Class 9 Science Question Answer in Assamese for Chapter 5 ( The Fundamental Unit of Life.) for Assamese Medium School.
1. কোষ কোনে আৰু কেনেকৈ আবিষ্কাৰ কৰিছিল ?
উত্তৰ:- ৰবাৰ্ট হুক নামৰ বিজ্ঞানীজনে কোষ আবিষ্কাৰ কৰিছিল ।
তেখেতে নিচেই সৰল অণুবীক্ষণ যন্ত্ৰ তাৰ সহায়ত কৰ্কৰ পাতল চ্ছেদ এটা নিৰীক্ষণ কৰিছিল আৰু তাঁত মৌ-কোঁহৰ আকৃতিৰ কিছুমান সৰু সৰু কোঠালি দেখিবলৈ পাইছিল । এই কোঠালীবোৰকেই তেখেতে কোষ নাম দিছিল ।
2. কোষক কিয় গঠনৰ আৰু কাৰ্য্যৰ মৌলিক একক বুলি অভিহিত কৰা হয় ?
উত্তৰ:- ক্ষুদ্ৰ জীৱৰ পৰা আৰম্ভ কৰি সকলো জীৱই কোষৰ দ্বাৰা গঠিত । আনহাতে জীৱদেহত সংগটিত সকলো জৈৱৰাখায়নিক প্ৰক্ৰিয়াই আচলতে কোষৰ ভিতৰতহে সংগটিত হয় । কোষৰ ভিতৰত থকা কোষ অংগানুসমুহে এই কাৰ্যসমূহ সংগটিত কৰি জীৱক জীয়াই ৰাখে । সেয়ে কোষক জীৱৰ গঠন আৰু কাৰ্যৰ মৌলিক একক বুলি অভিহিত কৰা হয় ।
3. Co2 আৰু পানী ৰ দৰে পদাৰ্থবিলাক কোষৰ ভিতৰলৈ বা বাহিৰলৈ কেনেদৰে চলাচল কৰে আলোচনা কৰা ।
উত্তৰ:- Co2 আৰু পানী কোষৰ ভিতৰলৈ বা বাহিৰলৈ ব্যাপন প্ৰক্ৰিয়াৰে অহাযোৱা কৰে । কোষৰ বাহিৰৰ পৰিবেশত যেতিয়া Co2 গেছৰ গাঢ়তা কোষৰ ভিতৰতকৈ বেছি হয় তেতিয়া co2 ব্যাপন প্ৰক্ৰিয়াৰে কোষৰ বাহিৰৰ পৰিবেশৰ পৰা কোষৰ ভিতৰলৈ সোমায় আৰু c o2 ৰ গাঢ়তা কোষৰ ভিতৰত বেছি হলে কোষৰ ভিতৰৰ পৰিবেশৰ পৰা বাহিৰৰ পৰিবেশলৈ ওলাই আহে । কিন্তু কোষৰ কোষাবোৰণৰ মাজেৰে পানীৰ চলাচল এক বিশেষ ধৰণৰ ব্যাপন প্ৰক্ৰিয়াৰে চলে , যাক আসৃতি বোলে । কোষৰ ভিতৰত পানীৰ গাঢ়তা কোষৰ বাহিৰৰ পৰিবেশতকৈ বেছি হলে , অৰ্থাৎ বাহিৰৰ মাধ্যমটো গাঢ় হলে, পানী আসৃতি প্ৰক্ৰিয়াৰে কোষৰ বাহিৰলৈ ওলায় যায় । তেনেদৰে বাহিৰৰ মাধ্যমটোৰ পানীৰ গাঢ়তা বেছি হলে মাধ্যমটো লঘু হলে , পানী আসৃতিৰ দ্বাৰা কোষৰ ভিতৰলৈ সোমায় ।
4. কোষাবোৰণখনক কিয় অৰ্ধভেদ্য আৱৰণ বুলি আখ্যা দিয়া হয় ?
উত্তৰ:- কোষাবোৰণখনে কিছুমান নিৰ্দিষ্ট দ্ৰব্যক কোষৰ ভিতৰলৈ সোমোৱাত আৰু কোষৰ বাহিৰলৈ অহাত সহায় কৰে আনহাতে কোষাবোৰণখনে আন কিছুমান দ্ৰব্যৰ অহা যোৱাত বাধা প্ৰদান কৰে । সেইবাবে কোষাবৰণখনক অৰ্ধভেদ্য আৱৰণ বুলি কোৱা হয় ।
5. যদিহে কিছুমান ভৌতিক বা রাখায়নিক কাৰকৰ প্ৰভাৱত কোষৰ সংগঠনৰ ক্ষতি হয় তেতিয়া কি হব ?
উত্তৰ:- যদিহে কিছুমান ভৌতিক বা রাখায়নিক কাৰকৰ প্ৰভাৱত কোষৰ সংগঠনৰ ক্ষতি হয় তেতিয়া কোষ এটাই কিছুমান নিৰ্দিষ্ট কাৰ্য যেনে শ্বসন, পৰিপুষ্টি সাধন, ৰেচন, নতুন প্ৰটিনৰ উৎপাদন আদি সমাধি কৰাত অসমৰ্থ হ’ব । কাৰণ কোষাবোৰণ আৰু কোষ অংগানুসমূহৰ এক বিশেষ ধৰণৰ সজ্জাৰ ফলত কোষ এটাই নিৰ্দিষ্ট গঠন আৰু কাৰ্য সম্পাদনাৰ সামৰ্থ্য লাভ কৰে ।
6. লাইছজমক কিয় কোষৰ আত্মঘাটি মোনা বুলি আখ্যা দিয়া হয় ?
উত্তৰ:-কোষৰ বিপাকীয় কাৰ্যত কিবা বিসংগতি হলে, উদাহৰণ হিচাপে যদি কোষ এটা মৰি যায় তেতিয়া লাইছজমে সিহঁতৰ ভিতৰত থকা জলবিয়োজক উৎসেচক বিলাক নি:সৰন কৰি নিজে থকা কোষটোক ধ্বংস কৰি দিয়ে । সেয়ে লাইছ’জ’মক কোষৰ আত্মঘটি মোনা বুলি কোৱা হয় ।
7. কোষৰ অভ্যন্তৰৰ ক’ত প্ৰটিন সংশ্লেষণ সংগঠিত হয় ?
উত্তৰ:- কোষৰ অভ্যন্তৰৰ ৰাইজব’জ’মত প্ৰটিন সংশ্লেষণ সংগঠিত হয় ।
8. উদ্ভিদকোষ আৰু প্ৰাণীকোষৰ মাজত তুলনা কৰি কি কি ক্ষেত্ৰত উদ্ভিদ কোষ এটা প্ৰাণী কোষতকৈ পৃথক উল্লেখ কৰা ।
উত্তৰ:-
উদ্ভিদ কোষ | প্ৰাণী কোষ |
1. উদ্ভিদ কোষত কোষবেৰ পোৱা যায় । 2. উদ্ভিদ কোষত প্লাষ্টিড পোৱা যায় । 3.উদ্ভিদ কোষত ৰসধানীৰ আকাৰ ডাঙৰ । | 1.প্ৰাণী কোষত কোষবেৰ নাথাকে । 2.প্ৰাণী কোষত প্লাষ্টিড নাথাকে । 3. প্ৰাণী কোষত ৰসধানীৰ আকাৰ সৰু । |
9. আসৃতি কি?
উত্তৰ:- অৰ্ধভেদ আৱৰণৰ মাজেদি পানীৰ অনুৰ ব্যাপন হোৱা প্ৰক্ৰিয়াক বুলি কোৱা হয় ।
10. এমিবাই কি দৰে অহাৰ গ্ৰহণ কৰে ?
উত্তৰ:- Answeror Babe iyat Click korok .
Class 9 Science Assamese Medium Question Answer
CHAPTER 13 আমি অসুস্থ হওঁ কিয় ?
CHAPTER 6 কলা
CHAPTER 10 মহাকৰ্ষণ
CHAPTER 7 জীৱৰ বিচিত্ৰতা
CHAPTER 14 প্রাকৃতিক সম্পদ
CHAPTER 2 আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে?
CHAPTER 5 কোষ
CHAPTER 15 CLICK HERE