Class 9 Science assamese medium chapter 14 question answer bur tolot dhuniyakoi diya ase for example pathvittik prasnnauttar, anukhiloni etc. akhakoru apunaluke porhi val pabo.
প্রাকৃতিকসম্পদ
1.আমাৰ পৃথিৱীৰ বায়ুমণ্ডল শুক্ৰ আৰু মংগল গ্ৰহৰ বায়ুমণ্ডলৰ মাজত পাৰ্থক্য কেনে ধৰণৰ ?
উঃ পৃথিৱীৰ বায়ুমণ্ডলত নাইট্ৰ’জেন, অক্সিজেন, কাৰ্বন ডাই-অক্সাইড, জলীয় বাষ্পৰ লগতে অন্যান্য গেছ মিহলি হৈ থাকে। এই গেছসমূহে জীৱবিলাকৰ জীৱন ধাৰণত সহায় কৰে। কিন্তু শুক্ৰ আৰু মংগল গ্ৰহৰ বায়ুমণ্ডলে জীৱৰ জীৱন ধাৰণত সহায় নকৰে কিয়নো ইহঁতৰ বায়ুমণ্ডলত প্রায় 95-97 শতাংশ কাৰ্বন ডাই-অক্সাইড থাকে ।
2.বায়ুমণ্ডলে এখন কম্বলৰ দৰে কেনেকৈ কাম কৰে?
উঃ বায়ু হৈছে তাপৰ কুপৰিবাহী আৰু সেয়ে বায়ুমণ্ডলে দিনৰ ভাগত পৃথিৱীৰ গড় উষ্ণতা স্থিৰ ৰাখে। দিনৰ ভাগত আচম্বিতে উষ্ণতা বৃদ্ধি হোৱাটো ই প্রতিৰোধ কৰে আৰু ৰাতিৰ ভাগত মহাকাশলৈ তাপৰ নিৰ্গমণ প্ৰক্ৰিয়া লেহেমীয়া কৰে। এনেদৰে, বায়ুমণ্ডলে পৃথিৱীক এখন কম্বলৰ দৰে আৱৰি ৰাখে ।
3.বতাহ কেনেকৈ সৃষ্টি হয় ?
উঃ ভূপৃষ্ঠৰ অসমান উত্তাপনৰ বাবে বতাহৰ সৃষ্টি হয়। দিনৰ ভাগত উপকূলৱৰ্তী অঞ্চলৰ স্থলভাগৰ বতাহ খৰতকীয়া ভাৱে উত্তপ্ত হোৱা বাবে উৰ্দ্ধিদিশতগতি কৰে। বায়ুয়ে উৰ্দ্ধদিশত গতি কৰাৰ বাবে নিম্ন চাপ বিশিষ্ট অঞ্চলৰ সৃষ্টি হয় আৰু সাগৰৰ উপৰিভাগৰ বায়ু এই নিম্ন চাপ বিশিষ্ট অঞ্চললৈ গতি কৰে। এনেদৰে বতাহে উচ্চ বিশিষ্ট অঞ্চলৰ পৰা
নিম্ন চাপ বিশিষ্ট অঞ্চললৈ গতি কৰাৰ বাবে বতাহৰ সৃষ্টি হয় ।
4.ডাৱৰ কেনেকৈ সৃষ্টি হয় ?
উঃ দিনৰ ভাগত জলাশয়ৰ উত্তাপনৰ বাবে আৰু কিছুমান জৈৱিক ক্ৰিয়াকলাপৰ বাবে বাষ্পীভৱন সংঘটিত হয়। ইয়াৰ ফলস্বৰূপে বায়ু ডৰ্দ্ধগামী হয়, সম্প্ৰসাৰিত হয় আৰু শীতল হয়৷ বায়ুমণ্ডলৰ শীতল বায়ু ভূপৃষ্ঠৰ পিনে ধাৱমান হয়। অধিক শীতলীকৰণৰ ফলস্বৰূপে বায়ুত থকা জলীয় বাষ্পই ক্ষুদ্ৰ কণিকাৰ ৰূপ লয়। ঘনীভৱনৰ বাবে এই ক্ষুদ্ৰ কণিকাবোৰ ডাঙৰ হ’বলৈ ধৰে আৰু এনেদৰে ডাৱৰৰ সৃষ্টি হয় ।
5.বায়ু প্ৰদূষণ সৃষ্টি কৰা যিকোনো তিনিটা কাৰ্যকলাপৰ তালিকা প্ৰস্তুত কৰা ।
উঃমানুহৰ নিম্নোক্ত ক্ৰিয়াকলাপ তিনিটাই বায়ু প্ৰদূষণৰ সৃষ্টি কৰেঃ
(i) ঘৰত আৰু কাৰখানাত কাঠ আৰু কয়লাৰ দহন
(ii) নিৰ্বনানীকৰণ, যিয়ে বায়ুৰ 00, ৰ শোষণ হাস কৰে।
(iii) যান-বাহনৰ পৰা কাৰ্বন মন’ক্সাইড (20) ৰ নিৰ্গমণ।
6.জীৱসমূহক পানীৰ কিয় প্রয়োজন হয় ?
নিম্নোক্ত কাৰণত জীৱসমূহক পানীৰ প্ৰয়োজন হয় ?
(i) পানী হৈছে প্ৰরট’প্লাজমৰ প্ৰধান উপাদান।
(ii) উন্ভিদৰ ক্ষেত্ৰত দ্ৰাৱক পানীৰ জৰিয়তে খনিজ লৱণবোৰ এটা অংশৰ পৰা অন্য এটা অংশলৈ পৰিবাহিত হয়।
(iii) ভালেমান বিপাকীয় বিক্ৰিয়াত পানীয়ে বিক্ৰিয়ক হিচাপে ক্ৰিয়া কৰে।
(iv) সালোক সংশ্লেষণৰ সময়ছোৱাত পানীয়ে অক্সিজেন মুক্ত কৰে।
(v) দৈৰ্ঘ্য বৃদ্ধিৰ দশাত, কোষৰ বৃদ্ধি পানীৰ শোষণৰ ওপৰত নিৰ্ভৰ কৰে।
(vi) জীৱৰ ক্ষেত্ৰত পানীয়ে উষ্ণতা প্ৰশমক হিচাপে ক্ৰিয়া কৰে।
7.নগৰ, মহানগৰ, গাও অঞ্চলৰ নিৰ্মল পানীৰ উৎস কি? তুমি ক’ত বাস কৰা ?
নগৰ, মহানগৰ, গীও অঞ্চলৰ নিৰ্মল পানীৰ প্রধান উৎস হৈছে নদী, কুঁৱা আৰুনলী নাদ।মই নগৰ /মহানগৰ/ গাঁৱত বাস কৰোঁ ৷
8.কি কি কাৰ্যকলাপৰ বাৰে পানীৰ প্ৰদূষণ হ’ব পাৰে ?
পানী প্ৰদূষণৰ কাৰণসমূহ হ’লঃ
(i) বৰ্জিত পানী নল| আৰুনৰ্দমাৰে প্ৰবাহিত হৈ অলৱণাক্ত জলপিণ্ডত পৰিলে পানী প্রদূষণৰ সৃষ্টি হয়৷ মহানগৰীত এই সমস্যাই জটিল ৰূপ ধাৰণ কৰে।
(ii) বিষাক্ত ৰাসায়নিক পদাৰ্থ, এছিড, ক্ষাৰ, ধাতৱলৱণ, ফেনল, চায়েনাইড, এমনিয়া, তেজস্ক্ৰিয় পদাৰ্থ আদি পানী প্রদূষণৰ উৎস।
(iii) আতা কলিত কৰতল ন অলৰ ৰেইঁচি আক লম কত লক ৰীয়নাশক
(পতংগনাশক, ভেঁকুৰনাশক ইত্যাদি) উটুৱাই নি পানী দূষিত কৰে ।
(iv) ধৌতকৰণ আৰু পৰিষ্কাৰকৰণত ব্যৱহৃত সাংশ্লেষিক অপমাৰ্জকে ফেন সৃষ্টি কৰি পানী দূষিত কৰে।
(v) ডি্বিলিং আৰু পৰিবহণৰ সময়ত তেল মিশ্ৰিত হৈ সাগৰৰ পানী দূষিত হয় ।
9.মাটি কেনেকৈ গঠন হয় ?
ভূপৃষ্ঠৰ শিলবোৰ বিভিন্ন ভৌতিক, ৰাসায়নিক আৰু জৈৱিক প্রক্ৰিয়াৰ প্রভাৱত কালক্ৰমত বিভংগন ঘটে। এই বিভংলনপ্ৰকিয়াৰাজতি জাতনীয়টো হৈহে আচৰি কলিবৰ।শিলক নাচিলে ৰাগৰ কৰাৰ শ্ষেণ্রও প্ৰভাব বিভাৰ কৰা চাৰিটা কাৰক আছে। এই কাৰক কেইটা হৈছেঃ
(i) সূৰ্যঃ দিনৰ ভাগত সূৰ্য্যৰ তাপৰ প্ৰভাৱত শিলবোৰ প্ৰসাৰণ ঘটে আৰু ৰাতিৰ ভাগত এই শিলবোৰ শীতল হয় আৰু সংকুচিত হৈ পৰে । অসমাকাৰ সম্প্ৰসাৰণ আৰু সংকোচনৰ ফলস্বৰূপে শিলবোৰত ফাট মেলে আৰু সেইবোৰ ভাঙি ক্ষুদ্ৰ ক্ষুদ্ৰ টুকুৰাত পৰিণত হয় ।
(ii)পানী :- পানীৰ দুটা ভিন্ন প্ৰভাৱ আছে। প্রথমে পানী শিলৰ ফাটত সোমাই পৰিব পাৰে আৰু হিমীভূত হোৱাৰ পাছত ফাটবিলাক বিস্তৃত কৰাত সহায় কৰিব পাৰে। দ্বিতীয়তে, বোৱতী পানীয়ে শিলৰ সৰু-বৰ টুকুৰা বহন কৰে। এই শিলবোৰে অন্য শিলক আঘাত কৰাৰ ফলস্বৰূপে শিলবোৰ সৰু সৰু কণিকাত পৰিণত হয়।
(iii) বতাহ :-তীব্ৰ বতাহে শিলবোৰ লাহে লাহে ক্ষয় কৰে আৰু বালি বা ক্ষুদ্ৰ ক্ষুদ্ৰ শিলৰ কণিকা এঠাইৰ পৰা আন এঠাইলৈ বহন কৰে ।
(iv) জীৱ :-লাইকেনৰ দৰে জীৱবোৰৰ শিলৰ পৃষ্ঠভাগত বৃদ্ধি আৰু বিকাশ হয়। ইহঁতে কিছুমান পদাৰ্থৰ সৃষ্টিকৰে যিয়ে শিলাস্তৰৰ ওপৰত পাউদাৰ জাতীয় পদাৰ্থৰ তৰপ গঠন কৰে। এই তৰপত মচ জাতীয় উদ্ভিদ গজে আৰু এইবোৰে শিলবোৰ ভাঙি মাটিত পৰিণত কৰাত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে। তদুপৰি ডাঙৰ উদ্ভিদৰ শিপাবোৰ শিলৰ ফীকত সোমাই পৰে আৰু এইবোৰৰ আকাৰ বৃদ্ধি পালে সংশ্লিষ্ট অংশৰ বিভংগন হয়।
10.মাটিৰ ক্ষয়ীভৱন (soil erosion) কি ?
সৰল অৰ্থত মাটিৰ ক্ষয়ীভৱন মানে হৈছে মাটিৰ ক্ষয় ৷ বিস্তৃত অৰ্থত ক’বলৈ
গ’লে মাটিৰ উপাদানবোৰৰ সঞ্চালন, বিশেষকৈ এঠাইৰ পৰা আন এঠাইলৈ
মাটিৰ বহিঃস্তৰ বা শীৰ্ষস্তৰীয় মৃত্তিকাৰ অপসাৰণ । ভূমি বা মাটিৰ ক্ষয়ীভৱনৰ
ফলস্বৰূপে মাটিৰ উৰ্বৰতা হাস পাম, কিয়নো শীৰ্ষ স্তৰীয় মৃত্তিকা হৈছে মাটিৰ
সাৰন্ৰা অংশ।
প্রাকৃতিক প্রক্ৰিয়া হিচাপে স্বাভাৱকি ভূমিক্ষয় প্রক্রিয়া সংঘটিত হৈ থাকে।
বতাহ,বৰষুণ আদি জলবায়ুলৈ অভিকৰ্তাই এনে ক্ষয়ীভৱনৰ সৃষ্টি কৰে৷ ভূমিক্ষয়
আৰুইয়াৰ নবীকৰণৰ মাজত প্ৰাকৃতিক ভাৰসাম্যতা অটুত থাকে। কিন্তু কিছুমান
মানৱসৃষ্ট কাৰ্যকলাপৰ বাবে মাটি গঠনৰ হাৰতকৈ ভূমিক্ষয়ৰ হাৰ অধিক খৰতকীয়া হৈছে। ইয়াৰ ফলত মাটিৰ নিম্নীকৰণ হৈছে। এনেকুৱা কিছুমান কাৰ্যকলাপ হ’ল :-
(i) পুনৰ বনানীকৰণ নকৰাকৈ কৰা, নিৰ্বনানীকৰণ।
(ii) অত্যাধিক পশুচাৰণ
(iii) ভূপৃষ্ঠৰ খনন কাৰ্য
(iv) লৱণ পুঞ্জীভূত কৰা জলসিঞ্চন কৌশল
(v) জলাবন্ধ মাটি
(vi) অনুপযুক্ত মাটিত কৰা কৃষি কাৰ্য ।
11.জীৱৰ কাৰণে বায়ুমণ্ডলৰ প্ৰয়োজন কি ?
ডঃ বায়ুমণ্ডলত জীৱৰ জীৱন ধাৰণৰ বাবে আৱশ্যকীয় বিভিন্ন গেছ থাকে। বায়ুমণ্ডলত থকা প্ৰধান গেছসমূহ হৈছে নাইট্ৰ’জেন,অক্সিজেন আৰু কাৰ্বন ডাই -অক্সাইড । দিন আৰু ৰাতিৰ ভাগত আচম্বিতে উষ্ণতাৰ হাস বৃদ্ধি হোৱাটো প্রতিৰোধ কৰি বায়ুমণ্ডলে পৃথিৱীৰ গড় উষ্ণতা স্থিৰ ৰাখে। গতিকে, জীৱৰ কাৰণে বায়ুমণ্ডল অতি আৱশ্যকীয় ৷
12.পানী জীৱৰ কাৰণে কিয় প্ৰয়োজনীয়?
ডঃ বহুতো কাৰণত পানী জীৱৰ কাৰণে প্ৰয়োজনীয় ৷ ইয়াৰ কেইটামান তলত উল্লেখ কৰা হ’ল :-
(i) পানী হৈছেপ্রট’প্লাজমৰ প্রধান উপাদান৷
(ii) উতিলীবিলষ শনিৰ জীৰ ৰড সন বনত ৰি ভেট লন ককৰ।
(iii) বিপাকীয় বিক্ৰিয়াত পানীয়ে বিক্ৰিয়ক হিচাপে ক্ৰিয়া কৰে।
(iv) জীৱদেহত পানীয়ে উষ্ণতা প্ৰশমক হিচাপে ক্ৰিয়া কৰে।
13.কেনেকৈ জীৱই মাটিৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে? পানীত বাস কৰা জীৱসমূহ মাটিৰ পৰা সম্পূৰ্ণভাৱে আত্মনিৰ্ভৰশীলনে ?
ডঃ সকলোবোৰ জীৱই তলত দিয়া ধৰণে প্রত্যক্ষ বা পৰোক্ষভাৱে মাটিৰ ওপৰত নিৰ্ভৰশীল
(i) প্রাণীবিলাকে খাদ্যৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰে। এই উদ্ভিদসমূহৰ বৃদ্ধি আৰু বিকাশ মাটিত হয়।
(ii)লা লালা সেই প্রাণীবোৰে মাটিত গজ৷ উদ্ভিদবোৰ ভক্ষণ কৰে।
(iii) বালি ববিক লী ৰত লী তৰ ৰ”
(iv) উদ্ভিদে জীৱন ধাৰণৰ বাবে মাটিৰ পৰা খনিজ পদাৰ্থ শোষণ কৰে।
(v) শাৰীৰিক অৱলম্বনৰ বাবে উদ্ভিদক মাটিৰ প্রয়োজন হয়।
এনেদৰে,সকলোবোৰ জীৱই মাটিৰ ওপৰত নিৰ্ভৰ কৰে।
পানীত বাস কৰা জীৱবিলাক মাটিৰ ওপৰত অনিৰ্ভৰশীল নহয় ৷ সিহঁতে খাদ্য আৰু শক্তিৰ বাবে সেউজীয়া উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল ৷ সেউজীয়া উদ্ভিদসমূহে পানীৰ পৰা বা পানীৰ তলভাগৰ মাটিৰ পৰা খনিজ পদাৰ্থ শোষণ কৰে। কিন্তু জলাশয়বিলাকে নদী, বৰষুণৰ পানী আদিৰ জৰিয়তে মাটিৰ পৰা খনিজ পদাৰ্থ আহৰণ কৰে। মাটিৰ পৰা পানীলৈ খনিজ পদাৰ্থৰ নিৰৱচ্ছিন্ন যোগানে পানীত বাস কৰা জীৱৰ খনিজ পদাৰ্থৰ চাহিদা পূৰণ কৰে। গতিকে, সিহঁতবোৰ মাটিৰ ওপৰত সম্পূৰ্ণ অনিৰ্ভৰশীল নহয়।
14.তোমালোকে নিশ্চয় দূৰদৰ্শন আৰু বাতৰি কাকতত বতৰৰ আগলি বতৰাৰ প্ৰতিবেদনদেখিছা। ৰতৰৰ আগলি বতৰা কেনেকৈ পাওঁ বুলি ধাৰণা কৰা ?
ডঃ বতৰৰ আগলি বতৰা দিবৰ বাবে বতাহৰ প্রকৃতি অধ্যয়ন কৰা হয়। বতাহৰ প্ৰকৃতিয়ে বৰষুণৰ প্রকৃতি নিৰ্ধাৰণ কৰে। বতাহৰ প্রকৃতি নিম্ন আৰু উচ্চ বায়ু চাপবিশিষ্ট অঞ্চলৰ ওপৰত নিৰ্ভৰশীল৷ এইবোৰৰ অধ্যয়নে বতৰৰ আগজাননী দিয়াত আমাক সহায় কৰে ।
15.মানুহৰ বিভিন্ন কাৰ্যকলাপৰ দ্বাৰা বায়ু, পানী আৰু মাটিভাগত প্ৰদূষণ সৃষ্টি হয়। তোমালোকে ভাবা নেকি ষে কোনো নিৰ্দিষ্ট অঞ্চলত এই কাৰ্যকলাপৰ চিনাক্ত কৰিব পাৰিলে প্ৰদূষণৰ মাত্ৰ৷ কমিব বুলি ?
উঃ প্ৰদূষণৰ কাৰ্যকলাপ বিলাক কোনো নিৰ্দিষ্ট অঞ্চলত সীমিতকৰা কাৰ্যই প্রদূষণৰ মাত্ৰা হাস কৰাত সহায় নকৰে। বায়ু,পানী আৰু মাটিৰ মাজত আন্তঃসম্পৰ্ক আছে। সীমিত অঞ্চলত সম্পন্ন কৰা প্ৰদূষণ সৃষ্টিকাৰী কাৰ্যকলাপে সেই নিৰ্দিষ্ট অঞ্চলত হোৱা বায়ু প্ৰদূষণে ভিন্ন দিশত অনিষ্টসাধন কৰিব, কিয়নো বায়ু প্রদূষক বোৰে অতি সহজে
নিকটৱৰ্তী অঞ্চললৈ সঞ্চালিত হ’ব পাৰে। জলাশয়ৰ প্ৰদূষণে- জলজ উদ্ভিদ আৰু প্ৰাণীৰ ওপৰত প্রভাৱ বিস্তাৰ কৰিবযাৰ ফলত সমগ্ৰ পৰিস্থিতিতন্ত্ৰৰ খাদ্য শংখল প্রভাৱিত হ’ব৷ তদুপৰি ভূমি প্রদূষণৰ ফলত সংশ্লিষ্ট অঞ্চলৰ সকলোবোৰ উদ্ভিদ প্ৰভৱিত হোৱাৰ লগতে খাদ্যৰ বাবে প্রত্যক্ষ ব৷ পৰোক্ষভাৱে এই উদ্ভিদসমূহৰ ওপৰত নিৰ্ভৰ কৰা প্ৰাণীসমূহৰ ওপৰত বিৰূপ প্রভাৱ পৰিব। গতিকে, আমি সামপ্ৰিকভাৱে প্রদূষণৰ হাৰ হাস কৰা উচিত।
16.বনাঞ্চলসমূহে বায়ু, মাটি আৰু পানীৰ গুণাগুণৰ ওপৰত কেনেকৈ প্রভাৱ পেলায় এটা টোকা লিখা ।
উঃ বায়ু, পানী আৰু মাটিৰ গুণাগুণৰ ওপৰত বনাঞ্চলত বহুমুখী প্ৰভাৱ আছে। ইয়াৰে কিছুমান তলত উল্লেখ কৰা হ’ল?
(a) বায়ুৰ মানদণ্ড নিয়ন্তুণ:- বনাঞ্চলে বায়ুমণ্ডলত কাৰ্বন ডাই-অক্সাইড আৰু অক্সিজেনৰ অনুপাত নিয়ন্তুণ কৰে। সকলোবোৰ জীৱই শ্বসন কাৰ্যত অক্সিজেন ব্যৱহাৰ কৰে। বনাঞ্চলৰ সেউজীয়া উদ্ভিদসমূহে সালোক সংশ্লেষণৰ সময়ছোৱাত অক্সিজেন নিৰ্গত কৰি আৰু CO₂ ব্যৱহাৰ কৰি অক্সিজেনৰ ঘাটি পূৰণ কৰে।
(b) ভূমিক্ষয় প্ৰতিৰোধ :- বানপানী আৰু প্রবল বতাহৰ সময়ছোৱাত বনাঞ্চলৰ গছ-গছনিবিলাকে বোৱতী পানীৰ শক্তি প্ৰতিৰোধ কৰে আৰু এনেদৰে মাটিৰ ক্ষয়ীভৱন ৰোধ কৰে। তদুপৰি গছ-গছনিৰ শিপাই মাটিৰ বহিঃস্তৰক খামুচি ধৰি থাকে আৰু সৰা পাতবিলাকে শীৰ্ষসতৰীয় মাটিৰ বাবে হিউমাচ গঠন কৰে যিয়ে ভূমিক্ষয় প্রতিৰোধত
বৰঙণি যোগায়। ৰ
(c) বায়ুমণ্ডলৰ আৰ্দ্ৰতা নিয়ন্তুণ:-প্ৰস্বেদনৰ সময়ছোৱাত বায়ুমণ্ডললৈ পৰ্যাপ্ত পৰিমাণৰ পানী নিৰ্গত হয়, কিন্তু জলীয় বাষ্পৰ পৰা ডাৱৰৰ সৃষ্টি হৈ বৰষুণ হয় যিয়ে বায়ুমণ্ডল তথা মাটিভাগত পানীৰ প্রয়োজন নিয়ন্তণ কৰে।
(d) প্ৰদূষণৰ হ্সন :- বনাঞ্চলৰ বহুতো উদ্ভিদে গধুৰ ধাতু শোষণ কৰিব পাৰে। এই গধুৰ ধাতুবোৰে মাটি আৰু পানীত প্ৰদূষণৰ সৃষ্টি কৰে ৷ এনেদৰে গছ-গছনিয়ে গধুৰ ধাতু শোষণৰ দ্বাৰা মাটি আৰু পানী প্ৰদূষণৰ মাত্ৰা হাস কৰিব পাৰে ।
FOR CHAPTER 14 QUESTION ANSWER CLICK HERE
FOR CHAPTER 13 QUESTION ANSWER CLICK HERE