Class 10 Science assamese

CLASS 10 SCIENCE ASSAMESE MEDIUM

Class 10 Science Assamese medium Chapter 3 ধাতু আৰু অধাতু question answer in Assamese.

1. ধাতু একোটাৰ উদাহৰণ দিয়া যি ধাতু
(1) সাধাৰণ উষ্ণতাত জুলীয়া (2) বতৰ ৰ নহলে কাটিব পাৰি
(3) তাপৰ আটাইতকৈ সুপৰিবাহী ৷ (4) তাপৰ কম পৰিবাহী ৷

উত্তৰ :(1) পাৰা (2) লিথিয়াম
(3) কপাৰ (তাম) (4) সীহ (লেড)


2. ধাতুৰ ঘাত সহনীয়তা-আৰু নমনীয়তাৰ অৰ্থ বহলাই আলোচনা কৰা ।

উত্তৰ : ধাতুৰ ঘাত সহনীয়তা: ধাতুবোৰ সাধাৰণতে টান বা কঠিন। অৱশ্যে ধাতু অনুযায়ী ইয়াৰ কঠিনতা কম বেছি। কিছুমান ধাতু যেনে– সোণ, ৰূপ, এলুমিনিয়াম, প্লেটিনাম আদিক গৰম কৰি হাতুৰিৰে পিটি বহল বা দীঘল (প্ৰসাৰণ) কৰিব পাৰি। এনে ধাতুবোৰক আঘাত কৰি প্ৰসাৰিত কৰিলেও ভাঙি চিঙি নাযায় । ইয়াকে ঘাত সহনীয়তা বোলে ।

ধাতুৰ নমনীয়তা: ধাতুৰ পাত দীঘল কৰি তাৰলৈ ৰূপান্তৰিত কৰিব পৰা গুনকে ধাতুৰ নমনীয়তা বোলে । সোণ, ৰূপ, এলুমিনিয়াম আদি নমনীয় ধাতু । সোণৰ নমনীয়তা
আটাইতকৈ বেছি বাবে ইয়াক অতি মিহি তাৰলৈ ৰূপান্তৰিত কৰি অলংকাৰ তৈয়াৰ কৰাত
ব্যৱহাৰ কৰা হয়। হিচাব কৰি পোৱা গেছে যে এক গ্রাম সোণৰ পৰা দুই কিলোমিটাৰ দৈৰ্ঘ্যৰ তাৰ প্রস্তুত কৰিব পাৰি ।

3. ছ’ডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুৰাই ৰখা হয় ?
উত্তৰ: ছ’ডিয়াম ‌ধাতু অতি সক্ৰিয় ৷ ই বায়ুত উন্মুক্তভাৱে থাকিলে বায়ুৰ অক্সিজেনৰ
লগত বিক্ৰিয়া কৰি অক্সাইড গঠন কৰে ৷ বিত্ৰিয়াটো প্ৰচুৰ তাপুদ্বব বাবে জুই জ্বলি উঠে
গতিকে বিপদজনক । সেইবাবে ছ’ডিয়ামক কেৰাছিন তেলত ডুবাই থোৱা হয় যাতে বায়ুৰ সংস্পৰ্শ নাপায় ।


4. তলৰ বিক্ৰিয়া বিলাকৰ ৰাসায়নিক সমীকৰণ লিখা ।
(1) উত্তপ্ত জলীয় বাষ্পৰ লগত আইৰণৰ বিক্ৰিয়া ।
(2) পানীৰ লগত কেলছিয়াম আৰু পটাছিয়ামৰ বিক্ৰিয়া ।
উত্তৰ: (1)

5 A, B, C, Dচাৰিটা ধাতু লৈ তলৰ দ্রৰৱণ বিলাকত এটা এটাকৈ দিয়া হৈছিল ফলাফলবিলাক তলৰ তালিকাত লিপিবদ্ধ কৰা হৈছে ।

ধাতুআইৰণ(I)ছালফেটকপাৰ(II)ছালফেটজিংকছালফেটছিলভাৰ নাইট্ৰেট
Aবিক্রিয়া নহয়প্ৰতিস্থাপন
Bপ্ৰতিস্থাপনবিক্রিয়া নহয়
Cবিক্রিয়া নহয়বিক্রিয়া নহয়বিক্রিয়া নহয়প্ৰতিস্থাপন
Dবিক্রিয়া নহয়বিক্রিয়া নহয়বিক্রিয়া নহয়প্ৰতিস্থাপন

ওপৰৰ তালিকা ব্যৱহাৰ কৰি A B C D ধাতু সম্বন্ধে তলৰ প্ৰশ্নবিলাকৰ উত্তৰ দিয়া।
(i) আটাইতকৈ সক্ৰিয় ধাতু কোনটো ?
(ii) কপাৰ (II) ছালফেট লৱণত B ধাতু দিলে কি হব?
(iii) A B C D ধাতুক সক্ৰিয়তাৰ নিম্নকত্ৰমত সজোৱা ।

উত্তৰ :(1) আটাইতকৈ সক্ৰিয় ধাতুটেো৷ হ’ল — B.

(ii) কপাৰ (II) ছালফেট লৱণত B ধাতুটো দিলে প্ৰতিস্থাপন বিক্ৰিয়া ঘটিব। কপাৰ
ছালফেটৰ নীলা ৰং পাতল হ’ব আৰু B ধাতুৰ ওপৰত ৰঙচুৱা । মুগ৷ বৰণৰ কপাৰ জমা হ’ব ৷

(iii) সক্ৰিয়তাৰ অধ ক্ৰমত সজালে B > A > D হ’ব ৷

6. লঘু হাইড্ৰ’ক্ল’ৰিক এছিডত (HCI) এটা সক্ৰিয় ধাতু দিলে কি গেছ উৎপন্ন হয় ? আইৰনে লঘু H2SO4 ৰ লগত কৰা বিক্ৰিয়াটোৰ সমীকৰণ লিখা ।

উত্তৰঃ হাইড্ৰজেন গেছ (H2) উৎপন্ন হয়।

আইৰণে লঘু H2SO4ৰ লগত বিক্ৰিয়া কৰি ফেৰাছ ছালফেট (FeSO4 ) আৰু H2 , গেছ
উৎপন্ন কৰে । Fe(s) + H2SO4 —> FeSO4(aq) + H2(g)

7. আইৰণ (II) ছালফেট দ্ৰৱণত জিংক ধাতু দিলে কি দেখিবা ? সংঘটিত হোৱা বিক্ৰিয়াটো লিখা।

উত্তৰ: আইৰণ (II) ছালফেট দ্রৱণত জিংক ধাতু দিলে জিংকে আইৰণক আইৰণ (II) ছালফেটৰ পৰা অপসাৰিত কৰি জিংকছালফেট লৱন প্ৰস্তুত কৰে ।
সংঘটিত বিক্ৰিয়াটো হ’ল: FeSO4+Zn—>ZnSO4+Fe

8. ছডিয়াম, অক্সিজেন আৰু মেগনেছিয়ামৰ আয়নৰ ইলেক্ট্ৰন বিন্দু গঠন (electron donot structure ) লিখা ।

উত্তৰ: ছডিয়ামৰ ইলেক্ট্ৰন বিন্দু গঠন :-

ছডিয়ামৰ বিন্দু গঠন

9.ইলেক্ট্ৰন স্থানান্তৰৰ জৰিয়তে Na2O আৰু MgOৰ গঠন লিখা ।

উত্তৰ: Na2O ৰ গঠন চিত্ৰ :-

Na2O ৰ গঠন চিত্ৰ

MgOৰ গঠন চিত্ৰ:-

MgOৰ গঠন চিত্ৰ

(iii) এই যৌগ দুটাত থকা আয়নসমূহ কি কি ?
উত্তৰ:- এই যৌগদুটাত থকা আয়নসমূহ হ’ল:-

Na, O2, Mg2 আৰু O2

10. আয়নীয় যৌগৰ গলনাংক কিয় বেছি ?
উত্তৰ : আয়নীয় যৌগৰ আন্তঃ আয়নীয় স্থিতি বৈদ্যুতিক আকৰ্ষণ বল বহুত বেছি ।
ইয়াৰ ফলত প্ৰবল শক্তি সম্পন্ন আয়নীয় বান্ধনিৰ সৃষ্টি হয়। এই বান্ধনি ভাঙিবলৈ যথেষ্ট
তাপ শক্তিৰ প্রয়োজন হয় । গতিকে এনে যৌগৰ গলনাংক আৰু উতলাংক বেছি হয় ।


11. তলত দিয়াবোৰৰ সংজ্ঞা লিখা ।
(1) মণিক (2) আকৰ (3)খনিজমল


উত্তৰ :1) মণিক : ভূতুকত মৌল বা যৌগ অৱস্থাত পোৱা পদাৰ্থবোৰকে
মণিক বোলে।

2) আকৰ : যিবোৰ মণিক বা খনিজ পদাৰ্থত কোনো এবিধ ধাতুৰ পৰিমাণ অধিক থাকে আৰু তাৰ পৰা লাভজনকভাৱে ধাতুবিধ আহৰণ কৰিব পাৰি তাকে আকৰ বোলে।


3) খনিজমল : খনিৰ পবা আহৰণ কৰাৰ সময়ত আকৰৰ লগত মাটি,বালি আদিত বহুতো অশুদ্ধি মিহলি হৈ থাকে। এই অপদ্ৰব্য বা অশুদ্ধিবোৰকে খনিজ মল বোলে ।

12. অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি প্ৰয়োগ কৰা হয় ?

উত্তৰ: অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ প্ৰয়েগ কৰা ৰাসায়নিক পদ্ধতি হ’ল বিজাৰণ পদ্ধতি। বিজাৰণ পদ্ধতিত ধাতৱ অক্সাইডটোৰ লগত কাৰ্বন (পোৰা কয়লা বা ক’ক) যোগ কৰিলে ধাতৱ অক্সাইডৰ পৰা ধাতু বিজাৰিত হৈ মুক্ত হয় ।

13. তোমাক এটা হাতুৰী, এটা বেটাৰী,অলপ তাৰ আৰু এটা ছুইচ দিয়া হ’ল এই
বস্তুবোৰ ব্যৱহাৰ কৰি ধাতু আৰু অধাতু কেনেকৈ চিনাক্ত কৰিবা ?

উত্তৰ: যদি হাতুৰীটোৰে কোবাই দিলে বস্তুটো সহজে ভাঙি নাযায়, বৰং প্রসাৰিত
হয়, শব্দ কৰে আৰু কোবোৱা খিনিত চিকমিকনি দেখা যায়, তেন্তে বস্তুটো ধাতু হ’বই
লাগিব অন্যথা ই অধাতু হ’ব।
তাৰডালত বস্তুটো, বেটাৰি আৰু চুইছটো শ্ৰেণীবদ্ধ সজ্জাত সজ্জিত কৰিলে যদি চুইচ “অন” কৰাৰ লগে লগে যদি বিদ্যুৎ প্ৰবাহ চালিত হয়, তেন্তে বস্তুটো ধাতু হ’ব/যদি বিদ্যুৎ চালিত নহয় তেন্তে অধাতু হ’ব। বিদ্যুৎ প্রবাহিত হ’লে বস্তুটো চুই চালে অলপ উষ্ণ অনুভৱ হ’ব।

14. উভয়ধৰ্মী অক্সাইড কাক বোলে ? দুটা উভয়ধৰ্মী অক্সাইডৰ উদাহৰণ দিয়া ৷

উত্তৰঃ যিবিলাক অক্সাইডে আম্লিক আৰু ক্ষাৰকীয় উভয়ৰে ধৰ্ম প্ৰদৰ্শন কৰে, সেইবোৰ
অক্সাইডক উভয়ধৰ্মী অক্সাইড বোলে ।





Leave a Comment

Your email address will not be published. Required fields are marked *