BOHAGIR BIYA CLASS 10 ASSAMESE

Table of Contents


ৰঘুনাথ চৌধাৰী অসমীয়া সাহিত্যত কি কবি ৰূপে পৰিচিত ?

উত্তৰ :-বিহগী কবি ।

প্রকৃতি-জীয়াৰী বহাগীৰ বিয়া উপলক্ষে চৌদিশে উলহ-মালহ, আনন্দৰ পয়োভৰ ।প্ৰকৃতিৰ বিচিত্ৰ কাৰ্যকলাপ কবিয়ে অতি আন্তৰিকভাৱে প্রত্যক্ষ কৰিছে আৰু বহাগীৰ বিয়াৰউপলক্ষ্যত সাজি কাচি ৰূপহী হৈ উঠা প্ৰকৃতিৰ বিবিধ তৰু-তৃণ-লতিকা, ফুল-পখিলা, চৰাই-পতঙ্গ প্ৰভৃতিৰ মাজত বিৰাজ কৰা আনন্দৰ পূৰ্ণৰেখা দেখা পাই কবি আঁপোন-পাহৰা হৈ পৰিছে। বিভিন্ন ফুলৰ সুগন্ধি সুবাস আৰু সুঘাণ বিয়পাই দি মলয়া বতাহে চৌদিশে
প্রেমৰ সুৰভি সিঁচি দিয়াত সৃষ্টি হোৱা উখল-মাখল পৰিৱেশত আয়তীৰ মঙ্গল উৰুলি, বিয়ানামৰ ধ্বনি, কুলি-কেতেকীৰ অমিয়া সুৰৰ বাংকাৰে, কইনা সজোৱা, জোৰোণ পিন্ধোৱা প্ৰভৃতি বিবিধ বৰ্ণনাৰে চিত্তচমৎকাৰী ৰূপে প্রকৃতি জগতখনকে মানৱীয় গুণেৰে-সমস্ত কৰি প্ৰকৃতিৰ সজীৱ সত্তাৰ অন্তৰালত লুকাই থকা সাৰ্বজনীন প্রেম আৰু আনন্দৰ ভাব সঞ্চাৰ কৰিবলৈ সক্ষম হৈছে। এনে পৰিৱেশে এহাতেদি প্রকৃতিৰ সৈতে মানুহৰ অভিন্ন
অন্তৰঙ্গতা স্থাপন কৰিছে, আনহাতেদি সাৰ্বজনীন মানৱীয় আবেদনৰ যোগেদি প্ৰেম আৰু আনন্দৰ বাণীকেই শ্বাশ্বত ৰূপত প্রকাশ কৰাৰ কাৰণে আন্তৰিক প্রয়াস কৰা হৈছে।

বিয়াৰ বাবে বহাগী আইক কোনে, কিদৰে সজাই তুলিছিল বৰ্ণনা কৰা ।

উত্তৰ :-বহাগীৰ বিয়া কবিতাটিত এখন অসমীয়া বিয়াৰ পৰিৱেশ সৃষ্টিৰে কবিতাটো আকর্ষণীয় কৰি তোলা হৈছে। প্রকৃতিৰ জীয়ৰী ৰূপহী গাভৰুৰ বিয়াৰ উলহ-মালহে সৰগ- মৰত সকলোতে আনন্দৰ খলকনি তুলিছে। শিমলু, পলাশ,অশোক, মদাৰ প্ৰভৃতি ফুলসমূহে শ্যামল সাজ পৰিধান কৰি ৰাঙলী সাজেৰে নিজক আকৰ্ষণীয় কৰি সজাই তুলিছে। নানা ফুলৰ সুৰভি সুঘাণে চৌদিশ আমোলমোলাই তুলিছে। ধুনীয়া ধুনীয়া লতাৰে
মণ্ডিত কুসুমিত তৰুৰাজিয়ে ৰমক-জমক কৰি বিয়াৰ বাবে বেইঘৰ প্রস্তুত কৰিছে। আকাশত হীৰকমণ্ডিত চন্দ্ৰতাপখনি আকাশত ওলমি পৰিছে। তাৰ লগে লগে আইবসুমতীয়ে সেউজীয়া আসনত সুন্দৰকৈ পাটী পাৰি দিছে। আয়তীসকলে ৰভাৰ তলত বহি নিজৰ নিজৰ কামবোৰ
সম্পাদন কৰিছে। ৰভ| সজোৱা, পুষ্পবিন্যাস কৰা, আয়তীৰ নাম গোৱা প্ৰভৃতি বিবিধ কাৰ্যই বিয়াঘৰৰ শোভা-সৌন্দৰ্য বৃদ্ধি কৰাৰ লগে লগে মধুৰ পৰিৱেশৰ সৃষ্টি কৰিছে। পাটৰ চেলেংগাত মেৰিয়াই পাটমাদৈয়ে জোৰোণ পিন্ধাবৰ কাৰণে পাটগাভৰুজনী হৈ সাজি-কাচি আহিল। সোণবৰণীয়া সোণাৰু, কাঞ্চন, কনকচম্পা আদিয়ে বহাগীৰ লাহতী খোপাত সৌন্দৰ্য বৃদ্ধি কৰিলে। উষাৰাণীয়ে অলকা-তিলক পিন্ধোৱাৰ লগে লগে বহাগীৰ
নিমজ গালত কুসুম ফুলৰ ৰহণ সানি দিলেহি। ডালিমে বহাগীৰ কাণত বাখৰ পতোৱা কেৰু আৰু হাত দুখনিত কুঞ্জলতিকাৰ সোণপতা, মুঠিখাৰু পিন্ধাই বহাগী ৰূপহীৰ বূপত ৰহণ তোলে। ময়ূৰ চৰায়ে ভমকাফুলীয়া গোমচেং মেখেলা আৰু পখিলাই বুটা বছা ৰিহা পিন্ধাই বহাগীক সজাই-পৰাই তুলিলেহি।

মহাবিশ্ব জুৰি বিৰিঙিছে যেন
আনন্দৰ পূৰ্ণ ৰেখা ।

উত্তৰ : উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সুবাস’ৰ অন্তৰ্গত ৰঘুনাথ চৌধাৰী বিৰচিত ‘বহাগীৰ বিয়া’ শীৰ্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কবিয়ে প্রকৃতিৰ জীয়ৰী বহাগীৰ বিয়াক সাৰ্বনজনীন মানৱীয় আবেদনেৰে পৰিপূৰ্ণ কৰি তুলিছে।

জীৱজগত আৰু জড় জগতৰ সৰ্বত্ৰ বহাগীৰ বিয়া উপলক্ষে ৰং-ৰহইচ, আনন্দ উৎসৱত ভাগ লোৱাৰ যেন অঘোষিত প্ৰতিযোগিতা হৈছে। সৰগ-মৰত একাকাৰ কৰা এই প্রতিযোগিতাত তৰু-তুণ-লতিকা,চৰাই-চিৰিকতি সকলোৱে সমানে অংশগ্ৰহণ কৰিছে। কবিয়ে অনুমান কৰিছে
যেন প্ৰকৃতি-জীয়ৰী৷ ৰূপহী গাভৰু বহাগীৰ বিয়াই সকলোৰে অন্তৰত প্ৰেম আৰু আনন্দৰ সঞ্চাৰ কৰিছে। কুলি-কেতেকীৰ অমিয়া সুৰত, ফুলৰ সুগন্ধি সৌৰভত চৌদিশ আমোলমোলাই গৈছে। আনন্দৰ এই পাৰ ভাঙি যোৱা টৌ কবিয়ে সৰ্বত্ৰ প্ৰত্যক্ষ কৰিছে।

তলৰ শব্দবিলাকক কি বুলি কোৱা হয় ?

উলহ-মালহ, স্বৰ্গ-মৰত, সাজোন-কাচোন, কামিনী-কাঞ্চন, ৰমক-জমক ৷

উত্তৰ :- যুৰীয়া শব্দ।

কবিতাটোত থকা নিভাজ অসমীয়া শব্দকেইটামান বাছি উলিয়াই তাৰ পাঁচোটাৰে একোটাকৈ বাক্য সাজা ।

উত্তৰ:- (ক) চিকুণ:- তাৰ চেহেৰাটো বৰ চিকুণ হৈ আছে।

(খ) ধৱল :- মেঘে ধৱলী বৰণ লৈছে। /

(গ) চেলেং:- ককাইদেৱে চেলেংখন গাত মেৰিয়াই লৈছে।

(ঘ) আভৰণ :-বসন্তকালত প্ৰকৃতিয়ে আভৰণ সলাইছে।

(৬) বিলনীয়া:-ল’ৰাটো বিলনীয়া কামত অতি পাকৈত।

অৰ্থ লিখা ।

আভৰণ, ৰোল, জান, সমীৰ ।

উত্তৰ:-আভৰণ– সাজপাৰ; ৰোল– খলকনি; জান– জাননি, খবৰ, বাতৰি; সমীৰ– বতাহ, মলয়া, মৃদু বা।

অতি চমু উত্তৰ দিয়া

(ক) ৰঘুনাথ চৌধাৰী অসমীয়া সাহিত্যত কি কবি ৰূপে পৰিচিত ?

উত্তৰ:- বিহগী৷ কবি ।

(খ) মঙ্গল উৰুলি কি ?

উত্তৰ:- শুভকৰ্ম উপলক্ষে মুখেৰে উৰুলি ধ্বনি কৰা ।


(গ) মঙ্গল উৰুলি কোনে দিছিল ?

উত্তৰ :-ফেঁহু চৰাইটিয়ে মঙ্গল উৰুলি দিছিল ।

(ঘ) স্তুতি গীত কোনে আৰম্ভ কৰিছিল ?

উত্তৰ :-দহিকতৰাই।


(৬) ৰঘুনাথ চৌধাৰী কিমান চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল ?

উত্তৰ :-১৯৩৫ চনত তেজপুৰ অধিৱেশনত ।


কবিতাটোত উল্লেখ কৰা চৰাইবোৰৰ নাম লিখা ।

উত্তৰ :- বহাগীৰ বিয়া কবিতাটোত ভালেমান চৰাইৰ নাম উল্লেখ কৰা হৈছে। তেনে চৰাইৰ ভিতৰত ফেঁহু চৰাই, দহিকতৰা, কুলি চৰাই, ময়ূৰ চৰাই, টুনি, বুলবুলি, হেটুলুকা, কেতেকী, প্ৰভৃতি বিবিধ চৰাইৰ উল্লেখ কৰি চৰাই আৰু প্রকৃতিৰ প্রতি থকা গভীৰ প্ৰেম আৰু আকৰ্ষণৰ কথাই সূচনা কৰে। উদাহৰণস্বৰূপে বহাগীৰ বিয়াৰ উপলক্ষে ফেঁহু আৰু দহিকতৰা চৰাই দুয়ো আয়তীৰ ভূমিকা গ্ৰহণ কৰিছে– মঙ্গল উৰুলি দিলে। দহিকতৰাই প্রভাতী সুৰত স্তুতিগীত আৰম্ভিলে। আনহাতে বহাগীৰ বিয়াৰ আনন্দত তাম্ৰ কাননৰ পৰাই কুলি চৰাইয়ে আনন্দত গীত গাইছে ।

বহাগীৰ বিয়া উপলক্ষে প্ৰকৃতিৰ কি কি পৰিৱৰ্তন হৈছে লিখা।


উত্তৰ:-বহাগীৰ বিয়া উপলক্ষে প্রকৃতি জগতলৈ নানা ধৰণৰ পৰিৱর্তন আহিছে। বহাগীৰ বিয়াৰ কাৰণে সমগ্র প্ৰকৃতি জগত আনন্দত মতলীয়া হৈ উঠিছে। প্ৰকৃতিৰ ৰং-ৰূপত মোহ গৈ ভোমোৰাই গুণগুণাইছে, গছ-লতিকাই বৰণ সলাই ৰাংঢালী গাভৰু সাজি নতুনত্বৰ সূচনা কৰিছে। গছে-বিৰিখৰ নতুন পাত ওলাইছে। ডালে ডালে নানাৰঙী ফুলবোৰ ফুলি চৌদিশ মুখৰিত কৰি তুলিছে।

কামিনী কাঞ্চন, চম্পা, নাগেশ্বৰ প্ৰভৃতি সুগন্ধি ফুলবোৰ আমোলমোলাই ফুলিছে। মলয়া বতাহে চৌদিশে ফুলৰ সুঘ্ৰাণ বিয়পাই দিছে। প্ৰকৃতি জগতৰ পৰা এনে বৰ্ণ বৈভৱৰ মাজত বহাগীৰ বিয়া উপলক্ষে কুলি, কেতেকী, দহিকতৰা, ফেঁহু চৰাই, ময়ূৰ প্রভৃতিয়ে সাধ্যানুসাৰে নিজ নিজ কৰ্তব্য সম্পাদন কৰিছে।

কন্যা সজোৱা, জোৰোণ পিন্ধোৱা প্ৰভৃতি কামবোৰ সকলোৱে ভগাই লৈ বহাগী কন্যাক পাটৰাণী বেশেৰে সজাই-পৰাই তুলিছে । বহাগীৰ বিয়াৰ কাৰণে চৌদিশে নৃতা- গীতৰ আয়োজন হ’ল। সেই বিয়াত আকাশৰ মেঘৰ পৰা আৰম্ভ কৰি তৰু-তৃণ লতিকা,চৰাই-চিৰিকতি, কীট-পতঙ্গ সকলোৱেই আনন্দেৰে সহযোগিতা আগবঢ়ালে।

আয়তীৰ উৰুলি, বিয়ানাম আদিৰে চৌদিশ মুখৰিত হৈ উঠিল। সংগীত নৃতা, গীত বাদারে মুখৰিত প্ৰকৃতি জগতৰ এই আনন্দৰ মহামেলাত জীৱজগত, জড়জগত সকলোতেই পৰিৱৰ্তনৰ ‘টো উঠিল। এনেদৰেই বহাগীৰ বিয়া উপলক্ষে প্ৰকৃতি জগতত বিৰাট পৰিৱৰ্তন সংঘটিত হ’ল।

ভল ভাৱক ৷ আতনলণেৰেছ নছা।।।ৰ খিয়ে। জগল৮বে দ্আঠুগ ৰক নল আৰা ৭0] কাবা ঘা লন

‘বহাগীৰ বিয়া’ কবিতাটোৰ মাজেৰে প্রকাশ পোৱা অসমীয়া বিবাহ অনুষ্ঠানৰ এটি আভাস দিয়া।

উত্তৰ:- বহাগীৰ বিয়া কবিতাটোৰ মাজেদি এখন আনুষ্ঠানিক অসমীয়া বিয়াৰ আভাস পোৱা যায়। জোৰোণ দিয়া, উৰুলি দিয়া, দৰা-কইন| সজোৱা, বিয়ানাম গোবা প্রভৃতি বিবিধ প্রসঙ্গই এখন আনুষ্ঠানিক বিয়াৰ আভাস মনৰ মাজলৈ কঢ়িয়াই অনাত সহায় কৰে।

প্রকৃতিৰ জীয়ৰী গাভৰু ছোৱালী বহাগীৰ বিয়া উপলক্ষে চাৰিওফালে ডলহ-মালহ, আনন্দ। আনন্দতে সকলোৱে সাজি-কাচি মতলীয়া হৈ উঠিছে। আয়তীসকলে ৰভাৰ তলত নিজৰ নিজৰ কামত ব্যস্ত হৈ উঠিছে,ৰভ| সজাইছে, গীত গাইছে। আয়তীৰ উৰুলি, মঙ্গল ধ্বনিয়ে চৌদিশ ৰজনজনাই আছে, বেই সাজিছে, আসন পাতিছে, ইত্যাদি৷

জোৰোণ পিন্ধাবৰ কাৰণে পাটৰ চেলেং পিন্ধি পাটমাদৈয়ে সুন্দৰী পাটগাভৰু সাজি আহিছে। কইনাৰ লাহৰী খোপাত সোণাৰু, কাঞ্চন, চম্পা ফুল গুজি দিয়া হৈছে। কহঁনাৰ কাণত ডালিম ফুলৰ বাখৰ পতোৱা কেৰু, হাতত কুঞ্জলতিকাৰ (সোণপতা মুঠিখাৰু, ভমকাফুলীয়া গোমচেং মেখেলা, বুটা বছা ৰিহা, আকণৰ কোটমণি, কঁকালৰ কৰধ্বনিৰে বহাগী আইক অপৰূপ পাটৰাণী কৰি তোলাৰ দৃশ্য, অসমীয়া| বিবাহ অনুষ্ঠানত আয়তীৰ মঙ্গল উৰুলিৰ মাজত কইনাক জোৰোণ পিন্ধোৱা দৃশ্যৰ অনুৰূপ ৷

প্ৰেমিক বসন্তৰ কন্দৰ্পৰ দৰে সাজপাৰ, নৃত্য-গীতৰ আয়োজন, বিয়ানামৰ বিচিত্ৰ সম্ভাৰ, ওজাপালিৰ আয়োজন প্রভৃতিয়ে এখন গাঁৱলীয়া বিয়াৰ স্মৃতি কঢ়িয়াই আনে। বহাগীৰ বিয়াত সুন্দৰভাৱে সজোৱা বিয়াৰ মণ্ডপ, আয়তী-নামতীৰ উৰুলি মঙ্গল ধ্বনি, বিয়ানামৰ লহৰ প্ৰভৃতিৰে আনন্দমুখৰ যি পৰিৱেশৰ সৃষ্টি কৰা হ’ল, সেয়া নিশ্চিতভাবেই অসমীয়া বিবাহ অনুষ্ঠানৰ সাৰ্থক প্রতিফলন।

‘বহাগীৰ বিয়া’ কবিতাটোৰ মূলভাৱ লিখা।

উত্তৰ : ‘বহাগীৰ বিয়া’ ৰঘুন৷থ টৌধাৰীৰ এটি অতি চমৎকাৰী৷ কবিতা কৰিতাঢ়োত প্ৰকৃতিজগতক মানৱীয় গুণেৰে সমৃদ্ধ কৰি প্রকৃতিৰ অণ্তর্নিহিত সাৰ্বজনীন সত্তাক সুন্দৰ ৰূপত প্রকাশৰ প্রয়াস কৰা৷ হৈছে।

প্রকৃতি-জীয়াৰী বহাগীৰ বিয়া উপলক্ষে চৌদিশে উলহ-মালহ, আনন্দৰ পয়োভৰ। প্রকৃতিৰ বিচিত্ৰ কাৰ্যকলাপ কবিয়ে অতি আন্তৰিকভাৱে প্রত্যক্ষ কৰিছে আৰু বহাগীৰ বিয়াৰ উপলক্ষত সাজি কাচি ৰূপহী হৈ উঠ| প্রকৃতিৰ বিবিধ তৰু-তৃণ-লতিকা, ফুল-পখিলা, চৰাই-পতঙ্গ প্রভৃতিৰ মাজত বিৰাজ কৰা আনন্দৰ পূৰ্ণৰেখা দেখ৷ পাই কবি আঁপোন-পাহৰা হৈ পৰিছে। বিভিন্ন ফুলৰ সুগন্ধি সুবাস আৰু সুঘাণ বিয়পাই দি মলয়া বতাহে চৌদিশে প্ৰেমৰ সুৰভি সিঁচি দিয়াত সৃষ্টি (হোৱা উখল-ম৷খল পৰিৱেশত আয়তীৰ মঙ্গল উৰুলি, বিয়ানামৰ ধ্বনি, কুলি-কেতেকীৰ অমিয়া সুৰৰ বাংকাৰে, কইন| সজোৱা, জোৰোণ পিন্ধোৱা প্ৰভৃতি বিবিধ বৰ্ণনাৰে চিত্তচমৎকাৰী ৰূপে প্রকৃতি জগতখনকে মানৱীয় গুণেৰে সমস্ত কৰি প্ৰকৃতিৰ সজীৱ সত্তাৰ অন্তৰালত লুকাই থক৷ সাৰ্বজনীন প্ৰেম আৰু আনন্দৰ ভাব সঞ্চাৰ কৰিবলৈ সক্ষম হৈছে। এনে পৰিবেশে এহাতেদি প্রকৃতিৰ সৈতে মানুহৰ অভিন্ন অন্তৰঙ্গতা স্থাপন কৰিছে, আনহাতেদি সাৰ্বজনীন মানৱীয় আবেদনৰ যোগেদি প্রেম আৰু আনন্দৰ বাণীকেই শ্বাশ্বত ৰূপত প্রকাশ কৰাৰ কাৰণে আন্তৰিক প্রয়াস কৰা হৈছে ।

বিয়াৰ বাবে বহাগী আইক কোনে, কিদৰে সজাই তুলিছিল বৰ্ণনা কৰা।

উত্তৰ:- বহাগীৰ বিয়| কবিতাটিত এখন অসমীয়া বিয়াৰ পৰিৱেশ সৃষ্টিৰে কবিতাটো আকৰ্ষণীয় কৰি তোল৷| হৈছে। প্রকৃতিৰ জীয়ৰী ৰূপহী গাভৰুৰ বিয়াৰ উলহ-মালহে সৰগ- মৰত সকলোতে আনন্দৰ খলকনি তুলিছে। শিমলু, পলাশ, অশোক, মদাৰ প্রভৃতি ফুলসমূহে শ্যামল সাজ পৰিধান কৰি ৰাঙলী৷ সাজেৰে নিজক আকৰ্ষণীয় কৰি সজাই তুলিছে।

নানা ফুলৰ সুৰভি সুঘ্াণে (চীদিশ আমোলমোলাই তুলিছে। ধুনীয়া ধুনীয়া লতাৰে মণ্ডিত কুসুমিত তৰুৰাজিয়ে ৰমক-জমক কৰি বিয়াৰ বাবে বেইঘৰ প্রস্তুত কৰিছে। আকাশত হীৰকমণ্ডিত চন্দ্ৰতাপখনি আকাশত ওলমি পৰিছে। তাৰ লগে লগে আইবসুমতীয়ে সেউজীয়া আসনত সুন্দৰকৈ পাটী পাৰি দিছে। আয়তীসকলে ৰভাৰ তলত বহি নিজৰ নিজৰ কামবোৰ সম্পাদন কৰিছে। ৰভ৷ সজোৱা, পুষ্পবিন্যাস কৰ|, আয়তীৰ নাম গোৱা প্ৰভৃতি বিবিধ কাৰ্যই বিয়াঘৰৰ শোভা-সৌন্দৰ্য বৃদ্ধি কৰাৰ লগে লগে মধুৰ পৰিৱেশৰ সৃষ্টি কৰিছে।

পাটৰ চেলেং গাত মেৰিয়াই পাটমাদৈয়ে জোৰোণ পিন্ধাবৰ কাৰণে পাটগাভৰুজনী হৈ সাজি-কাচি আহিল। সোণবৰণীয়া (সাণাৰু, কাঞ্চন, কনকচম্পা আদিয়ে বহাগীৰ লাহতী খোপাত সৌন্দৰ্য বৃদ্ধি কৰিলে। উষাৰাণীয়ে অলকা-তিলক পিন্ধোৱাৰ লগে লগে বহাগীৰ নিমজ গালত কুসুম ফুলৰ ৰহণ সানি দিলেহি৷ ডালিমে বহাগীৰ কাণত বাখৰ পতোৱা কেৰু আৰু হাত দুখনিত কুঞ্জলতিকাৰ সোণপতা, মুঠিখাৰু পিন্ধাই বহাগী কূপহীৰ ৰূপত
ৰহণ তোলে। ময়ূৰ চৰায়ে ভমকাফুলীয়৷ গোমচেং মেখেল৷ আৰু পখিলাই বুটা বছ| ৰিহা পিন্ধাই বহাগীক সজাই-পৰাই তুলিলেহি।


বহাগীৰ বিয়া উপলক্ষে ফুলবোৰে কেনেদৰে প্ৰস্তুতি চলাইছিল লিখা ?

উ্ত্তৰঃ প্রকৃতিৰ জীয়ৰী ৰূপহী গাভৰু বহাগীৰ বিয়াৰ বাবে প্ৰকৃতিৰ অনাবিল সৌন্দৰ্যৰ আকৰ বিভিন্ন সুগন্ধি ফুলসমূহে গ্ৰহণ কৰ| ভূমিকাই কবিতাটিৰ প্রতি সততে পাঠকৰ দৃষ্টি আকৰ্ষণ কৰে। বহাগীৰ বিয়া উপলক্ষে সৰগ-মৰত জুৰি আনন্দৰ প্রবাহ বৈ গৈছে। শিমলু, পলাশ, অশোক, মদাৰ, প্রভৃতি গছবোৰত নতুনকৈ ফুলি উঠা ৰঙা ফুলবোৰৰ শোভা- সৌন্দৰ্য ইষণীয়ভাৱে আকৰ্ষণীয় হৈ উঠিছে। কামিনী কাঞ্চন, চম্পা, নাগেশ্বৰ প্ৰভৃতি সুগন্ধি ফুলবোৰত বহাগীৰ বিয়া উপলক্ষে নতুন ৰূপৰ সমাৱেশ ঘটিছে। তাৰ লগে লগে মলয় সমীৰত সুগন্ধি ফুলবোৰৰ সুৰভি-নিৰ্যাস বিয়পি পৰি সমগ্ৰ জগতখনেই আমোলমোলাই তুলিছে ৷

বহাগীৰ বিয়া উপলক্ষে ধুনীয়া ধুনীয়া লতাৰে মণ্ডিত কুসুমিত তৰুৰাজিৰে ৰমক- জমককৈ বেইঘৰ প্রস্তুত কৰা হৈছে। কুলিৰ মাতত পুষ্প উপবন উথলি উঠিছে আৰু সোণবৰণীয়া ডঁৰীয়া কাঞ্চন, সোণাৰু, কণক চম্পা আদিৰে ব’হাগীৰ লাহতী খোপা প্রস্তুত কৰা হৈছে। তাৰ লগে লগে ডালিম ফুলৰ বাখৰ পতোবৱা কেৰু আৰু কুঞ্জলতিকাৰ সোণপতা মুঠিখাৰুৰে বহাগীক সজাই-পৰাই তোলা হৈছে। নাৰ্জি ফুলৰ আকণৰ কোটমণি আৰু অপৰাজিতাৰ কঁকালৰ কৰধ্বনি প্ৰভৃতি পুষ্পসম্ভাৰেৰে প্ৰস্তুত অলংকাৰৰ চমৎকাৰিত্বই বহাগীৰ কইনা ৰূপটোৰ ৰূপত ৰহণ চৰাইছে।














Leave a Comment

Your email address will not be published. Required fields are marked *