ASSAMESE STORY

Assamese moral story for kids 1

goat image


জোনৰ তিনিটা ছাগলীৰ পোৱালী আছিল । তাই ছাগলী পোৱালী তিনিটাক খুবেই মৰম কৰিছিল । তাই যেতিয়া স্কুলললৈ যায় তেতিয়া তাই ছাগলীৰ পোৱালী কেইটাক খাবলৈ ঘাঁহ দি যায় আকৌ তাই যেতিয়া স্কুলৰ পৰা উভতি আহে তেতিয়া ছাগলী পোৱালি কেইটাৰ বাবে ঘাঁহ বা অন্য খোৱা বস্তু লৈ আহে ।

এদিন তাই স্কুলৰ বাবে দেৰি হোৱাত ছাগলী পোৱালী কেইটাক ঘাঁহ দিবলৈ পাহৰি গল আৰু তাই স্কুললৈ গুচি গল ।আহোঁতে তাই ছাগলী পোৱালী কেইটাৰ বাবে ঘাঁহ লৈ আহিছিল কিন্তু তাই ঘৰত আহি দেখে যে ছাগলী পোৱালী কেইটা ঘৰত নাই । তাইৰ তেতিয়া মনত বৰ দুখ লাগিল আৰু তাই কান্দিবলৈ ধৰিলে আৰু ওচৰৰ পথাৰত বিচাৰিবলৈ ধৰিলে কিন্তু তাই বিচাৰি নাপালে । তাইৰ বৰ দুখ লাগিল আৰু পথাৰৰ আলিত বহি কান্দিবলৈ ধৰিলে । সন্ধিয়া হৈ অহাৰ লগে লগে ছাগলী পোৱালি কেইটা ঘাঁহ খাই লাহে লাহে ঘৰৰ ফালে আগ বাঢ়ি আহিল আৰু জোনে ছাগলী কেইটা দেখা পালে । ছাগলী কেইটা দেখা পাই তাইৰ মনটো ভাল লাগিল আৰু তাই ভাবিলে যে ছাগলী কেইটাৰ ভোক লাগিছিল বাবে ছাগলী কেইটা ঘৰৰ বাহিৰলৈ ওলাই আহি ঘাঁহ খাইছিল । তাইৰ যেতিয়া ভোক লাগে তেতিয়া তাই মাকক কয় কিন্তু ছাগলী কেইটাৰ মাকো নাই আনকি ছাগলী কেইটাই ভোক লাগিছে বুলি মুখেৰে মাটিবও নোৱাৰে । তাইৰ দুখ ও লাগিল আৰু ছাগলী পোৱলী কেইটা ঘূৰাই পোৱাৰ বাবে সুখী ও হল ।

নীতি শিক্ষা :- জোনবোৰ মানুহে আনৰ দুখ কষ্ট বুজি পাই সিহঁতৰ দুখ খুব কমেই হয় আৰু হলেও সেই দুখ ক্ষন্তেকীয়া ।

Assamese Moral Story 2

কন আৰু মন

কন আৰু মন দুয়ো বৰ ভাল বন্ধু আছিল । এদিন দুয়ো বন্ধু ফুৰিবলৈ ওচৰৰ গাওঁৰ চাৰিআলিলৈ গৈছিল । গাওঁৰ বাটেৰে যাত্ৰা কৰি থাকোতে কনে ৰাস্তাত এটা মোবাইল পালে আৰু সি আনন্দত মতলীয়া হৈ কলে বাঁহ কি বঢ়িয়া মোবাইল ।

কিন্তু মনে তাক কলে আমি দুয়ো একেলগে ফুৰিবলৈ আহিছোঁ আৰু মোবাইলটো দুয়োজনে দেখিছোঁ সেইবাবে মোবাইলটো দুয়োজনৰে । কিন্তু কণ মান্তি নহল আৰু কলে মোবাইলটো মই ৰাস্তাৰ পৰা তুলিছোঁ সেইবাবে মবিলটো মোৰ ।

মোবাইলটো পাই কনে নিজৰ পকেটত ভৰাই ললে আৰু দুয়ো ৰাস্তাৰ কাষেদি খোজকাঢ়ি আগবাঢ়িবলৈ ধৰিলে । অকণমান যোৱাৰ পাছত দুয়োয়ে দেখিলে যে ৰাস্তাত পুলিচে কিবা চেকিং কৰি আছে । দুয়ো আগবাঢ়ি যোৱাত পুলিচ দুয়োকে ৰখালে আৰু সিহঁতৰো চেকিং কৰিলে আৰু কনৰ পকেটত মোবাইলটো পালে আৰু তাক চোৰ বুলি ধৰিলে ।

পুলিচে কলে ইয়াক ধৰি জেললৈ লৈ বল । তেতিয়া কনে মনক কলে আমি বিপদত পৰিছোঁ । তেতিয়া মনে কলে আমি নহয় তুমি বিপদত পৰিছা ।

নিতি শিক্ষা :- আমি কেৱল দুখতে নহয় সুখতো বন্ধুক বিচাৰিব লাগে ।

Assamese Moral Story 3

এহাল চৰাই

এজোপা গছত এহাল চৰাই বাস কৰিছিল । কিছু দিন পাছত সিহঁতৰ দুটা পোৱালিৰ জন্ম হল আৰু চৰাই কেইটা নিজৰ পোৱালি কেইটাৰ সৈতে বহুত সুখত বাস কৰিছিল । এদিন অহাৰ আনিবলৈ যাওঁতে চৰাই পোৱালি কেইটাৰ দেউতাকক চিকাৰীয়ে মাৰি পেলালে । চৰাই পোৱালি কেইটাক তাৰ মাকে বহুত কষ্ট কৰি ডাঙৰ দীঘল কৰিছিল ।


কিন্তু বাৰিষাৰ দিনত চৰাই জনীয়ে প্ৰায় দুদিন ধৰি আহাৰ আনিবলৈ যাব নোৱাৰাত চৰাই পোৱালি কেইতা ভোকত বৰ কৈ কান্দিবলৈ ধৰিলে ।
চৰাই পোৱালি কেইটা ভালকৈ উৰিব নোৱাৰাৰ বাবে মাকে সিহঁতক এৰি যাবলৈ ও ভয় কৰিছিল কিন্তু চৰাই পোৱালি কেইটাৰ ভোক লগাৰ বাবে
চৰাই পোৱালি কেইটাই বৰ কয় কান্দিবলৈ ধৰিছিল । ইফালে ধাৰাসাৰ বৰষুণ মাক ভাল কৈ উৰিব ও নোৱাৰা হৈছিল তথাপিও উপায় নাপাই মাকে অহাৰ বিচাৰি গল আৰু অহাৰ আনিলে । আহাৰ খাই চৰাই পোৱালী কেইটাৰ ভোক ঠাণ্ডা হল আৰু সিহঁতে খেলিবলৈ ধৰিলে ।

নীতি শিক্ষা :- সংসাৰত মাকৰ মমতাৰ বাহিৰে আন একো নাই । যিমানে বিপদ নহওক কিয় মাকে নিজৰ লৰা ছোৱালী কেইটাক বিপদৰ পৰা বচোৱাৰ চেষ্টা কৰে ।

Assamese Moral Story 4

খেতিয়ক

এখন গাওঁত এজন খেতিয়ক আছিল । সি দুখীয়া হোৱাৰ স্বত্তেও তাৰ নিজৰ বুদ্ধিৰে ঘৰখন ধুনীয়াকৈ চলাই লৈ গৈছিল আৰু সি লাহে লাহে তাৰ কৰ্ম আৰু বুদ্ধিৰে ধনী হৈ গৈছিল ।


ধনী হৈ যোৱাৰ লগে লগে তাৰ শত্ৰু ও বাঢ়িবলৈ ধৰিলে । এদিন সি বজাৰলৈ এহাল গৰু কিনিবলৈ গল । তাৰ শত্ৰুবোৰে এই কথাটো গম পালে আৰু বাটতে ৰখি থাকিল যাতে তাৰ অনিষ্ট কৰিব পাৰে ।

গৰু হাল কিনি খেতিয়কজন ৰাতি নিজৰ ঘৰৰ ফালে লাহে লাহে ৰাওনা ধৰিলে । খেতিয়কজন আহি থাকোঁতে তাৰ শত্ৰুবোৰে হাতত হেংদাং লৈ তাক আগুৰি ধৰিলে আৰু কলে তোমাৰ ওচৰ যি আছে গোটেইবোৰ আমাক দি দিয়া । খেতিয়ক জনে ভয়ত গৰুহাল কিনাৰ পাছত যি অলপ মান টকা ঘূৰি আহিছিল গোটেইবোৰ ধনবোৰ দিলে আৰু কলে এতিয়া মোক যাবলৈ দিয়ক । কিন্তু তাৰ শত্ৰু বোৰে কলে আমাক তোমাৰ গৰুহালো লাগিব ।

উপায় নাপাই খেতিয়ক জনে নিজৰ গৰু হলো দি দিলে । কিন্ত মনে মনে খেতিয়ক জনে নিজৰ গৰু হাল ঘূৰাই পাবলৈ এটা বুদ্ধি পাঙিলে আৰু কলে দাদা আপোনালোকক মই মোৰ গোটেই বোৰ দি দিলো কিন্তু আপুনি মোক এটা সহায় কৰিব নে ? শত্ৰু জনে কলে কেনেকুৱা ধৰণৰ সহায় ? খেতিয়ক জনে কলে মই মোৰ পত্নীক ঘৰত বজাৰলৈ আহিছো বুলি কৈ আহিছো এতিয়া যদি মই খালি হাতেৰে ঘৰলৈ যাও পত্নীয়ে মোক ঘৰত খোদাই নেৰিব । আপুনি নিয়া বস্তুবোৰৰ বিনিময়ত মোক কিবা এটা দি যাওক যাতে মই ঘৰত নিজৰ পত্নীক কিবা আনিছোঁ বুলি কব পাৰো ।


শত্ৰুটোৱে কলে নাই মই একো দিব নোৱাৰো । খেতিয়ক জনে হাতে ভৰিয়ে ধৰিলে আৰু কলে আপোনাৰ যদি দিবলৈ একো নাই আপোনাৰ হাতত থকা হেংদাং খনকে দিয়ক । বহুত সময় কাকুটি মিনতি কৰাৰ ফকত শত্ৰুটো মান্তি হল আৰু কলে হব লোৱা ।


হেংদাং খন দি শত্ৰুতোৰ হাতত অস্ত্ৰ নোহোৱা হল আৰু আনফালে হেংদাং খন পাই খেতিয়ক জনে শত্ৰু তোক কলে এতিয়া কলৈ যাবি মোৰ গৰু আৰু টকা পইচা সকলো ঘূৰাই দিয়া । উপায় নাপাই শত্ৰুটোৱে গোটেইবোৰ ঘূৰাই দিলে ।

নীতি শিক্ষা :- এতিয়া আপোনাৰ বাবে এটি প্ৰশ্ন এই সাধুটোৰ নীতি শিক্ষা কি হব পাৰে আপুনি কমেণ্ট কৰি জনাওক ।

Moral Story in Assamese 5

কণ আৰু মন দুয়ো ভাই ককাই আছিল সিহঁত বৰ চঞ্চল আৰু পঢ়া শুনাত ও ভাল আছিল । সিহঁতে খেলিবলৈ বৰ ভাল পাইছিল । কিন্তু সিহঁতৰ ঘৰত বৰ বেছি নিগনিৰ উৎপাত আছিল । কেতিয়াবা কন আৰু মনৰ কিতাপ আৰু কেতিয়াবা সিহঁতৰ কাপোৰ গোটেই বোৰ কুটি পেলাইছিল । সিহঁতে বৰ অশান্তি পাইছিল নিগনিৰ পৰা ।

এদিন কণ আৰু মন দুয়ো সিহঁতৰ বাৰীৰ পাছফালে খেলি আছিল । খেলি থাকোতে সিহঁতে মেকুৰীৰ কন্দাৰ শব্দ শুনিবলৈ পালে । কণ আৰু মন দুয়ো মিলি মেকুৰীৰ পূৱলাই কেইটাক গাখীৰ আৰু খোৱা বস্তু দিলে । হয়টো মেকুৰীৰ পোৱালি কেইটা কোনোবাই এৰি থৈ গৈছিল আৰু মেকুৰীৰ পোৱালি কেইটাৰ ভোক লগাৰ বাবে সিহঁতে কান্দিছিল ।

কণ আৰু মনে খোৱা বস্তু দি মেকুৰীৰ পোৱালি কেইটাক ঘৰলৈ লৈ আহিল আৰু পুহ পাল দিলে দিনে দিনে মেকুৰী কেইটা ডাঙৰ হৈ আহিল । ডাঙৰ হোৱাৰ পাছত মেকুৰী কেইটাই নিগনি খেদিবলৈ আৰম্ভ কৰিলে । যাৰ ফলত কণ আৰু মনৰ কিতাপ কাপোৰ নিগনীবোৰে কুটিব নোৱাৰা হল আৰু লাহে লাহে ঘৰটোৰ পৰা নিগনিও কমি গল ।

নীতি শিক্ষা :- আনক সহায় কৰিলে বেলেগে নিজক সহায় কৰিব ।

Assamese story with moral 6

প্ৰশান্ত প্ৰতি বছৰে গৰমৰ বন্ধত মোমায়েকৰ ঘৰলৈ গৈছিল । তাক আইতাকে বৰ মৰম কৰিছিল আৰু সিও তাত থাকি বৰ ভাল পাইছিল । তাত সি বন্ধু ও বনাছিল এজনৰ নাম আছিল প্ৰণৱ আনজনৰ নাম আছিল মিঠু । লাহে লাহে সিহঁত বৰ ভাল বন্ধু হৈছিল । সিহঁতে একেলগে খেলিছিল আৰু গছত উঠি আম পাৰিছিল । সিহঁতে আম খাই বৰ ভাল পাইছিল ।

এদিনাখনৰ কথা প্ৰশান্তয়ে গছত উঠি আমি পাৰি থকা অৱস্থাত গছৰ পৰা পৰি তাৰ হাত ভাঙি গৈছিল । সি বৰ দুখ পাইছিল । তাৰ লগত থকা বন্ধু কেইটাই তাক ততালিকে ধৰি ঘৰলৈ লৈ গৈছিল আৰু সি বিচনাত থকা দিন কেইটাত প্ৰণৱ আৰু মিঠুয়ে তাৰ বাবে সদায় আম আনিছিল ।

নীতি শিক্ষা :- বন্ধু সুখ দুখঃ ৰ লগৰী সিহঁতৰ লগত সদায় মিলা প্ৰীতিকৈ থাকিব লাগে |

By Assamlearningpoint

Hi, readres welcome to my site. Myself Rinku Baruah working as a blogger to help readers of Assam to get infromation in assamese. If you want to know more about me visit about me page . Thankyou

Leave a Reply

Your email address will not be published. Required fields are marked *