Class 10 science assamese medium chapter 14 question answer in assamese পাঠভিত্তিক প্ৰশ্নোত্তৰ
1. শক্তিৰভাল উৎস কি ?
উঃ শক্তিৰ ভাল বা আদৰ্শ উৎস হ’ল যিবোৰত তলত দিয়া শুণসমূহ থাকেঃ
1.যিটোৱে প্রতি একক আয়তন বা ভৰৰ বিনিময়ত সৰহ পৰিমাণৰ কাৰ্য কৰে।
2. যিটো সহজে উপলব্ধ।
3. যিটোৰ সঞ্চয় আৰু পৰিবহণ সহজসাধ্য।
4. যিটো মিতব্যয়ী।
5.যিটো পৰিৱেশ হিতৈষী।
2.ভাল ইন্ধন কি ?
ভাল ইন্ধন হ’ল সেইবোৰেই যিবোৰত তলত দিয়া বৈশিষ্ট্যসমূহ থাকেঃ
1.প্ৰতি একক ভৰ বা আয়তনত নিৰ্গত তাপশক্তি অধিক হ’ব লাগে।
2. প্ৰজ্বলাংক মধ্যমীয়া আৰু বায়ুমণ্ডলৰ উষ্ণতাতকৈ অধিক হ’ব লাগে যাতে সহজে পৰিবহণ কৰিব পাৰি।
3. ব্যয়সাধ্য আৰু সহজে উপলব্ধ হ’ব লাগে।
4. ধোৱা সৃষ্টিকাৰী হ’ব নালাগে।
5. দহনৰ পিছত ছাই আদিৰ দৰে অৱশিষ্ট ৰৈ যাব নালাগে ।
3.যদি তুমি খাদ্য গৰমোৱাৰ বাবে যিকোনো ইন্ধনৰ উৎস ব্যৱহাৰ কৰিবলৈ সক্ষম, তেন্তে তুমি কি উৎস ব্যৱহাৰ কৰিবা ?
তলত দিয়া কাৰণবশত মই তৰলীকৃত পেট্ৰলিয়াম গেছ ব্যৱহাৰ কৰিম ঃ
1.ইয়াৰ কেলৰি মান অধিক, সেয়ে প্রতি এককত নিৰ্গত তাপৰ পৰিমাণ বেছি।
2.ধৌঁৱাবিহীন শিখাৰে জ্বলে আৰু কোনো হানিকাৰক গেছ উৎপন্ন নকৰে বাবে পৰিৱেশ প্ৰদূবণো নহয় আৰু স্বাস্যতোবিৰূপ প্রভাৱ নেপেলায়।
3. জ্বলনাংক সাধাৰণ।
4.মজুতকৰণ আৰু পৰিৱহণৰ বাবে সুবিধাজনক
5. মিতব্যয়ী ।
প্রশ্নাৱলী Class 10 science
জীৱাশ্মইন্ধনৰ অসুবিধাসমূহ লিখা ।
জীৱাশ্ম ইন্ধনৰ অসুবিধাসমূহ হ’লঃ
1.নৱীকৰণ-অযোগ্য শক্তিৰ উৎস (Non-renewable source of energy):জীৱাশ্ম ইন্ধন নৱীকৰণযোগ্য নহয়।এইবোৰ দীঘলীয়া সময়ৰ প্রক্ৰিয়াত প্ৰকৃতিৰ বুকুত জমা হৈছিল। এবাৰ এই উৎস শেষ হৈ গ’লে তাক পুনৰায়পোৱাটো সম্ভৱ নহয়।
2.বায়ু প্ৰদূষণ (Air pollution) : জীৱাশ্ম ইন্ধন দহন কৰিলে উৎপন্ন হোৱা নাইট্ৰ’জেন,ছালফাৰ আৰু কাৰ্বনৰ আম্লিকঅক্সাইডে বায়ু প্ৰদূষণ ঘটায়৷
3.এছিড বৰষুণ (Acid rain) :জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত উৎপন্ন হোৱা আম্লিক অক্সাইডে এছিড বৰষুণৰ সৃষ্টি কৰেযিয়ে ভূমি আৰু জলসম্পদত বিৰূপ প্রভাৱ পেলায়৷
4. সেউজগৃহ প্ৰভাৱ (Green- house effect) জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত কাৰ্বন ভাই-অক্সাইড উৎপন্ন হয়, বায়ুমণ্ডলতযাৰ মাত্ৰাধিক উপস্থিতিয়ে সেউজ গৃহ প্রভাৱ সৃষ্টি কৰি গোলকীয় উষ্ণতা বৃদ্ধি কৰে।
সেউজনুহ গেছৰ বৰি নিৰ্র্ণৰ ফলত পৃথিৱীৰ উষ্ণতা ৰৃক্ধি পোৱা পৰিঘটনাটোৱেই হৈছে গোলকীয় উভতাপন প্ৰধানসেউজগৃহ গেছসমূহ হ’ল কাৰ্বন ডাই-অক্সাইড, অ’জন, মিথেন, নাইট্ৰাছ অক্সাইড, ক্লৰ ফ্লুৰ কাৰ্বন আৰু জলীয়বাষ্প। |
আমি শক্তিৰ বিকল্প উৎস কিয় বিচাৰো ?
প্রযুক্তিৰ বিকাশৰ লগে লগে শক্তিৰ চাহিদা দ্ৰুত গতিতবৃদ্ধি পাইছে। বিকল্প আৰু অপৰম্পৰাগত শক্তিৰ উৎস আহৰণকৰাৰ কাৰণসমূহ হ’লঃ
1.পৰম্পৰাগত শক্তিৰ উৎস যেনে-কয়লা, পেট্ৰ’লিয়াম, প্ৰাকৃতিক গেছ আদি নৱীকৰণযোগ্য নহয়, এই উৎস সীমিতহেতুকে ভঁৰাল শেষ হৈ যাব।
2.জীৱাশ্ম ইন্ধন আদি দহনৰ ফলত পৰিৱেশৰ ক্ষতি হয়।
সেয়ে আমি নৱীকৰণযোগ্য আৰু পৰিৱেশ হিতৈষী বিকল্প শক্তিৰ উৎসৰ সন্ধান কৰাৰ প্ৰয়োজন ।
আমাৰ সুবিধাৰ বাবে বায়ু আৰুজল শক্তিৰ পৰম্পৰাগত ব্যৱহাৰৰ কি পৰিৱৰ্তন অনা হৈছে ?
তলত দিয়া ধৰণে আমাৰ সুবিধাৰ বাবে বায়ু আৰু জল শক্তিৰ পৰম্পৰাগত ব্যৱহাৰক উন্নত কৰা হৈছেঃ
1.বায়ুশক্তি : পৰম্পৰাগতভাৱে বায়ুৰ গতিশক্তিক কুঁৱাৰ পৰা পানী তোলাৰ দৰে কামৰ বাব্যৱহাৰ কৰা হৈছিল। বৰ্তমান এই শক্তিক বিদ্যুৎ শক্তি উৎপাদন কৰাৰ বাবে ব্যৱহাৰ কৰা হয় বায়ুকলৰ ঘূৰ্ণন গতিব্যৱহাৰেৰে বৈদ্যুতিক জেনেৰেটৰৰ টাৰ্বাইন ঘূৰাই বাণিজ্যিক মাত্ৰাত বিদ্যুৎ আহৰণ কৰা হয়। বায়ু শক্তি পামতভালেমান বায়ুকল স্থাপন কৰি প্ৰত্যেক বায়ুকলৰ উৎপাদিত শক্তি একত্ৰিত কৰা হয়।
2.জল শক্তি (Wild energy): পূৰ্বতে জলপ্ৰপাতসমূহক স্থিতি শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰা হৈছিল।জলবিদ্যুৎ প্রকল্পসমূহত অধোগামী পানীত বিদ্যুৎ শক্তি উৎপাদন কৰাৰ বাবে ব্যৱহাৰ কৰা হৈছিল। আজিকালিনদীবান্ধ তৈয়াৰ কৰি বোৱঁতী পানীৰ সোতক বেষ্টিত কৰি গতি শক্তিক স্থিতি শক্তিলৈ ৰূপা্তৰ কৰা হয়। জলশক্তপ্রকল্পৰজৰিয়তে আজিকালি বৃহৎ মাত্ৰাত বিদ্যুৎ উৎপাদন কৰা হয়।
প্রশ্নাৱলী Class 10 Science
কোন ধৰণৰ দাপোন- অৱতল, উত্তল নে সমতল সৌৰ কুকাৰত ব্যৱহাৰৰ বাবে উৎকৃষ্ট ? কিয় ?
সৌৰ কুকাৰত ব্যৱহাৰৰ বাবে অৱতল দাপোণ বা (অৱতল প্রতিফলক) উৎকৃষ্ট।অৱতল দাপোণেআপতিত সৌৰ ৰশ্মিক এটাবিন্দুলৈ অভিসাৰিত কৰে। ফলস্বৰূপে ফ’কাছঅঞ্চলত অত্যধিক তাপ উৎপন্ন হয় ।
মহাসমুদ্ৰৰ পৰা পাব পৰা শক্তিৰ সীমাবদ্ধতা কিকি ?
মহাসাগৰৰ পৰা আহৰণ কৰিব পৰা শক্তিসমূহহ’ল:
জোৱাৰ শক্তি, তৰংগ শক্তিআৰুতাপশক্তি।
মহাসমুদ্ৰৰ পৰা পাব পৰা শক্তিৰ সীমাবদ্ধতাসমূহহ’ল:
1.জোৱাৰ শক্তি পাবৰ বাবে সাগৰলৈ যোৱা এক সংকীৰ্ণ পথত বান্ধ দিবলগা হয় আৰু এনে ঠাই খুবেই সীমিত।
2.সামুদ্ৰিক টৌ অতি শক্তিশালী হ’লেহে তাৰ পৰা শক্তি আহৰণ কৰিব পাৰি।
3.পৃষ্ঠভাগৰ পানী আৰু 2 কিঃমিঃ পৰ্যপ্ত গভীৰতাত থকা পানীৰ উষ্ণতাৰ পাৰ্থক্য 20৭০ বা ততোধিক হ’ব লাগে।ব্যৱসায়িক ভিত্তিত ইয়াৰ উৎপাদন কষ্টসাধ্য।
4. এই সকলোবোৰ শক্তি কেৱল উপকূলৱতী অঞ্চলতহে সদ্ব্যৱহাৰ কৰিব পাৰি। শক্তি উৎপাদনত এনেধৰণৰ উৎসৰব্যৱহাৰ এতিয়াও গৱেষণাৰ পৰ্যায়তে আছে।
ভূ-তাপীয় শক্তি কি ?
ভূ-তাপীয় শক্তি হ’ল ভূ-গৰ্ভত নিহিত হৈ থকা তাপ শক্তি বিদ্যুৎ শক্তি উৎপাদনৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়। ভূ-পৃষ্ঠৰঅন্তঃভাগৰ শিলাত্তৰৰ পৰা শিলবোৰ ঠেলা খাই ওপৰলৈ উঠি আহি উষ্ণ অঞ্চল গঠন কৰে আৰু ভূ-গৰ্ভৰ পানী এই উষ্ণঅঞ্চলৰ সংস্পৰ্শলৈ আহিলে বাষ্পলৈ ৰূপান্তৰিত হয়। এই বাষ্প পাইপৰ জৰিয়তে টাৰ্বাইনলৈ আনি বিদ্যুৎ শক্তি উৎপাদনৰব্যৱস্থা কৰা হয়।
নিউক্লীয় শক্তিৰ ?
1. ইউৰেনিয়াম, গ্লুটনিয়াম বা থ’ৰিয়ামৰ দৰে নিউক্লীয়ইন্ধনৰ কম পৰিমাণৰ পৰাই প্ৰচুৰ পৰিমাণে শক্তি পাব পাৰি।
2. নিউক্লীয় শক্তি প্ৰকল্পৰ ৰিয়েক্টৰত এবাৰ নিউক্লীয় ইন্ধন ভৰালে ই বহুদিনলৈ শক্তি উৎপাদন কৰিব পাৰে। সেয়ে ইঅধিক সুবিধাজনক।
3.প্ৰদূষণৰ মাত্ৰা কম আৰু ব্যয়সাধ্য।
প্রশ্নাৱলী পাঠ্যপুথিৰ পৃষ্ঠা নং 353)
শক্তিৰ উৎস এটা প্ৰদূষণমুক্ত হ’ব পাৰেনে ? কিয় পাৰে বা কিয় নোৱাৰে ?
কোনো শক্তিৰ উৎসয়ে প্রদূষণমুক্ত হ’ব নোৱাৰে। যিকোনো শক্তিৰ উৎসৰ ব্যৱহাৰে কিবা নহয় কিবা প্ৰকাৰে পৰিৱেশৰওপৰত প্রভাৱ পেলায়৷ মাত্ৰ উৎসভেদে প্ৰদূষণৰ প্রকৃতি আৰু মাত্ৰাহে ভিন ভিন ৷ উদাহৰণস্বৰূপে: সৌৰ শক্তিৰ ব্যৱহাৰপ্রদূষণমুক্ত কিন্ত সৌৰকোষৰ দৰে সঁজুলিৰ প্ৰস্তুতকৰণ প্রক্ৰিয়াৰ জৰিয়তে পৰিৱেশ প্রদূষিত হয়।
ৰকেটৰ ইন্ধন হিচাপে হাইড্ৰ’জেন ব্যৱহাৰহয়। তোমালোকে ইয়াক চি. এন. জি. (মেখ)ত কৈ পৰিষ্কাৰ ইন্ধন বুলি গণ্যকৰিবানেকি? কিয় কৰিবা বা কিয় নকৰা ?
হাইড্ৰ’জেনক চি. এন.জি. তকৈ অধিক প্রদূষণমুক্ত ইন্ধন বুলি বিবেচনা কৰিব পাৰি, কাৰণ :
1.হাইডু’জেনৰ কেলৰি মান অধিক, সেয়ে ই চি. এন. জিৰ তুলনাত প্রতি একক ভৰত অধিক শক্তি যোগান ধৰে।
2.হাইড্’জৈনে চি. এন. জিৰ দৰে সেউজগৃহ গেছ উৎপন্ন নকৰে।
3.হাইডু’জেনে দহনৰ সময়ত মাত্ৰ পানীৰ বাষ্প নিৰ্গত কৰে যিয়ে প্ৰদূষণৰ সৃষ্টি নকৰে, আনহাতে চি. এন জিয়েপ্রদূষণকাৰী গেছ যেনে— কাৰ্বন ডাই-অক্সাইড, কাৰ্বন মন’ক্সাইড আদি উৎপন্ন কৰে।
প্রশ্নাৱলী Class 10 Science
তুমি নৱীকৰণযোগ্য বুলি বিৰ্চনা কৰা শক্তিৰ দুটা উৎসৰ নাম লিখা। তোমাৰ পছন্দৰ কাৰণ দৰ্শোৱা।
নৱীকৰণযোগ্ বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎস হ’ল :
1.জলশক্তি 2.বায়ুশক্তি
জল আৰু বায়ু শক্তি প্রত্যক্ষ বা পৰোক্ষভাৱে সূৰ্যৰপৰা আহৰণ কৰা হয়, যি পৃথিৱীৰ সকলো শক্তিৰ মূল। নিৰ্ধাৰণ কৰাহৈছে যে সূৰ্যই আৰু প্রায় 500 নিযুত বছৰ পৰ্যপ্ত শক্তি বিকিৰণ কৰি থাকিব। সেয়ে, পৃথিৱীত জীৱ বৰ্তি থকালৈ জল শক্তিআৰু বায়ু শক্তি ব্যৱহাৰ কৰি থাকিব পৰা যাব।
তুমি ক্ষয়িষ্ণু বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম উল্লেখ কৰা। তোমাৰ পছন্দৰ কাৰণ দৰ্শোৱা।
ক্ষয়িষু বুলি বিবেচনা কৰা দুটা শক্তি হ’ল :
1.কয়লাআৰু 2.পেট্ৰলিয়াম
পেট্ৰ’লিয়াম, কয়লা আদিৰ দৰে জীৱাশ্ম ইন্ধন উৎপন্ন হ’বলৈ নিযুত নিযুত বছৰৰ প্রয়োজন হয় আৰু সেয়া সীমিতপৰিমাণতহে মজুত হৈ আছে। যদি এই আধাৰ শেষ হৈ যায়, তেন্তে তাক কম সময়ৰ ভিতৰত পুনৰায় ঘূৰাই পোৱাঅসম্ভৱ। সেয়ে, কয়লা আৰু পেট্ৰ’লিয়ামক ক্ষয়িষু শক্তিৰ উৎস হিচাপে বিবেচনা কৰা হয়।
অনুশীলনী Class 10 Science
পানী গৰম কৰিবলৈ সৌৰ জল হীটাৰ এটা ব্যৱহাৰ কৰিব নোৱৰা দিনটো হৈছেঞা ।
(1) ৰৌদ্ৰোজ্বলদিন (2) ডাৱৰীয়াদিন
(3) গৰমদিন (4) বতাহে কোবোৱা দিন
ANS (2) ডাৱৰীয়া দিন
কাৰণ : ডাৱৰীয়াদিন দিনত সৌৰ শক্তি মেঘৰ ওপৰত পৰি প্রতিফলিত হৈ উভতি বায়, ফলত সৌৰ উত্তাপকে কাৰ্যসম্পাদন কৰিব নোৱাৰে। |
তলৰ কোনটো জীৱভৰ শক্তিৰ উদাহৰণ নহয় ?
1) খৰি (2) গোবৰ-গেছ
(3) নিউক্লীয় শক্তি (4) কয়লা
ANS 3)নিউক্লীয় শক্তি
কাৰণ : নিউক্লীয় শক্তি জীৱভৰ শক্তিত নপৰে, কিয়নো ই নিউক্লীয় সংযোজন বা বিখণ্ডন প্রক্ৰিয়াৰ জৰিয়তে উৎপন্নহয়, আনহাতে জীৱভৰ শক্তি উদ্ভিদ আৰু প্রাণীৰ বৰ্জ্য পদাৰ্থৰ পৰা আহৰণ কৰা হয়। |
আমি ব্যৱহাৰ কৰা শক্তিৰ সৰহসংখ্যক উৎসৰ শক্তি হ’ল সঞ্চিত সৌৰ শক্তি। তলৰ কোনটো সৌৰ শক্তি আধাৰিতনহয় ?
( 1) ভূ-তাপীয়শক্তি (2) বায়ুশক্তি
(3)নিউক্লীয়শক্তি (4) জৈৱ উপাদান
ANS: নিউক্লীয়শক্তি
কাৰণ নিউক্লীয় শক্তি নিউক্লীয় সংযোজন বা¢hMZÚXe প্ৰক্ৰিয়াৰ ফলত উৎপন্ন হয়, সৌৰ শক্তিৰ ফলত নহয় ।অইনশক্তিসমূহ পৰোক্ষভাৱে সৌৰ শক্তিৰ পৰা আহৰণ কৰা হয়। |
শক্তিৰ প্ৰত্যক্ষ উৎস হিচাপে জীৱাশ্ম ইন্ধন আৰু সৌৰশক্তিৰ তুলনা কৰা আৰু সিহঁতৰ পাৰ্থক্য দেখুওৱা ।
উঃশক্তিৰপ্রত্যক্ষ উৎস হিচাপে জীৱাশ্ম ইন্ধন আৰু সৌৰশক্তিৰ তুলনা আৰু পাৰ্থক্য :
ক্ৰমিক ew | তুলনা আৰু পাৰ্থক্যৰ | জীৱাশ্ম ইন্ধন | সৌৰ শক্তি |
1 | শক্তিৰ উৎস | নৱীকৰণ অযোগ্য শক্তিৰ উৎস। | নৱীকৰণযোগ্য শক্তিৰ উৎস। |
2 | প্ৰদূষণ | দহনৰ ফলত প্ৰদূষণ হয়। | প্ৰদূষণ নহয়। |
3 | ব্যবহাৰৰ সময়সীমা | দিনৰ যিকোনো সময়তে ব্যৱহাৰ কৰিবপাৰি | কেৱল এটা গৰম আৰু ৰৌদ্ৰোজ্বল পাৰি। ত দিনতহে ব্যৱহাৰ কৰিব পাৰি। |
4 | ব্যয় | জীৱাশ্ম ইন্ধনৰ বাবে বাৰে বাৰে ব্যয় মাত্ৰ এবাৰেই ব্যয়কৰিব লাগে। | মাত্ৰ এবাৰেই ব্যয়কৰিব লাগে। |
5 | ব্যৱহাৰ | পোনপটীয়াকৈ ব্যৱহাৰ কৰিব পাৰি | পোনপটীয়াকৈ ব্যৱহাৰ কৰিব নোৱাৰি। |
6 | উপলব্ধতা | সীমিতভাৱে উপলব্ধ। | উপলব্ধতাৰ সীমা নাই। |
শক্তিৰ উৎস হিচাপে জীৱ ভৰ আৰু জলবিদ্যুতৰ মাজৰ পাৰ্থক্যসমূহ দেখুওৱা ।
শক্তিৰ উৎস হিচাপে জীৱ ভৰ আৰু জলবিদ্যুতৰ মাজৰ পাৰ্থক্যসমূহ হ’ল:
ক্ৰমিক ew | তুলনাৰ¢iaÚ¢a | জীৱ ভৰ | জলবিদ্যুৎ |
1 | শক্তিৰ প্রকাৰ | নৱীকৰণযোগ্য। | নৱীকৰণযোগ্য। |
2 | প্ৰদূষণ | বায়ু প্রদূষণ নহয়। | কোনো প্ৰদূষণ নহয়। |
3 | উৎপাদন | কৃষি-আৱৰ্জনাৰ পৰা উৎপন্ন হয়। | গতিশীল পানীৰ পৰা উৎপন্ন হয়। |
4 | আহিলা | জৈৱ গেছ পাম স্থাপন কৰিব লগা হয়। | বান্ধ নিৰ্মাণ কৰিব লগা হয়। |
5 | ব্যয় | অতি মিতব্যয়ী। | আপেক্ষিকভাৱে ব্যয়বহুল। |
তলত দিয়া উৎসসমূহৰ পৰা শক্তি আহৰণ কৰাৰ সীমাবদ্ধতা কি কি ?
1.বতাহ 2.তৰংগ 3.জোৱাৰ-ভাটা
1. বতাহৰ পৰা শক্তি আহৰণৰ সীমাবদ্ধতাসমূহ হ’ল :
a)বছৰৰ বেছিভাগ সময়তে বায়ুপ্ৰৱাহ থকা অঞ্চলতহে উৎপাদন কৰিব পাৰি।
b)বায়ু প্ৰৱাহৰ নিম্নতম বেগ প্রতি ঘণ্টাত 15 কিলোমিটাৰ হ’ব লাগিব।
c) বায়ু প্রৱাহ নথকা সময়ত শক্তিৰ যোগান অব্যাহত ৰাখিবলৈ সঞ্চায়ক কোষৰ ব্যৱস্থা থাকিব লাগিব।
d) বৃহৎ ভূমিখণ্ডৰ প্রয়োজন হয়।
e) বায়ুকল স্থাপনৰ প্রাৰম্ভিক ব্যয় অতি বেছি।
f) উচ্চত্তৰৰ তত্ববাৱধানৰ প্রয়োজন।
2.তৰংগ বা ঢৌৰপৰা শক্তি আহৰণৰ সীমাবদ্ধতাসমূহ হ’ল :
a)সামুদ্ৰিক টৌ অতি বেছি থকা অঞ্চলতহে এনে প্রকল্প প্ৰযোজ্য ৷ টৌ কমিলেই উৎপাদন বন্ধ হৈ পৰে।
b) বৰ্তমান উপলব্ধ প্ৰযুক্তিৰ সহায়ত ঢৌৰ পৰা শক্তি আহৰণ কৰাটো অত্যধিক ব্যয়বহুল ৷
c) উপকূলীয় অঞ্চলতহে এয়া সম্ভৱ।
3.জোৱাৰৰ পৰা শক্তি উৎপাদনৰ সীমাবদ্ধতাসমূহ হ’ল?
a)জোৱাৰ ভাটাৰ বাবে বান্ধ নিৰ্মাণ কৰিব পৰা ঠাই সীমিত।
b) উৎপাদিত শক্তিৰ পৰিমাণ অতি কম।
c)ব্যয়বহুল।
কি আধাৰত শক্তিৰ উৎসসমূহ :
(a) নৱীকৰণযোগ্য আৰু নৱীকৰণ-অযোগ্য
b) ক্ষয়িষ্ণু আৰুঅক্ষয়িষণু
বুলি শ্ৰেণীভুক্ত কৰিবা ? (a) আৰু (b) ত উল্লেখ কৰা বাছন (option) একেইনে ?
(a) নৱীকৰণযোগ্য শক্তিৰ উৎসসমূহ প্ৰকৃতিত অবিৰতভাৱে উৎপন্ন হৈ থাকে অথবা এইবোৰৰ পুনঃনৱীকৰণ কৰিবপাৰি।যেনে সৌৰ শক্তি, বায়ু শক্তি, জল শক্তি ইত্যাদি৷আনহাতে, নৱীকৰণ-অযোগ্য শক্তিৰ উৎসসমূহ গঠন হওঁতে নিযুত নিযুত বছৰৰ প্রয়োজন হয় আৰু এবাৰ শেষহ’লে ততালিকে ঘূৰাই পাব পৰা নাযায়।যেনে জীৱাশ্ম ইন্ধন।
(b) সীমিত শক্তিৰ উৎসক ক্ষয়িষ্ণু শক্তি উৎস বোলে। যেনে ঃ কয়লা, পেট্ৰ’লিয়াম, প্ৰাকৃতিক গেছ ইত্যাদি৷আনহাতে যি শক্তিৰ যোগান অসীম আৰু ই সহজে বা কেতিয়াও শেষ হৈ নাযায় তেনে শক্তিৰ উৎসক অক্ষয়িষ্ণুশক্তিৰ শাৰীত ধৰা হয়। যেনেঃ সৌৰ শক্তি, বায়ু শক্তি, জল শক্তি ইত্যাদি৷
(a) আৰু (b) ত’দিয়া বিকল্পসমূহ প্রায় একেই বুলি ক’ব পাৰি। নৱীকৰণযোগ্য শক্তিৰ উৎসসমূহ নিঃশেষ হৈ নাযায় অৰ্থাৎঅক্ষয়িষ্ণু। আনহাতে,নৱীকৰণ-অযোগ্য শক্তিৰ উৎস শেষ হৈ যোৱাবিধৰ উৎস অৰ্থাৎ ক্ষয়িষ্ণু ।
এটা আদৰ্শ শক্তি উৎসৰ গুণসমূহ কি কি ?
এটা আদৰ্শ শক্তি উৎসৰ গুণসমূহ হ’ল :
(i) প্রতি একক আয়তন বা ভৰৰ বিনিময়ত সৰহ পৰিমাণৰ কাৰ্য কৰিব পাৰে।
(ii) মিতব্যয়ী আৰু সহজে উপলব্ধ।
(iii) সহজে মজুত আৰু পৰিবহণ কৰিব পাৰি।
(iv) পৰিৱেশ হিতৈষী।
সৌৰ চূলা ব্যৱহাৰৰ সুবিধা আৰু অসুবিধাসমূহ কি কি। এনে স্থান আছেনে য’ত তমাল কৰাম
সৌৰ চুলা ব্যৱহাৰৰ সুবিধাসমূহ হ’লঃ
(i) ই প্রদূষণৰ সৃষ্টি নকৰে।
(ii) খাদ্য ধীৰ গতিত ৰন্ধা যায় বাবে খাদ্যবস্তুৰ পুষ্টি দ্রব্য অক্ষুন্ন থাকে।
(iii) ব্যয়সাধ্য আৰু সহজে ব্যৱহাৰ কৰিবপৰা বিধৰ।
অসুবিধাসমূহ হ’লঃ
(i) ৰাতি বা মেঘাচ্ছন্ন বতৰত ব্যৱহাৰ কৰিব নোৱাৰি।
(ii) ভাজনৰ দৰে অতি বেছি তাপ প্রয়োজন হোৱা খাদ্য প্রস্তুতকৰণ প্রক্ৰিয়াত ব্যৱহাৰ কৰিব নোৱাৰি।
(iii) প্রতিফলক কীচখন সূৰ্যৰ পিনে মুখ কৰি থৈ দিব লগা হয়।
(iv) খাদ্য প্ৰস্তুতকৰণত অধিক সময়ৰ প্রয়োজন হয়।
ৰাতি দীঘলীয়া হোৱা ঠাই বা ডাৱৰীয়া হৈ থকা ঠাইত সৌৰ চুলাৰ ব্যৱহাৰ সীমিত হয়।
পৰিৱেশৰ ওপৰত শক্তিৰ বৰ্দ্ধিত চাহিদাৰ প্রভাৱ কি কি? শক্তিৰ ব্যয় হাস ক্ৰবৰ বাবে তুমি কি কি পদক্ষেপ লোৱাৰপৰামৰ্শ দিবা ?
শক্তিৰ বৰ্ধিত চাহিদাৰ ফলস্বৰূপে পৰিৱেশৰ ওপৰত পৰা প্রভাৱসমূহ হ’ল:
(i) শক্তিৰ চাহিদা পূৰাবৰ বাবে জীৱাশ্ম ইন্ধনৰ মাত্ৰাধিক ব্যৱহাৰৰ ফলত বায়ু প্ৰদূষণ হৈছে। জীৱাশ্ম ইন্ধন দহন কৰিলেনাইট্ৰ’জেন, ছালফাৰ আৰু কাৰ্বনৰ আম্লিক অক্সাইড উৎপন্ন হয় যিয়ে এছিড বৰুণৰ সৃষ্টি কৰি ভূমি আৰু জলসম্পদতবিৰূপ প্রভাৱ পেলায়।বায়ুমণ্ডলত কাৰ্বন ডাই-অক্সাইডৰ মাত্ৰাধিক উপস্থিতিয়ে সেউজগৃহ প্রভাৱ সৃষ্টি কৰি গোলকীয় উষ্ণতা বৃদ্ধি কৰে।সেউজগৃহ গেছৰ বৰ্ধিত নিৰ্গমন গোলকীয় উত্তাপ বৃদ্ধি পোৱাৰ মূল কাৰণ।
(ii) জলবিদ্যুৎ উৎপন্ন কৰিবৰ বাবে নিৰ্মাণ কৰা নদীবান্ধসমূহ পৰিস্থিতিতান্ত্ৰিক ভাৰসাম্যতা বিনষ্ট কৰে।
(iii) নিউক্লীয় শক্তি প্রকল্প হ’ল তেজস্ক্ৰিয় প্ৰদূষণৰ মূল কাৰণ। এনে প্রকল্পৰ পৰা নিৰ্গত বিকিৰণ পৰিৱেশৰ বাবে খুবেইহানিকাৰক।
শক্তিৰ ব্যয় কমোৱাৰ বাবে তলত কেইটামান পৰামৰ্শ আগবঢ়োৱা হৈছে:
(i) শক্তিৰ নৱীকৰণ অযোগ্য উৎসৰ ব্যৱহাৰ যথোচিত হ’ব লাগে।
(ii) শক্তিৰ নৱীকৰণযোগ্য উৎস, যেনে— সৌৰ শক্তি, বায়ু শক্তি, বৌৱতী পানীৰ শক্তি, জৈৱ ভৰৰ শক্তি, জোৱাৰশক্তি, ভূ-তাপীয় শক্তি আদিৰ ব্যৱহাৰ কৰিব লাগে।
(iii) শক্তি সংৰক্ষণ কৰিব লাগে। পাংখা, বৈদ্যুতিক চাকি, প্ৰশীতকযন্ত্ৰ আদি ব্যৱহাৰ নকৰাৰ সময়ত বন্ধ কৰি বা সংযোগ বিচ্ছিন্ন কৰি থব লাগে।
(iv) ৰাজহুৱা যাত্ৰীবাহী বাহন যেনে- বাছ, ৰে’লগাড়ী আদিৰ ব্যৱহাৰে ইন্ধনৰ খৰচ কমাব।
(v) পানীৰ টেপ ব্যৱহাৰৰ পিছত বন্ধ কৰি থব লাগে।
(vi) খাদ্য ৰন্ধাৰ বাবে প্ৰেছাৰ কুকাৰ ব্যৱহাৰ কৰিব লাগে।
(vii) সকলো যান্ত্ৰিক সা-সৰঞ্জাম নিয়মিতভাৱে চোৱা-চিতা আৰু প্রয়োজন অনুসাৰে মেৰামতি কৰি থাকিলে যথেষ্ট ইন্ধন
ৰাহি হয়।
(viii) তৰলীকৃত পেট্ৰ’লিয়াম গেছ ব্যৱহাৰ নকৰাৰ সময়ত নিয়ন্তুক (ৰেগুলেটৰ) বন্ধ কৰি থব লাগে।
Class 10 Science Assamese Medium CHAPTER 1 CLICK HERE