প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা
পাঠভিত্তিক প্ৰশ্নোত্তৰ Class 10 Science Chapter 16 Question answer in Assamese
1. পৰিৱেশ হিতৈষী হ’বলৈ তোমাৰ কি কি অভ্যাসৰ পৰিৱৰ্তন কৰিব পাৰা ?
উভৰৰ আভাসঃ
তলত উল্লেখ কৰা অভ্যাসৰ পৰিৱৰ্তনসমূহে মোক অধিক পৰিৱেশ হিতৈষী হোৱাত সহায় কৰিব পাৰে?
(i) ব্যৱহাৰ কৰি নথকা অৱস্থাত বিজুলীবাতি, পাংখা আদি বন্ধ ৰখা।
(ii) বিদ্যালয়,অফিচ-কাৰ্যালয় আদিলৈ অহা-যোৱাৰ বাবে ব্যক্তিগত বাহনৰ পৰিৱৰ্তে ৰাজহুৱা বাহন ব্যৱহাৰ কৰা।
iii)বিজুলীবাতি বা টিউব লাইটৰ সলনি চি. এফ. এলৰ ব্যৱহাৰ ।
(iv) জৈৱ-নিম্নীকৰণ আৰু জৈৱ-অনিম্নীকৰণ আৱৰ্জনাৰ পৃথকে পৃথকে ব্যৱস্থাপনা।
(v) গা-ধোৱা বা কাপোৰ ধোৱা পানী শৌচাগাৰ চাফা কৰিবলৈ ব্যৱহাৰ কৰা।
(vi)প্লষ্টিকৰ মোনাৰ ব্যৱহাৰ পৰিহাৰ কৰা।
(vii) এপিঠিত লিখা কাগজ পেলাই নিদি ওলোটা পিঠি তালিকা আদি লিখিবৰ বাবে ব্যৱহাৰ কৰা, খাম ওলোটাই লৈপুনঃব্যৱহাৰ কৰা আৰু কাগজ অপচয় নকৰা।
(viii) গ্ৰীষ্মকালত গা-ধোৱাৰ বাবে গৰম পানী ব্যৱহাৰ নকৰা।
(ix) খাদ্য অপচয় নকৰা।
ক্ষন্তেকীয়া উদ্দেশ্যেৰে সম্পদ আহৰণ কৰাৰ সুবিধা কি হ’ব পাৰে ?
ক্ষন্তেকীয়া উদ্দেশ্য আগত ৰাখি সম্পদ আহৰণ কৰাৰ সুবিধাসমূহ হ’ল?
(i)বৃহৎসংখ্যক জনসংখ্যাৰ চাহিদা পূৰণ হ’ব।
(ii) বৰ্তমান প্রজন্মৰ প্ৰয়োজন পূৰণ হ’ব।
(iii) ওঁদ্যোগিক আৰু অৰ্থনৈতিক উন্নয়নৰ লগতে পৰিৱেশৰ সংৰক্ষণ হ’ব।
(iv) বৃহৎ মুনাফা হ’ব।
সম্পদসমূহৰ সমভাৱে বিতৰণ হ’ব লাগে বুলি কিয় ভাবা ? আমাৰ প্ৰাকৃতিক সম্পদসমূহৰ সমবিতৰণৰ বিৰুদ্ধে কিশক্তিয়ে কাম কৰি আছে ?
ধন বা কৰ্তৃত্ব নিৰ্বিশেষে পৃথিৱীৰপৰা আহৰণ কৰা মূল্যৱান প্রাকৃতিক সম্পদসমূহ যাতে সকলো লোকৰ বাবে সমানেউপলৰ্ধ হয় সেয়া সুনিশ্চিত কৰাৰ বাবে সম্পদৰ সম আৰু ভাৰসাম্যযুক্ত বিতৰণ খুবেই প্রয়োজনীয় ৷ প্ৰতিজন ব্যক্তিৰেপ্রাকৃতিক সম্পদ ব্যৱহাৰ কৰাৰ অধিকাৰ আছে। সেয়ে, সুবিধাসমূহ ধনী-দুখীয়া দুয়োটা শ্ৰেণীয়ে যাতে সমভাৱে পায় আৰুদেশৰ প্রগতিত অৰিহণা যোগাব পাৰে, তাৰবাবেই ই জৰনী।
আমাৰ প্রাকৃতিক সম্পদসমূহৰ সমবিতৰণৰ বিৰুদ্ধে কাম কৰি থকা শক্তিসমূহ হ’ল
(i) ধনিক শ্ৰেণীৰ খ্যাতি (ii) ক্ষমতাশালী লোকৰ কৰ্তৃত্ব
(iii) দুৰ্নীতি (iv) ধনৰ লোভ ইত্যাদি
বন আৰু বন্যপ্ৰাণীসমূহ কিয় সংৰক্ষণ কৰিব লাগে ? Science Chapter 16 Question answer in Assamese
কাৰণ বনাঞ্চল আৰু বন্যপ্ৰাণীৰ সংৰক্ষণে বিভিন্ন ক্ষেত্ৰত সহায় কৰে, যেনেঃ
(i) জৈৱ-বৈচিত্ৰ্য অটুট ৰাখি পৰিস্থিতিতান্ত্রিক ভাৰসাম্য বজাই ৰখাত।
(ii) বিভিন্ন উদ্ভিদ, প্ৰাণী আৰু অণুজীৱৰ প্ৰজাতি সংৰক্ষণত।
(iii) মানুহ আৰু অন্যান্য প্ৰাণীৰ খাদ্য আৰু আশ্ৰয় যোগানত।
(iv)বৃষ্টিপাত বৃদ্ধি আৰু জলবায়ু স্বাভাৱিক হৈ থকাত।
(v) কাঠখৰি, বিভিন্ন কেঁচামাল যেনে- চিল্ক, লা, মৌ, কাঠ, ওষধ, চামৰা আদি লাভ কৰাত।
(vi) বিয়োজনৰ পিছত ভূমিত পুষ্টি যোগোৱাৰ ক্ষেত্ৰত।
(vii) ভূ-জল পাবৰ বাবে, বানপানীৰ প্ৰাবল্য, ভূমি অৱক্ষয় ৰোধৰ বাবে ইত্যাদি।
(viii) পৰিস্থিতিতন্ত্ৰ স্বাভাৱিক ৰূপত কাৰ্যকৰী হৈ থকাৰ ক্ষেত্ৰত।
(ix) ৰাষ্ট্ৰৰ অৰ্থনৈতিক আৰু সামাজিক বিকাশ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত
বনাঞ্চল সংৰক্ষণ সম্পৰ্কে মতামত আগবঢ়োৱা ? Science Chapter 16 Question answer in Assamese
বনাঞ্চল সংৰক্ষণৰ বাবে তলত দিয়া ধৰণৰ পদক্ষেপ গ্রহণ কৰিব পৰা যায়ঃ
(i) বাণিজ্যিক উদ্দেশ্যত গছ কটা বন্ধ কৰা।
(ii) বনানীকৰণ কৰা।
(iii) বনাঞ্চল ধ্বংস আৰু জীৱ-জন্তু চিকাৰ বন্ধ কৰাৰ বাবে কঠোৰ চৰকাৰী আইন প্ৰণয়ন কৰা৷
(iv) বনাঞ্চল ৰক্ষাৰ বাবে স্থানীয় লোকক উৎসাহযোগোৱা।
(v) সাৱধানতাৰে বনজুই আৰু অত্যধিক পশুচাৰণবন্ধ কৰা।
(vi) ইন্ধনৰ বাবে প্ৰাকৃতিক উৎস যেনে- খৰি, কয়লাআদি ব্যৱহাৰ কৰিব লাগে আৰু পৰাপক্ষত অক্ষয়িফণুশক্তি উৎস যেনে- সৌৰশক্তি, বায়ু শক্তিআদিৰ প্রয়োগ কৰিব লাগে।
(vii) কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰে সামাজিকবনানীকৰণ কাৰ্যসূচী গ্ৰহণ কৰিব লাগে।
(viii) কৃষিবনানীকৰণ পদ্ধতি প্ৰয়োগ কৰি একেডোখৰমাটিতে কৃষি,বনানীকৰণ আৰু পশুপালনৰ ব্যৱস্থা কৰিব লাগে।
(ix) সংকটাপন্ন আৰু বিপন্ন প্রাণী সংৰক্ষণ কৰাৰলগতে বন্যপ্ৰাণী তথা প্রজাতিসমূহক সুৰক্ষা দিব লাগে।
(x) উদ্ভিদকুল আৰু প্রাণীকুলৰ সংৰক্ষণৰ বাবে”বৈজ্ঞানিক গৱেষণাৰ পৃষ্ঠপোষকতা কৰিব লাগে৷
তোমালোকৰ অঞ্চলত থকা পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতি বা ব্যৱস্থাপনাবোৰ বিচাৰি উলিওৱা ।
পৰম্পৰাগত জল ব্যৱস্থাপনাৰ পদ্ধতিসমূহ হ’ল
(1) পুখুৰী,হদ বা খাল আদি খন্দা।
(2) বৰষুণৰ পানী সংৰক্ষণৰ বাবে শিলৰ জলাশয়স্থাপন।
(3) বান্ধ আৰু নলা খন্দা।
(4) জলাধাৰ নিৰ্মাণ।
(5) নৈ-নিজৰা মানৱসৃষ্ট নলাৰে বোৱাই অনা।
(6) চালৰ পানী ধৰি সংৰক্ষণ কৰা ।
তোমালোকৰ স্থানীয় অঞ্চলৰ পানীৰ উৎসবোৰ বিচাৰি উলিওৱা । সকলো মানুহ বাস কৰা সেই অঞ্চলত পানী প্ৰচুৰপৰিমাণে পাইনে ?
উভৰৰ আভাসঃ
চহৰ অঞ্চলত বিচাৰি পোৱা পানীৰ কেতবোৰ উৎসহ’লঃ
1.ভূ-গৰ্ভস্থ পানী
(2) পৌৰনিগমে যোগান ধৰা পানী
(3) হেণ্ড-পাম্প
গ্ৰামাঞ্চলত বিচাৰি পোৱা পানীৰ উৎস কেতবোৰ হ’ল:
(1) পুখুৰী
(2) হ্ৰদ
(3) সামূহিক কুঁৱা।
চহৰ অঞ্চলত এনে উৎসসমূহেই যথেষ্ট। কিন্তু তথাপিনাটনি হ’লে পৌৰনিগমে নলী আৰু টেংকেৰে পানীৰ
যোগান ধৰে। আনহাতে, গ্ৰামাঞ্চলত উক্ত উৎসসমূহেসকলোৰে চাহিদা পূৰণ কৰে। কিন্তু খৰালি পানী শুকাইযায়। সেয়ে পানীৰ নাটনি দেখা যায়। তাৰ ফলত মানুহপানী স্থানীয় বিক্ৰেতাৰ পৰা ক্ৰয় কৰিব লগা হয়।
(4) জৈৱ-অৱনমনীয় আৰু অজৈৱ-অৱনমনীয় আৱৰ্জনা পৃথকে মজুত কৰা।
(5) বিদ্যুৎ শক্তিৰ বাবে সৌৰশক্তি সংগ্ৰহৰ ব্যৱস্থা কৰা।
(6) বিদ্যালয়ত প্লীষ্টিকৰ ব্যৱহাৰ নিষেধ কৰা।
এই অধ্যায়ত আমি দেখিলো বন আৰু বন্যপ্ৰাণীৰ প্ৰধানকৈ চাৰিটা অংশীদাৰ আছে। এইবোৰৰভিতৰত কোনটো অংশীদাৰৰ বনসম্পদৰ ব্যৱস্থাপনাৰ বিষয়ে সিদ্ধান্ত ল’ব পৰা কৰ্তৃত্ব থাকিব লাগে ? তুমি কিয় তেনেকৈভাবা ?
বনাঞ্চল আৰু বন্যপ্ৰাণীৰ ক্ষেত্ৰত চাৰিটা অংশীদাৰ হ’ল:
(1) স্থানীয় লোক (2) বন বিভাগ
(3) উদ্যোগপতি (4) বন্যপ্ৰাণী আৰু প্রকৃতি সচেতন লোক।
এই সকলোৰে ভিতৰত স্থানীয় লোক যিয়ে বনাঞ্চলৰ আশে-পাশে বাস কৰে তেওঁলোকৰে বনাঞ্চলৰ উৎপাদিত সামগ্ৰীৰব্যৱস্থাপনাৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ কৰ্তৃত্ব থকা উচিত। দেখা যায় যে বনাঞ্চলত বাস কৰা লোকসকলে বহু শতিকাজুৰিবহনক্ষম উপায়েৰে বনজ সম্পদ ব্যৱহাৰ কৰি আহিছে। তেওঁলোকে পৰিৱেশৰ ভাৰসাম্য বিনষ্ট নকৰে। তাৰ বিপৰীতেতেওঁলোকে প্রয়োগ কৰা জীৱন ধাৰণ শৈলীয়ে পৰিস্থিতিতান্ত্ৰিক ভাৰসাম্য অটুট ৰখাতহে সহায় কৰে। তেওঁলোকএনেধ ৰণৰ পদ্ধতি বিকাশ কৰিছে যে ভৱিষ্যৎ প্ৰজন্মৰ প্ৰয়োজনীয়তা পূৰণৰ সামৰ্থ্যৰ সৈতে আপোচ নকৰাকৈ বৰ্তমানপ্ৰজন্মৰ প্ৰয়োজনীয়তা পূৰণৰ বাবেহে তেওঁলোকে সম্পদৰ ব্যৱহাৰ কৰে।সিষি কি নহওক, কেৱল স্থানীয় লোককে সম্পূৰ্ণ দায়িত্ব বা কৰ্তৃত্ব দিয়াটো যুগুত নহয়। সেয়ে বনজ সম্পদৰ ব্যৱস্থাপনাৰক্ষেত্ৰত চৰকাৰী কৰ্তৃপক্ষৰ হস্তক্ষেপ অতি আৱশ্যকীয়৷
তলৰ সম্পদসমূহৰ ওপৰত এজন সাধাৰণ ব্যক্তিহিচাপে কেনেধৰণৰ ব্যৱস্থাপনাৰ দায়িত্বল’বা
(1) বন্যপ্ৰাণী আৰু বনাঞ্চল
(2) জল সম্পদ
(3) কয়লা আৰু পেট্ৰলিয়াম
উভৰৰ আভাসঃ
তলত দিয়া ব্যৱস্থাসমূহ ল’ব পৰা যায় :
[1] বন্যপ্ৰাণী আৰু বনাঞ্চল :
(a) জৈৱবৈচিত্ৰ্য সংৰক্ষণৰ ওপৰত গুৰত্ব
দিয়া।
(b) নিৰ্বিচাৰভাৱে গছ কটা বন্ধ কৰা।
(c) বনানীকৰণৰ যোগেদি বন্যপ্রাণীৰ
বাসস্থানক সুৰক্ষা দিয়া।
(d) বন্যপ্ৰাণী চিকাৰ কৰা লোকক বাধা দিয়া।
(e) অনুষ্ঠান আদিৰ জৰিয়তে মানুহৰ মাজতবন্যপ্ৰাণী আৰু বনাঞ্চলৰ গুৰুত্ব সম্পৰ্কেসজাগতা সৃষ্টি কৰা।
[2] জলসম্পদ :
(a) ব্যৱহাৰ নকৰা সময়ত পানীৰ টেপ বন্ধকৰি ৰখা আৰু পানী যোগান ব্যৱস্থাৰসকলো সামগ্ৰী সঘনে মেৰামতি কৰা।
(b)খোৱাৰ উপযোগী পানী কেৱল পেয় জলহিচাপে ব্যৱহাৰ কৰা।
(c)গৰু-ছাগলী আদিক নদী বা পুখুৰী আদিতনমাই গা-ধুৱোৱাত গৰাকীক বাধা দিয়া।জলসম্পদৰ বিষয়ে মানুহৰ মাজতসজাগতা সৃষ্টি কৰা।
(d)কাপোৰ ধোৱা আৰু গা-ধোৱা পানীশৌচাগাৰ আদি চাফা কৰাতব্যৱহাৰ কৰা।
[3] কয়লা আৰু পেট্ৰলিয়াম
(a)বাল্বৰ সলনি ফলুৰ’চেণ্ট লাইট আৰুচি. এফ. এলৰ ব্যৱহাৰ।
(b)অপ্ৰয়োজনীয় বৈদ্যুতিন সামগ্ৰী বন্ধ ৰখা।
(c)মটৰ চাইকেলৰ পৰিৱৰ্তে কম দূৰত্ব যাবৰবাবে খোজকঢ়া বা চাইকেল চলোৱা।
(d)শক্তিৰ বিকল্প উৎস যেনে- সৌৰশক্তিআৰু বায়ু শক্তিৰ ব্যৱহাৰ।
তুমি এজন সাধাৰণ ব্যক্তি হিচাপে বিভিন্ন ধৰণৰপ্রাকৃতিক সম্পদবোৰৰ ব্যৱহাৰ কম কৰিবলৈ কি কৰিবা ? Science Chapter 16 Question answer in Assamese
বিভিন্ন প্রাকৃতিক সম্পদৰ ব্যয় ননিয়ন্ত্রণলৈ আনিবৰ বাবেতলত দিয়া ধৰণে পদক্ষেপ গ্রহণ কৰিব পৰা যায় :
a)লাইট, পাংখা, ফোনৰ চাৰ্জাৰ আদি ব্যৱহাৰ নকৰাঅৱস্থাত বিজুলীৰ সংযোগ বিচ্ছিন্ন কৰি ৰখা। অপ্রয়োজনীয়ভাৱে ফোন চাৰ্জত নিদিয়া।
b)প্রয়োজনতকৈ অধিক পানী খৰচ নকৰা।যেনেঃ গা ধুবৰ বাবে শ্বাৱাৰ ব্যৱহাৰ নকৰা,ব্ৰাছ কৰি থকা সময়ত পানীৰ টেপ খুলি নোথোৱাইত্যাদি।
c)প্রয়োজনতকৈ অধিক খাদ্য কীহীত নলৈ অপচয়বন্ধ কৰা।
d)বহীৰ সকলো পৃষ্ঠাই কামত খটুৱাই কাগজৰঅপচয় কমোৱা।
e)বাতৰি কাকত, ভগা পুতলা, প্লাষ্টিকৰ মোনা আদিপৃথকে পৃথকে থৈ পুনঃব্যৱহাৰযোগ্য কৰা৷
f)ব্যৱহৃত খাম ওলোটাই পুনৰ ব্যৱহাৰ কৰা,কলমতৰিফিল ভৰোৱা, পুৰণা কাপোৰ পেলাই নিদি দান কৰা ইত্যাদি।
(g) কমদূৰত্ব অতিক্ৰমৰবাবে এলিভেটৰৰ পৰিৱৰ্তেখটখটী ব্যৱহাৰ কৰা!
(h) স্কুল বাছত অহা-যোৱা কৰা।
যোৱা এটা সপ্তাহ ধৰি তুমি কেনেধৰণৰ কাৰ্যপন্থা হাততলৈছা তাৰ এটা তালিকা প্রস্তুত কৰা (পাঁচটাকৈ)
(a)আমাৰ প্রাকৃতিক সম্পদ সংৰক্ষণ।
(b)আমাৰ প্ৰাকৃতিক সম্পদৰ ওপৰত হেঁচা বৃদ্ধি।
উভৰৰ আভাসঃ
(a) আমাৰপ্ৰাকৃতিক সম্পদ সংৰক্ষণত সহায় কৰাকৈযোৱা সপ্তাহত মই কৰা পাঁচটা কাৰ্য হ’ল :
(i) স্কুলৰ বাবে ৰাজহুৱা গাড়ীৰ ব্যৱহাৰ।
(ii)) ব্ৰাছ কৰি থাকোঁতে আৰু শ্বেম্পু আৰুচাবোন ঘঁহোতে পানীৰ টেপ বন্ধ ৰখা।
(iii) গছএজোপাৰুইছো।
(iv) গৃহ কাৰ্য কৰাৰ সময়ত অনুশীলনৰ বাবেপুৰণা কাগজ আৰু বাতৰি কাকতৰ ব্যৱহাৰ।
(v) পলিথিনৰ মোনাৰ ব্যৱহাৰ এৰি মৰাপাটৰমোনাৰ ব্যৱহাৰ।
(b) আমাৰ প্রাকৃতিক সম্পদৰ ওপৰত হেঁচাৰ বৃদ্ধি কৰাকৈ যোৱা সপ্তাহত মই কৰা পীঁচটা কাৰ্য হ’ল :
(i) চিৰিৰ সলনি লিফ্টৰ ব্যৱহাৰ ।৷
(ii) বাথৰুমৰ লাইট যোৱা ৰাতি অফ্ কৰিবপাহৰা।
(iii)প্লাষ্টিকৰ পুতলা কিনা।
(iv) হাতৰ কাম কৰোঁতে কাগজ অপচয় কৰা।
(v) চাদৰ ওপৰত কৰা পাৰ্টিত জুই জ্বলোৱা ।
এই পাঠত উত্থাপন হোৱা সমস্যাৰ ভিত্তিত আমাৰ প্রাকৃতিক সম্পদসমূহৰ বহনক্ষম ব্যৱহাৰৰ কাৰণে তোমালোকৰ জীৱন শৈলীৰ কি পৰিৱৰ্তন কৰিবা ?
বিভিন্ন প্রাকৃতিক সম্পদৰ ব্যয় ননিয়ন্ত্রণলৈ আনিবৰ বাবেতলত দিয়া ধৰণে পদক্ষেপ গ্রহণ কৰিব পৰা যায় :
a)লাইট, পাংখা, ফোনৰ চাৰ্জাৰ আদি ব্যৱহাৰ নকৰাঅৱস্থাত বিজুলীৰ সংযোগ বিচ্ছিন্ন কৰি ৰখা। অপ্রয়োজনীয়ভাৱে ফোন চাৰ্জত নিদিয়া।
b)প্রয়োজনতকৈ অধিক পানী খৰচ নকৰা।যেনেঃ গা ধুবৰ বাবে শ্বাৱাৰ ব্যৱহাৰ নকৰা,ব্ৰাছ কৰি থকা সময়ত পানীৰ টেপ খুলি নোথোৱাইত্যাদি।
c)প্রয়োজনতকৈ অধিক খাদ্য কীহীত নলৈ অপচয়বন্ধ কৰা।
d)বহীৰ সকলো পৃষ্ঠাই কামত খটুৱাই কাগজৰঅপচয় কমোৱা।
e)বাতৰি কাকত, ভগা পুতলা, প্লাষ্টিকৰ মোনা আদিপৃথকে পৃথকে থৈ পুনঃব্যৱহাৰযোগ্য কৰা ৷
f)ব্যৱহৃত খাম ওলোটাই পুনৰ ব্যৱহাৰ কৰা,কলমতৰিফিল ভৰোৱা, পুৰণা কাপোৰ পেলাই নিদি দান কৰা ইত্যাদি।
(g) কমদূৰত্ব অতিক্ৰমৰবাবে এলিভেটৰৰ পৰিৱৰ্তেখটখটী ব্যৱহাৰ কৰা!
(h) স্কুল বাছত অহা-যোৱা কৰা।
READ MORE CHAPTER OF CLASS 10 SCIENCE CLICK HERE