Class 9 Science chapter 10 question answer in assamese tolot oti khundor koi diya ase akha koru apualuke porhi upokrito hobo
পাঠভিত্তিক প্ৰশ্নোত্তৰ
1.মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰটো লিখা ।
মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ অনুসৰি বিশ্বৱহ্মাণ্ডৰ প্ৰতিটো বস্তুৱেই আন প্ৰতিটো বস্তুকে আকৰ্ষণ কৰে ,এই আকৰ্ষণ বল বস্তু দুটাৰ ভৰৰ গুণফলৰ সমানুপাতিক আৰু বস্তু দুটাৰ মাজৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক। বস্তু দুটাৰ কেন্দ্ৰ সংযোগী ৰেখাৰ দিশত এই বল ক্ৰিয়াশীল হয়। এই সূত্ৰ অনুসৰি বিশ্বৱহ্মাণ্ডৰ সকলো বস্তুৱেই ইটোৱে সিটোক আকৰ্ষণ কৰে। বস্তুৰ মাজৰ এই আকৰ্ষণ বলক মহাকৰ্ষণ বল বোল৷ হয়।
2.পৃথিৱী আৰু ইয়াৰ পৃষ্ঠত অৱস্থিত বস্তু এটাৰ মাজৰ মহাকৰ্ষাণিক বলৰ মান নিৰ্ণয় কৰা সূত্ৰটো লিখা। (Chapter 10 question answer)
F = মহাকৰ্ষণ বল
M= পৃথিৱীৰ ভৰ
m= বস্তুৰ ভৰ
d= পৃথিৱী আৰু বস্তুৰ মাজৰ দূৰত্ব
G=মহাকর্ষণৰ বিশ্বজনীন ধ্রুবক
3.মুক্ত অধোগমন মানে কি বুজা ? Chapter 10 question answer
পৃথিৱীৰ মাধ্যাকৰ্ষণ বলৰ প্রভাৱত প্রতিটো বস্তুৱেই পৃথিৱীৰ কেন্দ্ৰফালে আকৰ্ষিত হয়। মাধ্যাকৰ্ষণ বলৰ প্রভাৱত বস্তু এটাই সম্পন্ন কৰা পৃথিৱীমুখী গতিক মুক্ত অধোগমন বোলা হয় ।
4.মাধ্যাকৰ্ষণিক ত্বৰণ মানে কি বুজা ? Chapter 10 question answer
নিবিষ্ট উচ্চতাৰ পৰা বস্তু এটা পৃথিৱীৰ দিশত তললৈ পৰিলে বস্তুটোৰ লগত ডুৰণ জড়িত হৈ থাকে। এই ভ্ৰণৰ উৎ্সা্তিমবকাৰণণহোছোজৱীৰ মতীকৰণ বল তলেয়েডনীভৰাকণম পলাবৰ লগৰ মিৰ মাধ্যাকৰ্বণিক ত্বৰণ বোলা হয় ।
5.বস্তু এটাৰ ভৰ আৰু ওজনৰ মাজৰ পাৰ্থক্যসমূহ কি কি ?
সঃ বস্তু এটাৰ ভৰ আৰু ওজনৰ মাজত থকা পাৰ্থক্যসমূহ হ’ল ঃ
ক্ৰমিক নং | পাৰ্থক্যৰ ভিত্তি | ভৰ | ওজন |
1 | ভৌতিক ৰাশি । | ভৰ এটা স্কেলাৰ ৰাশি । | ওজন এটা ভেক্টৰ ৰাশি। |
2 | অৰ্থ | বস্তু এটাত থকা পদাৰ্থৰ পৰিমাণেই হ’ল বস্তুটোৰ ভৰ। | বস্তু এটাৰ ওজন হ’ল পৃথিৱীৰ কেন্দ্ৰৰ ফালে বস্তুটো আকৰ্ষিত হোৱা বল। |
3 | এছ আই একক | ইয়াৰ এছ আই একক হৈছে kg | ইয়াৰ এছ আই একক হৈছে নিউটন N |
4 | মান | ইয়াৰ মান সকলো ঠাইতে সমান। | মাধ্যাকৰ্ষণিক ত্বৰণৰ বাবে স্থানভেদে ইয়াৰ মানপৰিৱৰ্তন হয়। |
5 | শূন্য ভৰ বা ওজন | কোনো বস্তুৰ ভৰ কেতিয়াও শূন্য নহয়। | কোনো বস্তুৰ ওজন শূন্য হ’ব পাৰে। উদাহৰণস্বৰূপে, পৃথিৱীৰ কেন্দ্ৰত মাধ্যাকৰ্ষণৰ বাবে ত্বৰণ শূন্য হোৱা বাবে বস্তুটোৰ ওজন শূন্য হয়। |
6. চন্দ্ৰপৃষ্ঠত বস্তু এটাৰ ওজন ভূ-পৃষ্ঠৰ ওজনৰ 1/6 অংশ হয় কিয় ? Chapter 10 question answer
চন্দ্ৰত মাধ্যাকৰ্ষণিক ত্ৰণৰ মান পৃথিৱীৰ মাধ্যাকৰ্ষণিক তঁৰণৰ মানৰ প্রায় 1/6 অংশ ।
এতিয়া বস্তুৰ ওজনৰ প্রকাশ ৰাশি, W = mg
যিহেতু, বস্তুৰ ভৰ ধ্ৰুৱক,
গতিকে, ৮ = ৪
গতিকে,পৃথিৱীত কোনো এটা বস্তুৰ যিমান ওজন হয়,চন্দ্ৰত সেই বস্তুটোৰ ওজন পৃথিৱীত পোৱা ওজনৰ ঠু অংশহে হ’ব ।
7. মহাকৰ্ষাণিক বলৰ দ্বাৰা পৃথিৱী আৰু চন্দ্ৰ পৰস্পৰে আকৰ্ষিত হয়। চন্দ্ৰই পৃথিৱীক যি বলেৰে আকৰ্ষণ কৰে তাৰ তুলনাত পৃথিৱীয়ে চন্দ্ৰৰ ওপৰত প্রয়োগ কৰা আকৰ্ষণী বল সমান নে কম নাইবা বেছি ? কিয় ?
চন্দ্ৰই পৃথিৱীক যি বলেৰে আকৰ্ষণ কৰে তাৰ মান পৃথিৱীয়ে চন্দ্ৰৰ ওপৰত প্রয়োগ কৰা আকৰ্ষণী বলৰ সমান। নিউটনৰ গতি বিষয়ক তৃতীয় সূত্রও মহাকৰ্ষণিক বলৰ ক্ষেত্ৰতো প্রযোজ্য। এনেদৰে, পৃথিৱীয়ে চন্দ্ৰৰ ওপৰত আৰু চন্দ্ৰই পৃথিৱীৰ ওপৰত প্রয়োগ কৰা মহাকৰ্ষণ বলৰ মান সমান আৰু বিপৰীতমুখী ।
8.চন্দ্ৰই পৃথিৱীক আকৰ্ষণ কৰি থকা স্বত্বেও পৃথিৱীখন চন্দ্ৰৰ দিশত ধাৱমান নহয় কিয় ?
মহাকৰ্ষণ বলে পৃথিৱী আৰু চন্দ্ৰ উভয়তে ত্বৰণ উৎপন্ন কৰে। অৱশ্যে কোনো.এটা বস্তুত সৃষ্টি হোৱা ত্বৰণৰ মান ইয়াৰ ভৰৰ ব্যস্তানুপাতিক। চন্দ্ৰৰ ভৰৰ তুলনাত পৃথিৱীৰ ভৰ অতিশয় বিশাল ৷ গতিকে, পৃথিৱীতসৃষ্টি হোৱা ত্বৰণৰ মান অত্যন্ত কম আৰু ইয়াক উপেক্ষা কৰি পাৰি। সেয়ে, পৃথিৱীয়ে চন্দ্ৰৰ পিনে গতি কৰা আমি নেদেখোঁ ।
9. মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰৰ গুৰুত্ব কিমান ? Chapter 10 question answer
মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰটো গুৰুত্বপূৰ্ণ কাৰণ ই তলত দিয়াসমূহ ব্যাখ্যা কৰে
(i) সূৰ্যৰ চাৰিওফালে গ্ৰহবোৰৰ গতি।
(ii) পৃথিৱীৰ চাৰিওফালে চন্দ্ৰৰ গতি।
(iii) আমাক পৃথিৱীৰ সৈতে বান্ধোনত ৰখা বল।
(iv) চন্দ্ৰ আৰু সূৰ্যৰ বাবে সমুদ্ৰপৃষ্ঠত উঠা জোৱাৰ।
10. মুক্ত অধোগমনৰ ত্বৰণ কিমান ?
নিৰ্দিষ্ট উচ্চতাৰ পৰা অধোগমন হোৱা বস্তুৰ পুথিৱীৰ আকৰ্ষণৰ বাবে বেগৰ মানৰ পৰিৱৰ্তন ঘটে । বেগৰ পৰিৱৰ্তনৰ লগত ত্বৰণ জড়িত হৈ থাকে। পৃথিৱীৰ মহাকৰ্ষণ বলৰ বাবে এই ত্বৰণ উৎপন্ন হয় আৰু ইয়াক পৃথিৱীৰ মহাকৰ্ষণ বলৰ বাবে হোৱা ত্বৰণ বা মাধ্যাকৰ্ষণীক ত্বৰণ বুলি জনা যায় ।
11.পৃথিৱী আৰু বস্তু এটাৰ মাজৰ মহাকৰ্ষণিক বলক আমি কি বুলি কওঁ ?
পৃথিৱী আৰু বস্তু এটাৰ মাজৰ মহাকৰ্ষাণিক বলক আমি সেই বস্তুটোৰ ওজন বুলি কওঁ ।
12.কাগজ মোহাৰি তৈয়াৰ কৰা বল এটাতকৈ কাগজখিলা লাহে লাহে পৰাৰ কাৰণ কি ?
কাগজ মোহাৰি তৈয়াৰ কৰা বল এটাতকৈ কাগজখিলাৰ পৃষ্ঠকালি অধিক৷ বায়ুৰ পৰা কাগজখনে পোৱা বাধা, কাগজ মোহাৰি তৈয়াৰ কৰা বলটোৱে পোৱা বাধাৰ তুলনাত বেছি। গতিকে, কাগজখিলা লাহে লাহে পৰে ।
13. তৰলত নিমজ্জিত বস্তুৰ ওপৰত প্লাবিতা বলে কোন দিশত ক্ৰিয়া কৰে ?
তৰলত নিমজ্জিত বস্তুৰ ওপৰত প্লাবিতা বলে উলম্বভাৱে উৰ্দ্ধমুখী দিশত ক্ৰিয়া কৰে।
14. পানীৰ তলত এৰি দিয়া গ্লাষ্টিকৰ টুকুৰা এটা পানীৰ পৃষ্ঠলৈ কিয় ঘূৰি আহে ?
“ডুবাই দিয়া প্লাষ্টিকৰ টুকুৰা এটাৰ ওজনতকৈ পানীৰ উৰ্দ্ধমুখী বল বা প্লাবিতা বল বেছি। গতিকে, পানীৰ তলত এৰি দিয়া প্লাষ্টিকৰ টুকুৰা এটা পানীৰ পৃষ্ঠলৈ ঘূৰি আহে।