আন্তৰ্জাতিক সংস্থা : ৰাষ্ট্ৰসংঘ আৰু অন্যান্য Assamese medium class 10 social science Question answer in assamese .
অতি চমু প্ৰশ্নোত্তৰ
প্ৰশ্ন ১। ৰাষ্ট্ৰসংঘ কিয় গঠন হৈছিল?
উত্তৰ : ১৯৩৯ চনত সংঘটিত হোৱা দ্বিতীয় বিশ্বযুদ্ধৰ ধ্বংসলীলাক ৰোধ কৰাৰ
বাবে ৰাষ্ট্ৰসংঘ নামৰ আন্তৰ্জাতিক সংস্থাটো গঠন কৰা হৈছিল।
প্রশ্ন ২। ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য উল্লেখ কৰা।
উত্তৰ : ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য হ’ল—
(ক) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা।
(খ) সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ণৰ ভিত্তিত দেশসমূহৰ মাজত সম্পৰ্ক প্রতিষ্ঠা কৰা ৷
প্ৰশ্ন ৩। ৰাষ্ট্ৰসংঘৰ অংগকেইটাৰ নাম লিখা
উত্তৰ : ৰাষ্ট্ৰসংঘৰ ছটা প্ৰধান অংগ হ’ল— (ক) সাধাৰণ সভা, (খ) নিৰাপত্তা পৰিষদ,
(গ) অৰ্থনৈতিক আৰু সামাজিক পৰিষদ, (ঘ) ন্যাসৰক্ষী পৰিষদ, (৬) আন্তৰ্জাতিক ন্যায়ালয় আৰু চে) সচিবালয়।
প্ৰশ্ন ৪। ৰাষ্ট্ৰসংঘৰ লগত জড়িত দুটা এজেন্সিৰ নাম লিখা।
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ লগত জড়িত এজেন্সিৰ নাম হ’ল— (ক) আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংঘ আৰু (খ) বিশ্ব স্বাস্থ্য সংস্থা ৷
প্ৰশ্ন ৫। নিৰস্ত্ৰীকৰণৰ সম্পৰ্কত সম্পাদিত হোৱা দুখন চুক্তিৰ নাম লিখা।
উত্তৰ : নিৰস্ত্ৰীকৰণৰ সম্পৰ্কত সম্পাদিত হোৱা দুখন চুক্তিৰ নাম দুখন হ’ল-
(ক) পাৰমাণৱিক অস্ত্ৰ সংকোচন চুক্তি ।
(খ) পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি ।
প্ৰশ্ন ৬। মানৱ অধিকাৰ মানে কি বুজা ?
উত্তৰ :মানুহ সভ্য জাতি হিচাপে জীয়াই থাকিবলৈ কিছুমান কামত স্বাধীনতা থকাৰ প্ৰয়োজন । সংবিধান প্রদত্ত এনে স্বাধীনতাকে মানৱ অধিকাৰ বোলা হয়।
অতিৰিক্ত অতি চমু প্ৰশ্নোত্তৰ Assamese medium class 10 social science Question answer
1. প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিল?
উত্তৰ :প্ৰথম বিশ্বযুদ্ধ ১৯১৪ চনত হৈছিল ।
2. দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া হৈছিল?
উত্তৰ :দ্বিতীয় বিশ্বযুদ্ধ ১৯৩৯ চনত হৈছিল ।
3. প্ৰথম বিশ্বযুদ্ধৰ পিছত বিশ্বশান্তিৰ অৰ্থে স্থাপন হোৱা আন্তৰ্জাতিক সংগঠনটো কি ?
উত্তৰ: প্ৰথম বিশ্বযুদ্ধৰ পিছত বিশ্বশান্তিৰ অৰ্থে স্থাপন হোৱা আন্তৰ্জাতিক সংগঠনটো ৰাষ্ট্ৰসংঘ ।
4. ৰাষ্ট্ৰসংঘ কেতিয়া প্ৰতিষ্ঠা হৈছিল ?
উত্তৰ : ১৯৪৫ চনৰ ২৪ অক্টোবৰত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হৈছিল ।
5. ৰাষ্ট্ৰসংঘৰ জন্মৰ সময়ত ইয়াৰ চনদত্ কিমানখন ৰাষ্ট্ৰই স্বাক্ষৰ প্ৰদান
কৰিছিল ?
উত্তৰ : 51 খন ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ জন্মৰ সময়ত ইয়াৰ চনদত্ স্বাক্ষৰ প্ৰদান কৰিছিল ।
6. বছৰটোৰ কোনটো তাৰিখে সমগ্ৰ বিশ্বত ‘ৰাষ্ট্ৰসংঘ দিৱস’ হিচাপে পালন কৰা হয়?
উত্তৰ: ২৪ অক্টোবৰৰ দিনটোত ‘ৰাষ্ট্ৰসংঘ দিৱস’ হিচাপে পালন কৰা হয় ।
7. বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰৰ সংখ্য কিমান?
উত্তৰ :বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰৰ সংখ্য ১৯৩ খন ।
8. ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক’ত?
উত্তৰ: ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰত।
9. ৰাষ্ট্ৰসংঘৰ চনদত কিমানটা অনুচ্ছেদ আছে ?
উত্তৰ: ৰাষ্ট্ৰসংঘৰ চনদত ১১১ টা অনুচ্ছেদ আছে ।
10. ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগটোৰ নাম কি ?
উত্তৰ :ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগটোৰ নাম সাধাৰণ সভা।
11. ৰাষ্ট্ৰসংঘৰ গুৰুত্বপূৰ্ণ অংগটোৰ নাম কি?
উত্তৰ : নিৰাপত্তা পৰিষদ।
12. ষ্টৰংঘৰ কোন অনুচ্ছেদত ্যসৰকী পৰিবদৰ কথা উল্েখ আছে!
উত্তৰ : ষ্টৰংঘৰ কোন অনুচ্ছেদত ৭৬ নং অনুচ্ছেদত আছে ।
13. ৰাষ্ট্ৰসংঘৰ ন্যায়িক অংগটোৰ নাম কি ?
উত্তৰ: ৰাষ্ট্ৰসংঘৰ ন্যায়িক অংগটোৰ নাম আন্তৰ্জাতিক ন্যায়ালয়।
14. আন্তৰ্জাতিক ন্যায়ালয়ত মুঠ কেইজন ন্যায়াধীশ থাকে?
উত্তৰ :আন্তৰ্জাতিক ন্যায়ালয়ত মুঠ ১৫ জন ন্যায়াধীশ থাকে ।
15. ৰাষ্ট্ৰসংঘৰ প্ৰাণকেন্দ্ৰ স্বৰূপ অংগটো কি?
উত্তৰ :ৰাষ্ট্ৰসংঘৰ প্ৰাণকেন্দ্ৰ স্বৰূপ অংগটো সচিবালয়।
16. ‘মানৱ অধিকাৰৰ আন্তৰ্জাতিক ঘোষণা পত্ৰখন কেতিয়া প্ৰকাশিত হৈছিল?
উত্তৰ : ১৯৪৮ চনৰ ১০ ডিচেম্বৰ তাৰিখে মানৱ অধিকাৰৰ আন্তৰ্জাতিক ঘোষণা পত্ৰখন প্ৰকাশিত হৈছিল ।
17. কেতিয়া ৰাষ্ট্ৰসংঘত মানৱ অধিকাৰ সম্পৰ্কে নতুনকৈ দুখন চুক্তি-পত্ৰ
গ্ৰহণ কৰা হৈছিল ?
উত্তৰ : ১৯৬৬ চনৰ ১৬ ডিচেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘত মানৱ অধিকাৰ সম্পৰ্কে নতুনকৈ দুখন চুক্তি-পত্ৰ গ্ৰহণ কৰা হৈছিল ।
18. কেতিয়া মানৰ অধিকাৰ সংৰক্ষণ আইনখনেঁ সন্মতি লাভ কৰে?
উত্তৰ: ১৯৯৩ চনৰ ৮ জানুৱাৰী তাৰিখে মানৰ অধিকাৰ সংৰক্ষণ আইনখনেঁ সন্মতি লাভ কৰে।
19.”UNICEF” ৰ প্ৰধান কাৰ্যালয় ক’ত অৱস্থিত ?
উত্তৰ :”UNICEF” ৰ প্ৰধান কাৰ্যালয় নিউয়ৰ্কত অৱস্থিত ।
20. আন্তৰ্জাতিক শিশু কল্যাণ অনুষ্ঠানটোৰ নাম কি ?
উত্তৰ:আন্তৰ্জাতিক শিশু কল্যাণ অনুষ্ঠানটোৰ নাম “UNICEF” ।
21. বিশ্ব স্বাস্থ্য সংস্থা কেতিয়া পালন কৰা হয় ?
উত্তৰ: বিশ্ব স্বাস্থ্য সংস্থা ৭ এপ্ৰিলত পালন কৰা হয় ।
22. বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰধান কাৰ্যালয় ক’ত অৱস্থিত ? “
উত্তৰ: বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰধান কাৰ্যালয় জেনেভাত অৱস্থিত।
23. আন্তঃৰাষ্ট্ৰীয় নিবনুৱা সংস্থাৰ কাৰ্যালয় ক’ত অৱস্থিত ?
উত্তৰ : আন্তঃৰাষ্ট্ৰীয় নিবনুৱা সংস্থাৰ কাৰ্যালয় জেনেভা চহৰত অৱস্থিত ।
24. ‘খাদ্য আৰু কৃষি পৰিষদ’ৰ (FAO) প্ৰধান কাৰ্যালয় ক’ত অবস্থিত ?
উত্তৰ:‘খাদ্য আৰু কৃষি পৰিষদ’ৰ (FAO) প্ৰধান কাৰ্যালয় ৰোমত অবস্থিত।
25.আন্তৰ্জাতিক শ্রমিক সংস্থা (FAO)ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত ?
উত্তৰ : জেনেভাত আন্তৰ্জাতিক শ্রমিক সংস্থা (FAO)ৰ মুখ্য কাৰ্যালয় অৱস্থিত।
26. আন্তৰ্জাতিক মুদ্ৰা নিধি কেতিয়া গঠন কৰা হৈঠিল ?
উত্তৰ: আন্তৰ্জাতিক মুদ্ৰা নিধি ১৯৪৫ চনৰ ২৭ ডিচেম্বৰ তাৰিখে গঠন কৰা হৈঠিল ।
27.IMF ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত ?
উত্তৰ : আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটনত IMF ৰ মুখ্য কাৰ্যালয় অৱস্থিত ।
PATHTIR MULKOTHA পাঠতিৰ মূলকথা
- ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখে ‘ৰাষ্ট্ৰসংঘ’ অনুষ্ঠানটোৰ জন্ম হয়।
- ২৪ অক্টোবৰ দিনটো ‘ৰাষ্ট্ৰসংঘ দিৱস’ হিচাপে পালন কৰা হয়।
- ৰাষ্ট্ৰসংঘৰ চনদত মুঠ ১১১টা অনুচ্ছেদ আছে। ইয়াৰ প্রথম অনুচ্ছেদত ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য সন্নিৱিষ্ট হৈছে।
- ৰাষ্ট্ৰসংঘৰ ছটা প্রধান অংগ হ’ল– (১) সাধাৰণ সভা, (২) নিৰাপত্তা পৰিষদ, (৩) অৰ্থনৈতিক আৰু সামাজিক পৰিষদ, (৪) ন্যাসবক্ষী পৰিষদ, (৫) আন্তর্জাতিক ন্যায়ালয় আৰু (৬) সচিবালয়।
- নিৰস্ত্ৰীকৰণৰ জৰিয়তে বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত যুদ্ধৰ পৰিৱেশ নাইকিয়া কৰাৰ অৰ্থে ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপ গুৰুত্বপূৰ্ণ৷
- ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ১৯৪৮ চনৰ ১০ ডিচেম্বৰ তাৰিখে ৪৮খন সদস্য ৰাষ্ট্ৰৰ সমৰ্থনত মানৱ অধিকাৰ ঘোষণাপত্ৰ গ্ৰহণ কৰে।
- ভাৰতবৰ্ষত ১৯৯৩ চনৰ ২৮ ছেপ্টেম্বৰ তাৰিখে ৰাষ্ট্ৰপতিয়ে এখন অধ্যাদেশ জাৰি কৰি ৰাষ্ট্ৰীয় মানৱ-অধিকাৰ আয়োগ গঠন কৰে।
দীঘল উত্তৰৰ প্ৰশ্ন Class 10 assamese medium social science Question answer
1. ৰাষ্ট্ৰসংঘ গঠনৰ উদ্দেশ্য আৰু ইয়াৰ নীতিকেইটা আলোচনা কৰা ।
উত্তৰ: ৰাষ্ট্ৰসংঘ গঠনৰ উদ্দেশ্যকেইটা হ’ল–
- আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা ।
2. সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত্ দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক
“প্রতিষ্ঠা কৰা ।
3. আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ভিত্তিত অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক
সমস্যাসমূহৰ সমাধান কৰা আৰু প্রত্যেকজন ব্যক্তিয়ে যাতে মানৱ অধিকাৰ আৰু
মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে তাৰ ব্যৱস্থা কৰা।
4.উল্লিখিত উদ্দেশ্যসমূহ সাধনৰ বাবে বিভিন্ন দেশৰ মাজত সম্বন্ধ প্রতিষ্ঠাৰ কেন্দ্ৰ হিচাপে কার্য সম্পাদন কৰা ।
ৰাষ্ট্ৰসংঘৰ প্ৰধান নীতিসমূহ এনেধৰণৰ”–
1.সকলো সদস্য ৰাষ্ট্ৰৰ সমান সাৰ্বভৌম নীতিৰ ভিত্তিত ৰাষ্ট্ৰসংঘ প্রতিষ্ঠা হ’ব ৷
2.ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখ কৰা নিয়মাৱলী মানি লৈ সকলো সদস্য ৰাষ্ট্ৰই নিজা দায়িত্ব পালন কৰিব লাগিব।
3.আন্তঃৰাষ্ট্ৰীয় শান্তি, নিৰাপত্তা আৰু ন্যায়ত কোনো, আঘাত নোহোৱাকৈ সকলে৷ “সদস্য ৰাষ্ট্ৰই সকলো যৰণৰ বিবাদ শঙ্তিপূৰ্ণভাৱে মীমাংসা কৰিব লাগিব।
4.আন্তর্জাতিক সম্পৰ্ক ৰক্ষা কৰাৰ স্বাৰ্থত কোনো সদস্য ৰাষ্ট্ৰই শক্তি প্রয়োগ কৰিব নোৱাৰিব।
5. চনদত উল্লেখ কৰা মতে ৰাষ্ট্ৰসংঘই কোনে ব্যৱস্থা গ্ৰহণ কৰিলে সদস্য ৰাষ্ট্ৰসমূহে ৰাষ্ট্ৰসংঘক সহায় কৰিব লাগিব আৰু ৰাষ্ট্ৰসংঘই শাস্তিমূলক ব্যবস্থা গ্রহণ কৰা ৰাষ্ট্ৰক
সহায় কৰিব নোৱাৰিব।
6.“ৰাষ্ট্ৰসংঘই সদস্য ৰাষ্ট্ৰসমূহৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিব।
2. ৰাষ্ট্ৰসংঘৰ নিৰাপত্ত৷ পৰিষদৰ ওপৰত এটা টোকা লিখা।
উত্তৰ: ৰাষ্ট্ৰসংঘৰ অতি গুৰুত্বপূৰ্ণ অংগটোৱেই হ’ল নিৰাপত্তা পৰিষদ। ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ সময়ত পৰিষদৰ স্থায়ী সদস্য আছিল পাঁচজন আৰু অস্থায়ী সদস্য ছজন। ১৯৬৩ চনত ৰাষ্ট্ৰসংঘৰ চনদৰ ২৩ নং অনুচ্ছেদৰ সংশোধন কৰি অস্থায়ী সদস্য সংখ্যা দহজনলৈ বৃদ্ধি কৰা হয় । নিৰাপত্ত৷পৰিষদৰ অস্থায়ী সদস্যসকলক সাধাৰণ সভাই নিৰ্বাচিত কৰে। সদস্য
হ’ল– আমেৰিকা, গ্ৰেট ব্ৰিটেন, ফ্ৰান্স, ৰাছিয়া আৰু চীন । কোনো গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত ল’বলৈ স্থায়ী পাচজন সদস্যসহ মুঠ ৯জন সদস্যৰ সন্মতি থাকিব লাগিব। স্থায়ী সেইবাবে কোনো বিষয়ত স্থায়ী সদস্যই সদস্যসকলৰ ‘ভেটো’ প্রয়োগৰ ক্ষমতা আছে।
3. বিশ্বশস্তিৰ বাবে ৰাষ্ট্ৰসঘেই লোৱা পদক্ষেপসমূহ আলোচনা কৰা ।
উত্তৰ: বিশ্ব শান্তিপ্ৰতিষ্ঠা, প্ৰচাৰ আৰু প্রসাৰৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ মুখ্য অৱদাম আছে। ভাৰতবৰ্য
হিন্দু, খ্ৰীষ্টান, বুদ্ধ, ইছলাম, শিখ আদি বিভিন্ন ধৰ্মাৱলম্বী লোকৰ বাসস্থান ৷ এই সকলোবোৰ
ধৰ্মৰ মতবাদতেই নিহিত হৈ আছে বিশ্ব শান্তি আৰু মানৱ কল্যাণ লাভৰ বহুতো সজ উপদেশ ৷ আমাৰ জাতিৰ পিতা মহাম্মা গান্ধীয়েও অহিংসাৰে ভৰা শান্তিৰ ৰামৰাজ্য সপোন দেখা পাইছিল। শান্তিৰ বাবে জীৱন উছৰ্গা কৰি অৱহেলিত আৰু দুৰ্গ হিতৰ বাবে কাম কৰা মাদাৰ টেৰেছাই শান্তিৰ ন’বেল বঁটা লাভ কৰিছিল।আজিৰ পৰা বহু বছৰ আগতে ভগৱান বুদ্ধই এই ভাৰততে দিব্যজ্ঞান লাভ কৰি শান্তিৰ বাণী প্ৰচাৰ কৰি মানৱ জাতিক মুক্তিৰ সন্ধান দিছিল ।
প্ৰথম বিশ্বযুদ্ধ সমাপ্ত হোৱাৰ পিছত বিশ্ব শান্তি প্রতিষ্ঠা আৰু ৰক্ষাৰ বাবে বহুতো অনুষ্ঠান আৰু প্ৰতিষ্ঠান গঢ়ি উঠিছিল। এই অনুষ্ঠান প্ৰতিষ্ঠানবোৰৰ ভিতৰত জাতিসংঘ আৰু ৰাষ্ট্ৰসংঘই প্রধান। এইবোৰৰ উপৰি জাতিসমূহৰ সংঘ, গোষ্ঠীনিৰপেক্ষ আন্দোলন, দক্ষিণ এছিয়াৰ আঞ্চলিক সহযোগিতা সংস্থা আদি অনুষ্ঠানসমূহে বিশ্ব শান্তিপ্রতিষ্ঠা কৰাত বিশেষ অৰিহণা যোগাইছে। ভাৰত এই আটাইবোৰ অনুষ্ঠানৰে সদস্য ৷ এই অনুষ্ঠানসমূহে সদস্য ৰাষ্ট্ৰ সমূহৰ মাজত মিলা- ৰীতি আৰু শান্তিপৃ্ণসহ-অৱসথাৰদাৰ| পৃথিৱীত বিশ শান্তিৰ
পথৰ সৃষ্টি কৰিছে।
4 . ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মানন অধিকাৰ আয়োগ সম্পৰ্কত এটা টোকা লিখা।
উত্তৰ: মানৱ অধিকাৰ আয়োগ ১৯৪৬ চনৰ ১৬ ফেব্ৰুৱাৰী, তাৰিখে প্রতিষ্ঠা হৈছিল । বিশ্বৰ মানৱ সমাজৰ অধিকাৰসমূহক সুৰক্ষা দিবলৈকে এই স্থায়ী সংগঠনটোৰ জন্ম হৈছিল । সংগঠনটোৰ জুন্মক্ষ্ণত ইয়াৰ সদস্যৰ সংখ্যা আছিল ১৮জন । ১৯৬২ চনত আয়োগৰ সদস্যৰ সংখ্যা ২১ জনলৈ বৃদ্ধি কবা হয়। পুনৰ ১৯৯০ চনত ইয়াৰ সদস্য সংখ্যা ৫৩ জন কৰা হয় ।মানৱ অধিকাৰ আয়োগৰ সদস্যসলকল তিনি বছৰৰ বাবে নিৰ্বাচিত হয়। সংখ্যাগৰিষ্ঠৰ মতৰ ওপৰত ভিত্তি কৰি আয়োগে গ্ৰহণ কৰে ।
আয়োগে মানৱ অধিকাৰ উলংঘা সম্পর্কীয় অভিযোগ গ্রহণ কৰে আৰু তেনে অভিযোগৰ ওপৰত সংশ্লিষ্ট চৰকাৰৰপৰা প্ৰতিবেদন বিচাৰে ।