Class 9 science solution assamese medium chapter 13 আমি অসুস্থ হওঁ কিয় ? or pathvittik aru anukhilonir question answer bur tolot diya hol.
Science Assamese Medium পাঠভিত্তিক প্ৰশ্নোত্তৰ
1.সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় যিকোনো দুটা ব্যৱস্থা উল্লেখ কৰা ।
উত্তৰ: এজনব্যক্তিয়ে স্বাভাৱিকভাৱে দৈনন্দিন কাৰ্যকলাপ সম্পাদনৰ বাবে আবশ্যক হোৱা সুহ্ শাৰীৰিক, মানসিক আৰু সামাজিক অৱস্থাই হৈছে ‘স্বাস্থ্য’ ।
সুস্বাস্থ্যৰ বাবে প্রয়োজনীয় দুটা ব্যৱস্থা হ’ল :-
(a) পুষ্টিকৰ আহাৰ সুস্বাস্থ্যৰ বাবে অতিশয় প্রয়োজনীয়। সেয়ে পুষ্টিকৰ আহাৰৰ বাবে টনকিয়াল অৰ্থনৈতিক অৱস্থা আৰু সংস্থাপন অত্যন্ত গুৰুত্বপূৰ্ণ ।
(b) সুখী হৈ থাকিবৰ বাবে সামাজিক সমতা আৰু ঐক্যতা অতি প্রয়োজনীয় ।
2. ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰয়োজনীয় দুটা ব্যৱস্থা উল্লেখ কৰা ।
উত্তৰ: ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ প্রয়োজনীয় দুটা ব্যৱস্থা হ’লঃ
(a) পৰিষ্কাৰ-পৰিচ্ছন্ন পৰিৱেশত বসবাস কৰা ।
(b) পৰ্যাপ্ত পৰিমাণে সম্তলিত আহাৰ গ্ৰহণ কৰা উচিত ।
3.ওপৰৰ দুয়োটা প্ৰশ্নৰ উত্তৰ একেধৰণৰ নে বেলেগ ? আৰু কিয় ?
উত্তৰ: নহয়,ওপৰোক্ত দুয়োটা প্ৰশ্নৰ উত্তৰ (প্রশ্ন 1 আৰু প্রশ্ন 2) যুক্তিযুক্তভাৱে একে নহয়৷ কাৰণ, নিৰোগী অৱস্থাই সদায় সুস্বাসথ্য উপলব্ধ নকৰে। কোনো এজন ব্যক্তি নিৰোগী হ’লেও তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে।
কৰা কথাটোক বুজো ৷ কিন্তু যেতিয়া আমি-ৰোগৰ বিষয়ে কথা পাতো তেতিয়া আমি কোনো এজন ব্যক্তিৰ ৰোগ বা বিসংগতিপূৰ্ণ’অৱস্থাৰ বিষয়ে চিন্তা কৰোঁ। লগতে কোনো এজন ব্যক্তি নিৰোগী হ’ব পাৰে কিন্তু মানসিক সুস্বাস্থ্য বা সামাজিক স্বাস্থ্যৰ অধিকাৰী নহ’বও পাৰে।
4.যদি তুমি অসুস্থ হৈছা আৰু যাৰ বাবে ডাক্তৰৰ-ওচৰত চিকিৎসা কৰিব লাগে বুলি ভাবিছী’তাৰ তিনিটা কাৰণ উল্লেখ কৰা। যদি ইয়াৰ কাৰণ মাত্ৰ এটা তেতিয়া ডাক্তৰৰ ওচৰলৈ যাবা নেকি? কিয় যাবা বা নাযাবা ?
উত্তৰ: বেমাৰৰ লক্ষণসমূহ হৈছে দেহৰ বিসংগতিৰ ইংগিতস্বৰূপ ৷ সেয়ে, যেতিয়া মূৰ কামোৰণি, কাহ, পায়খানা হোৱা, ঘাৰ পৰা পুঁজ ওলোৱা আদি ৰোগৰ লক্ষণসমূহ আমাৰ দেহৰ কোনো এটা অংগ বা অংগতন্ত্ৰত দেখা পাও তেতিয়া এজন ডাক্তৰৰ ওচৰলৈ যোৱাটো আমাৰ বাবে প্রয়োজনীয় হৈ উঠে । এই লক্ষণসমূহে কোনো এবিধ ৰোগ হোৱাটো নিৰ্দেশ: কৰে, কিন্তু সেইবোৰে ৰোগটো কি সেয়া অনুমান কৰিব নোৱাৰে। উদাহৰণস্বৰূপে, পৰীক্ষাৰ বোজাৰ বাবে মূৰ কামোৰণি, মেনিনজাইটিচ, জ্বৰ বা এক ডজন বিভিন্ন ৰোগৰ যিকোনো এটাৰ বাবে হ’ব পাৰে। গতিকে, যেতিয়া আমি এনেধৰণৰ লক্ষণ দেখো তেতিয়া আমি ৰোগৰ উপযুক্ত চিনাক্তকৰণ আৰু চিকিৎসাৰ বাবে ডাক্তৰৰ ওচৰলৈ যোৱা উচিত।লক্ষণৰ ওপৰত ভিত্তি কৰি ডাক্তৰে বেমাৰ চিনাক্তকৰণ কৰিব পাৰে। লক্ষণসমূহে একোটা ৰোগ ধৰা পেলোৱাত নিৰ্ভৰযোগ্য সমল যোগায়। ৰোগটো সম্পূৰ্ণভাৱে চিনাক্ত কৰিবৰ বাবে ডাক্তৰে লেব’ৰেটৰী পৰীক্ষা সম্পন্ন কৰে। গতিকে, যেতিয়া আমাৰ দেহত এনেধৰণৰ লক্ষণে দেখা দিয়ে তেতিয়া আমি যিমান সোনকালে ভেন ওচৰলৈ যোৱা উচিত । যদি ইয়াৰ কাৰণ মাত্ৰ এটা হয় তেতিয়া ডাক্তৰৰ ওচৰলৈ নগ’লেও হয়৷ কিন্তু যদি কোনো এজন ব্যক্তিয়ে দীৰ্ঘ সময় ধৰি এই লক্ষণ প্রত্যক্ষ কৰে তেন্তে তেওঁ উপযুক্ত চিকিৎসাৰ বাবে ডাক্তৰৰ ওচৰলৈ যোৱা উচিত।
5. তলৰ কোনটো ৰোগৰ কাৰণে স্বাস্থ্যত প্রভাব পৰিব পাৰে? যদি পৰে কিয়?
যদি তুমি জণ্ডিছত ভোগা
যদি তোমাৰ ওকণি হয়
যদি তোমাৰ শালমইনা হয়।
উত্তৰ: জণ্ডিছ, কাৰণ ই হৈছে এবিধ ব্ৰুনিক ৰোগ আৰু ইয়াৰ পৰা আৰোগ্য হ’বলৈ অধিক সময়ৰ প্রয়োজন হয়। জণ্ডিছ ৰোগে আমাৰ দেহৰ যকৃতত প্রভাৱ পেলায় আৰু পাচনতন্ত্ৰদুৰ্বল কৰে। অৱশ্যে ই দ্ৰুত গতিত সংচাৰণ নকৰে। এই ৰোগৰ পৰা আৰোগ্য হ’বলৈ অধিক সময়ৰ প্ৰয়োজন হয়।
6. আমি অসুস্থ হ’লে কিয় স্বাদহীন আৰু পুষ্টিকৰ খাদ্য খাবৰ কাৰণে পৰামৰ্শ দিয়া হয় ?
উত্তৰ: এজন অসুস্থ ব্যক্তিৰ বাবে স্বাদহীন আৰু পুষ্টিকৰ খাদ্য অতিশয় প্রয়োজনীয় ৷ ই বহিৰাগত মৌলৰ বাবে হোৱা ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ পুষ্টিদ্রব্য আৰু শক্তি যোগান ধৰে। ইয়াৰ ফলত দেহত থকা অসংক্ৰাম্যতন্ত্ৰই কম সময়ৰ ভিতৰত উপযুক্ত ভাবে কাৰ্য সম্পন্ন কৰে ।
7. কি কি প্ৰক্ৰিয়াৰ দ্বাৰা সংক্ৰামক ৰোগসমূহ সঞ্চাৰিত হয় ?
উত্তৰ: সংক্ৰামক ৰোগসমূহ বিভিন্ন মাধ্যমেৰে সঞ্চাৰিত হয়। ইয়াৰে কিছুমান মাধ্যম হ’ল
(a) বায়ু : এজন ৰোগাক্ৰান্ত ব্যক্তিয়ে পেলোৱা থুবা কাহৰ লগত অহা বীজাণুযুক্ত কিছুমান বিন্দু বা কণিকাই এজন সুস্থ মানুহক সংক্ৰমিত কৰে। অণুজীৱবোৰে নতুনকৈ সংক্ৰমণ কৰিবলৈ সুযোগ পায়। উদাহৰণস্বৰূপে সাধাৰণ পানীলগা, নিম’নিয়া আৰু যক্ষ্মা ৷
(b) পানী: দূষিত পানীত ৰোগ সৃষ্টিকাৰী অণুজীৱসমূহ থাকে। এনে পানী
খোৱাৰ ফলত মানৱ দেহত বীজাণুৱে আক্ৰমণ কৰে। উদাহৰণ :- কলেৰা।
(c) প্ৰাণী: প্রাণীয়ে এজন অসুস্থ ব্যক্তিৰ পৰা সুস্থ ব্যক্তিলৈ ৰোগ সংক্ৰমণৰ
অভিকৰ্তাসমূহ কঢ়িয়াই নিব পাৰে। এই প্রাণীসমূহ মধ্যৱতী কাৰক আৰু
ইহঁতক বাহক বোলা হয়। উদাহৰণস্বৰূপে ঃ মহ (মাইকী এনফিলিছ মহে
মেলেৰিয়া ৰোগৰ সঞ্চাৰণ কৰে)।
(d) যৌন সম্পৰ্কঃদুজন ব্যক্তিৰ মাজত হোৱা যৌন সম্পৰ্কই বিভিন্ন অণুজীৱীয়
ৰোগৰ সৃষ্টি কৰে, যেনে ঃ চিফিলিছ,এইডছ ইত্যাদি৷
8.তোমালোকৰ স্কুলত সংক্ৰামক ৰোগ সঞ্চাৰিত নহ’বৰ বাবে কি কি ব্যবস্থা গ্ৰহণ কৰিছা ?
উত্তৰ: আমাৰ স্কুলত সংক্ৰামক ৰোগ সঞ্চাৰিত নহ’বৰ বাবে বহুতো সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হয়। যেনে:-
(a) স্কুল চৌহদ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখা হয়।
(b) আটাইৰে বাবে বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা আছে।
(c) পৰিষ্কাৰ শৌচাগাৰ আৰু প্রস্ৰাৱগাৰৰ ব্যৱস্থা আছে।
(d) কোনোৱে হীচিয়ালে বা কাহিলে ৰুমাল ব্যৱহাৰ কৰে।
9.তোমালোকৰ অঞ্চলৰ স্বাস্থ্যকেন্দ্ৰত অসংক্ৰাম্যকৰণৰ কি কি ব্যৱস্থা আছে ? তোমালোকৰ অঞ্চলত কি কি ৰোগৰ প্ৰভুত্ব বেছি ?
উত্তৰ: আমাৰ অঞ্চলৰ নিকটৱতী স্বাস্থ্যকেন্দ্ৰত থকা অসংক্ৰাম্যকৰণৰ ব্যৱস্থাসমূহ হ’ল:-
(a) যক্ষ্মা ৰোগ নিৰাময়ৰ বাবে বিচি জি (BGG) ছিটাকৰণ।
(b) পলিঅ’ ৰোগৰ বাবে পলিঅ’ টোপাল।
(c) সৰু আই, পিঠা খোৱা আৰু ৰাবেলাৰ বাবে এম এম আৰ (MRR) ছিটাকৰণ
(d) ডিপথেৰিয়া, হুপিং কাহ আৰু ধনুষ্টংকাৰ বাবেডিপিটি ।
(e) হেপাটাইটিছ, হেপাটাইটিছ! ইত্যাদিৰ বাবে ছিটাকৰণ ।
আমাৰ অঞ্চলত নিন্নোক্ত ৰোগসমূহৰ প্ৰভুত্ব বেছিঃ
(৪) হেপাটাইটিছ A আৰু B
(৮) যক্ষ্মা ।
Science Assamese medium অনুশীলনীৰ প্ৰশ্নোত্তৰ
10. যোৱা এবছৰ ধৰি কিমানবাৰ তুমি অসুস্থ হৈছা ? সেই বেমাৰবোৰ কি কি আছিল ?
(a) বেমাৰত অসুস্থ হওঁতে ইয়াৰপৰা পৰিহাৰ পাবলৈ তোমাৰ অভ্যাসৰ কি কি পৰিৱৰ্তন হৈছিল ?
(b) বেমাৰৰ পৰিহাৰৰ পৰিহাৰৰ কাৰণে তোমাৰ পাৰিপাৰ্শ্বিকতাৰ কি সলনি হোৱাটো বিচৰা ?
উত্তৰ: যোৱা বছৰত দুবাৰ অসুস্থ হৈছো।
সেই বেমাৰবোৰ হৈছে মেলেৰিয়া আৰু গ্ৰহণী ।
(a) বেমাৰৰ পৰা পৰিহাৰ পাবলৈ পৰিৱৰ্তন হোৱা অভ্যাসসমূহ হ’ল ঃ
(i) দৈনন্দিন কাৰ্বকলাপত ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতা বৰ্তাই ৰখা।
(ii) পুষ্টিকৰ আহাৰ গ্ৰহণ, গৰম আৰু ফিল্টাৰ কৰা পানী ব্যৱহাৰ।
(iii) মহে যাতে কামুৰিব নোৱাৰে তাৰ বাবে প্রতিৰক্ষামূলক ব্যৱস্থা গ্ৰহণ আৰু মহৰ বৃদ্ধি ৰোধ কৰিবলৈ ঘৰৰ চৌহদত যাতে পানী জমা হৈ থাকিব নোৱাৰে তাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ ৷
(iv) চৌপাশ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখা।
(b) বেমাৰৰ পৰিহাৰৰ বাবে বাঞ্চিত পাৰিপাৰ্শ্বিকতাৰ পৰিৱৰ্তন :
পাৰিপাৰ্ম্মিক পৰিবেশ বৰ্জ্য পদাৰ্থ বা জাবৰ-জোঁথৰ আৰু আবদ্ধ পানীৰ পৰা সম্পূৰ্ণভাৱে মুক্ত হোৱা উচিত ।
11.তোমাৰ অঞ্চলত সঘনাই হোৱা ৰোগসমূহৰ ওপৰত জৰীপ চলোৱা। ৰোগসমূহৰ নিবাৰণৰ বাবে কৰ্তৃপক্ষলৈ তিনিটা পৰামৰ্শ আগবঢ়োৱা।
উত্তৰ: সঘনাই হোৱা ৰোগসমূহ হ’লঃ
মেলেৰিয়া গ্ৰহণী আৰু ভাইৰেল জ্বৰ।
এই ৰোগসমূহৰ নিবাৰণৰ বাবে কৰ্তৃপক্ষই ল’বলগীয়া তিনিটা পদক্ষেপ হ’ল?
(a) পদপথ,চিকিৎসালয়,নাৰ্ছিং হোম ইত্যাদিৰ চৌহদৰ পৰা জাবৰ-জৌথৰ আৰু সমগ্র বৰ্জ্য পদাৰ্থসমূহ আঁতৰাব লাগে আৰু ইয়াৰ বিজ্ঞানসন্মত ব্যৱস্থাপনা কৰা উচিত ।
(b) আৱাসিক এলেকাত মহ মাৰিবৰ বাবে ৰাসায়নিক পদাৰ্থ ছটিয়াব লাগে আৰু মহৰ প্রজনন বন্ধ কৰিবলৈ পানী জমা হোৱা ঠাইসমূহ পৰিষ্কাৰ কৰিব লাগে।
(c) বিশুদ্ধ খোৱাপানীৰ যোগান।
12. এটা শিশুৱে তাৰ পৰিচৰ্যাকাৰীক অসুস্থতাৰ বিষয়ে একো ক’ব নোৱাৰে। এনে ক্ষেত্ৰত তুমি কি সহায় কৰিবা যে–
(a) শিশুটো অসুস্থ হৈছে ?
(b) কি কাৰণে অসুস্থ হৈছে ?
উত্তৰ: (a) ৰোগৰ কিছুমান লক্ষণৰ আৱিৰ্ভাৱ হৈছে অসুস্থতাৰ ইংগিত ৷ লক্ষণসমূহ সাধাৰণতে কাহ, জ্বৰ,বমি, সংজ্ঞাহীনতা
ইত্যাদিহ’ব পাৰে।
(b) ৰোগৰ লক্ষণসমূহ পৰ্যবেক্ষণ কৰি আমি ৰোগৰ বিষয়ে এটা ধাৰণা কৰিব পাৰোঁ, যেনেঃ জ্বৰৰ সৈতে বা জ্বৰ নোহোৱাকৈ চকু আৰু প্রজ্লাৱৰ ৰং হালধীয়া হোৱাটোৱে জণ্ডিছ ৰোগৰ আৰম্ভণি সূচায়৷ ইয়াৰ উপযুক্ত চিকিৎসাৰ বাবে নিদানিক পৰীক্ষা সম্পন্ন কৰা উচিত।
13. তলৰ কোনটো কাৰণত এজন ব্যক্তি বেছিকৈ বেমাৰত পৰিব-
(a) যেতিয়া ব্যক্তিজন মেলেৰিয়া ৰোগৰ পৰা আৰোগ্য হৈছে ।
(b) যেতিয়া ব্যক্তিজনে মেলেৰিয়া ৰোগৰ পৰা আৰোগ্য হৈ মাজু আইত ভোগা ৰোগীক পৰিচৰ্যা কৰে ।
(c) মেলেৰিয়া ৰোগত আক্ৰান্ত ব্যক্তিয়ে আৰোগ্য হোৱাৰ পাছত চাৰিদিনৰ বাবে লঘোণে থকা অৱস্থাত মাজু আইত আত্ৰমন্ত ৰোগীক পৰিচৰ্যা কৰে ৷
উত্তৰ: (c) মেলেৰিয়া ৰোগত আক্ৰান্ত ব্যক্তিয়ে আৰোগ্য হোৱাৰ পাছত চাৰিদিনৰ বাবে লঘোণে থকা অৱস্থাত মাজু আইত আক্ৰান্ত ৰোগীক পৰিচৰ্যা কৰে ।
কাৰণ: পৰ্যাপ্ত পৰিমাণৰপুষ্টিকৰ আহাৰৰ অভাৱত দেহৰ অসংক্ৰাম্য তন্ত্ৰ অন্য সংক্ৰমণ প্রতিৰোধ কৰিবলৈ অধিক দুৰ্বল হৈ পৰে।
14. তলৰ কোনটো কাৰণত তুমি বেমাৰত পৰিব পাৰা–
(a) যেতিয়া তুমি পৰীক্ষাৰ কাৰণে বেছিকৈ অধ্যয়ন কবা।
(b) যেতিয়া তুমি বাছ আৰু ৰে’লেৰে দুদিন একেৰাহে ষাত্ৰা কৰা
(c) যেতিয়া তোমাৰ সহপাঠী বন্ধু সৰু আই ৰোগত আক্ৰান্ত হয়। কিয়?
উত্তৰ:(c) যেতিয়া তোমাৰ সহপাঠী বন্ধু সৰু আই ৰোগত আক্ৰান্ত হয় ।
কাৰণ: সৰু আই হৈছে এবিধ সংচাৰী ৰোগ। এই ৰোগ সাধাৰণতে আক্ৰান্ত ব্যক্তিৰ কাহ, হাঁচি, নাকৰ শেঙুন ইত্যাদিৰ লগত অহা বীজাণুযুক্ত বিন্দু বা কণিকাৰ দ্বাৰা সংচাৰণ ঘটে। বীজাণুবোৰ শ্বাসনলী বা চকুৰ কনজাংকটিভাৰ জৰিয়তে প্রৱেশ কৰে। আমি সহপাঠী বন্ধুৰ ঘৰলৈ খবৰ ল’বলৈ গ’লে অতি সহজে আমাৰ দেহত সংক্ৰমণ ঘটিব পাৰে ।
Class 10 Science Assamese Medium ধাতু আৰু অধাতু
CLASS 9 SCIENCE ALL CHAPTER QUESTION ANSWER CLICK HERE