১৯০৯ চনৰ ৩১ জানুৱাৰীত ,তেতিয়াৰ ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত ঢাকা চহৰত বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হয় । তেখেতৰ পিতাৰ নাম গোপাল চন্দ্ৰ ৰাভা আৰু মাকৰ নাম গেঠী ৰাভা । বিষ্ণুপ্ৰসাদ ৰাভাক মৰমতে সকলোৱে ‘সুটো’ বুলি মাতিছিল ।
বিষ্ণুপ্ৰসাদ ৰাভাক ৫ বছৰ বয়সত পঢ়াশালিত নাম লগাই দিয়ে । বিষ্ণুপ্ৰসাদ ৰাভাই প্ৰাথমিক শিক্ষা ঢাকাত আহৰণ কৰিছিল । হাইস্কুলীয়া শিক্ষা তেজপুৰত আৰু ১৯২৬ চনত তেজপুৰ হাইস্কুলৰ পৰা জিলাৰ ভিতৰত প্ৰথম হৈ প্ৰৱেশিকা পাছ কৰি ‘ কুইন এমপ্ৰেছ’ পদক লাভ কৰিছিল । ইয়াৰ পাছত ৰাভাদেৱে কলেজীয়া শিক্ষা কলিকতাৰ চেণ্টপল কলেজ, ৰিপন কলেজ, কুছবিহাৰৰ ভিক্টৰীয়া কলেজ আদিত আহৰণ কৰিছিল ।
বিষ্ণুপ্ৰসাদ ৰাভা এগৰাকী সুনিপুন নৃত্যশিল্পী, বাদ্যশিল্পী, নাট্যকাৰ, সুদক্ষ অভিনেতা, খেলুৱৈ, নিবন্ধকাৰ, সুগায়ক, গতিকাৰ আৰু সুৰকাৰ আছিল । বিষ্ণুপ্ৰসাদ ৰাভাদেৱে মহাপুৰুষ শ্ৰীমন্ত শ্ৰীমন্ত শঙ্কৰদেৱৰ চিত্ৰ আৰু সাতখলপীয়া সিংহাসনৰ চিত্ৰ আঁকিছিল। বিষ্ণুপ্ৰসাদ ৰাভাদেৱে মৃদঙ্গ,ডবা,বাঁহী,চানাই,গগনা, টোকাৰী,তবলা আদি বাদ্যযন্ত্ৰ বজাব জানিছিল ৷
বিষ্ণুপ্ৰসাদ ৰাভাদেৱে কেইবা প্ৰকাৰৰ নৃত্যও কৰিব জানিছিল । ১৯৩৯ চনত তেখেতে কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত ১০৮ বিধ নৃত্য কৰিছিল আৰু তাৰে তাণ্ডৱ নৃত্যত বিমুগ্ধ হৈ সেইসময়ৰ কাশীৰ হিন্দুবিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে ৰাভাদেৱক সোণৰ পদকৰ লগতে ‘কলাগুৰু’ উপাধি প্ৰদান কৰিছিল ।
বিষ্ণুপ্ৰসাদ ৰাভাই ১৯৩৭ চনত প্ৰিয়লতা দত্তক বিয়া কৰাইছিল । তেখেতৰ মৃত্যুৰ পিছত ১৯৫০ চনত কনকলতা মেধিক বিয়া কৰাইছিল আৰু দুজন পুত্ৰ পৃথ্বীৰাজ ৰাভা আৰু হেমৰাজ ৰাভাৰ পিতৃ হৈছিল ।১৯৬২ চনত আকৌ কনকলতা মেধিৰ মৃত্যু হোৱাত মোহিনীবালা বসুমতাৰীক বিয়া কৰাইছিল আৰু এটি পুত্ৰ সন্তান লাভ কৰিছিল যাৰ নাম আছিল মেণ্ডেলা ৰাভা ।
১৯৫৫ চনত তেওঁ ভাৰতীয় কমিউনিষ্ট দলত যোগদান কৰিছিল আৰু তাৰ দুবছৰ পাছত ১৯৫৭ চনত বৰপেটা সমষ্টিৰ পৰা বিধান সভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি পৰাজয় বৰণ কৰিছিল যদিও তেওঁ আকৌ ১৯৬৭ চনত তেজপুৰৰ পৰা নিৰ্দলীয় পাৰ্থিৰূপে বিধান সভা নিৰ্বাচনত নিৰ্বাচন খেলি জয় লাভ কৰিছিল ।তেওঁ বেলতলাৰ কৃষক আন্দোলন, বিদেশী বহিষ্কাৰ আন্দোলন আদিতো আগভাগ লৈছিল । যাৰ বাবে তেখেত কেইবাবাৰো জেললৈ যাব লগা হৈছিল ।
বিষ্ণুপ্ৰসাদ ৰাভাই বহুতো গীত, নাটক, নৃত্যনাতিকা, গল্প, প্ৰবন্ধ , জীৱনী , উপন্যাস আদি ৰচনা কৰিছিল ।তেওঁ ৰচনা কৰা গীত সমূহক ‘ৰাভা সংগীত’ বুলি কোৱা হয় ।তেখেতে ৰচনা কৰা কেইটামান গীত হল –
1. বিশ্বৰ ছন্দে ছন্দে ….
2.পৰজনমৰ শুভ লগনত…….
3.লগন উকলি গল……. ইত্যাদি।
এই মহান ব্যক্তি গৰাকীৰ মৃত্যু ১৯৬৯ চনৰ ২০ জুন তাৰিখে হয় আৰু তেওঁ মৃত্যুৰ দিনটোত ৰাভা দিৱস হিচাপে পালন কৰা হয় ।
LACHIT BARPHOOKAN ESSAY IN ASSAMESE