POLLUTION ESSAY IN ASSAMESE

ENVIRONMENT POLLUTION ESSAY IN ASSAMESE পৰিৱেশ প্ৰদূষণ

ENVIRONMENT POLLUTION ESSAY IN ASSAMESE পৰিৱেশ প্ৰদূষণ

আৰম্ভণি


পৰিৱেশ বুলিলে আমি আমাৰ চাৰিওফালৰ বায়ু, পানী, মাটি আদিৰ অৱস্থাটোকেই বুজো মাটি, পানী, বায়ু আদিৰ ওপৰত গছ-গছনি, জীৱ-জন্তু, চৰাই-চিৰিকটি আদিয়েও প্রভাৱ পেলায় ৷ প্রাকৃতিক ভাৰসাম্য ৰক্ষা কৰিলে পৰিৱেশ অনুকূল হৈ থাকে আৰু প্ৰাকৃতিক ভাৰসাম্য হেৰালে পৰিৱেশ প্রতিকূল হৈ পৰে।

প্ৰদূষণ কি

সাধাৰণতে প্ৰাকৃতিকভাৱে , বায়ু ,পানী, মাটি আদিত থাকিব লগীয়া প্ৰয়োজনীয় উপাদান-সমূহৰ উপৰি অপ্ৰয়োজনীয় আৰু স্থাস্থ্যৰ ক্ষতিকাৰক উপাদান কেতবোৰ থাকিলে তেতিয়া পৰিৱেশ দূষিত হোৱা বুলি কোৱা হয়। প্রদূষণ বিভিন্ন ধৰণৰ হ’ব পাৰে। যেনে -বায়ু প্ৰদূষণ, পানী প্ৰদূষণ, মাটি প্রদূষণ , শব্দ প্ৰদূষণ আদি।

বায়ু প্ৰদূষণ


বায়ু প্ৰাণীৰ প্ৰাণ শক্তি । প্ৰাণীয়ে বায়ু মণ্ডলৰ অক্সিজেনভাগ গ্ৰহণ কৰে আৰু নিশাহত কাৰ্বন-ডাই -অক্সাইড ভাগ এৰি দিয়ে। উদ্ভিদে কাৰ্বন-ডাঁই-অক্সইডভাগ গ্ৰহণ কৰি অক্সিজেনভাগ এৰি দিয়ে । কিন্ত আজিকালি কল-কাৰখানা আৰু যান-বাহনৰ ধোঁৱাই পৰিবেশ দূষিত কৰি পেলাইছে। কল-কাৰখানা, যান-বাহনৰ ধোঁৱাত কাৰ্বন-ডাই-অক্সাইডৰ লগতে বিযাক্ত কাৰ্বন-মনোক্সাইডো থাকে। এইবোৰ অণিষ্টকাৰী । আজিকালি এচিড বৰষুণ (হাৱা দেখা যার। যিবোৰ দেশ কল-কাৰখানা, উদ্যোগ আদিত আগবঢ়া তেনে ঠাইৰ আকাশ ক’লা ধৌৱাৰে আৱৰা ৷ এনে ঠাইত প্ৰায়ে এচিড বৰষুণ হোৱা দেখা যায়। দূষিত বায়ু সেৱন কৰিলে মানুহৰ লগভে পশু-পক্ষীৰ জীৱনত সংকটৰ সৃষ্টি হ’ব পাৰে।

১৯৮১৪ চনত হোৱা ভূপালৰ গেছদুৰ্ঘটনাত বায়ুমণ্ডল প্ৰদূষিত হৈ হাজাৰতকৈও অধিক অধিক
নিৰীহ লোকে প্রাণ হেৰুৱাইছিল। তেল শোধনাগাৰ, কাগজৰ কল, চিমেণ্ট কাৰখানা আদি বৃহৎ উদ্যোগবোৰৰ পৰা নিৰ্গত দুৰ্গঙ্ধময় বৰ্জ্যত পদাৰ্থবোৰে সেই অঞ্চলৰ পাৰিপাৰ্ম্মিকতা আৰু কৃষিকাৰ্বৰ পৰ ক্ষতি সান কৰিছে, পেলনীয়া আৱৰ্জনাই – বায়ুমণ্ডল দূষিত কৰিছে।

বৰ্তমান যুগ পাৰমাণৱিকৰ যুগ ৷ পাৰমাণৱিক অস্ত্ৰ-শস্তৰই পৰিৱেশ প্ৰদূষণ কৰি আছে। পাৰমাণৱিক বোমা বৰ্ষণৰ ফলত হিৰোছিমা-নাগাচাকি নগৰ দুখন বিধস্ত হোৱাৰ উপৰি পাৰমাণৱিকৰ প্ৰৱল প্ৰতিক্ৰিয়াত সন্নিহিত ভূখণ্ডৰ মানুহ,জীৱ-জন্তু, পক্ষী আদিৰ সুস্থ অস্তিত্ব বিপন্ন হৈছিল। বোমাবৰ্ষণৰ ৩২ বছৰ পাছতো তেজস্ক্ৰিয় বিকিৰণ হৈ বহু লোকৰ মৃত্যু হৈছিল।

বিভিন্ন ৰাষ্ট্ৰই প্ৰযুক্তি তথ্যৰ বাবে কৃত্ৰিম উপগ্ৰহ, ৰকেট আদি নিক্ষেপ কৰাৰ ফলত বায়ুমণ্ডলৰ ষ্টৰেট’স্ফিয়েৰত বহুতো সৰু-বৰ বিন্ধা হৈছে আৰু সূৰ্য্যৰ অনিষ্টকাৰী আলট্ৰা ভায়োলেট’ ৰশ্মি অবাধে ভূ-পৃষ্ঠত সিঁচৰতি হৈ পৰিছে। ইয়াৰ ফলত প্রাণীয়ে মাৰাত্মক ৰোগত আক্ৰান্ত হোৱাৰ আশংকা হৈছে।

মাটি প্ৰদূষণ


কল-কাৰখানা, উদ্যোগ আদিৰ আৱৰ্জনাই মাটিৰ উৰ্বৰা শক্তি নাইকিয়া কৰে। আজিকালি শস্যৰঅধিক উৎপাদনৰ বাবে ৰাসায়নিক সাৰ প্রয়োগ কৰা হয়।এই ৰাসায়নিক সাৰসমূহে মাটিৰ উৰ্বৰা শক্তি ক্ৰমে কমাই অনাৰ লগতে মাটিৰ প্ৰদূষণ কৰে। কীটনাশক দ্ৰব্যই মাটিৰ প্ৰদূষণ কৰে।

পানী প্ৰদূষণ


কল-কাৰখানাৰ আৱৰ্জনা,নগৰাঞ্চলৰ আৱৰ্জনাই পানীৰ প্ৰদূষণ কৰে।এনে পানী ক্ষেটো সম্ভৱ নহয়েই, বৰঞ্চ এনে পানীত নামিলেই বেমাৰ আজাৰ হ’ব। প্রদূষিত পানীত মাছ-কাছ আদি থাকিব নোৱাৰি মৃত্যু মুখত পৰে।

শব্দ প্ৰদূষণ


নগৰ অঞ্চলত আন এটা প্রদূষণ হ’ল শব্দ প্ৰদূষণ। গাড়ী-মটৰ, কল-কাৰখানা, লাউডস্পীকাৰ আদিৰ শব্দই শব্দ প্ৰদূষণ কৰে। ফলতবহু লোকে কাণৰ নমামি অন্যান্য বেমাৰত ভুগিব লগা হয়।

সামৰণি

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উল্লেখনীয় সফলতাই নতুন নতুন আৱিস্কাৰেৰে মানুহক বিলাসী, জীৱন-যাপন কৰাত সহায় কৰিছে। আনহাতে এইবোৰৰ পৰাই মানুহে অনাগত দিনত এক ভয়াবহতাৰ সন্মুখীন হ’ব লাগিব প্ৰতিগৰাকী ব্যক্তিয়েই পৰিবেশ সজাগতা সম্পকে সচেতন হ’ব লাগিব। আমাৰ পৰিৱেশ আমিয়েই সংৰক্ষণ কৰিব লাগিব। অন্যথা অনাগত দিনত আমাৰ জীৱন বিপন্ন হৈ পৰিব। পৰিৱেশ সজাগতাৰ বাবে জুনৰ ৫ তাৰিখটো বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হ’ ৰ লগতে ব্যক্তি সচেতনাইহে পৰিৱেশ প্রদূষণৰ মাত্ৰা কমাব পাৰিব।

ছাত্ৰৰ কৰ্তব্য অসমীয়া ৰচনা

নিবনুৱা সমস্যা ৰচনা CLICK HERE

মোবাইল ফোনৰ সুপ্ৰভাৱ আৰু কুপ্রভাব CLICK HERE

মহাত্মাগান্ধী CLICK HERE

পুথিভঁৰাল CLICK HERE


Leave a Comment

Your email address will not be published. Required fields are marked *