Class 9 Science Notes in Assamese

Class 10 Science Assamese Medium

CLASS 10 SCIENCE ASSAMESE MEDIUM CHAPTER 1

অধ্য়ায় ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ 

CHEMICAL REACTIONS AND EQUATIONS

Class 10 Science Assamese medium Question and Answer

1.বায়ুত দহনৰ  আগতে মেগনেছিয়ামৰ ফিটা এডাল কিয় পৰিস্কাৰ কৰি 

লাগে কিয় ?

উত্তৰ:- মেগনেছিয়ামৰ উপৰত মেগনেছিয়াম কাৰ্বনেটৰ এটি তৰপ পৰি থাকে ।

এই তৰপতো থাকিলে দহনৰ সময়ত বায়ুৰ মুক্ত অক্সিজেনৰ লগত পোনে পোনে 

সংস্পৰ্শলৈ নাহে. সেইবাবে মেগনেছিয়ামৰ ফিটা এডাল ভালকৈ দহন নহয় । সেয়েহে দহনৰ  আগতে মেগনেছিয়ামৰ ফিটা এডাল কিয় পৰিস্কাৰ কৰি ল’ব

লাগে ।

2. তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা 

(i) হাইড্ৰজেনক্লৰিন–> হাইড্ৰজেন ক্লৰাইড

(ii)বেৰিয়াম ক্লৰাইড + এলুমিনিয়াম ছালফেট–> বেৰিয়াম ছালফেট + এলুমিনিয়াম ক্লৰাইড

(iii) ডিয়ামপানী–> ডিয়াম হাইড্ৰক্সাইডহাইড্ৰজেন 

উত্তৰ:- প্ৰশনত দিয়া ৰাসায়নিক বিক্ৰিয়াবোৰৰ সন্তুলিত সমীকৰণবোৰ হ’ল-

(i) H2+CI2–>2HCI

(ii) 3BaCl2+Al2(SO4)3–>3BaSO4+2AlCl3

(iii) 2Na+2H2O–> 2NaOH+H2

3. তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্থা চিহ্ন ( State symbols ) সহ একোটা 

সন্তলিত ৰাসায়নিক সমীকৰন লিখা 

(i)বেৰিয়াম ক্লৰাইড আৰু ছডিয়াম ছালফেটৰ জলীয়  দ্ৰৱৰ মাজত বিক্ৰিয়া

 ঘটি অদ্ৰাব্য় বেৰিয়া ছালফেত আৰু ছডিয়াম ক্লৰাইডৰ দ্ৰৱ প্ৰস্তত হয় 

(ii)ডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ (পানীত)হাইড্ৰক্লৰিক এছিডৰ দ্ৰৱ (পানীত)

ৰে সৈতে বিক্ৰিয়া কৰি ডিয়াম ক্লৰাইডৰ দ্ৰৱ আৰু পানী উৎপন্ন কৰে 

উত্তৰ:- (i) BaCl2(aq)+Na2SO4(aq)—>BaSO4(S)+2NaCl(aq)

      (ii) NaOH(aq)+HCI(aq)+H2O(I)–>NaCI(aq)+H2O(I)

4. এটা পদাৰ্থ ‘X’  দ্ৰ‍‍ৱক বগা ৰঙ সানিবলৈ (White washing) বেৱহাৰ কৰা হয় 

(i) পদাৰ্থ ‘X’  নাম আৰু সংকেত লিখা 

(ii) পানীৰে সৈতে পদাৰ্থ ‘X’  কৰা বিক্ৰিয়াটো লিখা 

উত্তৰ:- (i) প্ৰশ্নত সোধা ‘X’ দ্ৰৱটোৰ নাম হল কেলছিয়াম অক্সাইড আৰু ইয়াৰ ৰাসায়নিক সংকেত হ’ল- CaO

(ii) CaO ৰ লগত পানী H2O এ বিক্ৰিয়া কৰিলে উৎপন্ন হোৱা বিক্ৰিয়াতো হ’ল-

কেলছিয়াম হাড্ৰ’অক্সাইড ।

Cao+H2O–>Ca(OH)2

5.কাৰ্যকলাপ 1.7 ত এটা পৰীক্ষানলত সংগ্ৰহ কৰা গেছৰ পৰিমাণ আনটো

পৰীক্ষানলত সংগ্ৰহ কৰা গেছৰ পৰিমানৰ দূগুন কিয় ? এই গেছটোৰ নাম লিখা ।

উত্তৰ:- পৰীক্ষা নলত জমা হোৱা গেছ দুটাৰ এটা আনটোৰ দুগুণ । কাৰন হ’ল

পানীৰ বিদ্য়ুৎ বিশ্লেষণ ঘটিলে ইয়াৰ হাইড্ৰ’জেন আৰু অক্সিজেন আৰু দুভাগ

হাইড্ৰ’জেন লগ হৈ পানীৰ অনুৰ সৃষ্টি হয় । গতিকে পানীৰ অণু ভাঙিলেও এভাগ

অক্সিজেন আৰু দুভাগ হাইড্ৰ’জেন গেছলৈ উৎপন্ন হ’ব ।

                    প্ৰশ্নত উল্লেখ কৰা গেছটোৰ নাম হাইড্ৰ’জেন আৰু ইয়াৰ

ৰাসায়নিক বিক্ৰিয়াটো হ’ল-

            2H2O বিদ্য়ুৎ বিশ্লেষন 2H2+O2

                 ———–>

6.লোৰ গজাল এটা ডুবাই ৰাখিলে পাৰ ছালফেট দ্ৰৱ এটাৰ ৰঙৰ

পৰিৱৰ্তন ঘটে কিয় ?

উত্তৰ:- কপাৰ ছালফেটৰ জলীয় দ্ৰৱই লোৰ লগত বিক্ৰিয়া কৰাৰ ফলত ফেৰাছ

ছালফেটৰ উৎপন্ন হয়,সেইবাবে লোৰ গজাল এটা ক’পাৰ ছালফেট দ্ৰৱ এটাৰ 

ৰঙৰ পৰিৱৰ্তন ঘটে ।

7. কাৰ্যকলাপ 1.10  দিয়া বিক্ৰিয়াটোৰ বাহিৰে আন এটা দ্বিঅপসৰন 

বিক্ৰিয়াৰ উদাহৰণ দিয়া 

উত্তৰ:-NaCl+AgNO3—> AgCl+NaNO3

8.তলত দিয়া বিক্ৰিয়াবোৰত জাৰিত আৰু বিজাৰিত হোৱা দ্ৰব্য়বোৰৰ 

চিনাক্ত কৰা

(i) Na(S)+O2(g)— > 2Na2O(S)

(ii) CuO(S)+H2(g)—> Cu(S)+H2O(I) .

উত্তৰ:- (i) নং বিক্ৰিয়াত ছ’ডিয়ামে (Na) অক্সিজেন গ্ৰহন কৰি ছডিয়াম

অক্সাইড (NaO2 ) উৎপন্ন কৰিছে । গতিকে ছ’ডিয়াম জাৰিত হৈছে । O2

বিজাৰিত হৈছে ।

(ii) নং বিক্ৰিয়াত কপাৰ অক্সাইড (CuO)ৰ পৰা হাইড্ৰ’জেন গেছ অক্সিজেন

অপসাৰিত কৰি হাইদ্ৰজেন নিজে অক্সিজেন খিনি গ্ৰহন কৰি পানী উৎপন্ন 

কৰিছে ।

9.তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোন কেইটা অশুদ্ধ ?

2PbO(S)+ C(S)—> 2Pb(S)+ CO2(g)

(a) লেড বিজাৰিত হৈছে 

(b) কাৰ্বন ডাইঅক্সাইড জাৰিত হৈছে 

(c) কাৰ্বন জাৰিত হৈছে

(d) লেড অক্সাইড বিজাৰিত হৈছে 

(i) (a) আৰু (b)

(ii) (a) আৰু (c)

(iii) (a) (b) আৰু (c)

(iv)সকলো

উত্তৰ:-(i) (a) আৰু (b)

10. সন্তুলিত ৰাসায়নিক সমীকৰন কি ? ৰাসায়নিক সমীকৰণসমূহ কিয়

সন্তুলিত কৰিব লাগে ?

উত্তৰ:-যেতিয়া ৰাসায়নিক বিক্ৰয়াৰ সমীকৰণক তাৰ বিক্ৰিয়ক আৰু বিক্ৰয়াজাত

পদাৰ্থবোৰৰ পৰমাণুৰ সংখ্য়া সমান কৰিবলৈ সংকেতবোৰৰ আগত কোনো সংখ্য়া

পূৰন কৰি দিয়া হয় আৰু সমীকৰণটোক পুনৰ লিখা হয় । এনে সমীকৰণক 

সন্তুলিত সমীকৰন বোলা হয় ।

                     ৰাসায়নিক বিক্ৰিয়াবোৰৰ ভৰৰ নিত্য়তা সূত্ৰ মানি চলে ।

অৰ্থাৎ বিক্ৰয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ পৰিমান সদায় সমান থাকে ।

পদাৰ্থবোৰৰ কোনো এটা যৌগ বা মৌলৰ পৰমাণুৰ সংখ্য়া বিক্ৰিয়াৰ আগতে

যিমান থাকে বিক্ৰিয়াৰ পাছতো সিমানে থাকিব লাগিব গতিকে বিক্ৰিয়াৰ 

সমীকৰণক সন্তুলিত কৰিব লাগে ।

For Chapter Click Here

Leave a Comment

Your email address will not be published. Required fields are marked *