Chapter 6 question answer in assamese

Class 9 Science Chapter 6 question answer in assamese

Class 9 Science Chapter 6 question answer in assamese tolot diya ase akha koru apunaluke ai answerbur porhi upokrito hobo

পাঠভিত্তিক প্ৰশ্নোত্তৰ

কলা কি ? Chapter 6 question answer in assamese

উঃ এটা নিৰ্দিষ্ট কাৰ্য সম্পাদন কৰিবলৈ সংঘবদ্ধ একেধৰণৰ কোষৰ সমষ্টিক কলা হিচাপে সংজ্ঞাবদ্ধ কৰা হয়। অন্যাৰ্থত, ই হৈছে দেহৰ এক বা
ততোধিক নিৰ্দিষ্ট কাৰ্য সম্পাদন কৰিবলৈ একে ধৰণৰ আকৃতি প্রকৃতিৰ কোষবোৰ আৰু সম্পৰ্কিত আন্তঃকোষীয় পদাৰ্থৰ পুঞ্জীভৱন। অৰ্থাৎ
যিবোৰ কোষৰ আকৃতি, আকাৰ, উৎপত্তিৰ স্থান আৰু কাৰ্যৰ ফালৰ পৰা একে গুণবিশিষ্ট, তেনে কোষবিলাকৰ সমষ্টিক কলা বোলে। প্রাণী দেহৰ বিভিন্ন কলাসমূহ হৈছে পেশীকলা, স্নায়ুকলা, আচ্ছাদক কলা আৰু সংযোজক কলা, আনহাতে উদ্ভিদ দেহৰ কলাসমূহ হৈছে ভাজক কলা, স্থায়ী কলা আৰু ৰক্ষী কলা ।

বহুকোষী জীৱৰ ক্ষেত্ৰত কলাবিলাকৰ কাম কি ? Chapter 6 question answer in assamese

বহুকোষী জীৱই শ্ৰমৰ বিভাজন দেখুৱায়৷ ফলস্বৰূপে, সঠিকভাৱে কাৰ্য ত সম্পাদনৰ বাবে কলাসমূহ সঠিকভাৱে ৰূপাংকিত আৰু সজ্জিত হয়। প্রত্যেক কলাই নিৰ্দিষ্ট কাৰ্য দক্ষভাৱে সম্পাদন কৰে যাৰ ফলত শক্তি আৰু নৈপুণ্য হাসৰ সম্ভাৱনা হাস পায়। বহুকোষী জীৱৰ বৃহৎ সংখ্যক কোষে কাৰ্যসমূহৰ বিভাজনৰ বাবে সংঘবদ্ধ হয়। আনহাতে এককোষী জীৱৰ একমাত্ৰ কোষটোৱে সকলোবোৰ কাৰ্য সম্পাদন কৰে।

বিভিন্ন প্রকাৰৰ সৰল কলাসমূহৰ নাম লিখা। Chapter 6 question answer in assamese

বিভিন্ন প্রকাৰৰ সৰল কলাসমূহ হৈছে-

(i) পেৰেণকাইমা

(ii) ক’লেণকাইমা

(ii) ফ্লেৰেণকাইমা

অগ্ৰস্থ ভাজক কলা ক’ত পোৱা যায় ? Chapter 6 question answer in assamese

অগ্ৰস্থ ভাজক কলা মূল, কাণ্ড আৰু ডালৰ শীৰ্ষত থাকে আৰু এই কলাই ইহঁতৰ দৈৰ্ঘ্য বৃদ্ধি কৰে।

কোনবিধ কলাই নাৰিকলৰ বাকলিখন গঠন কৰে ?

নাৰিকলৰ বাকলি ফ্লেৰেণকাইমীয় কলাৰে গঠিত৷ এই কলা মৃত কোষেৰে গঠিত ।

ফ্লোৱেম কলা কিহেৰে গঠিত ?

ফ্লোৱেমৰ উপাদানসমূহ হৈছে চালনী নলিকা, সংগী কোষ, ফ্লোৱেম পেৰেণকাইমা আৰু ফ্লোৱেম তস্ত ।

প্রাণীদেহৰ চলনৰ লগত জড়িত কলাসমূহ কি কি ?

প্রাণীদেহৰ চলনৰ লগত পেশীকলাসমূহ জড়িত ।

নিউৰণ (Neuron) দেখাত কেনেকুৱা হয় ?

স্নায়ুকোষ বা নিউৰণ হৈছে প্রাণীদেহৰ আটাইতকৈ দীঘল কৌোষ। ই স্নায়ুতন্ত্ৰ সাংগঠনিক আৰু কাৰ্যকৰী একক । ইয়াক দেহকোষ আৰু স্নায়ুপ্ৰবৰ্ধ – এই দুটা ভাগত ভাগ কৰা হৈছে ।

(i) দেহকোষঃ- দেহকোষ গোলাকাৰ,ডিম্বাকাৰ,পিৰামিডাকাৰ বা তৰাকৃতিৰ হ’ব পাৰে। ইয়াত কোষকেন্দ্ৰ, কোষপ্ৰৰস আৰু নিছেলৰ কণিকা থাকে।

(ii) স্নায়ুপ্ৰবৰ্ধ :- বৰলৰ লস কৰৰ কোৱা হয়। এইবোৰ দুই প্রকাৰৰ–এক্সন আৰু ডেনড্ৰাইট ৷

(a) এক্সন :- ই দীঘল, চুঙাকৃতিৰ, শাখাহীন ৷

(b) ডেনড্ৰাইট:- ইহঁতৰ সংখ্যা এক বা একাধিক । ইহঁত দেহকোষৰ চুটি আৰু অধিক শাখা প্রশাখাযুক্ত স্নায়ুপ্ৰবৰ্ধ ।

হৃদপেশীৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।

হৃদপেশী হৃদযন্তুত থাকে। হৃদপেশীৰ তিনিটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছেঃ
(i) ইহঁতৰ কোষবোৰ চুটি, চুঙাকৃতিৰ, এটা কোষকেন্দ্ৰ বিশিষ্ট আৰু শাখাযুক্ত।

(ii) ইহঁতে প্ৰাণীৰ জীৱনকালত নীৰৱবিছিন্নভাবে ছন্দময় প্ৰসাৰণ আৰু সংকোচন কাৰ্য সম্পাদন কৰে ।

(iii) ইহঁত অনৈছিক প্ৰকৃতিৰ পেশী ।

এৰিওলাৰ (AREOLAR) কলাৰ কাৰ্যসমূহ কি কি ?

এৰিওলাৰ কলা বা জালক কলা হৈছে ঢিলা কোষীয় সংযোজক কলা। ইয়াত বগা আৰু হালধীয়া কলাজেন তন্তু থাকে।

কাৰ্য ঃ

(i) দেহ গহুৰত অংগসমূহৰ মাজত ধাৰক আৰু সুৰক্ষা প্ৰদায়ক কলা হিচাপে ইহঁতে কাৰ্য সম্পাদন কৰে।

(ii) ইহঁতে হাড়ক হাড়ৰ লগত, মাংসপেশীক হাড়ৰ লগত, ছালক মাংসপেশীৰ লগত সংযুক্ত কৰে।

(iii) আঘাত প্রাপ্তিৰ পিছত ইহঁতে কলাসমূহৰ মেৰামতি কৰে।

(iv) বহিৰাগত বিষাক্ত পদাৰ্থৰ লগত মোকাবিলা কৰাৰ ক্ষেত্ৰত ইহঁতে সহায় কৰে। =
(v) ইহঁতে ছালক পেশীৰ সৈতে সংযুক্ত কৰে।
(vi) ইহঁতে সৰু ৰক্ত নলিকাৰ পৰা অক্সিজেন আৰু পুষ্টিদ্রব্যৰ ব্যাপনত সহায় কৰে।

কি কি উপাদানেৰে জাইলেম কলা গঠিত? সেইবোৰৰ নাম উল্লেখ কৰা ।

উঃ জাইলেম কলা চাৰি প্রকাৰৰ কোষৰ দ্বাৰা গঠিত। এই কোষসমূহ হৈছে:-

(i) ট্ৰেকাইড

(ii) জাইলেম পেৰেণকাইমা

(iii) নলিকা বা ট্ৰেকীয়া

(iv) জাইলেম ফস্কেৰেণকাইমা

উদ্ভিদৰ সৰল স্থায়ী কলাবিলাক কি ক্ষেত্ৰত জটিল কলাতকৈ পৃথক ?

উদ্ভিদৰ সৰল স্থায়ী কলা আৰু জটিল স্থায়ী কলাৰ মাজৰ পাৰ্থক্যসমূহ হৈছে;

ক্ৰমিক-নং | পাৰ্থক্যৰ ভিত্তি | সৰল স্থায়ী কলা জটিল স্থায়ী কলা
(0) গঠন ইহঁত কেৱল এক প্রকাৰ | ইহঁত একাধিক প্ৰকাৰৰ কোষৰ দ্বাৰা
কোষৰ দ্বাৰা গঠিত। “গঠিত।


Leave a Comment

Your email address will not be published. Required fields are marked *