Assamese Fokora Jujona

Assamese fokora jujona with meaning

Assamese fokora jujona with meaning এই পোষ্টটোৰ জৰিয়তে বুজাবলৈ চেষ্টা কৰা হৈছে অসমীয়া ভাষাত ফকৰা, যোজনা, পটন্তৰ আদি শব্দবোৰ প্ৰায়ে সমাৰ্থক ৰূপত ব্যৱহাৰ হয় যদিও এইবোৰক সামৰি লোৱা হয় ফকৰা যোজনা শব্দৰে । এই ফকৰা যোজনা কোনে, কেতিয়া ৰচনা কৰিছিল জনা নাযায় যদিও মানুহে বসবাস কৰিবলৈ লোৱাৰ পৰাই বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ ভিত্তিত সৃষ্টি হৈ মানুহৰ মুখে মুখে চলি আহিছে । অসমীয়া ভাষাৰ কিছুমান ফকৰা যোজনাৰ উদাহৰণ তলত দাঙি ধৰা হল ।

Assamese Fokora Jujona Photo

অধিক মাছত বগলী কণা Assamese Fokora Jujona odhik masot bogoli kona.

মানুহৰ বাবে যিখিনি প্ৰয়োজনীয়, তাতকৈ অধিক পালে যে সময়ত নিজৰ কৰ্তব্য পাহৰি গৈ একোকেই লব নোৱাৰি বিপাঙত পৰিবলগীয়া হয়, এই কথাটোৱে যোজনাটোৰ জৰিয়তে দাঙি ধৰা হৈছে ।

বগলীৰ বাবে মাছ এবিধ প্ৰিয় খাদ্য । মাছ দেখিলেই বগলীৰ মনত আনন্দ লাগে । কিন্তু যেতিয়া বগলীৰ প্ৰয়োজনতকৈ মাছৰ সংখ্যা যথেষ্ট বেছি হয় তেতিয়া কোনটো মাছ ধৰিব , খাব , কোনটো এৰিব সেই কথা বিচাৰ কৰিব নোৱাৰা হয় ।


মানুহৰ জীৱনটো সেই একে কথাই খাতে । প্ৰত্যেক মানুহৰ প্ৰয়োজনীয় বিষয়বস্তুবোৰৰ একোটা নৃদিষ্ট সীমা আছে । সেইখিনি পালেই মানুহে সুখ-শান্তিৰে বসবাস কৰিব পাৰে । কিন্তু মানুহৰ সম্মুখত যেতিয়া অধিক বস্তু আহি পৰে , তেতিয়া মানুহ উগুল-থুগুল হৈ পৰে ।

কোনটো বস্তু ধৰিব কোনটো বস্তু এৰিব তাৰ কোনো কুল নোপোৱা হয় আৰু শেষত কেতিয়াবা প্ৰয়োজনীয় বস্তুবোৰকেই এৰি অপ্ৰয়োজনীয় বস্তুবোৰকেই লব বিচাৰে । এই যোজনাটোৰ জৰিয়তে ইয়াকে বুজাব বিচাৰিছে ।

অতি ভক্তি চুৰৰ লক্ষণ । Oti vokti suror lokhon

ভক্তি শব্দই সাধাৰণতে উপাসনা, আৰাধনা, সেৱা, খাটনি আদি অৰ্থ প্ৰকাশ কৰে । অতিভক্তি বুলিলে অতিৰিক্ত বা অধিক ভক্তিক বুজায় । যিসকল দেৱ-দেৱী নাইবা যিসকল ব্যক্তিয়ে আমাৰ জীৱনৰ ওপৰত প্ৰভাৱ পেলায়, নাইবা কিবা প্ৰকাৰে আমাক অনুপ্ৰাণিত কৰে তেওঁলোকৰ প্ৰতিয়েই আমি ব্যক্তিৰ ভাৱ প্ৰকাশ কৰোঁ ।
কিন্তু সেয়া হলেও সকলো কামৰে একোটা সীমা থাকে ঠিক তেনেদৰে ভক্তিৰ ক্ষেত্ৰতো এটা সীমা থাকে ।ভক্তিৰ সীমাৰ ভিতৰত থাকি যেতিয়া কাৰোবালৈ শ্ৰদ্ধাৰ মনোভাব জনোৱা হয়, তেনেকুৱা মানুহ সকলোৰে বাবে আদৰৰ হৈ পৰে ।

কিন্তু অতিভক্তি শব্দই অধিকভাৱ প্ৰকাশ কৰিলেও বাস্তৱ ক্ষেত্ৰত কিন্তু কেতিয়াবা অতিভক্তিৰ মাজত কপতটা, দুষ্টালি আদিৰ মনোভাব জড়িত হৈ থকাও দেখা যায় । আকৌ কেতিয়াবা দেখা যায় ব্যক্তিগত স্বাৰ্থপৰায়ন লোকে নিজৰ কাৰ্যসিদ্ধিৰ বাটত অগ্ৰসৰ হৈ প্ৰয়োজনতকৈ অতিভক্তি বা সেৱাৰ মনোভাব দেখুৱাই । তেনে লোকৰ এই ভক্তি কিন্তু ভাল নহয় । ইয়াৰ মাজত সততে নিজৰ স্বাৰ্থসিদ্ধিৰ কথাহে জড়িত থাকে । অন্য কথাত তেওঁলোকে চোৰৰ দৰে নিজৰ স্বাৰ্থ উপযোগী কাম আদায় কৰিবৰ বাবেহে যেন আগবাঢ়ে । এনেকুৱা অসৎ লোকৰ ক্ষেত্ৰত সেৱাৰ মনোভাৱ দেখিয়েই সেয়ে কোৱা হয় “অতিভক্তি চুৰৰ লক্ষণ” বুলি । এনেকুৱা লোকে দেখাত ভক্তিৰ মনোভাব দেখুৱাই যদিও চেগ পালেই চুৰ কৰি নিবলৈও কুন্ঠাবোধ নকৰে । সেয়ে এনে লোকৰ চতুৰালিৰ পৰা সাৱধান কৰি দিবলৈ “অতিভক্তি চুৰৰ লক্ষণ” এই কথাৰ ব্যৱহাৰ কৰা হয় ।

আঁঠুৱা চাই ঠেং মেলা ।Fokora jujona in Assamese athua sai theng Mela

অৱস্থা চাইহে আমি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই কথাকে এই কথাশাৰীৰ মাজেৰে বুজাব খোজা গৈছে । মহৰ কামোৰৰ পৰা ৰক্ষা পাবলৈ আমি আঁঠুৱাৰ ব্যৱহাৰ কৰো কিন্তু আমি বিচাৰ কৰিব লাগিব যে আঠুৱাখন কিমান দীঘল । সেই কথাৰ বিচাৰ নকৰাকৈ যদি আমি ঠেং মেলি দিওঁ, তেতিয়া ঠেং বাহিৰলৈ ওলাই পৰিব আৰু মহবিলাকে আমাৰ ঠেঙত পৰি ৰক্তপান কৰিবলৈ সুবিধা পাব । ফলস্বৰূপে আমি কষ্ট পোৱাৰ উপৰিও হয়তো কেতিয়াবা বিভিন্ন বেমাৰ-আজাৰৰো সম্মুখীন হব লাগিব ।


ঠিক তেনেদৰে আমাৰ সামৰ্থ অনুসৰিহে খৰছৰ ব্যৱস্থা কৰিব লাগে । আমি যদি আয়ৰ পিনে নাচাই ধাৰ ঋণ কৰি খৰছ কৰিবলৈ লওঁ, তেতিয়াহলে এটা সময়ত আমি সৰ্বশান্ত হব লাগিব । আমাৰ সঞ্চয়তো নাথাকিবই, বৰঞ্চ আমি পদে পদে ধৰোৱা হৈ, বিভিন্নজনৰ গালি-গালাজ খাই জীৱন নিৰ্বাহ কৰিব লাগিব । সেয়ে আমি আঁঠুৱা চাই ঠেং মেলিব লাগে অৰ্থাৎ অৱস্থা চাইহে নিজৰ নিজৰ কাৰ্য্যব্যৱস্থা স্থিৰ কৰিব লাগে । উক্ত কথাষাৰিয়ে এই মহৎ কথাখিনিকেই প্ৰকাশ কৰিছে ।

আপোন ভালেই জগত ভাল ।Assamese Fokora Jujona apun valei jogot val .

জগতখনৰ ভাল-বেয়া সকলোখিনিয়ে নিজৰ ওপৰত নিৰ্ভৰ কৰে এই কথাটোৱে যোজনাটোৰ জৰিয়তে বুজাবলৈ চেষ্টা কৰা হৈছে । Assamese Fokora Jujona


সমাজ এখনৰ সকলো মানুহ যদি নিজেই ভাল হয়, তেতিয়া জগতখনো ভাল হয় । অৰ্থাৎ জগতখন ভাল হোৱাৰ মূল কাৰনেই হৈছে আমি প্ৰত্যেকে নিজে ভাল হোৱাটো । সমাজৰ লোকসকলৰ প্ৰত্যেকে যদি নিজে সৎ হৈ জীৱন নিৰ্বাহ কৰিবলৈ লয় , সকলোৱে যদি আনৰ অমংগল চিন্তা কৰিবলৈ এৰি দিয়ে তেতিয়া হলে সকলোৱে বেলেগৰ পৰাও তেনে ব্যৱহাৰ লাভ কৰিব । ফলস্বৰূপে সমগ্ৰ জগততে এখন শান্তি-শৃংখলাৰ সমাজ গঢ়ি উঠিব আৰু সেইখন সমাজত সকলোৱে মুক্ত মনেৰে বিচৰণ কৰাৰ সুযোগ লাভ কৰিব । আমি যদি সকলোৱে আনৰ লগত ভাল ব্যৱহাৰ কৰো তেতিয়া এনেও আমাৰ লগত ভাল ব্যৱহাৰ কৰিব । তাৰ বিপৰীতে আমি যদি আনৰ লগত বেয়া ব্যৱহাৰ কৰো তেতিয়া আনেও আমাৰ লগত বেয়া ব্যৱহাৰ কৰিব । সেয়েহে কোৱা হয় সমাজৰ ভাল বেয়া নিজৰ ওপৰতেই নিৰ্ভৰ কৰে বা আপোন ভালেই জগত ভাল ।

উলুৰ লগত বগৰী পোৰা । Ulur logot bogori pura

হাবিয়নিত জুই লাগিলে উলুৰ লগতে বগৰী গছো পোৰে । বননিত জুই দিওঁতাজনৰ কিন্তু বগৰী গছ পোৰাটো উদ্দেশ্য নহয় । তথাপিও উলুৱনীৰ মাজতে যিহেতু বগৰী গছো থাকে সেইবাবে একেলগে পুৰি যায় । অৰ্থাৎ সংজ্ঞদোষত পৰি কষ্ট ভোগ কৰিব লগীয়া হয় । এই কথাটোৱে উক্ত বাক্যৰ জৰিয়তে বুজাব খোজা হৈছে । একেদৰেই নিৰ্দোষী মানুহো যদি কুসংগত থাকে, তেতিয়া অনাহকে শাস্তি ভোগ কৰিবলগীয়া হয় ।

মিছা কথাৰ ঠেং চুটি । Misa kothar theng suti .

মিছাৰ আশ্ৰয় ললে যে মানুহে জীৱনত বিভিন্ন ধৰণৰ বেমেজালিৰ সম্মুখীন লবলগীয়া হয়, সেই কথাকেই এই বাক্য শাৰীৰ মাজেৰে বুজাবলৈ চেষ্টা কৰা হৈছে ।
মানুহে জীৱনত বিভিন্ন ক্ষেত্ৰত মিছাৰ আশ্ৰয় লয় যদিও শেষত ধৰা পৰিবলগীয়া হয় । মানুহে যেতিয়া মানুহক ঠগাৰ বাবে এটা মিছাৰ আশ্ৰয় লয়, তেতিয়া তাৰ পাছত সেই মিছাক ঢাকিবলৈ অন্যান্য মিছাৰ আশ্ৰয় লব লগীয়া হয় । এবাৰ যদি কিবা কাৰণত মিছাৰ আশ্ৰয় লোৱা হয়, তেতিয়া সেই মিছাক লুকুৱাবলৈ তাৰ লগত আৰু বিভিন্ন মিছা কথাৰ সঁহাৰি লব লগা হয় । সেই কাৰণে কোৱা হয় মিছা কথাৰ ঠেং চুটি । আনহাতে ঠেং চুটি মানুহে অন্যায় কাম কৰি দৌৰি সাৰিব বিচাৰিলেও তেনে লোক সহজে ধৰা পৰে আৰু শাস্তি পাবলগীয়া হয় ।

সেইদৰে মিছা কথা কোৱা মানুহো ঠেং চুটি মানুহৰ নিচিনা শেষত ধৰা পৰে আৰু নিৰ্যাতন আৰু তিৰস্কাৰৰ সম্মুখীন হয় । সেইবাবে কোৱা হয় মিছা কথাৰ ঠেং চুটি ।

যি মূলা বাঢ়ে তাৰ দুপাততে চিন । Ji mula barhe tar dupatote sin

সৰু লৰা ছোৱালী ভাল হোৱাৰ লক্ষণ যে সৰু অৱস্থাতেই দেখা যায়, সেই কথাকেই উক্ত কথাশাৰীৰ মাজেৰে বুজাবলৈ চেষ্টা কৰা হৈছে । মূলা গছক ইয়াত সৰু লৰা ছোৱালী ৰূপত তুলনা কৰা হৈছে ।

মূলা গছ এজোপা ডাঙৰ-দীঘল হব নে নাই, সেই কথা তাৰ পাততে ধৰিব পৰা যায় । যিজোপা মূলা গছ ভাল হব, সেই কথা একেবাৰে সৰু পুলিতেই ধৰিব পাৰি মূলাৰ দৰে সকলো উদ্ভিদৰ ক্ষেত্ৰত সেই একে কথাই প্ৰযোজ্য । উদ্ভিদৰ এই কথা মানুহৰ ক্ষেত্ৰতো একেদৰে প্ৰতিফলিত কৰে । যি লৰা-ছোৱালী ডাঙৰলৈ ভাল হৈ উঠিব সেই কথা তাৰ সৰু কালতেই ধৰা পৰে । সৰু কালতেই যিবোৰ লৰা ছোৱালী স্বভাৱ চৰিত্ৰ ভাল হয়, আচাৰ ব্যৱহাৰ ভাল হয়, ডাঙৰক সন্মান কৰে, তীক্ষ্ণ বুদ্ধিৰ হয় সেই বোৰ লৰা-ছোৱালীয়ে বংশ পৰিয়ালৰ নাম ওজ্বলাই তোলাৰ লগতে দেশৰো নাম উজলাই তোলে । সেই কথা এই যোজনাটোৰ জৰিয়তে বুজাবলৈ চেষ্টা কৰা হৈছে ।

ৰাইজে নখ জোকাৰিলে নৈ বয় । Raise nokh jukarile noi boi

ৰাইজৰ সহযোগত যে সকলো কামেই সম্ভৱ আৰু একতাই যে পৰম বল সেই কথা এই বাক্যৰ মাজেৰে বুজাবলৈ চেষ্টা কৰা হৈছে । এখন নৈ ববৰ বাবে বহুত পানীৰ প্ৰয়োজন, পাহাৰ-পৰ্বতত হোৱা বৰষুণে নৈৰ সেই পানী যোগান ধৰে । মানুহৰ নখ জোকৰা পানীয়ে স্বাভিকতে নৈ এখন বোৱাব নোৱাৰে যদিও, কথাত এনেই নখ জুকৰা বুলি কোৱা হয় ।

এই কথাৰ জৰিয়তে সমূহ ৰাইজৰ উমৈহতীয়া শক্তিৰ অপাৰ শক্তিৰ মহিমাকেই বুজোৱাৰ চেষ্টা কৰা হৈছে । উদাহৰণ স্বৰূপে আমাৰ সমাজৰ বাবে প্ৰয়োজনীয় স্কুল – কলেজ আদিৰ দৰে সামাজিক অনুষ্ঠানবোৰ গঢ়ি তোলাত একজন মানুহৰ দ্বাৰা সম্ভৱ নহয় ।( Assamese Fokora Jujona) কিন্তু বহু অৰ্থৰ প্ৰয়োজন হোৱা এনে ধৰণৰ অনুষ্ঠান সমূহ ৰাইজৰ সহায় সহযোগত বা একতাৰ বলত গঢ় লৈ উঠে । ৰাইজে অলপ অলপ কৈ যদি বৰঙণি আগবঢ়াই তেনে ক্ষেত্ৰত এইবোৰ অনুষ্ঠান গঢ় লৈ উঠাত সময় নালাগে । এই অৰ্থৰ জৰিয়তে ৰাইজে নখ জোকাৰিলে নৈ বয় বুলি কৈ ৰাইজৰ শক্তি আৰু ৰাইজে কৰো বুলি কোৱা কামটো কোনো কঠিন কামেই যে পৰি নাথাকে সেই কথাষাৰ বুজোৱা হৈছে ।

চুঙা চাই চুপা দিয়া । sunga sai khupa

উক্ত কথাশৰীৰ অৰ্থ এইটোৱে জ যেনেকুৱা প্ৰশ্ন তেনেকুৱা উত্তৰ । চুঙা এটাৰ মুখখনৰ অনুযায়ী সোপা দিলে চুঙাৰ মুখ বন্ধ হৈ পৰে । তেনেদৰে মানুহৰ প্ৰশ্নৰ উত্তৰো সময়ত দিয়া কাৰ্যকে চুঙা চাই সোপা দিয়া ফকৰা যোজনাটোৰে বুজোৱা হয় । এই যোজনাটোৰ লগত আৰু এটা ফকৰা যোজনাৰ মিল দেখিবলৈ পোৱা যায় যেনে কুকুৰ তেনে টাঙোন ।

অচিন কাঠৰ থোৰা নলগাবা । osin kathot thura nologaba

ধান বনা বা চিৰা সান্দহ আদি খুন্দাৰ বাবে ঢেঁকীত চিনি পোৱা টান কাঠৰ থোৰা লগাব লাগে । চিনি নোপোৱা কাঠৰ থোৰা লগালে কেতিয়াবা হঠাতে ভাগি হাত বা মূৰ আদিত আঘাত কৰিব পাৰে । তেনেদৰে চিনি নোপোৱা বা পৰিচয় নজনা লোকৰ লগত সম্পৰ্ক স্থাপন কৰাটো যুগুত নহয়, কাৰণ তেনে অচিনাকি লোকে সম্পৰ্ক স্থাপন কৰাৰ পাছত অনিষ্ট সাধন কৰিব পাৰে । Assamese fokora jujona Asin Kathat thura nologaba.

Top 15 assamese fokora jujona jodi apuni bisari ase tente ai post tut moi apunalukok keitaman oti guruta purnna fokora jujona ba bhab samprasaran asomiat bujaboiloi sesta korim gotike ai postu apuni bhal dore porhibo.

বাহিৰত বৰ চুৰিয়াৰ ফেৰ, ভিতৰত ঢকুৱাৰ বেৰ । Bahirot bor suriyar fer, vitorot dhokuwar ber assamese fokora jujona

উক্ত ফকৰাটো অইন এটা ফকৰাৰ লগত তুলনা কৰিব পাৰি সেইটো হল বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰী।


এই ফকৰাটিৰ অৰ্থ হ’ল অন্তসাৰশূণ্য অৱস্থা । সমাজত এনে কিছুমান মানুহ আছে জোনবোৰে বাহিৰত চোঁচৰাই আভিজাত্যৰ পৰিচয় দি ঘূৰি ফুৰে । কিন্তু সিহঁতৰ প্ৰকৃত অৱস্থা একেবাৰে বেয়া । সিহঁতৰ ঘৰুৱা অৱস্থা ইমানেই বেয়া যে সিহঁতৰ ঘৰৰ বেৰ পৰ্যন্ত নাই; কোনোমতে তামোলৰ ঢকুৱাৰে বেৰবোৰ ঢাকি ৰাখিছে ।

মাছৰ তেলেৰে মাছ ভজা Masor telere mas bhaja assamese fokora jujona

এটা বস্তুৰ খৰছতে আন এটা কাৰ্য সমাধান কৰাটোৱে এই ফকৰাতোৰ জৰিয়তে বুজাব বিচৰা হৈছে ।


মাছ ভাজিবলৈ বহুত তেলৰ প্ৰয়োজন হয় । কিন্তু বুদ্ধিমতী তিৰোতাৰ বাবে বেলেগে তেলৰ খৰছ কৰাৰ প্ৰয়োজন নহয় কাৰণ বুদ্ধিমতী তিৰোতাই মাছৰ গাত থকা তেলেৰেই মাছ ভাজিব পাৰে ।

নাই মোমাইতকৈ কণা মোমায়ে ভাল Nai mumaitkoi kona mumaiye bhal assamese fokora jujona

মুঠে নোহোৱাতকৈ বেয়া এটা থকাও ভাল- তেনে অৰ্থ বুজাবলৈ গৈ এই ফকৰা বিধৰ সহাৰি লোৱা হৈছে ।

মোমায়েকহঁত প্ৰতিজন লৰা-ছোৱালীৰে অতি প্ৰিয় । সেইবাবে মোমায়েক নোহোৱা লৰা- ছোৱালীক এক প্ৰকাৰ হতভগীয়া বুলিয়ে ক’ব পাৰি । সেইবাবে ভাল মোমায়েক নাথাকিলেও কনাই এটা থকাও ভাল বুলি কোৱা হয় ।

READ MORE

Read Assamese Essay on MAHATMA GANDHI

Leave a Comment

Your email address will not be published. Required fields are marked *