CLASS 10 SOCIAL SCIENCE IN ASSAMESE

Class 10 Social science assamese medium

Class 10 Social science assamese medium oti somu prasnar uttar, somu uttoror prasna aru rasanadharmi prasnar uttar tolot diya hoise iyar bahireu jodi apunalukok otirikta prasnar uttar lage tolot comment kori jonabo paribo ba apuni contact fromot goi amar logot jugajug koribo paribo. Akha koru ai post tur prasnar uttor apunalukor val lagibo.

Bharatiyo Ganatantra ভাৰতীয় গণতন্ত্ৰ

Class 10 Social Science Assamese medium Bharatiyo Ganatantrar Rajniti bigyan Pratham adhay Oti Somu uttoror Prasna চমু উত্তৰৰ প্ৰশ্ন

1. 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী হৈছিল ?

উত্তৰঃ 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত শ্ৰমিক দল ( labour Party )জয়ী হৈছিল ।

2. 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত শ্ৰমিক দল ( labour Party )জয়ী হৈছিল ।

উত্তৰঃ 1946 চনত ‘কেবিনেট মিছন’ ভাৰতলৈ আহিছিল ।

3. সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল ?

উত্তৰঃ সংবিধান সভাৰ প্ৰথম সভাপতি আছিল ডঃ ৰাজেন্দ্ৰ প্ৰসাদ ।

4. খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি ?

উত্তৰঃ খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম হল ডঃ বি আৰ আম্বেদকাৰ ।

5. ‘সমাজবাদী’ আৰু ‘ধৰ্মনিৰপেক্ষ’ শব্দ দুটা সংবিধানৰ কিমান সংশোধনী মতে প্ৰস্তাৱনত সন্নিবিষ্ট হৈছিল ?

উত্তৰঃ ‘সমাজবাদী’ আৰু ‘ধৰ্মনিৰপেক্ষ’ শব্দ দুটা সংবিধানৰ 42 তম সংশোধনী মতে প্ৰস্তাৱনত সন্নিবিষ্ট হৈছিল ।

6. ‘সমাজবাদী’ আৰু ‘ধৰ্মনিৰপেক্ষ’ শব্দ দুটা সংবিধানৰ 42 তম সংশোধনী মতে প্ৰস্তাৱনত সন্নিবিষ্ট হৈছিল ।

উত্তৰঃ ইংৰাজী Federation শব্দটো ‘Foedus’লেটিন শব্দৰপৰা আহিছে ।

7. ‘যুক্তৰাষ্ট্ৰৰ গৃহভূমি’ বুলি কাক কোৱা হয় ।

উত্তৰঃ আমেৰিকাক ‘যুক্তৰাষ্ট্ৰৰ গৃহভূমি’ বুলি কাক কোৱা হয় ।

8. ভাৰতবৰ্ষত দ্বয়ত নাগৰিকত্বৰ ব্যৱস্থা আছেনে ?

উত্তৰঃ ভাৰতবৰ্ষত দ্বয়ত নাগৰিকত্বৰ ব্যৱস্থা নাই ।

9. ভাতৰবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰপৰা অনুকৰণ কৰা হৈছে ?

উত্তৰঃ ভাতৰবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো ইংলেণ্ড দেশৰ সংবিধানৰপৰা অনুকৰণ কৰা হৈছে ।

10. ভাৰতবৰ্ষৰ সংৰিধানখন, কেতিয়াৰ পৰা বলবৎ কৰা হৈছিল ?

উত্তৰঃ ভাৰতবৰ্ষৰ সংৰিধানখন ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা বলবৎ কৰা হৈছিল ।

11. ‘Foedus’ শব্দৰ অৰ্থ কি ?

উত্তৰঃ ‘চুক্তি’ অথবা ‘সন্ধি ।

12. ভাৰতৰ সংসদৰ উচ্চ সদন কোনখন ?

উত্তৰঃ ৰাজ্য সভা ভাৰতৰ সংসদৰ উচ্চ সদন ।

13. ইংলেণ্ডৰ উচ্চ সদনখনৰ নাম কি ?

উত্তৰঃ ইংলেণ্ডৰ উচ্চ সদনখনৰ নাম সংসদ ।

14. কিমান চনত ভাৰত সংসদীয় পদ্ধতিৰ চৰকাৰ আৰম্ভ হৈছিল ?

উত্তৰঃ ১৯৩৫ চনত ভাৰত সংসদীয় পদ্ধতিৰ চৰকাৰ আৰম্ভ হৈছিল ।

15. সংবিধান সভাৰ প্ৰথম বৈঠকত কোনে সভাপতিত্ব কৰিছিল ?

উত্তৰঃ সচ্ছিদানন্দ সিন্হাই সংবিধান সভাৰ প্ৰথম বৈঠকত সভাপতিত্ব কৰিছিল ।

16. খচৰা সমিতিখনৰ অধ্যক্ষজনৰ নাম কি ?

উত্তৰঃ খচৰা সমিতিখনৰ অধ্যক্ষজনৰ নাম ডঃ বি আৰ আম্বেদকাৰ ।

17. সাৰ্বভৌমত্ব মানে কি ?

উত্তৰঃ সাৰ্বভৌমত্ব মানে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা।

18. গণতন্ত্ৰ শব্দটো ইংৰাজী কোন শব্দৰ সমাৰ্থক ?

উত্তৰঃ গণতন্ত্ৰ শব্দটো ইংৰাজী ‘ডেম’ক্ৰেচী’ শব্দৰ সমাৰ্থক ।

19. ভাৰতীয় সংবিধানখন কোনে প্রস্তুত কৰিছিল ?

উত্তৰঃ সংবিধান সভাই ভাৰতীয় সংবিধানখন প্রস্তুত কৰিছিল ।

20. সংবিধান সভাত খচৰা সমিতিৰ সদস্য সংখ্যা কিমানজন ?

উত্তৰঃ সংবিধান সভাত খচৰা সমিতিৰ সদস্য সংখ্যা ৭ জন।

21. ভাৰতীয় সংবিধানৰ প্ৰস্তাবনাৰ খচৰা কোনে কৰিছিল ?

উত্তৰঃ ভাৰতীয় সংবিধানৰ প্ৰস্তাবনাৰ খচৰা খচৰা সমিতিয়ে কৰিছিল ।

22. সংবিধান সভাৰ অসমৰ সদস্য গৰাকীৰ নাম কি ?

উত্তৰঃ সংবিধান সভাৰ অসমৰ সদস্য গৰাকীৰ নাম চৈয়দ মহম্মদ চাদুল্লা ।

23. ভাৰতীয় সংবিধানৰ প্রস্তাৱনাটো কোনটো বাক্যৰে আৰম্ভ কৰা হৈছিল ?

উত্তৰঃ ‘আমি ভাৰতীয় জনসাধাৰণে’ নামৰ বাক্যৰে ভাৰতীয় সংবিধানৰ প্রস্তাৱনাটো আৰম্ভ কৰা হৈছিল ।

24. সংবিধান সভাৰ কাৰ্যাৱলী কেতিয়াৰ পৰা আৰম্ভ হৈছিল ?

উত্তৰঃ ১৯৪৬ চনৰ ৭ ডিচেম্বৰৰ পৰা সংবিধান সভাৰ কাৰ্যাৱলী আৰম্ভ হৈছিল ।

25. ভাৰতীয় সংবিধানখনত কিমানটা অনুচ্ছেদ আছে ?

উত্তৰঃ ভাৰতীয় সংবিধানখনত ৩১৫ টা অনুচ্ছেদ আছে ।

26. সংবিধানে ভাৰতবৰ্ষক কি বুলি ঘোষণা কৰিছে ?

উত্তৰঃ ভাৰতবৰ্ষ এখন সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য হিচাপে ঘোষণা কৰিছে ৷

27. ভাৰতবৰ্ষৰ ৰাষ্ট্প্ৰধানজন জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত ব্যক্তি হয়নে ?

উত্তৰঃ হয় ৷

Class 10 Social Science Assamese medium চমু উত্তৰৰ প্ৰশ্ন :

1. ব্ৰিটিছ চৰকাৰে “কেবিনেট মিছনক” কিয় ভাৰতলৈ পঠাইছিল ?

উত্তৰঃ ভাৰতবর্ষৰ কাৰণে এখন সংবিধান ৰচনা কাৰণে প্ৰয়োজনীয় পৰিবেশ আৰু প্ৰস্তুতি চলাবৰ বাবে ব্ৰিটিছ চৰকাৰে “কেবিনেট মিছনক” ভাৰতলৈ পঠাইছিল ।

2. সংসদীয় গণতন্ত মানে কি?

উত্তৰঃ সংসদীয় গণতন্ত্ৰ হ’ল এবিধ শাসন ব্যৱস্থা য’ত জনপ্ৰতিনিধিৰ দ্বাৰা গঠিত- এটা সন্থাৰ ওচৰত শাসনৰ সৰ্বোচ্চ ক্ষমতা অৰ্পণ কৰা হয়।

3. প্রস্তাৱনাত ‘আমি. ভাৰতীয় জনসাধাৰণে’ বুলি উল্লেখ কৰি সংবিধান প্ৰণেতাসকলে কি স্পষ্ট কৰিছে?

উত্তৰঃ সংবিধানখনৰ ৰচক ভাৰতীয় জনগণ, সংবিধানখন ভাৰতীয় জনগণৰ আৰু ভাৰতীয় জনগণহে সংবিধানৰ আঁৰত থকা বৃহৎ শক্তি।

4. 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা কি আইনৰ ভিত্তিত চলিছিল আৰু আইনখন কোনে প্ৰস্তুত কৰিছিল ?

উত্তৰঃ 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা 1935 চনৰ “ভাৰত চৰকাৰ আইনৰ” ভিত্তিত চলিছিল আৰু আইনখন ব্ৰিটিছ সংসদে প্ৰস্তুত কৰিছিল ।

3. প্ৰস্তাৱনত “আমি ভাৰতীয় জনসাধাৰণে” বুলি কিয় উল্লেখ কৰা হৈছে ?

উত্তৰঃ প্ৰস্তাৱনত “আমি ভাৰতীয় জনসাধাৰণে” বুলি উল্লেখ কৰাৰ কাৰণ হ’ল:-
সংবিধানখনৰ ৰচক ভাৰতীয় জনগণ, সংবিধানখন ভাৰতীয় জনগণৰ আৰু ভাৰতীয় জনগণেই সংবিধানৰ আঁৰত থকা বৃহৎ শক্তি ।

4. ‘সাৰ্বভৌম’ মানে কি বুজা ?

উত্তৰঃ সাৰ্বভৌম হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা । অৰ্থাৎ বাহ্যিকভাৱে ভাৰতবৰ্ষ কোনো বিদেশী শক্তিৰ তলতীয়া নহয় আৰু আভ্যন্তৰীণভাৱেও ভাৰতবৰ্ষৰ কোনো বিশেষ শক্তিৰ দ্বাৰা পৰিচালিত নহয় ।

5. ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতীয় সংবিধানখন কাৰ্যকৰী কৰাৰ সময়ত প্রস্তাৱনাত কোনকেইটা শব্দ নাছিল?

উত্তৰঃ ‘সমাজবাদী’, ‘ধৰ্মনিৰপেক্ষ’ আৰু ‘এঁক্য’ এই শব্দকেইটা ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতীয় সংবিধানখন কাৰ্যকৰী কৰাৰ সময়ত প্রস্তাৱনাত শব্দ নাছিল ।

6. কোন চনৰ কিমান সংখ্যক সংশোধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত ‘সমাজবাদী’ আৰু ‘ধর্মনিৰপেক্ষ’ শব্দ দুটা সন্নিবিষ্ট কৰা হৈছে ।

উত্তৰঃ 1976 চনৰ 42 সংখ্যক সংশোধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত ‘সমাজবাদী’ আৰু ‘ধর্মনিৰপেক্ষ’ শব্দ দুটা সন্নিবিষ্ট কৰা হৈছে ।

7. “অৰ্ধ যুক্তৰাষ্ট্ৰ” কাক বোলে ?

উত্তৰঃ যুক্তৰাষ্ট্ৰীয় আৰু এককেন্দ্ৰীয় ব্যৱস্থা থকা ৰাষ্ট্ৰক “অৰ্ধ যুক্তৰাষ্ট্ৰ” বুলি কোৱা হয় ।

8. কোনকেইখন আইনে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল ?

উত্তৰঃ 1935 চনৰ ভাৰত চৰকাৰ ৰ আইন আৰু ইংলেণ্ডৰ সংসদীয় পদ্ধতিৰ চৰকাৰ এই দুখন আইনে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল ।

Class 10 Social science assamese medium long question Answer দীঘলীয়া উত্তৰৰ প্রশ্ন

9. ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদৰ্শ কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা ।

উত্তৰঃ প্ৰস্তাৱনা হ’ল সংবিধানৰ পাতনি । কোনো এখন গ্ৰন্থৰ পাতনিত যেনেকৈ গ্ৰন্থখনৰ বিষয়ে চমুকৈ সকলো কথা উল্লেখ থাকে , ঠিক একেদৰে ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাতো সংবিধানৰ মূল বিষয়বস্তু ( আদর্শ আৰু লক্ষ্য ) সম্পৰ্কে বিৱৰণ আছে । সেই বাবেই বহুতে প্ৰস্তাৱনাক ভাৰতৰ সংবিধানৰ আত্মা, বিবেক, দুৱাৰদলি আৰু চাবি-কাঠি বুলি অভিহিত কৰে । প্ৰকৃতাৰ্থত প্ৰস্তাৱনাত সন্নিবিষ্ট কথাখিনি জানিলেহে সংবিধানখনক জনাটো সম্ভৱ । কাৰণ প্ৰস্তাৱনাৰ প্ৰতিটো শব্দৰ মাজত লুকাই আছে সংবিধানখনৰ আদৰ্শ, দৰ্শন আৰু লক্ষ্য । আমি ভাৰতীয় জনসাধাৰণে’ (we the people of India ) বুলি আৰম্ভ হোৱা প্ৰস্তাৱনাত থকা প্ৰতিটো শব্দত নিহিত আছে নিৰ্দিষ্ট আদর্শ । উল্লেখযোগ্য যে সংবিধান প্ৰণেতাসকলে প্ৰস্তুতকালত প্ৰাচীন ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ দিশটোৰ প্ৰতিও গুৰুত্ব দিছিল আৰু তেনে আদর্শ সংবিধানৰ পাতত প্ৰস্ফুটিত হোৱাটো বিচাৰিছিল । প্ৰস্তাৱনাত ‘আমি ভাৰতীয় জনসাধাৰণে’ বুলি উল্লেখ কৰি সংবিধান প্ৰণেতাসকলে স্পষ্ট ।

10. গণতান্ত্ৰিক চৰকাৰৰ চাৰিটা গুণ বা সুবিধা উল্লেখ কৰা ।

উত্তৰঃ গণতন্ত্ৰৰ ভালেমান আৰু সেইবাবে ইয়াক সৰ্বোৎকৃষ্ট চৰকাৰ বুলি গ্ৰহণ কৰা হৈছে। ইয়াৰ প্ৰধান গুণসমূহ হ’ল-_

(১) ই ৰাইজৰ চৰকাৰ। ই সকলো শ্ৰেণীৰ মানুহক দেশৰ শাসনত অংশগ্ৰহণ কৰাৰসুবিধা প্রদান কৰে।

(২) গণতান্ত্রিক চৰকাৰেহে সভ্য জীৱন যাপন কৰিবলৈ প্রয়োজনীয় সকলো অধিকাৰ প্ৰদান কৰে।

(৩) অর্থনৈতিক ক্ষেত্ৰত গণতন্ত্ৰই সকলো মানুহকে সমান সুবিধা প্ৰদান কৰে। ফলত এনে চৰকাৰ থাকিলে দেশত বিদ্ৰোহ হোৱাৰ আশংকা কম।

(৪) গণতন্ত্ৰ ৰাইজৰ মতামতৰ ওপৰত প্ৰতিষ্ঠিত হোৱা বাবে এই চৰকাৰ স্থায়ী হয়। সঘনে চৰকাৰৰ পৰিৱৰ্তন ঘটি থাকিলে দেশৰ উন্নতিত ব্যাঘাত জন্মে৷ গণতান্ত্ৰিক চৰকাৰে দেশৰ উন্নতিত ব্যাঘাত নঘটায়।

(৫) গণতন্ত্ৰ ৰাইজৰ চৰকাৰ হোৱা হেতুকে ৰাইজৰ সকলোৱে ইয়াক নিজৰ চৰকাৰ বুলি ভাবি লয়। ফলত চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ আদি সংঘটিত নহয়।

(৬) গণতন্ত্ৰ স্বাধীন চিন্তাৰ পৰিৱেশ সৃষ্টি কৰে। লগতে বিভিন্ন ভাবধাৰাৰ প্ৰতি সহিষ্ণুতা দেখুৱায়।

(৭) গণতন্ত্ৰ নৈতিক মূল্য উল্লেখনীয় । ই নাগৰিকসকলক আত্মনিৰ্ভৰশীলতা,সহনশীলতা, দায়িত্ব আৰু সু-নেতৃত্বৰ শিক্ষা দিয়ে।

11. আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে ভাৰতবৰ্ষ এখন যুক্তৰাষ্ট্ৰ নে কি? ব্যাখ্যা কৰা ।

উত্তৰঃ এখন যুক্তৰাষ্ট্ৰত থাকিব লগা কেইবাটাও বৈশিষ্ট্য থকা সত্বেও আমাৰ ব্যৱস্থাটো প্রকৃত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা নহয়। ইয়াত এককেন্দ্ৰিক চৰকাৰৰ বহুতো বৈশিষ্ট্য একাত্ম হৈ আছে। সেইবাবে সংবিধান প্রণেতা পণ্ডিতসকলে আমাৰ ব্যৱস্থাটোক অৰ্ধ যুক্তৰাষ্ট, ব্যতিক্ৰমধৰ্মী যুক্তৰাষ্ট, কেন্দ্ৰীভূত যুক্তৰাষ্ট্ৰ, গঠনত যুক্তৰাষ্ট কিন্তু আদৰ্শত এককেন্দ্ৰিক বুলি অভিহিত কৰিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰ দৰে আমাৰ যুক্তৰাষ্ট্ৰত অংগৰাজ্যসমূহৰ আঁতৰি যোৱাৰ অধিকাৰ নাই। অন্য যুক্তৰাষ্ট্ৰত থকাৰ দৰে আমাৰ অংগৰাজ্যসমূহৰ সুকীয়া সংবিধানৰ ব্যৱস্থা নাই।সমগ্ৰ ভাৰত যুক্তৰাষ্ট্ৰৰ বাবে এখন সংবিধান আৰু সেইখন হ’ল ভাৰতীয় সংবিধান।

আনহাতে আন যুক্তৰাষ্ট্ৰৰ বিপৰীতে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰ অধিক শক্তিশালী ।যদিও সংবিধানে তিনিখন সূচীৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ ভাগ-” বিতৰণ কৰিছে।

আমেৰিকাত থকাৰ দৰে ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই। এজন নাগৰিক
একমাত্ৰ ভাৰতবৰ্ষৰ নাগৰিক। তেওঁ কোনো অংগৰাজ্যৰ নাগৰিক হ’ব নোৱাৰে । এনেবোৰ
কাৰণৰ বাবে ভাৰতৰ যুক্তৰাষ্ট্ৰ ব্যক্তিক্ৰমধৰ্মী ।

এনে ব্যতিক্ৰমধৰ্মী যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা ভাৰতবৰ্ষত প্রৱৰ্তন কৰাৰ মূল কাৰণটো হ’ল
দেশৰ সাৰ্বভৌম আৰু অখণ্ডতা সুৰক্ষিত কৰ৷।৷ অৱশ্যে ভাৰতবৰ্ষ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো
সংশোধন আনি অংগৰাজ্যসমূহক স্বতন্ত্ৰতা প্ৰদানৰ দাবী সময়ে সময়ে উত্থাপিত হৈ আহিছে।

ভাৰতবৰ্ষত সঘনাই হ’বলৈ ধৰা কেন্দ্ৰ-ৰাজ্য সংঘাত নিৰাময়ৰ বাবে কেন্দ্ৰীভূত যুক্তৰাষ্টত
কিছু পৰিৱৰ্তন অনাটো সময়ৰ আহ্বান হিচাপে বৰ্তমান পৰিগণিত হৈছে।

12. ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰ আৰু ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ মূল পাৰ্থক্যসমূহ লিখা।

উত্তৰ : ইংলেণ্ডৰ সংসদীয়-গণতন্ত্ৰ আৰু ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ মাজত থকা
পাৰ্থক্যবোৰ হ’’ল-

(ক) ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ প্ৰধানতঃ এখন গণৰাজ্য ৷ কিন্তু ইংলেণ্ডৰ সংসদীয়
গণতন্ত্ৰ গণৰাজ্য নহয়।

(খ) ভাৰতবৰ্ষৰ সংসদৰ উচ্চ সদন ৰাজ্যসভাৰ গঠন আৰু ক্ষমতা; উচ্চ সদন হাউছ অব লৰ্ডছতকৈ পৃথক ৷

(গ) ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰত সংসদখন অত্যন্ত শক্তিশালী; কিন্তু ভাৰতৰ সংসদ
ইমান শক্তিশালী নহয়।

(ঘ) ভাৰতৰ সংসদীয় গণতন্ত্ৰৰ ৰাষ্ট্ৰপ্ৰধান পুৰুষানুক্ৰমে হোৱা ব্যক্তি নহয়; কিন্তু
ইংলেণ্ডৰ ৰজা অথবা ৰাণীৰ বিপৰীতে আমাৰ ৰাষ্ট্ৰপ্ৰধান জনগণৰ নিৰ্বাচিত হোৱা ব্যক্তি।


13. সংসদীয় গণতন্ত্ৰ মানে কি ?

উত্তৰ : সংসদীয় গণতন্ত হ’ল এবিধ শাসন ব্যৱস্থা য’ত জনপ্ৰতিনিধিৰ দ্বাৰা গঠিত
এটা সংস্থাৰ ওচৰত শাসনৰ সৰ্বোচ্চ ক্ষমতা অৰ্পণ কৰা হয়। জনপ্ৰতিনিধিৰে গঠিত এনে
সনম্থাক আমেৰিকা যুক্তৰাষ্ট্ৰত কংগ্ৰেছ আৰু ভাৰতবৰ্ষ, ইংলেণ্ড আদি দেশত
সংসদ বোলা হয়। ভাৰতবৰ্ষৰ সংসদ দুখন সদনেৰে গঠিত। লোকসভা আৰু ৰাজ্যসভা নামৰ এই দুখন সদনৰ লগতে ভাৰতৰ ৰাষ্ট্ৰপতিজনে ভাৰতৰ অবিচ্ছেদ্য অংগ। মুঠতে সংসদক প্ৰাধান্য দি পৰিচালিত হোৱা গণতান্ত্ৰিক ব্যৱস্থাকে সহজ অৰ্থত
সংসদীয় গণতন্ত্ৰ বুলিব পাৰি।

স্বাধীনতাৰ পৰৱৰ্তী কালত সংবিধান অনুসৰি ভাৰতবৰ্ষত প্ৰচলিত হোৱা সংসদীয়
গণতন্ত্ৰই জনসাধাৰণৰ ওচৰত বিশেষভাৱে দায়ৱদ্ধ এখন চৰকাৰ গঠন কৰিছে। সংবিধান
প্ৰণেতাসকলে আমাৰ দেশৰ সংবিধানত সংসদীয় পদ্ধতিৰ চৰকাৰ প্ৰৱৰ্তন কৰাৰ ক্ষেত্রত
ইংলেণ্ডৰ সংবিধানখন বিশেষভাৱে অনুকৰণ কৰিছিল ৷ অৱশ্যে ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনখনেও সীমিত ৰূপত পৰাধীন ভাৰতবৰ্ষত সংসদীয় চৰকাৰ পদ্ধতি আৰম্ভ কৰিছিল ।

14. ‘সাৰ্বভৌম’, ‘সমাজবাদী’, ‘ধৰ্মনিৰপেক্ষ’, ‘গণতান্ত্ৰিক’ আৰু ‘গণৰাজ্য’ বুলিলে কি বুজা বহলাই লিখা ।

উত্তৰ : (ক) সাৰ্বভৌম শব্দৰ অৰ্থ হৈছে — ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা।

(খ) গণতান্ত্ৰিক শব্দৰ অৰ্থ হৈছে –= জনসাধাৰণে দেশৰ শাসন নিজৰ বাবে নিজেইচলাব আৰু প্ৰশাসন জনসাধাৰণৰ ওচৰত দায়বদ্ধ।

(গ) সমাজবাদী শব্দৰ অৰ্থ হৈছে — ভাৰতবৰ্ষৰ মানুহৰ মাজত ন্যায়, মৰ্যাদা আৰুজীৱনধাৰণৰ মানদণ্ডৰ ওগৰত বৈষম্য নথকা বুজায়। _

(ঘ) ধৰ্মনিৰপেক্ষ শব্দৰ অৰ্থ হৈছে — চৰকাৰৰ দৃষ্টিত দূষিত সকলো ধৰ্ম সমান আৰু ধৰ্মৰ নামত কোনো বৈষম্য নাথাকে।

(৬) গণৰাজ্য শব্দৰ অৰ্থ হৈছে ৰাষ্ট্প্ৰধানৰ পদবীটো বংশানুক্ৰমিক নহ’ব বা কোনোবাই বাছনি কৰা ব্যক্তি নহ’ব।

15. নেহৰুৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱকেইটা আলোচনা কৰা ।

উত্তৰ : নেহৰুৱে উল্লেখ কৰা উদ্দেশ্য সম্পৰ্কিত প্রভাৱ মূল বিষয়সমূহ এনেধৰণৰ–

সংবিধান সভাই ভাৰতবৰ্ষক ‘স্বাধীন, সাৰ্বভৌম, হিচাপে ঘোষণা কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ (পিছলৈ স্বাধীন শব্দটো বাদ দিয়া হয়)।

ব্ৰিটিছ শাসিত ভাৰতবৰ্ষৰ ভূখণ্ড আৰু ভাৰতৰ অন্তর্ভুক্ত হ’ব বিচৰা দেশীয়
ৰাজ্যবিলাকক লৈ ৰাজ্যসমূহৰ সংঘ গঠিত হ’ব।


ভাৰতবৰ্ষৰ জনসাধাৰণৰ সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, সমতা, ধৰ্মীয় স্বাধীনতা ৰক্ষা, চিন্তা আৰু মতামত প্রকাশৰ স্বাধীনতাক স্বীকৃতি প্রদান কৰা
হ’ব। |

জনসাধাৰণেই হ‘ব সকলো ক্ষমতাৰ উৎস। সাৰ্বভৌম দেশখনৰ চৰকাৰ আৰু
সকলো অংগই জনসাধাৰণৰ পৰা ক্ষমতা লাভ কৰিব।

সংঘত যোগ দিয়া সহযোগী দেশীয় ৰাজ্যসমূহে অৱশিষ্ট ক্ষমতাৰ সৈতে
স্বায়ত্তশাসনসৰ মাজেৰে অংগৰাজ্যৰ মৰ্যাদা লাভ কৰিব।

নেহৰুৰ উপৰিউক্ত উদ্দেশ্য সম্পৰ্কিত প্রজাৱসমূহক মূল আধাৰ কৰি লৈ আৰু
দেশৰ হেজাৰ বছৰীয়া সভ্যতা-সংস্কৃতিক গুৰুত্ব দি সংবিধান প্রণেতাসকলে
সংবিধানৰ আদৰ্শ নিৰ্ধাৰণ কৰিছিল।

Class 10 Social Science Assamese medium আন্তৰ্জাতিক সংস্থা : ৰাষ্ট্ৰসংঘ আৰু অন্যান্য


Leave a Comment

Your email address will not be published. Required fields are marked *