পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত।
খোদা ৰছুল লুকাই আছে, মোমিনৰ আঁৰত ৷৷ class 10 assamese zikir
উত্তৰ:– উক্ত গীত ফাকি আমাৰ পাঠ্যপুথিৰ ” অসমীয়া সাহিত্য চয়নিকা ” অন্তৰ্গত আজান ফকিৰদৱে ৰচিত “জিকিৰ ” নামৰ গীতটিৰ পৰা তুলি দিয়া হৈছে। (class 10 assamese zikir)
আজান ফকিৰে উক্ত অংশটোত সংসাৰত প্ৰকৃততে কোনটো শুদ্ধ বা কোনটো অশুদ্ধ জানিব নিবিচৰাৰ বাবে মানুহে কেনেদৰে সমস্যাত ভুগে তাৰ বিষয়ে ব্যক্ত কৰিছে । পানীয়ে তাৰ পিয়াহ পলোৱা কথাটো নাজানে আৰু ঠিক একেদৰে জুইয়ে জাৰ আতঁৰাই উত্তাপ কঢ়িয়াই অনা শক্তিৰ কথা নাজানে। এই দুটা কথা মানুহৰ ক্ষেত্ৰতো একেই ৷ ভগৱান বা আল্লা বিশ্বাসী লোকসকলৰ অন্তৰত সদায় বিৰাজমান হৈ থাকে। কিনতু নিজৰ অন্তৰত আল্লা বা ই্দশ্বৰ থকা স্বত্বেও মানুহে এই কথা বুজি নাপায় ৷ মানুহে ষ্টশ্বৰক মছজিদ মন্দিৰ , গীৰ্জা তথা আন বাহিৰা স্থানত বিচাৰি ফুৰে। আল্লাৰ কৰুণা লাভ কৰাটো একেবাৰে সহজ। কিন্তু সংসাৰৰ ভোগ বিলাসত হেৰাই যোৱা মানুহে এই সহজ পথ বিচাৰি নাপায়। ফলত তেওঁলোকৰ অৱস্থা পানীৰ মাজত থাকিও পিয়াহত কটোৱাৰ নিচিনা আৰু জুইৰ কাষত থাকিও ঠেটুৱৈ জাৰত কঁপি কঁপি মৰে ।
জিকিৰ আৰু জাৰী গীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া ।
উত্তৰ:-জিকিৰৰ সৰহভাগেই “আজান ফকীৰ” বুলি বিখ্যাত ‘শ্বাহ মিলন’ নামৰ এগৰাকী ইছলামধৰ্মী পুৰুষৰদ্বাৰা ৰচিত। এওঁ অসমলৈ আহে কোনোৰ মতে আজমীৰৰপৰা আৰু কোনোৰ মতে আৰৱ দেশৰ পৰা। এই গীতসমূহৰ ৰচনাৰ সময় দুটা বুলি অনুমান কৰা হয়-১৬৩৪ খ্ৰীষ্টাব্দ আৰু ১৭৩৪ খ্ৰীষ্টাব্দ ডক্টৰ সূৰ্যকুমাৰ ভূঞাই এখন বুৰঞ্জীত পোৱা মতে, গদাধৰ সিংহৰ দিনত ৰূপাই দা-ধৰা নামৰ এজনে ১৬৮৪ চনত আজান ফকীৰৰ চকু কাঢ়ে। গদাধৰ সিংহৰ ৰাজত্ব কাল আছিল ১৬৮১-১৬৯৬ চন। জিকিৰৰ ৰচনাৰ তাৰিখ সঠিকভাৱে কোৱা টান। সাধাৰণ লোকৰ বিশ্বাস অনুসৰি জিকিৰসমূহ
ফকীৰৰ দ্বাৰা ৰচিত। আহোম ৰজাই ৰূপাই দা-ধৰাৰ কথা শুনি এওঁৰ চকু কঢ়ায়। কিন্তু পাছত তেওঁৰ মাহাত্ম্য বুজিব পাৰি–দিখৌমুখৰ স’ৰাগুৰি চাপৰিত মাটি বৃত্তি দি থয়। তাতেই চাহাবৰ মৃত্যু হয়। (class 10 assamese zikir)
অসমৰ বৈষ্ণৱ ধৰ্মৰ লগত আজান ফকীৰ চাহাবৰ প্ৰবৰ্তিত পন্থাৰ বহুতো সাদৃশ্য দেখা যায়। অনেক জিকিৰত বৈষ্ণৱ সাহিত্য আৰু লোকগীতৰ প্ৰতিধ্বনি শুন৷ যায়। এই গীতটোৰ জৰিয়তে ধৰ্ম বৰ্ণ নিৰ্বিশেষে ছাত্ৰ-ছ্াত্তীসকলৰ মাজত সমন্বয় গঢ়ি উঠিব বুলি আশা কৰিয়েই ইয়াত সন্নিবিষ্ট কৰা হৈছে।
দেও মাৰি পাৰ লৈ জীৱই আছে চাই।
চোৱা চোৱা জীৱসকল ভেলৰে বিলাই।। class 10 assamese zikir
উত্তৰ:- উদ্ধত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আজান ফকিৰ বিৰচিত ‘জিকিৰ আৰু জাৰী” শীৰ্ষক কবিতাটিৰ পৰ| তুলি দিয়া হৈছে।
আত্ম অবিনশ্বৰ ৷ জীৱৰ কৰ্মবন্ধনৰ অন্ত পৰিলেই আত্মাই দেহ ত্যাগ কৰি আঁতৰি যায়। , তেতিয়া আৰু দেহৰ সৈতে তাৰ কোনো সম্পৰ্ক নাথাকে। দেহ তেতিয়া নিৰ্জীৱ, ভেলত পৰিণত হয়। জীয়াই থাকোতে মানুহে যি দেহক লৈ অহংকাৰ কৰে, গৰ্ব কৰে, সেয়া যে শ্ষপ্তেকীয়া, তেতিয়াহে উপলব্ধি কৰিবলৈ সক্ষম হয়। মানুহে জীৰ্ণ বস্ত্ৰ ত্যাগ কৰি নতুন বস্ত্ৰ পৰিধান কৰাৰ দৰেই জীবয়ো পুৰণি দেহ ত্যাগ কৰি নতুন দেহ ধাৰণ কৰৈ। এয়ে
জগতৰ চিৰন্তন ৰীতি ৷ মৃত্যুৰ পিছত দেহৰ কোনো গুৰুত্ব নাথাকে, বিলাই-বিপত্তিৰো সীমা নাথাকে ৷ কবিয়ে জীৱসমূহৰ মৃত্যুৰ পিছত ভেলৰ বিলাই-বিপত্তি সম্পৰ্কে সচেতন কৰিদি মানুহক দেহৰ বিষয় লৈ অহংকাৰ নকৰিবৰ কাৰণে সতৰ্ক কৰি দিছে। ।
জিকিৰ শব্দৰ অৰ্থ বিচাৰ কৰা।
উত্তৰ:-জিকিৰ শব্দটো ‘জিক্ৰ’ৰ পৰা| ওলাইছে। যাৰ অৰ্থ স্মৰণ কৰা, আল্লাৰ নাম আৰু গুণাৱলী পুনৰাই উচ্চাৰণ কৰা। জিকিৰসমূহ ভক্তিমূলক প্রার্থনা বা স্তুতি গীত, বাক ইছলাম ধ্মীসকলৰ ভকতীয়া গীত আখ্যা দিব পাৰি। (class 10 assamese zikir)
জিকিৰসমূহত ইছলাম ধৰ্মৰ মূল তত্বসমূহ সন্নিবিষ্ট হৈ আছে।
‘জিকিৰ’ শব্দটো ক’ৰ পৰা ওলাইছে ?
উত্তৰ:- জিকিৰ শব্দটি ‘জিক্ৰ’ৰ পৰা ওলাইছে, যাৰ অৰ্থ স্মৰণ কৰা ৷
জিকিৰৰ ৰচক কোন ?
উত্তৰ:- জিকিৰৰ ৰচক আজান ফকিৰ।
জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি ?
উত্তৰ:- হিন্দুধৰ্মৰ ভক্তিমূলক স্তৃতিগীত বা প্রাৰ্থনাৰ সৈতে জিকিৰবোৰ তুলন৷ কৰিব পাৰি।
জিকিৰ শব্দটো কি শব্দৰ পৰা উলাইছে ?
উত্তৰ:- জিকিৰ শব্দটি ‘জিক্ৰ’ৰ পৰ৷ ওলাইছে,
তলৰ শব্দবোৰৰ অৰ্থ লিখা ।
ৰছুল, মোমিন, ৰহম, কুটুৰ
উত্তৰ:- ৰছুল –দেৱদূত, আল্লাৰ দূত।
মোমিন — বিশ্বাসী মুছলমান
ৰহম–দয়া।
গৌমিন — বিশ্বাসী মুছলমান ৷
‘মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি।
যেন শালে শ’লৰ লগত দৰিকাৰ টপালি। class 10 assamese zikir
ওপৰত উল্লেখ কৰা কথাখিনিৰ অন্তনিহিত ভাবটি বিশ্লেষণ কৰা।
উত্তৰ:- মানুহৰ তথা জীৱৰ একমাত্ৰ গৰাকী হৈছে আল্লা আৰু তেওঁহে মানুহক সংসাৰ সাগৰৰ পৰা পৰিত্ৰাণ কৰিব পাৰে। ইছলামধৰ্মী লোকসকলৰ কাৰণে মক্কা অতি পৱিত্ৰ স্থান, যাৰ সৈতে হজৰত মহম্মদৰ স্মৃতি জড়িত হৈ আছে। একমাত্ৰ ইছলামত বিশ্বাসীসকলৰ বাবেহে বজুল বা দেবদূতৰ সহযোগত সংসাৰ সাগৰৰ পৰা| পৰিত্ৰাণ লাভ কৰিব পাৰি। ভটিয়নিৰ সময়ত মাছে বিশেষকৈ সৰু মাছবিলাকেও (দৰিকা) ইয়াৰ শত্ৰু শা্ল-শ’লৰ সৈতে সহাৱস্থান কৰি গভীৰ জলৰ সন্ধান কৰাৰ দৰেই ইহ্ জগতৰ জাগতিক দুখৰ পৰা পৰিত্ৰাণ লাভৰ কাৰণে জীৱই একমাত্ৰ আল্লাত বিশ্বাস ৰাখি পৱিত্ৰ মকালৈ যোৱাৰ আশ| কৰে, যদিও পাৰ্থিৱ মায়া- মোহৰ প্রতিবন্ধকতাই তেনে কৰাত প্রায়ে বাধা প্ৰদান কৰে। সংসাৰৰ জটিল জীৱন যাত্ৰাত
একমাত্র আল্লাৰ ওপৰত বিশ্বাস ৰাখিহে মৃত্যু ভয় নেওচি মুক্তিৰ পথত অগ্ৰসৰ হোৱাটো সম্ভৱ৷ সংসাৰ যাত্ৰাৰ ৰূপক স্বৰূপে শাল-শ’লৰ সৈতে দৰিকাৰ ৰিজনি দিয়া হৈছে। আল্লাৰ ওচৰত সৰু-বৰ, ধনী-দুখীয়া, পাপী-পূণ্যবান সকলে৷ সমান। তেওঁ সকলোৰে কৰ্তা, সকলোৰ নিয়ন্তা। গতিকে মক্কাৰ দুৱাৰত জীৱৰ সৰুৰ নাই, সকলো সমান ।
সজাৰ মইনাটিৰ অনেক যুগুতি।
দেও মাৰি পাৰ হ’লে এৰিলে পীৰিতি ।class 10 assamese zikir
উত্তৰ: উক্ত গীত ফাঁকি আমাৰ পাঠ্যপুথি ” অসমীয়া সাহিত্য চয়নিকা ” অন্তৰ্গত আজান ফকিৰদৱে বিৰচিত “জিকিৰ ” নামৰ গীতটিৰ পৰা তুলি দিয়া হৈছে।
কবি আজান ফকিৰে এই কবিতাফাঁকিৰদ্বাৰা সজাত মইনাৰ বিচৰণৰ দৰে দেহৰূপী সজাত আত্মাৰো যে বিচৰণ আছে আৰু তাৰ নিগূঢ় তত্ত্ব খিনি বুজাব বিচাৰিছে। এই আত্মাই সজাত আৱদ্ধ মইনা চৰাইৰ দৰে দেহৰূপী সজাত বিচৰণ কৰে আৰু সজাত মইনা চৰাইয়ে নানান ধৰণৰ সুললিত সুৰ অনুকৰণ কৰি গৃহস্থক সন্তুষ্ট কৰিব বিচাৰে থাকে । সেইদৰে আত্মাও দেহৰূপী সজাত বিভিন্ন ধৰণে বিচৰণ কৰি মানুহক সুখ দিয়াৰ চেষ্টা চলায়।
মইনা বিহীন সজা যিদৰে নিৰৰ্থক। আত্মা নথকা শৰীৰৰো কোনো অস্তিত্ব নাথাকে। সত্য কথাটো হৈছে দেহৰ সৈতে আত্মাৰ সম্পৰ্ক ক্ষণস্থায়ী আৰু সময়ত আত্মাই দেহ বিসৰ্জন কৰে। কৰ্ম বন্ধনৰ পৰা মুক্ত হৈ জীৰ্ণ বস্ত্ৰৰ দৰে মানুহৰ দেহক চিৰদিনৰ বাবে আত্মাই এৰি থৈ যায়।
মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ ঘাট ৷
বেহাব নোৱাৰে তাত মায়াই ভেটে বাট ৷৷ class 10 assamese zikir
উত্তৰ: উক্ত গীত ফাঁকি আমাৰ পাঠ্যপুথি ” অসমীয়া সাহিত্য চয়নিকা ” অন্তৰ্গত আজান ফকিৰদৱে বিৰচিত “জিকিৰ ” নামৰ গীতটিৰ পৰা তুলি দিয়া হৈছে।
কবি আজান ফকিৰে উক্ত কবিতাফাঁকিৰদ্বাৰাই সংসাৰৰ মায়াই আল্লা আৰু মানুহৰ মাজত কিদৰে এটা গভীৰ গাঁতৰ সৃষ্টি কৰিছে এই কথাটোক বুজাবলৈ বিচাৰিছে। (class 10 assamese zikir)
হিন্দুসকলৰ বাবে পবিত্ৰ নদী তথা স্থলী হ’ল গংগা , যমুনা আৰু সৰস্বতী । জীৱনত এবাৰ হ’লেও হিন্দু ধৰ্মাৱলম্বী লোক সকলে এই পবিত্ৰ স্থলী ভ্ৰমণ কৰিব বিচাৰে সেইদৰে, মন্ধাও ইছলাম ধৰ্মী লোকসকলৰ বাবে এটা পবিত্ৰ স্থলী আৰু ঠিক সেইদৰে তেওঁলোকেও মন্কালৈ গৈ নিজৰ পাপৰ মোচনৰ বাবে প্ৰাৰ্থনা কৰিবলৈ যায় ৷ কিন্তু এই মায়াময় সংসাৰত মায়া মোহত আৱদ্ধ হৈ তেওঁলোক ইয়াৰ পৰা বঞ্চিত হয়৷ পাপৰ অত্যধিক বোজায়ে ভক্তিৰ পথৰ পৰা তেওঁলোকক আঁতৰাই আনে। সেইবাবে তেওঁলোক আল্লাৰ সাম্নিধ্যৰ পৰা বঞ্চিত হ’ব লগা হয়।
Class 10 lesson 1 question answer in assamese click here