Class 10 science assamese medium ch-15 question ansbur tolot dhuniya koi diya ase. আমাৰ পৰিবেশ
পাঠসংলগ্ন প্ৰশ্নোত্তৰ
প্ৰশ্নাৱলী
কিছুমান পদাৰ্থ জীৱ নিগ্নীকৰণ আৰু আন কিছুমান জীৱ অনিমীকৰণ কিয় হয় ? (Class 10 Science assamese)
জৈৱিক প্রক্ৰিয়াৰে সৰল পৰ্যায়লৈ পৰিৱৰ্তন হ’ব পৰা পদাৰ্থবোৰক জীৱ নিম্নীকৰণ পদাৰ্থ বোলা হয়। এইবোৰ সাধাৰণতেউৎপত্তিগতভাৱে জৈৱিক পদাৰ্থ । আনহাতে অন্য কিছুমান পদাৰ্থ আছে যিবোৰ নিষ্ক্ৰিয় এইবোৰক এনে প্রক্ৰিয়াৰে সৰলপর্যায়লৈপৰিৱৰ্তন কৰিব নোৱাৰি৷ ইহঁতক জীৱ অনিম্নীকৰণ পদাৰ্থ বোলা হয়। জীৱ নিন্নীকৰণ পদাৰ্থক বিয়োজকে খাদ্যহিচাপে ব্যৱহাৰ কৰে আৰু সেয়ে এইবোৰ সৰল প়িলৈ পৰিৱৰ্তিত হয়। আনহাতে জীৱ অনিম্নীকৰণ পদাৰ্থক বিয়োজকেখাদ্য হিচাপে গ্ৰহণ কৰিব নোৱাৰে।
জীৱ নিম্নীকৰণ পদাৰ্থই পৰিৱেশত প্রভাৱ পেলাব পৰা যিকোনো দুটা সম্ভাৱনাৰ বিষয়ে লিখা।
জীৱ নিম্নীকৰণ পদাৰ্থই পৰিৱেশত প্রভাৱ পেলাব পৰা দুটা সম্ভাৱনা হ’ল :
1.এইবোৰ পদাৰ্থই মাটিৰ অন্তৰ্বস্ত জৈৱ মৃত্তিকা (humus) উন্নত কৰে।
2.এইবোৰ বিয়োজিত হোৱাৰ ফলত প্ৰদূষণৰ পৰা পৰিৱেশ সুৰক্ষিত হয়।
জীৱ অনিম্নিকৰণ পদাৰ্থই পৰিৱেশত প্ৰভাৱ পেলাব পৰা যিকোনো দুটা সম্ভাৱনাৰ বিষয়ে লিখা।
জীৱ অনিম্নীকৰণ পদাৰ্থই পৰিৱেশত প্রভাৱ পেলাব পৰা দুটা সম্ভাৱনা হ’ল:
(1) পৰিৱেশত দীৰ্ঘকাল ধৰি এইবোৰৰ অস্তিত্ব থাকে, সেয়ে এইবোৰ পৰিৱেশতন্ত্ৰৰ ক্ষতিৰ কাৰণ হয়।
(2) মাটি আৰু জলাশয় দূষিত কৰে। ইয়াৰ ফলস্বৰূপে মাটিৰ উৰ্বৰতা হাস পায় আৰু পানী দূষিত হয়।
প্ৰশ্নাৱলী ( Class 10 Science assamese)
পৌষ্টিক স্তৰ কি? উদাহৰণসহ এটা খাদ্য শৃংখলৰ বিভিন্ন পৌষ্টিক স্তৰৰ বিষয়ে লিখা।
খাদ্য শৃংখলৰ বিভিন্ন স্তৰসমূহ য’ত তলৰ স্তৰৰ পৰা ওপৰৰ স্তৰলৈ খাদ্য বা শক্তিৰ স্থানান্তৰণ হয় তাকে পৌষ্টিক স্তৰ বুলি জনা যায়।
খাদ্য শৃংখল এটাই বিভিন্ন স্তৰত ভিন ভিন জীৱক সামৰি লয়, যেনে :
(1) পৌষ্টিক স্তৰৰ প্রথম স্তৰত স্ব-পোষী জীৱ বা উৎপাদকসমূহক।
(2) দ্বিতীয় স্তৰত তৃণভোজী প্রাণী বা প্ৰাথমিক উপভোক্তাসমূহক।
(3 তৃতীয় স্তৰত ক্ষুদ্ৰ অকাৰত মাংসভোজী প্রাণী বা দ্বিতীয়ক উপভোক্তাসমূহক।
(4) চতুৰ্থস্তৰত বৃহৎ আকাৰৰ মাংসভোজী প্রাণী বা তৃতীয়ক উপভোক্তাসমূহক।
পুখুৰী এটাত থকা খাদ্য শৃংখলৰ উদাহৰণ :
পুখুৰীৰ অপত্বণ/শেলাইকীট-পতংগমাছসাৰেং
পুখুৰী এটাত থকা খাদ্য শৃংখলৰ বিভিন্ন পৌস্তিক স্তৰসমূহ হ’ল:
(1) উৎপাদক : পুখুৰীৰ তলিত থকা অপতৃণ আৰু শেলাইবোৰ হ‘ল সালোক হু
সংশ্লেষক তথা খাদ্য শৃংখলটোৰ উৎপাদক। এইবোৰ খাদ্য শৃংখলটোৰ প্রথম 1
পৌষ্টিক স্তৰত থাকে।
(2) প্ৰাথমিক উপভোক্তা:দ্বিতীয় পৌষ্টিক স্তৰত থকা পুখুৰীৰ অপত্ণ বা শেলাই
ভক্ষণ কৰা কীট-পতংগ আৰু খোলাযুক্ত জলজীৱসমূহ হ’ল প্রাথমিকউপভোক্তা।
(3) দ্বিতীয়ক উপভোক্তা :সৰু সৰু কীট-পতংগ আৰু খোলাযুক্ত জলজ জীৱসমূহ
ভক্ষণ কৰা পুখুৰীত থকা মাছবোৰ হ’ল দ্বিতীয়ক শ্ৰেণীৰ উপভোক্তা। এইবোৰ
খাদ্য শৃংখলটোৰ তৃতীয় পৌষ্টিক স্তৰত থাকে।
(4) তৃতীয়ক উপভোক্তা : সৰু সৰু মাছবোৰ ভক্ষণ কৰা ডাঙৰ ডাঙৰ মাছ আৰু
বগলীজাতীয় চৰাইবোৰ হ’ল খাদ্য শৃংখলটোৰ তৃতীয়ক উপভোক্তা । এইবোৰখাদ্য শৃংখলটোৰ চতুৰ্থ পৌষ্টিক স্তৰত থাকে।
পৰিস্থিতি তন্তুত বিয়োজকৰ ভূমিকা কি ?
পৰিস্থিতি তন্ত্ৰত বিয়োজকৰ ভূমিকা হ’ল :
(1) মৃত উদ্ভিদ আৰু প্রাণী তথা বৰ্জিত পদাৰ্থসমূহৰ পচন আৰু বিয়োজনত সহায় কৰি পৰিৱেশক নিকা কৰি ৰাখে।
(2) মাটিৰ প্রাকৃতিক উৰ্বৰতা পুনৰায় ঘূৰাই আনে। মৃত বৰ্জিত পদাৰ্থবোৰৰ বিয়োজনৰ দ্বাৰা উৎপন্ন হোৱা পোষকদ্রব্যবোৰ মাটিয়ে ধৰি ৰাখে যিটোৱে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে।
(3) পৰিৱেশত এক উপযুক্ত ভাৰসাম্যতা সৃষ্টি কৰে।
প্ৰশ্নাৱলী ( Class 10 Science assamese)
অ’জন কি আৰু ই কোন পৰিস্থিতি তন্তুত কেনেদৰে প্রভাৱ পেলায় ?
অ’জন হ’ল তিনিটা অক্সিজেন পৰমাণুৰে গঠিত অণু । সূৰ্যৰ পৰা ওলোৱা অতি বেঙুনীয়া ৰশ্মি (UV) আৰু অক্সিজেন (O2)ৰমাজত সংঘটিত বিক্ৰিয়াৰ দ্বাৰা বায়ুমণ্ডলৰ উচ্চ স্তৰত এই বিষাক্ত গেছ বিধ উৎপন্ন হয়।
পৰিস্থিতি তন্তুত অ’জনৰ প্ৰভাৱ :
(1) ই সূৰ্যৰ পৰা নিৰ্গত ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মিৰ পৰা পৃথিৱীপৃষ্ঠক ৰক্ষা কৰে। অতি বেঙুনীয়া ৰশ্মি (UV)ৰপ্রভাৱত মানুহৰ দেহত ছালৰ কৰ্কটৰোগ কেটেৰেক্ট হোৱাৰ লগতে প্রতিৰোধ ক্ষমতা ধ্বংস হয়।
(2) অ’জন স্তৰৰ অৱক্ষয়ে গোলকীয় উত্তাপনক প্রভাৱিত কৰে।
পেলনীয়া আৱৰ্জনাৰ সমস্যা হাস কৰিবলৈ তুমি কি পদক্ষেপ গ্ৰহণ কৰিবা ? ইয়াৰ যিকোনো দুটা পদ্ধতিৰ বিষয়ে লিখা । (Class 10 Science assamese)
পেলনীয়া আৱৰ্জনাৰ সমস্যা হ্ৰাস কৰাতো সহায় কৰা দুটা পদ্ধতি হ’লঃ
(1) জীৱ অনিম্নীকৰণ পদাৰ্থসমূহৰ ব্যৱহাৰ হাস কৰা আৰু এইবোৰৰ পৰিৱৰ্তে কাগজ, মৰাপাট, কপাহ আদিৰ দৰে জীৱনিম্নীকৰণ পদাৰ্থসমূহৰ ব্যৱহাৰক অগ্ৰাধিকাৰ দিয়া।
(2) জীৱ নিম্নীকৰণ আৰু জীৱ অনিম্নীকৰণ পদাৰ্থসমূহক পৃথক পৃথক জাবৰ পেলোৱা পাত্ৰত ৰাখিব লাগে, যাতে পচনসাৰ বা জৈৱ গেছ উৎপন্ন কৰিবলৈ জীৱ নিম্নীকৰণ পদাৰ্থবোৰ ব্যৱহাৰ কৰিব পৰা যায়, আনহাতে জীৱ অনিম্নীকৰণপদাৰ্থবোৰ পুনৰাৱৰ্তন কৰিব পৰা যায়।
অনুশীলনী ( Class 10 Science Assamese )
প্রতিটো বহুবিকল্পি প্রশ্নৰ পাছত আমি একোটা ব্যাখ্যা আগবঢ়াইছে যাতে তুমি উভৰটো উল্লিখিত ধবণৰ হোৱাৰ কাৰণটোভালদৰে বুজিব পাৰা। তোমাৰ ধাৰণা স্পষ্ট কৰিবলৈকে এনে কৰা হৈছে। ব্যাখ্যা কৰিবলৈ নিদেৰ্শনা নাথাকিলে, এয়া উত্তৰবহীত সনিৱিষ্ট নকৰিবা । |
1. তলত উল্লেখ কৰা কোনখিনিত কেৱল জীৱ নিম্নীকৰণ পদাৰ্থ আছে ?
(a) ঘাঁহ,ফুল আৰু চামৰা (b) ঘাঁহ, কাঠ আৰুপ্লাষ্টিক
(c) ফল-মূলৰ বাকলি, পিঠা আৰু টেঙাৰ ৰস (d) পিঠা,কাঠ আৰু ঘাঁহ
উঃ a), (c) আৰু (d)
কাৰণ : বিকল্প (b)ত থকা ঘাঁহ, কাঠ আৰু প্লাষ্টিকৰ ভিতৰত প্লাষ্টিক হ’ল জীৱ অনিন্নীকৰণ পদাথ বাকী আটাইকেইটাপদাৰ্থই হ’ল জীৱ নিম্নীকৰণ পদাৰ্থ। |
2. তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে ?
(a) ঘাঁহ, ঘেঁছআৰু আম (b) ঘাঁহ,ছাগলী আৰু মানুহ
(c) ছাগলী,গৰু আৰুহাতী (d) ঘাঁহ, মাছ আৰু ছাগলী
উঃ (b) ঘাঁহ, ছাগলী আৰুমানুহ
কাৰণ : খাদ্য শৃংখল এটাত, জীৱবোৰক ইটোৱে সিটোক ভক্ষণ কৰাৰ ওপৰত ভিত্তি কৰি বিভিন্ন পৌষ্টিক স্তৰতশৃংখলিতভাৱে সজোৱা হয়। বিকল্প (চ)ৰ বাহিৰে অন্য বিকল্পকেইটাই কোনো খাদ্য শৃংখল গঠন নকৰে।ঘাঁহ ছাগলী মানুহ
তলত উল্লেখ কৰাৰিলাকৰ কোনকেইটা পৰিৱেশ অনুকুল অভ্যাসৰ অন্তৰ্ভুক্ত ?
(a) দোকান বা বজাৰ কৰিবলৈ যাওঁতে হাতত কাপোৰৰ মোনা লৈ যোৱা অভ্যাস।
(b) অপ্রয়োজনীয়ভাৱে জ্বলি থকা লাইট বা চলি থকা ফেনৰ ছুইচ (Switch) বন্ধ কৰি ৰখা অভ্যাস ৷
(c) তোমাক মায়ে স্কুটাৰেৰে বিদ্যালয়লৈ অনা নিয়া কৰাৰ পৰিৱৰ্তে তুমি নিজে খোজ কাঢ়ি যোৱাঅভ্যাস।
(d) ওপৰৰ আটাইকেইটা অভ্যাস।
উঃ (d) ওপৰৰ আটাইকেইটা অভ্যাস।
কোনো এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱকে ধ্বংস কৰি পেলালে কি ঘটিব ?
উঃ যদি এটা পৌষ্টিক স্তৰৰ সকলোবোৰ জীৱকে ধ্বংস কৰি পেলোৱা হয়, তেতিয়া-
(a) পূৰ্ববৰ্তী নিম্ন পৌষ্টিক ভ্তৰৰ জীৱবোৰৰসংখ্যা অধিকভাৱে বৃদ্ধি হ’ব যিহেতু সেইবোৰ ভক্ষণ কৰা নহ’ব।
(b) পৰৱৰ্তী উচ্চতৰ পৌষ্টিক স্তৰৰ জীৱবিলাক অনাহাৰে থকাৰ ফলত ইহঁতৰ সংখ্যা হাস পাব।
(c)খাদ্য শৃংখলৰ শক্তিৰ প্রৱাহত ব্যাঘাত জন্মিব আৰু পৰিস্থিতি তদ্ত্ৰ ভাৰসাম্যহীনতাৰ কাৰণ হৈ পৰিব পাৰে-আহাআমি পাঁচটা পৌষ্টিক স্তৰেৰে গঠিত এটা খাদ্য শৃংখলৰ উদাহৰণ লওঁ, অৰ্থাৎ
ঘাঁহ পতংগ ভেকুলীসাপ শগুণ
ধৰা হ ল সকলোবোৰ ভেকুলী মাৰি পেলোৱা হ’ল তেতিয়া পৰৱৰ্তী উচ্চতৰ ক্ৰমিক পৌষ্টিক স্তৰৰ জীৱসমূহ, অৰ্থাৎসাপ আৰু শগুণবোৰৰ অনাহাৰে থকাৰ ফলত মৃত্যু হ’ব৷ তদুপৰি পূৰ্বৰতী নিম্ন স্তৰৰ জীৱসমূহ, অৰ্থাৎ কীট-পতংগবোৰৰসংখ্যা অধিকভাৱে বৃদ্ধি হ’ব যিহেতু সেইবোৰ ভক্ষণ কৰিবলৈ কোনো নাথাকিব।
বেলেগ বেলেগ পৌষ্টিক স্তৰৰ সকলোবোৰ জীৱক ধ্বংস কৰিলে প্ৰত্যেক পৌষ্টিক স্তৰৰ ফলাফলৰ সৈতে একেদৰেপ্রভাৱ পৰিবনে? পৰিস্থিতি তন্ত্ৰৰ কোনো হানি নোহোৱাকৈষি কোনো এটা পৌষ্টিক স্তৰৰ সকলোবোৰ জীৱক আঁতৰাবপাৰিনে ?
বেলেগ বেলেগ পৌষ্টিক স্তৰৰ পৰা সকলোবোৰ জীৱক আঁতৰাই দিলে বিভিন্ন পৌষ্টিক স্তৰত ভিন ভিন্ন প্ৰভাৱ পৰিব।উদাহৰণ হিচাপে, যদি আমি খাদ্য শৃংখলৰ পৰা সকলোবোৰ তৃণভোজী প্ৰাণীক আঁতৰাই দিওঁ, তেন্তেইয়াৰ ফলত উৎপাদকবোৰৰ,অৰ্থাৎ ঘাঁহ আৰু গছ-গছনিসমূহ অস্বাভাৱিকভাৱেবৃদ্ধি পাব। ফলস্বৰূপে পৰবৰ্তী স্তৰৰ সকলোবোৰ মাংসভোজীৰ খাদ্যৰঅভাৱত ষৃত্যু হ’ব আৰু ইয়াৰ অন্তিম পৰিণতিস্বৰূপে শীৰ্যপ্তৰীয় মাংসভোজীবোৰৰো অনাহাৰত মৃত্যু হ’ব।এনেদৰে, কোনো এটা জীৱক সম্পূৰ্ণৰূপে আঁতৰাই দিলে পৰিস্থিতি তন্ত্ৰৰ ভাৰসাম্যতাত ব্যাঘাত জন্মে।
জৈৱিক বিবৰ্ধক (Biological magnification) বুলিলে কি বুজা ? পৰিস্থিতি তন্তুৰ বেলেগ বেলেগ স্তৰত ইয়াৰপ্রভাৱবেলেগ বেলেগ হ’বনে ?
এটা পৌষ্টিক স্তৰত বিষাক্ত ৰাসায়নিক পদাৰ্থবোৰৰ পুঞ্জীভৱন আৰু খাদ্য শৃংখলৰ উচ্চতৰ স্তৰসমূহত ইয়াৰ গাঢ় অৱস্থাকেজৈৱিক বিবৰ্ধক বুলি কৌধা হয়। ৰাসায়নিক সাৰ, কীটনাশক আৰু অন্যান্য ওদ্যোগিক আৱৰ্জনাৰ পৰা বিষাক্ত পদাৰ্থবোৰউদ্ভিদে শোষণ কৰি লয় অথবা জলভাগত প্রৱেশ কৰে। এইদৰে এই বিষাক্ত পদাৰ্থবোৰে খাদ্য শৃংখলত প্ৰবেশ কৰে আৰুএটা পৌষ্টিক স্তৰৰ পৰা অন্য এটা পৌষ্টিক স্তৰলৈ স্কানান্তৰ হয়।
পৰিস্থিতি অন্তৰ প্ৰতিটো পোষ্টিক স্তৰতে বিষাক্ত পদাৰ্থবোৰ পুঞ্জীভূত হোৱা পৰিমাণ বেলেগে বেলেগ হয়। এইবোৰপ্ৰথমে ডৎপাদকসমূহৰ ভিতৰত প্রৱেশ কৰে, য’ত ইহঁতৰ গাঢ়তা অতি কম হয়, কেতিয়াবা আনকি একেবাৰে নগণ্য বাউপেক্ষণীয় হয়। যিহেতু প্ৰাথমিক উপভোক্তাবোৰে উৎপাদকবোৰক ভক্ষণ কৰে সেয়ে প্ৰাথমিক উপভোক্তাবোৰৰ দেহতবিষাক্ত পদাৰ্থবোৰৰ গাঢ়তা বৃদ্ধি হয় আৰু এইদৰে এই পৰিমাণ তৃতীয়ক উপভোক্তাৰ স্তৰত সৰ্বাধিক হয়। সেয়ে মনুহৰদেহত এই বিষাক্ত পদাৰ্থবোৰ আটাইতকৈ বেছি মজবুত হয়।
আমি সৃষ্টি কৰা জীৱ অনিম্নীকৰণ পদাৰ্থবিলাকৰ পৰা আমাৰ কি কি সমস্যা হ’ব পাৰে ? (Class 10 Science assamese)
জীৱ অনিস্নীকৰণ পদাৰ্থবোৰে সৃষ্টি কৰিব পৰা সমস্যাসমূহ হ’ল :
(1) এইবোৰৰ প্ৰাকৃতিকভাৱে বিয়োজন ঘটাব পৰা নাযায় আৰু দীৰ্ঘকালৰ বাবে পৰিৱেশত ইয়াৰ অস্তিত্ব বিৰাজ কৰে।ইয়াৰ দ্বাৰা ভূমি আৰু জলাশয় দূষিত হৈ পৰে।
(2) প্লাষ্টিকৰ মোনা, পাত্ৰ, বটল আদিৰ দৰে পেলনীয়া সামগ্ৰীবোৰে নলা-নৰ্দমাবোৰত প্রতিবন্ধকতাৰ সৃষ্টি কৰে।
(3) ভূমিৰ মানবৈশিষ্ট্য অৱনমিত কৰে আৰু গছ-গছনিৰ বৃদ্ধিত বাধা প্রদান কৰে।
(4) মানুহ আৰু অন্যান্য প্রাণীৰ দেহত খাদ্য শৃংখলৰ জৰিয়তে বিষাক্ত ৰাসায়নিক পদাৰ্থৰ জৈৱিক বিবৰ্ধনৰ পৰিঘটনাসংঘটিত কৰে।
(5) এইবোৰে পৰিস্থিতি তন্ত্ৰৰ প্রাকৃতিক ভাৰসাম্যতা ধ্বংস কৰে।
আমি সৃষ্টি কৰা আৱৰ্জনাৰিলাকৰ সকলোবিলাকেই যদি জীৱ নিম্নীকৰণ পদাৰ্থ হয়, তেনেহ’লে পৰিৱেশৰ ওপৰত একোপ্রভাৱ নপৰাকৈ থাকিবনে ? (Class 10 Science assamese)
সৃষ্টি হোৱা আৱৰ্জনাবোৰৰ সকলোবোৰেই যদি জীৱ নিম্নীকৰণ পদাৰ্থ হয় তেনেহলে নিন্নোভধৰণে প্রভাৱ বিস্তাৰ কৰে :
(1)দুর্গন্ধ :জীৱ নি্নীকৰণ আৱৰ্জনাবোৰত অণুজীৱসমূহৰ ক্ৰিয়াৰ বাবে বিয়োজন ঘটিলে দুৰ্গন্ধ নিৰ্গত হয়।
(2) বায়ু প্ৰদূষণ : জীৱ নিম্নীকৰণ আৱৰ্জনাবোৰৰ পচন আৰু বিয়োজনৰ ফলত মিথেন আৰু কাৰ্বন ডাই-অক্সাইডৰ দৰেক্ষতিকাৰক গেছসমূহ পৰিৱেশত মুক্ত হয় যিয়ে বায়ু প্ৰদূষণৰ সৃষ্টি কৰে।
(3)দূষিতভৱন:জলাশয় আৰু বাসগৃহৰ ওচৰত আৱৰ্জনা পেলালে পৰিৱেশ দূষিত হয় আৰু ৰোগৰ সংক্ৰমণ ঘটে।অৱশ্যে জীৱ নিম্নীকৰণ আৱৰ্জনাসমূহ পৰিৱেশত দীৰ্ঘকাল ধৰি বৰ্তি নাথাকে, সেয়ে এইবোৰৰ কুপ্ৰভাৱবোৰ অতিকম সময়ৰ বাবেহে পৰিৱেশত বৰ্তি থাকে। বহল পৰিসৰত, এই জীৱ নিম্নীকৰণ আৱৰ্জনাবোৰে পৰিৱেশত একইতিবাচক প্রভাৱ পেলায় যিহেতু এইবোৰে পৰিস্থিতি তন্ত্ৰলৈ কেঁচামাল পুনৰায় ঘূৰাই আনে ৷ সুবিবেচনাপূৰ্ণ ব্যৱস্থাপনাৰদ্বাৰা এই হস্বম্যাদী নেতিবাচক প্রভাৱসমূহ প্ৰভাৱহীন কৰিব পৰা যায়।
Chapter 14 Question answer Click Here