সমাস Assamese Grammar Class 10

Assamese Grammar class 10 সমাস

সমাস কাক বোলে উদাহৰণ দি বুজাই লিখা।

উত্তৰঃ পৰস্পৰ সমন্ধ বিশিষ্ট দুই বা অধিক পদৰ (শব্দৰ) একপদী ভাব বা এটা অৰ্থযুক্ত শুৱলা শব্দ হোৱাকে সমাস বোলা হয় ।

সমাস ছয় প্ৰকাৰৰঃ-

(ক) দ্বন্দ সমাস

(খ) দ্বিগু সমাস

(গ) বহুব্রীহি সমাস

(ঘ) কৰ্মধাৰয় সমাস

(ঙ) তৎপুৰুষ সমাস

(চ) অব্যয়ীভাৱ সমাস

দ্বন্দ সমাস কাক বোলে ?

উত্তৰঃ-যি সমাসত দুই বা বহু পদ মিলিত হৈ একপদ হয় আৰু প্ৰত্য়েক পদৰ অৰ্থ প্ৰধানৰুপে প্ৰতীয়মান হয় সেয়াই দ্বন্দ সমাস । যেনে-পশু আৰু পক্ষী =পশুপক্ষী ।

দ্বিগু সমাস কাক বোলে ?

উত্তৰঃ-সংখ্য়াবাচক শব্দ আগত থাকি যি কৰ্মধাৰয় সমাস হয় আৰু সমাহাৰ আদি অৰ্থ বুজায় তাকে দ্বিগু সমাস বোলে । যেনে-

পঞ্চ ঘটৰ সমাহাৰ= পঞ্চঘট ।

বহুব্রীহি সমাস কাক বোলে ?

উত্তৰঃ- যি দুই পদৰ সমাস হয় সেইবোৰৰ অৰ্থ নুবুজাই যদি সমাস নিষ্পন্ন পদটোৱে অন্য় পদাৰ্থক প্ৰধানৰুপে বুজায় তাক বহুৰ্ৰীহি সমাস

বোলে ।

কৰ্মধাৰয় সমাস কাক বোলে ?

উত্তৰঃ-বিশেষণ আৰু বিশেষ্য় পদত সমাস হৈ যদি বিশেষ্য়ৰ অৰ্থটো প্ৰধানভাৱে প্ৰতীয়মান হয় তাক কৰ্মধাৰয় সমাস বোলে ।

যেনে-নীল যি উৎপল= নিলোৎপল ।

তৎপুৰুষ সমাস কাক বোলে ?

উত্তৰঃ-পুৰ্বপদত কাৰক বা সম্বন্ধবাচক বিভক্তিৰ লোপ হৈ পাছৰ পদৰ লগত যি সমাস প্ৰায় পাছৰ পদৰ অৰ্থ প্ৰধানৰুপে প্ৰতীয়মান হয়

তাকেই তৎপুৰুষ সমাস বোলে । যেনে-ব্ৰজৰ দ্ৱাৰা আহত=ব্ৰজাহত ।

অব্যয়ীভাৱ সমাস কাক বোলে ?

উত্তৰঃ-যি সমাসত অব্য়য়ৰ অৰ্থ প্ৰধানৰুপে প্ৰতীয়মান হয় আৰু পুৰ্বপদত অব্য়য় থাকে তাক অব্য়য়ীভাব সমাস বোলে ।

যেনে-কূলৰ সমীপ= উপকূল ।

সমাসৰ কেইটামান উদাহৰণ—

দ্বন্দ সমাস :-

স্বভাৱ-চৰিত্ৰ = স্বভাৱ আৰু চৰিত্ৰ ।

গুৰু-শিষ্য = গুৰু আৰু শিযষ্য।

ভাল-বেয়া = ভাল আৰু বেয়া।

সোণ-ৰূপ = সোণ আৰু ৰূপ।

অস্তশস্ত্ৰ = অস্ত্ৰ আৰু শস্ত।

তামোল-পাণ = তামোল আৰু পাণ।

দেৱাসুৰ == দেৱ আৰু অসুৰ।

তেল-পানী = তেল আৰু পানী।

ভাই-ভনী = ভাই আৰু ভনী।

দ্বিগু সমাস


শতাব্দী = শত অন্দৰ সমাহাৰ।

পঞ্চামৃত = পঞ্চঅমৃতৰ সমাহাৰ।

ত্ৰিপিটক = ত্ৰিপিটকৰ সমাহাৰ ।

পাচৰজীয়া = পাঁচ ৰজাৰ সমাহাৰ।

তিনি ভুৱন = তিনি ভুৱনৰ সমাহাৰ।

ত্ৰিফলা = তিনি ফলৰ সমাহাৰ।

দোমাহী = দুই মাহৰ সমাহাৰ।

বহুব্রীহি সমাস ( Assamese Grammar )

বছৰেকীয়া = এবছৰৰ মূৰত হয় যি সি।

মনোৰঞ্জক = মনক ৰঞ্জন কৰে যি সি।

সাপ্তাহিক = সাত দিনৰ মূৰে মূৰে ওলায় যি।
নিৰস্তৰ = নি(নাই) অন্তৰ য’ত।

চক্ৰপাণি = চক্র আছে পাণিত যাৰ।
খাটনিয়াৰ = খাটনি ধৰে যি সি।
হৃদয়গ্ৰাহী = হৃদয়ে গ্ৰহণ কৰে যাক সি।
সংসাৰত্যাগী = সংসাৰ ত্যাগ কৰে যি সি।

স্বাধীন =স্বৰ (নিজৰ) অধীন যি সি।
জলচৰ = জলত চৰে যি।

হলধৰ = হল ধৰে যি।

পদ্মনাভ = পদ্ম আছে নাভিত যাৰ।

ৰণ-মেল = ৰণৰ বাবে আয়োজন কৰা যি মেল সি।

কু চক্ৰী = কুচক্ৰৰ অধীন যি সি!

গদাপাণি = গদা আছে পাণিত যাৰ।

শূলপাণি = শূল আছে পাণিত যাৰ।
দৃঢ়প্ৰতিজ্ঞ = দৃঢ় প্ৰতিজ্ঞা যাৰ সি।

বৃকোদৰ = বৃক আছে উদৰত যাৰ।
পীতাম্বৰ = পীত অম্বৰ যাৰ সি।
হতাহতি = হাতে হাতে যুদ্ধ. যি। (ব্যতিহাৰ বহুব্রীহি)

কৰ্মধাৰয় সমাস ( Assamese Grammar )


কালিকা পুৰাণ = কালিকা বিষয়ক পুৰাণ (মধ্যলোপী)।
বিদ্যোৎসাহী = বিদ্যাৰ প্ৰতি উৎসাহী (মধ্যলোপী)।.
মূলধন = মূল যি ধন (মধ্যলোপী)।

বহুমূলীয়া = বহু মূল্য যাৰ। পোৰামাটি = পোৰা যি মাটি।
মহাপুৰুষ = মহৎ যি পুৰুষ।

সজবৃত্তি = সজ যি বৃত্তি।
অন্তিম বাণী = অন্তিম যি বাণী।

সিংহাসন = সিংহ অংকিত আসন (মধ্যলোপী)
মলাধঁপাত = মলা যি ধঁপাত।

সিংহদুৱাৰ = সিংহ অংকিত যি দুৱাৰ।

পুণ্যভূমি = পুণ্য যি ভূমি।

মৰুভূমি -= মৰু যি ভূমি।

কাপুৰুষ = কু যি পুৰুষ।

তৎপুৰুষ সমাস ( Assamese Grammar )

আশাতীত = আশাৰ অতীত ।
অশিক্ষিত = ন শিক্ষিত ।
ৰাজক্ষমতা = ৰজাৰ ক্ষমতা ।
অসম্ভৱ = ন সম্ভৱ ।
জলাতংক = জলৰদ্বাৰা আতংক ।
চাহ গছ = চাহৰ গছ ।
সীমাবদ্ধ = সীমাত বদ্ধ ।
পদদলিত = পদেৰে দলিত ।
সংবিধানস্বীকৃত.= সংবিধানৰদ্বাৰা স্বীকৃত ।
পৰিণয়াবদ্ধ = পৰিয়ণত আৱদ্ধ ।
মাতৃপূজা = মাতৃক পূজা ।
ৰাজসিংহাসন = ৰজাৰ সিংহাসন ।
অনুচিত = ন উচিত ।


অব্যয়ীভাৱ সমাস

অহিংসা = হিংসাৰ অভাৱ।
দুৰ্ভিক্ষ = ভিক্ষাৰ অভাৱ।
উচ্ছ্‌ংখল শৃংখলাৰ অভাৱ।
অসুখ = সুখৰ অভাৱ। :
লোকাস্তৰ = অন্য লোক।
দেশাত্তৰ = অন্য দেশ।
যথাশক্তি = শক্তিক অতিক্ৰম নকৰি।
অনুক্ৰমে = ক্ৰমে ক্ৰমে। ‘ ৷
উপকূল = কূলৰ সমীপ।

FOR CLASS ASSAMESE QUESTION ANSWER CLICK HERE




Leave a Comment

Your email address will not be published. Required fields are marked *