Class 9 Science Notes in Assamese

Class 9 Science Assamese Medium

I am giving you the Question Answer of Class 9 Science Chapter 15 in Assamese language. If you found any mistake or if you want to know more about this chapter Contact me through the contact form or you can comment below. I hope you will enjoy it.

Chapter 15 Question Answer in Assamese

উত্তৰ:-সশ্য়ৰ পৰা আমি কাৰ্বহাইড্ৰেট মাহৰ পৰা আমি প্ৰটিন ফলমূল আৰু শাক-পাচলিৰ পৰা আমি খাদ্য়প্ৰান আৰু খনিজ লৱন আহৰন কৰো ।

2.মুখ্য় অনুপোষকবিলাক কি কি আৰু এইবিলাকক কিয় মুখ্য় অনুপোষক বুলি কোৱা হয়?

উত্তৰ:শস্য়ক ১৩ বিধ অনুপোষক দ্ৰব্য়ৰ প্ৰয়োজন; তাৰে ৬ বিধ অতি বেছি মাত্ৰত

প্ৰয়োজন হয় আৰু সেইখিনিকে মুখ্য় অনুপোষক বুলি কোৱা হয় ।  

3.উদ্ভিদে অনুপোষক দ্ৰব্য়বিলাক ৰপৰা আহৰন কৰে ?

উত্তৰ:- উদ্ভিদে অনুপোষক দ্ৰব্য়বিলাক বায়ু , পানী আৰু মাটিৰ পৰা আহৰন কৰে।

4.কোনবিলাক কাৰকৰ বাবে ভঁৰালত মজুত ৰখা শস্য়ৰ ক্ষতি সাধন হয় ?

উত্তৰ:-ভঁৰালতমজুত ৰখা শস্য়ৰ ক্ষতি সাধনৰ প্ৰধান কাৰকবোৰ হল- পোক,

এন্দুৰ,ভেঁকুৰ, চাহী, বেক্টেৰীয়া আদিৰ বাবে আৰু অজৈৱিক যেনে, ভঁৰালৰ 

অনুপযুক্ত উষ্ণতা আৰু জলীয় ভাপ ।

5.আমাক প্ৰটিন যোগান ধৰা কেইবিধমান শস্য়ৰ উদাহৰন দিয়া ?

উত্তৰ:- আমাক প্ৰ’টিন যোগান ধৰা কেইবিধমান শস্য়ৰ উদাহৰন হ’ল-

বুট,মটৰ,মুগ,মচুৰ আদি ।

6.গো প্ৰজাতি উন্নত কৰিবৰ কাৰণে কোনটো পদ্ধতি সাধাৰণতে ব্য়ৱহাৰ 

কৰা হয় আৰু কিয় কৰা হয় ?

উত্তৰ:-গো প্ৰজাতি উন্নত কৰিবৰ কাৰণে সাধাৰণতে বৰ্ণ সংকৰণ পদ্ধতিৰ 

ব্য়ৱহাৰ কৰা হয় । এই পদ্ধতি ব্য়ৱহাৰ কৰাৰ কাৰন হ’ল- এই পদ্ধতি ব্য়ৱহাৰ

কৰি দুটা বিশেষ বিশেষ গুণ সম্পন্ন এটা প্ৰজাতিৰ গো পাব পাৰি । যেনে-

দীৰ্ঘম্য়াদী দুগ্ধকালৰ বাবে বিদেশী প্ৰজাতিৰ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে 

থলুৱা প্ৰজাতিৰ নিৰ্বাচন কৰি প্ৰজনন কৰোৱা হয় ।

7.তলৰ উক্তিটোৰ তাৎপৰ্য আলোচনা কৰা

“এইটো অতি তাৎপৰ্যপূৰ্ণ কথা যে ভাহৰতীয় হাহঁ কুকুৰাই হ’ল কম আহঁযুক্ত

(মানুহৰ অনুপযোগী) খাদ্য়ৰ পৰা অতি পুষ্টিকৰ প্ৰাণী প্ৰ’টিনলৈ ৰুপান্তৰ

কৰিব পৰা প্ৰাণী ।”

উত্তৰ:- উপৰৰ উক্তিটোৰ তাৎপৰ্য হ’ল-কণী পৰা হাঁহ-কুকুৰাৰ বাবে আহঁযুক্ত

সস্তীয়া খাদ্য় কৃষিৰ উপজাত দ্ৰব্য়ৰ পৰা প্ৰস্তুত কৰা হয় । এনে খাদ্য় মানুহৰ

বাবে অনুপযোগী । কিন্তু এই খাদ্য় গ্ৰহন কৰি হাঁহ কুকুৰাই যি কণী উৎপাদন

কৰে, সি অতিশয় পুষ্টিকৰ প্ৰটিনযুক্ত হয় ।

8. দুগ্ধপাম আৰু হাঁহকুকুৰা পাম পৰিচালনাৰ বাবে কি কি অনুশীলন

সাধাৰণতে হাতত লোৱা হয়

উত্তৰ:-দুগ্ধপাম আৰু হাঁহ-কুকুৰা পাম পৰিচালনাৰ বাবে সাধাৰণতে হাতত

লোৱা ব্য়ৱস্থা কেইটা হ’ল-

1.উপযুক্ত খাদ্য়ৰ যোগান ধৰা ।

2.পামঘৰৰ চাফ-চিকুনকৈ ৰখা ।

3.সংক্ৰমক ৰোগৰ বিৰুদ্ধে টিকাকৰণৰ ব্য়ৱস্থা কৰা ।

9.ব্ৰইলাৰ আৰু লেয়াৰৰ মাজত থকা পাৰ্থক্য় কি আৰু সিহঁতৰ পৰিচালনাৰ মাজত পাৰ্থক্য় কেনে ধৰনৰ ?

উত্তৰ:-ব্ৰইলাৰ আৰু লেয়াৰৰ মাজত থকা পাৰ্থক্য় হ’ল-ব্ৰইলাৰবোৰ মাংস

উৎপাদনৰ বাবে পালন কৰা হয় আৰু আনহাতে লেয়াৰ কনী উৎপাদনৰ বাবে

পালন কৰা হয় ।

             সিহঁতৰ পৰিচালনাৰ সিহঁতৰ মাজতো বিশেষ পাৰ্থক্য় থাকে ।

পামঘৰৰ অৱস্থা, পৰিবেশ আৰু পৰিপুস্তিৰ ফালৰ পৰা সিহঁতক বেলেগ বেলেগ

সুবিধাৰ দৰকাৰ । লেয়াৰ বিলাকক সাধাৰণতে সস্তীয়া আহঁযুক্ত সাদ্য়ৰ যোগান

ধৰা হয় । আনহাতে ব্ৰইলাৰবিলাকক প্ৰটিন আৰু চৰ্বিযুক্ত খাদ্য় যোগান ধৰা 

হয় ।

10. কি ধৰণে মাছ ধৰা হয় ?

উত্তৰ:-মাছ প্ৰধানত দুই ধৰনে ধৰা হয় । প্ৰাকৃতিক উৎসৰ পৰা, যাক মীন 

সংগ্ৰহ বোলে আৰু মীন পামৰ দ্ৱাৰা,যাক মীন পালন বোলে ।

11.কোনবিলাক কাৰকৰ বাবে ভঁৰালত মজুত ৰখা শস্য়ৰ ক্ষতি সাধন হয় ?

উত্তৰ:-ভঁৰালত মজুত কৰি ৰখা শস্য়ৰ ক্ষতিসাধন দুটা কাৰকৰ বাবে হ’ব পাৰে

জৈৱিক আৰু অজৈৱিক কাৰকৰ দ্ৱাৰা । জৈৱিক কাৰকবোৰ হ’ল কীট-পতংগ,

এন্দুৰ,ভেঁকুৰ,বেক্টেৰিয়া আদি আৰু অজৈৱিক কাৰকবোৰ হ’ল-ভঁৰালঘৰৰ

অনুপযুক্ত উষ্ণতা আৰু আৰ্দ্ৰতা ।

12.মৌ উৎপাদনৰ কাৰণে বিভিন্ন মৌ প্ৰজাতিবোৰৰ কেনেধৰনৰ বৈশিষ্ট্য়

থকা প্ৰয়োজন ?

উত্তৰ:-মৌ উৎপাদনৰ কাৰণে বিভিন্ন মৌ প্ৰজাতিবোৰৰ তলত দিয়া ধৰনৰ বৈশিষ্ট্য়

থকা প্ৰয়োজন-

1.মৌমাখিবোৰৰ মৌজাল সংগ্ৰহৰ ক্ষমতা বেছি হোৱা উচিত ।

2.মৌমাখিবোৰৰ কম আক্ৰমণাত্মক হোৱা উচিত ।

3.মৌমাখিবোৰৰ একেখন মৌচাকতে দীৰ্ঘদিন ধৰি থাকিব পৰা হ’ব লাগে ।

4.অধিক প্ৰজনন কৰিব পৰা হ’ব লাগে ।

13.পেষ্টুৰেজ কি আৰু মৌ উৎপাদনৰ লগত ইয়াৰ কি সম্পৰ্ক ?

উত্তৰ:-মৌৰস আৰু পৰাগ সংগ্ৰহ কৰিব পৰা বিভিন্ন ফুল বুৰেই হ’ল পেষ্টুৰেজ ।

               পেষ্টুৰেজ মৌ উৎপাদনৰ লগত জড়িত কাৰণ ইয়াৰ আধিক্য়ই 

মৌজোলৰ পৰিমাণ বঢ়ায় আৰু ফুলবিলাকৰ বিভিন্ন প্ৰকাৰে মৌৰ গুণাগুন আৰু

সোৱাদতো প্ৰভাৱ পেলায় ।            

14.শস্য় উৎপাদনত জৈৱিক আৰু অজৈৱিক কাৰকবোৰে কেনেদৰে প্ৰভাৱ 

পেলায় ?

উত্তৰ:-শস্য় উৎপাদনত জৈৱিক আৰু অজৈৱিক কাৰকবোৰে বিভিন্ন ধৰনে 

প্ৰভাৱ পেলায় । জৈৱিক কাৰক যেনে বেমাৰৰ বীজাণু,কীট-পতংগ আৰু কৃমিয়ে

শস্য়ৰ বিভিন্ন অংশৰ ক্ষতিসাধন কৰি তাৰ বৃদ্ধি আৰু বিকাশত বাধা দিয়ে । 

তেনেদৰে অজৈৱিক কাৰক যেনে খৰাং, লৱণৰ আধিক্য়,পানী জমা হোৱা,

তাপ, শীত, হিম আদিয়েও শস্য়ৰ ক্ষতিসাধন কৰে ।

15.শস্য়ৰ উৎকৰ্ষ সাধনত কোনবিলাক শস্য় সম্বন্ধীয় আকাংক্ষিত বৈশিষ্ট্য়পূৰ্ণ চৰিত্ৰ বিবেচনা কৰা 

উত্তৰ:-শস্য়ৰ উৎকৰ্ষ সাধন কেইটামান শস্য় সম্বন্ধীয় আকাংক্ষিত বৈশিষ্টপূৰ্ণ চৰিত্ৰ

হ’ল-

1.ধান জাতীয় শস্য়ৰ বাবে চাপৰ হোৱাটো আকাংক্ষিত চৰিত্ৰ ।

2.পশুধনৰ খাদ্য় হিচাপে বেৱহৃত শস্য় জোপোহা আৰু ওখ হ’ব লাগে ।

16.মাটিৰ উৰ্বৰতা ৰক্ষা কৰাত জৈৱসাৰ আৰু কৃত্ৰিম সাৰৰ প্ৰয়োগৰ ভুমিকাৰ 

মাজত তুলনা কৰা ।

উত্তৰ:-মাটিৰ উৰ্বৰতা ৰক্ষা কৰাত জৈৱসাৰৰ ব্য়ৱহাৰ কৰা ভাল । কাৰন

জৈৱসাৰে মাটিক জৈৱ পদাৰ্থৰ যোগান ধৰি মাটিৰ গুণাগুণ আৰু গঠন উন্নত 

কৰাত সহায় কৰে । ইয়াৰ উপৰিও জৈৱসাৰে মাটিক কিছু পৰিমাণে অনুপোষক 

যোগান ধৰাত সহায় কৰে আৰু ই মাটিত থকা উপকাৰী অণুজীৱসমূহৰ কোনো

ক্ষতি নকৰে আৰু ইহঁতে কোনোধৰণে পৰিৱেশ প্ৰদুষিত নকৰে ।

                 আনহাতে এডৰা মাটিত একেৰাহে কৃটিম সাৰ ব্য়ৱহাৰ

কৰাৰ পৰা মাটিৰ উৰ্বতা হ্ৰাস পায় । কাৰণ কৃটিম সাৰে কোনো জৈৱ পদাৰ্থৰ

যোগান নধৰে, লগতে ইহঁতে অণুজীৱসমূহক ধ্বংস কৰে । তেনেদৰে বৰষুনৰ

পানীত কৃত্ৰিম সাৰসমূহ উটি গৈ পানীত পৰিলে পানী প্ৰদূষিত হয় । 

17.তলৰ কোনবিলাক অৱস্থাৰ পৰা অধিক লাভৱান  পাৰি ?

(a)খেতিয়কে উন্নত মানদণ্ডৰ বীজ ব্য়ৱহাৰ কৰা, জলসিঞ্চনৰ ব্য়ৱস্থা অৱলম্বন

নকৰা বা কৃটিম সাৰৰ প্ৰয়োগ কৰা ।

(b)খেতিয়কে সাধাৰন বীজ ব্য়ৱহাৰ কৰা, জলসিঞ্চনৰ ব্য়ৱস্থা কৰা,কৃটিম সাৰৰ

প্ৰয়োগ কৰা ।

(c)খেতিয়কে উন্নত মানদণ্ডৰ বীজ ব্য়ৱহাৰ কৰা,কৃটিম সাৰৰ প্ৰয়োগ কৰা

আৰু শস্য় সুৰক্ষাৰ বেৱস্থাপনা গ্ৰহন কৰা ।

উত্তৰ:-প্ৰশ্নত দিয়া (c) বিকল্পটোৰ পৰা অধিক লাভৱান হ’ব পাৰি । কাৰণ,

উন্নত মানদণ্ডৰ বীজে শস্য়ৰ উৎপাদন বৃদ্ধি কৰাৰ লগতে সশ্য়ক বিভিন্ন 

হানিকাৰক জৈৱিক আৰু অজৈৱিক কাৰকৰ প্ৰভাৱৰ পৰা সুৰক্ষা দিয়ে ।

তেনেকৈ জলসিঞ্চন আৰু কৃটিম সাৰৰ বেৱহাৰে সশ্য় উৎপাদনৰ উৎকৰ্ষ

সাধন কৰে । আনহাতে শস্য় সুৰক্ষাৰ সুবেৱস্থাপনাই শস্য়ৰ ক্ষতিসাধন ৰোধ কৰি 

অধিক উৎপাদনত অৰিহণা যোগায় ।

18.শস্য় সুৰক্ষাত কিয় প্ৰতিৰোধ ব্য়ৱস্থা আৰু জৈৱিক নিয়ন্ত্ৰণ অগ্ৰাধিকাৰ

দিয়া হয় ?

উত্তৰ:-শস্য় সুৰক্ষাত প্ৰতিৰোধ ব্য়ৱস্থা আৰু জৈৱিক নিয়ন্ত্ৰণ অগ্ৰাধিকাৰ দিয়া হয়

কাৰন বিভিন্ন জৈৱিক আৰু অজৈৱিক কাৰকৰ প্ৰভাৱত উৎপাদিত শস্য়ৰ বিভিন্ন

ধৰনে ক্ষতিসাধন হ’ব পাৰে । উদাহৰনস্বৰূপে- শস্য়ৰ মানদণ্ড কমা,ওজন কমা,

অংকুৰণ ভালদৰে নোহোৱা আৰু শস্য়ৰ বীজৰ বৰণ সলনি হোৱা ।এই ক্ষতিসমূহে 

খেতিয়কসকলক বাণিজ্য়িকভাৱে ক্ষতিগ্ৰস্ত কৰে । সেইবাবে শস্য় সুৰক্ষাত প্ৰতিৰোধ

ব্য়ৱস্থা আৰু জৈৱিক নিয়ন্ত্ৰণ অগ্ৰাধিকাৰ দিয়া হয় ।

Class 9 Science Assamese Question Answer

19.শস্য়ৰ অধিক উৎপাদন কৰিব পৰা যিকোনো এটা পদ্ধতিৰ বিষয়ে

বৰ্ণনা দিয়া 

উত্তৰ:-শস্য়ৰ অধিক উৎপাদন কৰিব পৰা এটা পদ্ধতি হ’ল শস্য়ৰ সঁচৰ উৎৰ্ষ 

সাধন । শস্য়ৰ সঁচৰ উৎকৰ্ষ সাধনৰ দুটা ব্য়ৱস্থা আছে । প্ৰথমটো হ’ল বৰ্ণ

সংকৰণ পদ্ধতি । বৰ্ণ সংকৰণ হ’ল জিনীয়ভাবে পাৰ্থক্য় থকা দুটা উদ্ভিদৰ 

মাজত কৰা প্ৰজনন পদ্ধতি । এই পদ্ধতিৰ দ্ৱাৰা কোনো শস্য়ৰ সঁচক

আকাংক্ষিত গুণবিশিষ্ট কৰিব পৰা যায় । দ্ৱিতীয়তে, শস্য়ৰ সঁচৰ উৎকৰ্ষ

সাধনৰ বাবে কোনো প্ৰয়োজনীয় জিন আনি শস্য়ত অন্তৰ্ভু্ক্ত কৰিব পাৰি । 

এইদৰে সেই নিৰ্দিষ্ট জিনটোৱে বহন কৰা আকাংক্ষিত চৰিকত্ৰটো সঁচটোৱে 

লাভ কৰে । 

Class 9 Science Assamese Notes

20. পথাৰত কিয় জৈৱ সাৰ আৰু কৃটিম সাৰ প্ৰয়োগ কৰা হয় ?

উত্তৰ:-জৈৱ সাৰসমূহে মাটিক জৈৱ পদাৰ্থ আৰু কিছু পৰিমাণে অনুপোষক

যোগন ধৰে । জৈৱ পদাৰ্থসমূহে মাটিৰ গঠন আৰু মাটিৰ গুণাগুণ উন্নত কৰে,

যাৰ ফলত মাটিৰ পানী ধাৰণ ক্ষমতা বা পানী বোৱাই দিব পৰা ক্ষমতা বাঢ়ে ।

Class 9 Science Assamese medium Chapter 1 CLICK HERE

Leave a Comment

Your email address will not be published. Required fields are marked *