Class 9 Science notes in Assamese, In this blog post, I am giving you the class 9 chapter 6 question answer in the Assamese. My purpose in writing this post is to Give answers to Class 9 chapter 6 in the Assamese Language for Assamese Medium School.
1. কলা কি ?
উত্তৰ:- কলা হ’ল একে গঠন আৰু কাৰ্য কৰা কোষৰ সমষ্টি।
2 .বিভিন্ন প্ৰকাৰৰ সৰল কলাসমূহৰ নাম লিখা ।
উত্তৰ:- বিভিন্ন প্ৰকাৰৰ সৰল কলা সমুহৰ নাম হল – পেৰেনকাইমা,
কে’লেনকাইমা, আৰু স্কেলৰেনকাইমা
3. অগ্রস্থ ভাজক কলা ক’ত পোৱা যায় ?
উত্তৰ:- অগ্রস্থ ভাজক কলা কাণ্ড আৰু শিপাৰ একেবাৰে অগ্র অংশত পোৱা যায় ।
4. কোনবিধ কলাই নাৰিকলৰ বাকলিখন গঠন কৰে ?
উত্তৰ:- স্কেলৰেনকাইমা কলাই নাৰিকলৰ বাকলিখন গঠন কৰে ।
5. ফ্লোৱেম কলা কিহেৰে গঠিত ?
উত্তৰ :- ফ্লোৱেম কলা চালনি নলীকা , সংগী কোষ , ফ্লোৱেম পেৰেনকাইমা আৰু ফ্লোৱেম তন্তু এই চাৰিবিধ কোষেৰে গঠিত ।
6. প্ৰাণীদেহৰ চলনৰ লগত জড়িত কলাসমুহ কি কি ?
উত্তৰ :- প্ৰাণীদেহৰ চলনৰ লগত জড়িত কলাসমুহ হল – ৰেখিত পেশী কলা, অৰেখিত পেশী কলা আৰু হৃদপেশী কলা ।
7. নিউৰন দেখাত কেনেকুৱা হয় ?
উত্তৰ :- নিউৰণ দেখাত এক দিঘলীয়া আকৃতিৰ কোষ ।
8. হৃদপেশীৰ তিনিটা বৈশিষ্ট উল্লেখ কৰা ।
উত্তৰ :- হৃদপেশীৰ তিনিটা বৈশিষ্ট হ’ল-
1. হৃদপেশীৰ কোষবোৰ দিঘলীয়া আৰু চুঙা আকৃতিৰ ।
2. হৃদপেশীৰ কোষবোৰ শাখাযুক্ত ।
3. হৃদপেশীৰ কোষত এটা মাত্ৰ কোষকেন্দ্ৰ থাকে ।
9. এৰিওলাৰ কলাৰ কাৰ্যসমুহ কি কি ?
উত্তৰ :- এৰিওলাৰ কলাৰ কাৰ্যসমুহ হ’ল-
1. এই কলাই aybhontorin অংগসমূহক সুৰক্ষা প্ৰদান কৰে ।
2. এই কলাই আন কলাৰ ক্ষত অংশ মেৰামতি কৰে ।
10. “কলা’ৰ সংজ্ঞা দিয়া ।
উত্তৰ :- কলা হ’ল একে গঠন আৰু কাৰ্য কৰা কোষৰ সমষ্টি ।
11. কি কি উপদানেৰে জাইলেম কলা গঠিত ?
উত্তৰ :- জাইলেম কলা চাৰিবিধ উপদানেৰে গঠিত । সেই সমূহ হ’ল – ট্রেকাইড, নলীকা, জাইলেম , পেরেনকাইমা আৰু জাইলেমতন্ত ।
12. উদ্ভিদৰ সৰল স্থায়ী কলাবিলাক কি ক্ষেত্রত জটিল স্থায়ী কলাতকৈ পৃথক?
উত্তৰ :- উদ্ভিদৰ সৰল কলা আৰু জটিল কলাৰ মাজত থকা মূখ্য পাৰ্থক্য হ’ল- সৰল কলাসমূহ এক প্ৰকাৰৰ কোষেৰে তৈয়াৰী কিন্তু জটিল কলাসমূহ কেইবা প্ৰকাৰৰ কোষেৰে গঠিত ।
13. কোষবেৰৰ ওপৰত ভিত্তি কৰি পেরেনকাইমা, কেলেনকাইমা, স্কেলৰণকাইমাৰ মাজত পার্থক্য দাঙি ধৰা ।
উত্তৰ :- পেরেনকাইমা কলাৰ কোষবোৰৰ কোষবেৰ পাতল আনহাতে কেলেনকাইমা কলাৰ কোষবোৰৰ কোষবেৰ দুইমুৰৰ ফালে অনিয়মিতভাবে ডাঠ আৰু স্কেলৰণকাইমা কলাৰ কোষবোৰৰ কোষবেৰ লিগনিন নামৰ ৰাসায়নিক পদাৰ্থবিধ জমা হোৱা বাবে অতিকৈ ডাঠ ।
14.পত্ৰৰন্ধৰ কাৰ্যবিলাক কি কি ?
উত্তৰ :-পত্ৰৰন্ধৰ কাৰ্যসমূহ হল-
1. বায়ুমণ্ডল আৰু উদ্ভিদকোষৰ মাজত গেছৰ আদান-প্রদান কৰা ।
2. উদ্ভিদেহৰ অতিৰিক্ত পানীভাগ বাষ্প আকাৰে বায়ুমণ্ডললৈ উলিয়াই দিয়া ।
Class 9 Science Notes in Assamese Chapter 15 Click Here
Class 9 Science Notes in Assamese Chapter 1 Click Here