Assamese Fokora Jujona and assamese Dakor boson tolot dhuniyakoi boholai likha ase.
গায়নৰ ঘৰত বোন্দায়ো ৰাগ টানে । Gayonor ghorot Bundaiu rag tane
গায়নৰ ঘৰত সদায় গীত-মাতৰ চৰ্চা চলিয়েই থাকে সেই কাৰণে তেওঁলোকৰ ঘৰত বোন্দা মেকুৰীয়েও ৰাগ টানে । এই ফকৰাটোৰ যোগেদি এইটো বুজাবলৈ চেষ্টা কৰা হৈছে যে জ্ঞানী লোকৰ সংগত থকাজনেও জনা বুজা হয় বা গীত -মাতৰ চৰ্চা থকাজনৰ গীত-মাতৰ প্ৰতি ৰাগ আৰু গীতৰ সম্পৰ্কে কিছু জ্ঞান হয় । অৰ্থাৎ গায়নৰ ঘৰৰ লগুৱা লিকচৌৱেও এইবোৰৰ সম্পৰ্কে নিজৰ জ্ঞান দেখুৱাবলৈ বিচাৰে ।
গোৰ মাৰি গংগাত পেলোৱা । Gur mari gangat peluwa
গংগাত গা ঢোলে বা স্নান কৰিলে পূণ্য হয় বুলি জন বিশ্বাস আছে । সেইকাৰণে গংগাত স্নান কৰিবলৈ মানুহ ঘূৰি ফুৰে । তেনে অৱস্থাত কাৰোবাক যদি গোৰ মাৰি দিওঁতেই মানুহজন যদি গৈ গংগাত পৰেগৈ সেই মানুহজনৰ কপাল ফুলে ।
এই ফকৰাটোৰ অৰ্থ এইটোৱে যে আনৰ অপকাৰ কৰিবলৈ গৈ কেতিয়াবা সেই ব্যক্তিৰ উপকাৰ হে হয় ।
খোৰাৰ খোজে প্ৰতি অপৰাধ । Khurar khuje proti oporadh
খোৰা মানুহে এটা খোজে সাধাৰণ মানুহৰ দৰে খোজ কাঢ়িব নোৱাৰে । গতিকে প্ৰতি খোজতে ভালদৰে খোজ দিব নোৱাৰা দোষত পৰে । অৰ্থাৎ মানুহে বেয়াপোৱাজনৰ খোজে প্ৰতি দোষ উলিয়াই থাকে বা দোষকেহে দেখে ।
কালৰো কাল বিপৰীত কাল, হৰিণাই চেলেকে বাঘৰ গাল । Kaloru kaal biporit kaal, horinai seleke baghor gaal
আগতে কেতিয়াও নোহোৱা কথা ঘটিলে বা কাৰোবাৰ লগত আগতে শত্ৰুতা থাকি পিছত মিত্ৰতা হ’লে এই প্ৰবচন ব্যৱহাৰ কৰা হয় । হৰিণা বাঘৰ ভক্ষ । এনে হৰিণাই বাঘৰ গাল চেলেকা কথাটো অসম্ভৱ । তথাপি মানৱ সমাজত অস্বাভিক কথাও স্বাভাৱিক হৈ পৰাৰ দৰে, হৰিণায়ো বাঘৰ গাল চেলেকা কথাটো সম্ভৱ হয় । এইদৰে অস্বাভিক কথা স্বাভিকৰূপে ঘটা অৰ্থকেই এই যোজনাক ব্যৱহাৰ কৰা হয় ।
কাউৰীৰ বাহত কুলি kaurir bahot kuli
কুলি চৰায়ে বাঁহ সাজিব নাজানে । ই কাউৰীৰ কণীবোৰ নষ্ট কৰি পেলাই তাৰ বাঁহত কণী পাৰি থৈ যায় । কাউৰীয়ে সেই কণীক নিজৰ বুলি ভাবি উমনি দি পোৱালী জগাই টোপ খুৱাই ডাঙৰ কৰে । পোৱালীবিলাকেও চকু মুদি টোপ খাই থাকি উৰিব পৰা হ’লেই উৰি গুচি যায় । গতিকে লোকৰ ঘৰৰ মুখেৰে আপোন ভাব দেখুৱাই পেট প্ৰব্ৰতাই থাকি চল পালেই আঁতৰি গৈ অপকাৰ কৰা মানুহক বুজাবলৈ এই প্ৰবচনটি ব্যৱহাৰ কৰা হয় ।
এপাচি শাকত এটা জালুক Apasi khakot eta jaluk
জালুক শাকৰ সোৱাদ বঢ়াবলৈ প্ৰয়োগ কৰা হয় । তেনেস্থলত এটা জালুকে এপাচি শাকত একোৱে কৰিব নোৱাৰে । অৰ্থাৎ সামান্য বস্তু বহুতৰ মাজত ভাগ কৰিবলৈ যোৱা কাৰ্যটো অতি কঠিন সেইবাবে এই ফকৰা যোজনাটোৰ জৰিয়তে ইয়াকে বুজাবলৈ চেষ্টা কৰা হৈছে ।
উপকাৰীক অজগৰে খায় Upokarik ojogore khai assamese fokora jujona
ইয়াৰ অৰ্থ হ’ল অকৃতজ্ঞতাৰ চূড়ান্ত নিদৰ্শন । বনত জুই লাগি মৰিবলগীয়া এটা অজগৰ সাপ এটাক এজন মানুহে উদ্ধাৰ কৰাৰ পাছত সেই উধাৰকাৰীজনকে অজগৰে ভক্ষণ কৰে । এই ফকৰাটোৰ অৰ্থ এইটোৱেই যে উপকাৰী লোকক কেতিয়াবা মানুহে অনিষ্টৰ চিন্তা কৰে ।
তেলীৰ মূৰত তেল দিয়া Telir murot tel diya assamese fokora jujona
তেলৰ বেপাৰীবোৰৰ তেলৰ লগতে খেলা । গতিকে তেওঁলোকৰ মূৰত ঘঁহিবলৈ তেলৰ অভাৱ নাই । গতিকে সেই তেলীৰ মূৰত যদি তেল ঢালিবলৈ যোৱা হয়; তেতিয়া সেইবোৰ প্ৰয়োজনতকৈ অধিক হ’ব । মানে বেছিটে বেছি ।
এই ফকৰাটোৰ জৰিয়তে ইয়াকে বুজাবলৈ চেষ্টা কৰা হৈছে যে ধন সম্পদ থকা মানুহকে যদি ধন সম্পদ যোগান ধৰা হয় ।
পানীত হাঁহ নচৰা অৱস্থা Panit hah nosora obosta assamese fokora jujona
পানী অবিহনে হাঁহে জীৱন ধাৰণ কৰা কার্যটো যথেষ্ঠ কঠিন । তেনেস্থলত পানীৰ অভাৱত হাঁহৰ যথেষ্ট অসুবিধা হয় । টকা বা ধনৰ অভাৱত মানুহৰ যেতিয়া বেয়া অৱস্থা হয় সেইটো বুজাবলৈ এই ফকৰাটি প্ৰয়োগ কৰা হয় ।
এই ফকৰাটোৰ জৰিয়তে ইয়াকে বুজাবলৈ চেষ্টা কৰা হৈছে যে ধন সম্পদ থকা মানুহকে যদি ধন সম্পদ যোগান ধৰা হয় ।
READ MORE ASSAMESE FOKORA JUJONA CLICK HERE