৰাখহনীয়া প্ৰতিৰোধ কৰা ইত্যাদি ।

সামৰণি Conclusion of Flood in assam

বানপানী অসমৰ এটি এৰাব নোৱাৰা সমস্যা । অসমৰ দৰে এখন কৃষি প্ৰধান ৰাজ্যত সঘনে বানপানী হৈ থাকিলে ৰাজ্যখনে কেতিয়াও উন্নতি লাভ কৰিব নোৱাৰে । অসম চৰকাৰৰ দ্বাৰা গঠিত মহাবহু ব্ৰহ্মপুত্ৰ বান নিয়ন্ত্ৰণ বোৰ্ডে কেন্দ্ৰীয় চৰকাৰৰ সহযোগত বানপানীৰ স্থায়ীয় সমাধানৰ কাৰণে চেষ্টা চলাইছে যদিও সফল হব পৰা নাই । চৰকাৰে বানপানীৰ ওপৰত অধিক গুৰুত্ব দিয়া উচিত ।

READ MORE ESSAY CLICK HERE

Leave a Comment

Your email address will not be published. Required fields are marked *