Class10 Science Assamese medium or guteibur questionr answer oti khundorkoi bohol vabe diya ase jate apunaluke porhi upokrito hoi.
অধ্য়ায় 1 | ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ |
অধ্য়ায় 2 | এছিড, ক্ষৰক আৰু লৱণ |
অধ্য়ায় 3 | ধাতু আৰু অধাতু |
অধ্য়ায় 4 | কাৰ্বন আৰু তাৰ যৌগ |
অধ্য়ায় 5 | মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন |
অধ্য়ায় 6 | জীৱন প্ৰক্ৰিয়া |
অধ্য়ায় 7 | নিয়ন্ত্ৰণ আৰু সমন্বয় |
অধ্য়ায় 8 | জীৱই কেনেকৈ বংশবিস্তাৰ কৰে ? |
অধ্য়ায় 9 | বংশগতি আৰু ক্ৰমবিকাশ |
অধ্য়ায় 10 | পোহৰ-পতিফলন আৰু প্ৰতিসৰণ |
অধ্য়ায় 11 | মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী |
অধ্য়ায় 12 | বিদ্যুত |
অধ্য়ায় 13 | বিদ্যুত- প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া |
অধ্য়ায় 14 | শক্তিৰ উৎসসমূহ |
অধ্য়ায় 15 | আমাৰ পৰিবেশ |
অধ্য়ায় 16 | প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা |
CLASS 10 Science Solution Assamese Medium
অধ্য়ায় 1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ
দশম শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ প্ৰথম অধ্যায়ত ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ বিষয়ে অধ্যয়ন কৰা হব । পূৰ্বৱৰ্তী শ্ৰেণীবোৰত, আমি পদাৰ্থৰ শাৰীৰিক আৰু ৰাসায়নিক পৰিবৰ্তন সম্পৰ্কে শিকি আহিছো । যেতিয়া কোনো ৰাসায়নিক পৰিবৰ্তন ঘটে, আমি কব পাৰো যে তেতিয়া ৰাসায়নিক বিক্ৰিয়া হৈছে । এটা সম্পূৰ্ণ ৰাসায়নিক সমীকৰণে বিক্ৰিয়ক বিক্ৰিয়াজাত পদাৰ্থ আৰু সিহঁতৰ ভৌতিক অৱস্থাক সাংকেতিক ৰূপত উপস্থাপনা কৰে । আমি কিদৰে এটা ৰাসায়নিক বিক্ৰিয়া লিখিব লাগে সেইবোৰ এই অধ্যায়ত অধ্যয়ন কৰিম । বিভিন্ন ৰাজ্যত বিভিন্ন ৰাসায়নিক সমীকৰণ কেনেদৰে ভাৰসাম্যপূৰ্ণ হব পাৰে সেই বিষয়েও এই অধ্যায়ত বাখ্যা কৰা হৈছে ।
ইয়াৰ উপৰিও বিভিন্ন ৰাসায়নিক প্ৰক্ৰিয়া যেনে তাপগ্ৰাহী বিক্ৰিয়া, অধঃক্ষেপন বিক্ৰিয়া, সংযোজন বিক্ৰিয়া, অপসৰন বিক্ৰিয়া, জাৰন-বিজাৰণ বিক্ৰিয়া আদিৰ সম্পৰ্কে এই অধ্যাত বহুলভাৱে আলোচনা কৰা হৈছে । অধ্যাৰ শেষৰফালে ক্ষয়ীভৱন আৰু দীৰগন্ধিতা বা ৰেনসিদিতিৰ বিষয়েও আলোচনা কৰা হৈছে । আটাইতকৈ বুজিব লগা বিষয়টো হল – এই অধ্যায়ত প্ৰয়তেক বিষয়ক বহুলভাৱে আলোচনা কৰাৰ লগতে প্ৰতিটোৰে উপযুক্ত উদাহৰণ সংযোগ কৰা হৈছে । For Question Answer Click Here
অধ্য়ায় 2 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ
দশম শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ প্ৰথম অধ্যায়ত ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ বিষয়ে অধ্যয়ন কৰা হব । পূৰ্বৱৰ্তী শ্ৰেণীবোৰত, আমি পদাৰ্থ শাৰীৰিক আৰু ৰাসায়নিক পৰিবৰ্তন সম্পৰ্কে শিকি আহিছো । যেতিয়া কোনো ৰাসায়নিক পৰিবৰ্তন ঘটে, আমি কব পাৰো যে তেতিয়া ৰাসায়নিক বিক্ৰিয়া হৈছে । এটা সম্পূৰ্ণ ৰাসায়নিক সমীকৰণে বিক্ৰিক বিক্ৰিয়াজাত পদাৰ্থ আৰু সিহঁতৰ ভৌতিক অৱস্থাক সাংকেতিক ৰূপত উপস্থাপনা কৰে । আমি কিদৰে এটা ৰাসায়নিক বিক্ৰিয়া লিখিব লাগে সেইবোৰ এই অধ্যায়ত অধ্যয়ন কৰিম । বিভিন্ন ৰাজ্যত বিভিন্ন ৰাসায়নিক সমীকৰণ কেনেদৰে ভাৰসাম্যপূৰ্ণ হব পাৰে সেই বিষয়েও এই অধ্যায়ত বাখ্যা কৰা হৈছে ।
ইয়াৰ উপৰিও বিভিন্ন ৰাসায়নিক প্ৰক্ৰিয়া যেনে তাপগ্ৰাহী বিক্ৰিয়া, অধঃক্ষেপন বিক্ৰিয়া, সংযোজন বিক্ৰিয়া, অপসৰন বিক্ৰিয়া, জাৰন-বিজাৰণ বিক্ৰিয়া আদিৰ সম্পৰ্কে এই অধ্যাত বহুলভাৱে আলোচনা কৰা হৈছে । অধ্যাৰ শেষৰফালে ক্ষয়ীভৱন আৰু দীৰগন্ধিতা বা ৰেনসিদিতিৰ বিষয়েও আলোচনা কৰা হৈছে । আটাইতকৈ বুজিব লগা বিষয়টো হল – এই অধ্যায়ত প্ৰয়তেক বিষয়ক বহুলভাৱে আলোচনা কৰাৰ লগতে প্ৰতিটোৰে উপযুক্ত উদাহৰণ সংযোগ কৰা হৈছে । For Question Answer Click Here
অধ্য়ায় 3 ধাতু আৰু অধাতু
দশম শ্ৰেণীৰ বিজ্ঞান কিতাপখনৰ তৃতীয় অধ্যায়ত তোমালোকে ধাতু আৰু ওধাতুৰ বিষয়ে পঢ়িবলৈ পাবা । নৱম শ্ৰেণীত তোমালোকে বিভিন্ন মৌলৰ বিষয়ে শিকিছাঁ । ধৰ্মৰ ওপৰত ভিত্তি কৰি মৌল বিলাকক ধাতু আৰু অধাতু হিচাপে শ্ৰেণীভুক্ত কৰিব পাৰি । বিজ্ঞানৰ এই তৃতীয় অধ্যায়ত আমি ধাতু আৰু অধাতুবোৰৰ শাৰীৰিক বৈশিষ্ট সম্পৰ্কে শিকিবলৈ পাবা । ধাতুবোৰৰ দ্যুতিসম্পন্ন, ঘাটসহনিয় নমনীয় আৰু বিদ্যুৎ আৰু তাপৰ সুপৰিবাহী । সাধাৰণ উষ্ণতাত সিহঁত গোটা কিন্তু পাৰা জুলীয়া । ধাতুয়ে অধাতুলৈ ইলেক্ট্ৰন এৰি দি ধনাত্মক আয়ন গঠন কৰিব পাৰে । অক্সিজেনৰ লগত ধাতুয়ে সাৰকীয় অক্সাইড উৎপন্ন কৰে । এলুমিনীয়াম অক্সাইড আৰু জিংক অক্সাইদে সাৰকীয় আৰু আম্লিক উভয়ৰে বিক্ৰিয়া দেখুৱাই । তোমালোকে এই অধ্যায়ত জানিবলৈ পাব যে পানী আৰু লঘু এছিদৰ লগত ধাতুয়ে কিদৰে বিক্ৰিয়া কৰে । লগতে তোমালোকে জানিবলৈ পাবা যে পানী আৰু লঘু এছিদৰ লগত ধাতুৱে কিদৰে বিক্ৰিয়া কৰে । লগতে আমি জানিবলৈ পাম যে ধাতু প্ৰকৃতিত কি অৱস্থাত পোৱা যায় আৰু এই ধাতুবোৰৰ আকাৰ কেনেধৰণৰ । ধাতুৰ লগতে আমি অধাতুৰ অৱস্থান আকাৰ আৰু ইয়াৰ বৈশিষ্ট্য সম্পৰ্কে এই অধ্যাত বহুলভাৱে আলোচনা কৰিম । For Question Answer Click Here
অধ্য়ায় 4 কাৰ্বন আৰু তাৰ যৌগ
দশম শ্ৰেণীৰ পাঠ্যপুথিৰ চতুৰ্থ অধ্যায়ত আমি কাৰ্বন আৰু তাৰ যৌগৰ বিষয়ে অধ্যয়ন কৰিম। আগৰ ধাতু আৰু আধাতু অধ্যায়ত আমি বহুতো প্ৰয়োজনীয় পদাৰ্থৰ বিষয়ে জানিলো।(Class10 science assamese medium) এই অধ্যায়ত আমি বহুতো আকৰ্ষণীয় যৌগ আৰু সিহঁতৰ ধৰ্মৰ বিষয়ে আলোচনা কৰিম। তাৰোপৰি মূলৰ ওপৰতে হওক বা যোগ্যতাৰ ওপৰতে হওক আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ কাৰ্বন বিষয়ে এই অধ্যায়ত আলোচনা কৰিম। কাৰ্বন যোগ্যতা আৰু ধৰ্মৰ বাবে অগণন প্ৰকাৰৰ কাৰ্বন যৌগ উৎপন্ন হয়। দুটা পমানুৰ মাজত এলেক্ট্ৰনৰ ভাগ-বতৰা হয় সহযোগী বান্ধনী সৃষ্টি হয় যাৰ ফলত দুয়োতা পমানুৰ মাজত দ্বিবান্ধনি বা ত্ৰিবান্ধনি সৃষ্টি হৈ বহুতো যৌগ গঠিত হয়। কাৰ্বন শৃংখলবোৰ মুক্ত শাখাযুক্ত নাইবা বলি আকৃতিৰ হব পাৰে। এই সকলোবোৰ বিষয়ৰ ওপৰত আমি এই অধ্যায়ত বহুলভাৱে আলোচনা কৰিম। For Question Answer Click Here
মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন
দশম শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ 5 ম অধ্যায়ত আমি মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীৰ বিষয়ে আলোচনা কৰিম। নৱম শ্ৰেণীত আমি শিকি আহিছোঁ যে আমাৰ চাৰিওফালে থকা পদাৰ্থবোৰ মৌল, যৌগ আৰু মিশ্ৰনৰ ৰূপত থাকে আৰু মৌলবোৰত কেৱল এক প্ৰকাৰৰ পমানুহে থাকে। বৰ্তমান আমি 114 তা মৌলৰ বিষয়ে জানো কিন্তু 1800 চন মানত কেৱল 30 তা মৌলৰ বিষয়েহে জনা গৈছিল। দেখাত এই সকলোবোৰৰ ধৰ্ম ভিন ভিন আছিল।
ভিন ভিন মৌলৰ আবিষ্কাৰ হোৱাৰ পাছত বিজ্ঞানীসকলে মৌলবোৰৰ ধৰ্মৰ বিষয়ে বহুতো তথ্য আহৰণ কৰিছিল। মৌলবোৰৰ বিষয়ে জ্ঞাত হোৱা এই সকলোবোৰ তথ্যক একত্ৰিত কৰি উপস্থাপন কৰাটো তেওঁলোকৰ বাবে এক সমস্যা আছিল তেওঁলোকে মৌলবোৰৰ ধৰ্মত থকা কিছুমান সমূহীয়া সাদৃশ্য অনুসন্ধান কৰিছিল যাৰ ওপৰত ভিত্তি কৰি মৌলবোৰৰ ধৰ্ম সহজে অধ্যয়ন কৰিব পৰা যায়। For Question Answer Click Here
জীৱন প্ৰক্ৰিয়া
দশম শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ চেষ্টা অধ্যত আমি জীৱনৰ প্ৰক্ৰিয়া সম্পৰ্কে আলোচনা কৰিম। আমি জীয়াই থকা আৰু জীয়াই নথকা অৱস্থাত জীৱৰ মাজত কেনেদৰে পাৰ্থক্য দাঙি ধৰিম তাৰ বিষয়ে এই পাথটিত আলোচনা কৰিম। ইয়াৰ উপৰিও আমি উদ্ভিদৰ বিষয়ে বহুলভাৱে অধ্যয়ন কৰিম। উদ্ভিদে কিদৰে খাদ্য সংগ্ৰহ কৰে আৰু জীৱই কি প্ৰক্ৰিয়াৰ দ্বাৰা খাদ্য সংগ্ৰহ কৰে তাৰ বিষয়েও এই অধ্যত অধ্যয়ন কৰিম এই অধ্যত জীৱ আৰু উদ্ভহিদৰ বিভিন্ন অংগসমূহৰ বিষয়ে চিত্ৰখহ বুজাবলৈ চেষ্টা কৰা হৈছে যাৰ দ্বাৰা জীৱ আৰু উদ্ভিদসমূহ জীয়াই থাকিবলৈ সক্ষম হয়। এই আধ্যাত আমি জীৱৰ তন্ত্ৰ সমূহৰ সমান্নয়ত ইহঁতৰ জীৱন প্ৰক্ৰিয়া কিদৰে চলি থাকে তাক অধ্যয়ন কৰিম । For Question Answer Click Here
নিয়ন্ত্ৰণ আৰু সমন্বয় (Class10 Science assamese medium)
দশম শ্ৰেণীৰ 7 ম অধ্যায়ত নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ বিষয়ে আলোচনা কৰা হৈছে। আগৰ পাঠতিত আমি পঢ়ি আহিছোঁ যে জীৱৰ বিভিন্ন তান্ত্ৰসমূহ সমন্বয়ত ইহঁতৰ জীৱন প্ৰক্ৰিয়া চলি থাকে। বিভিন্ন তন্ত্ৰসমূহৰ কাম কাজ নিয়ন্ত্ৰণ কৰিবলৈ জীৱদেহত আন এক তন্ত্ৰ সমন্বিত হৈ থাকে। সাধাৰণতে এই অধ্যায়ত আমি আমাৰ দেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয় কিদৰে সংঘটিত হয়। স্নায়ুতন্ত্ৰৰ ক্ৰিয়াসমূহৰ ভাগ কিমান স্নায়ুতন্ত্ৰই কিয় বৈদ্যুতিক প্ৰেৰণা প্ৰেৰণ কৰে, স্নায়ুতন্ত্ৰ কিদৰে ক্ৰিয়া কৰে, শ্ৰমনৰ ক্ৰিয়া কিদৰে নিয়ন্ত্ৰণ কৰা হয় আৰু কিছুমান বিষয় লৈ এই অধ্যায়ত বহল ভাবে আলোচনা কৰা হৈছে। For Question Answer Click Here
জীৱই কেনেকৈ বংশবিস্তাৰ কৰে ?
দশম শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ 8 ম অধ্যায়ত জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে তাৰ বিষয়ে বহুলভাৱে আলোচনা কৰা হব। আমি জানো যে, বংশবৃদ্ধি কৰা জীৱৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট।(Class10 Science assamese medium)আমি এই অধ্যায়ত জীৱসমূহে কিয় বংশবৃদ্ধি কৰে তাৰ বিষয়ে আলোচনা কৰিম। এই অধ্যায়ৰ পৰা আমি জানিবলৈ পাম যে প্ৰজনন প্ৰক্ৰিয়াটো দি.এন.এৰ প্ৰতিলিপি তৈয়াৰ কৰা আৰু কোষত থকা আন আন কোষ, অংগবিলাকৰ উৎপত্তি কৰাৰ লগতে জড়িত। ইয়াৰ লগতে কৈশোৰ কালত ছোৱালী এগৰাকীৰ স্তনৰ আকাৰ কিয় বৃদ্ধি পায় আৰু লৰাৰ মুখ মণ্ডলৰ দাড়ি কিয় ওলাই তাৰ বিষয়েও অধ্যয়ন কৰিম। অন্য অৰ্থাৎ কেৱল গলে জীৱৰ বংশ বৃদ্ধিৰ কাৰণ আৰু মানুহৰ বংশ বৃদ্ধিৰ প্ৰতিৰোধক সম্পৰ্কে এই অধ্যত বহুলভাৱে আলোচনা কৰিম। For Question Answer Click Here
বংশগতি আৰু ক্ৰমবিকাশ (Class10 Science assamese medium)
দশম শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ 9 ম আধ্যাত আমি বংশগতি আৰু ক্ৰমবিকাশ সম্পৰ্ক আলোচনা বহুলভাৱে কৰিম। আমি যদি ঈদৰ কুঁহিয়াৰ নিৰীক্ষণ কৰোঁ তেতিয়া সিহঁতৰ প্ৰত্যেকৰে পৰস্পৰৰ মাজত নাম মাত্ৰহে বৈশাদৃশ্যতা পাম কিন্তু মানুহকে ধৰি অন্যান্য প্ৰাণীৰ মাজত, যিবিলাক যৌন প্ৰজননৰ যোগেদি বংশ বিস্তাৰ কৰে; সিহঁতৰ মাজত এনে বৈশাদৃশ্যতা বেছি পৰিলক্ষিত হয়। এই অধ্যায়ত আমি এনে বৈশাদৃশ্যতা কেনেকৈ সৃষ্টি হয় আৰু বংশনুক্ৰমে কেনেদৰে প্ৰবাহিত হৈ তাৰ বিষয়ে আলোচনা কৰিম। For Question Answer Click Here
পোহৰ-পতিফলন আৰু প্ৰতিসৰণ (Class10 Science assamese medium)
দশম শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ অন্তৰ্গত 10-ত পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ সম্পৰ্কে আলোচনা কৰিম আমি আমাৰ চৌপাশৰ জগতখনত বহুতো বস্তু দেখোঁ। অৱশ্যে আন্ধাৰ কোঠাত আমি একো দেখা নাপাও। কোঠাটোত লাইট জ্বলালো বস্তুবোৰ দৃশ্বমান হয়। কিহে বস্তুবোৰ দৃশ্বমান কৰে ? দিনৰ ভাগত সূৰ্যৰ পোহৰ বাবে আমি বস্তুবোৰ দেখা পাওঁ।(Class10 Science assamese medium) বস্তুৱে তাৰ পৃষ্ঠাত অপতিটো হোৱা পোহৰ প্ৰতিফলিত কৰে। এই প্ৰতিফলিত পোহৰ আমাৰ চকুত সোমালে আমি বস্তুবোৰ দেখা নাপাওঁ। পোহৰৰ লগত সততে চকুত পৰা বহুতো বিস্ময়কৰ পৰিঘটনা জড়িত হৈ আছে যেনে দাপোনৰ দ্বাৰা প্ৰতিমুম্বা গঠন, তৰাৰ তিৰবিৰণি, ৰামধেনুৰ মনোমোহা, ৰং, মাধ্যমৰ দ্বাৰা পোহৰৰ দিশ পৰিৱৰ্তন ইত্যাদি। পোহৰৰ ধৰ্মসমূহৰ অধ্যয়ন এই অধ্যাত কৰিলে এইবোৰ বিষয়ে বহলভাবে জানিব পাৰিম। এই অধ্যাত আমি পোহৰৰ সৰল ৰৈখিক গতিৰ আধাৰত পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণৰ বিষয়ে অধ্যয়ন কৰিম। এনেবোৰ মূল ধাৰণাই আমাক পোহৰৰ কিছুমান প্ৰাকৃতিক পৰিঘটনা অধ্যয়ন কৰা সহায় কৰে। এই অধ্যত আমি গোলাকাৰ দাপোন দ্বাৰা পোহৰৰ প্ৰতিসৰণ আৰু বাস্তৱিক জীৱনত এইবিলাকৰ প্ৰয়োগ সম্পৰ্কে পঢ়িম। For Question Answer Click Here
মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী
দশম শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ অন্তৰ্গত 11 তম অধ্যাত মানুহৰ চকু আৰু বাৰে বৰণীয়া পৃথিৱীৰ বিষয়ে বহুলভাৱে আলোচনা কৰিম। আমি আগৰ অধ্যায়ত লেন্সৰ দ্বাৰা পোহৰৰ প্ৰতিফলন বিষয়ে পঢ়ি আহিছোঁ। লেন্সৰ গঠন কৰা প্ৰতিমিম্বৰ প্ৰাকৃতিক, অৱস্থান আৰু আপেক্ষিক আকাৰৰ বিষয়ে পঢ়িলোঁ।
ইয়াৰ আগৰ অধ্যায়ত আমি পোহৰ আৰু ইয়াৰ কিছুমান ধৰ্মৰ বিষয়ে অধ্যয়ন কৰিলোঁ। এই অধ্যায়ত আমি পোহৰ আৰু ইয়াৰ কিছুমান ধৰ্মৰ বিষয়ে অধ্যয়ন কৰিলোঁ।(Class10 Science assamese medium) এই অধ্যাত আমি প্ৰকৃতিৰ কিছুমান অলৌকিক পৰিঘটনাৰ অধ্যয়নত এই ঘটনাসমূহৰ ব্যৱহাৰ কৰিম। আমি ৰামধেনুৰ গঠিত,বগা পোহৰৰ বিভাজন আৰু আকাশৰ নীলা ৰঙা ৰঙৰ বিষয়ে আলোচনা কৰিম। For Question Answer Click Here
বিদ্যুত (Class10 Science assamese medium)
আধুনিক সমাজৰ বিদ্যুতৰ এক সুকীয়া ঠাই আছে। ই এক নিয়ন্ত্ৰণ কৰিব পৰা আৰু সুবিধাজনক শক্তিৰ প্ৰকাৰ, যি ঘৰ, বিদ্যালয়,চিকিৎসালয়, কাৰখানা আদি বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়।( Class10 science assamese medium) ববিদ্যুত কিহৰ গঠিত হয় ? ই বিদ্যুৎ বৰ্তনীত কেনেকৈ প্ৰবাহিত হয় ? বিদ্যুৎ বৰ্তনীত প্ৰবাহ নিয়ন্ত্ৰণ বা পৰিচালনা কৰিবলে কি কি কৰক আছে ? এই অধ্যাত আমি এই প্ৰশ্ন সমূহৰ উত্তৰ দিবলৈ যত্ন কৰিম। আমি বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া আৰু ইয়াৰ ব্যৱহাৰৰ বিষয়েও আলোচনা কৰিম। For Question Answer Click Here
বিদ্যুত- প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া (Class10 Science assamese medium)
আগৰ আধ্যাত ‘বিদ্যুৎ’ ত আমি বৈদ্যুতিক প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ বিষয়ে পঢ়িলোঁ। বৈদ্যুতিক প্ৰবাহৰ আন ক্ৰিয়াবোৰ কি হব পাৰে ? আমি জানো যে বৈদ্যুতিক প্ৰবাহযুক্ত পৰিবাহীয়ে চুম্বকৰ দৰে আচৰণ কৰে। আমি জানো যে নবিদ্যুত আৰু চুম্বকৰ মাজত যুগসূত্ৰ আছে। তেন্তে ছলমান চুম্বকৰ দ্বাৰা বৈদ্যুতিক ক্ৰিয়া সংগঠিত হোৱাৰ দৰে বিপৰীত ঘটনাও সম্ভৱ এনেকি ? এই অধ্যত আমি চুম্বকক্ষেত্ৰ আৰু এনেকুৱা বিদ্যুৎ- চুম্বকীয় পৰিঘটনাসমূহৰ বিষয়ে আলোচনা কৰিম। বৈদ্যুতিক প্ৰবাহৰ চুম্বকীয় ক্ৰিয়াৰ আধাৰত বিদ্যুৎচুম্বক আৰু বৈদ্যুতিক মটৰৰ বিষয়ে আৰু ছলমান, চুম্বকৰ বৈদ্যুতিক ক্ৰিয়াৰ আধাৰত বৈদ্যুতিক জেনেৰে তৰৰ বিষয়ে আলোচনা কৰিম। For Question Answer Click Here