
I am giving you the Assamese Essay on Mahatma Gandhi in Assamese language. If you found anything wrong in my writing please don’t hesitate to contact me through contact form or you can comment below. I hope you will enjoy it.
Assamese Essay on Mahatma Gandhi “Arombhoni Aru Porisoy”
আৰম্ভনি আৰু পৰিচয়
মহাত্মাগান্ধী ভাৰতৰ এজন মহান আৰু উৎকৃষ্ট ব্যক্তিত্বৰ ব্যক্তি আছিল । আজিও তেখেতৰ নাম দেশ বিদেশত প্ৰচলিত আছে। মহাত্মাগান্ধীৰ জন্ম 2 অক্টোবৰ, 1869 চনত গুজৰাটৰ কাঠিয়বড়ত অবস্তিত পোৰবন্দৰ স্থানত হৈছিল । মহাত্মাগান্ধীৰ সম্পুৰ্ণ নাম আছিল মোহন দাস কৰমচান্দ গান্ধী যি তেখেতৰ দেউতাকৰ নামত ৰখা হৈছিল । গান্ধীজিৰ মাকৰ নাম আছিল পুতুলি বাই আৰু দেউতাকৰ নাম আছিল কৰমচান্দ গান্ধী । গান্ধীজি তেখেতৰ মাক দেউতাকৰ চতুৰ্থ পুত্ৰ আৰু অন্তিম সন্তান আছিল ।
Assamese Essay on Mahatma Gandhi “Khikha Jibon”
শিক্ষা জীৱন
গান্ধীজিৰ প্ৰাথমিক শিক্ষা পোৰবন্দৰত হৈছিল যত তেখেত এজন সধাৰণ ছাত্ৰ আছিল । প্ৰাথমিক শিক্ষাৰ সময়ত গান্ধিজীয়ে তেখেতৰ সহপাথী সকলৰ লগত কম কথা কৈছিল কিন্তু গুৰু জনক সদায় সন্মান কৰিছিল। গন্ধিজীয়ে মেট্ৰিক স্থানীয় বিদ্যালয়ৰ পৰা উৰ্ত্তীৰ্ণ হৈছিল । মেট্ৰিকৰ পিছত তেখেত উচ্চ শিক্ষাৰ বাবে ইংলেন্ডলৈ গৈছিল ।তাৰ পাছত দক্ষিন আফ্ৰিকাৰ পৰা উকালতি পঢ়িছিল।
স্কুলত থাকোতে তেখেত এজন সত্যবাদি আৰু পৰিশ্ৰমী আছিল। তেখেতে কেতিয়াও মিছা কথা কোৱা নাছিল । । গান্ধীজিৰ সপোন আছিল যে তেখেত এজন ডাক্তৰ হব কিন্তু বৈষ্ণৱ পৰিয়ালৰ সন্তান হোৱাৰ বাবে কটা-ছিঙা কৰাৰ অনুমতি তেখেতৰ ঘৰৰ পৰা দিয়া নাছিল।
Assamese Essay on Mahatma Gandhi “Boibahik Jibon”
বৈবাহিক জীৱন
গান্ধীজিয়ে 13 বছৰ বয়সত স্কুলীয়া শিক্ষা শেষ কৰে। 13 বছৰ বয়সতে তেখেতৰ বিবাহ পোৰবন্দৰৰ এজন বেপাৰীৰ পুত্ৰীৰ লগত তেখেতৰ বিবাহ হৈছিল যাৰ নাম আছিল কস্তুৰি দেবী।
কৰ্ম জীৱনৰ আৰম্ভণি
গান্ধীজী বৰ লাজুকীয়া স্বভাৱৰ আৰু মিছা কথা কোৱাত পাৰ্গত নোহোৱাৰ বাবে আৰম্ভণিতেই তেওঁ বিফলতাৰ সম্মুখীন হব লগীয়া হৈছিল । সেই সময়ত ভাৰতৰ দুজন বিখ্যাত ৰাজনীতিবিদ গোপাল কৃষ্ণ গোখলে আৰু দাদাভাই নৌৰজীৰ লগ পায় যাৰ ফলত গান্ধীজীৰ জীৱনত পৰিৱৰ্তন আৰু কৰ্মপন্থা সমৰ্থবান হবলৈ ধৰে ।
দক্ষিণ আফ্ৰিকাৰ নাটলত অহিংস সংগ্ৰাম
সেই সময়ত দক্ষিণ আফ্ৰিকাৰ নাটলত প্ৰবাসী ভাৰতীয় ব্যৱসায় আৰু শ্ৰমিক সকলৰ ওপৰত ব্ৰিটিছৰ আমানৱীয় অত্যাচাৰ, নিৰ্যাতন চৰম সীমাত উপনীত হৈছিল । 1893 চনত তেওঁ ভাৰতীয় তেওঁ বৃটিছ চৰকাৰ এখন অন্যায় আৰু সৰ্বধ্বংসী বিলৰ বিৰুদ্ধে ভাৰতীয় নিৰ্যাতিত সকলৰ মুক্তিৰ বাবে প্ৰথম সংগ্ৰাম আৰম্ভ হয় আৰু ইংৰাজ সকলে ভাৰতীয় সকলৰ দাবী মানিবলৈ বাধ্য হয় । গান্ধীজীয়ে 20 বছৰতকৈও অধিক সময় নাটলত থাকি ” নাটাল ভাৰতীয় কংগ্ৰেছ” নামৰ প্ৰতিষ্ঠানতোৰ প্ৰতিষ্ঠা কৰে আৰু নানান ধৰণৰ সাংগঠনিক কাম সম্পাদন কৰি 1914 চনত ভাৰতলৈ ঘুৰি আহে ।
ভাৰতত কাৰ্য্যক্ৰমনিকা
গান্ধীজী নাটালত থকা অৱস্থাততেই তেওঁৰ চৰ্চা ভাৰতত বিয়পি পৰিছিল । গান্ধীজী প্ৰথমতে ভাৰতলৈ আহি সবৰমতী নামৰ ঠাইত এখন আশ্ৰমৰ প্ৰতিষ্ঠা কৰিছিল আৰু এই আশ্ৰম প্ৰতিষ্ঠা কৰি তেওঁ জনকল্যানৰ হকে নানা ধৰণৰ সাংগঠনিক কাম সম্পাদনা কৰিছিল ।
স্বাধীনতা সংগ্ৰাম আৰম্ভ Assamese Essay on Mahatma Gandhi Swadhinata Sangram
1920 চনত কলিকতাত গান্ধীজীয়ে স্বাধীনতা সংগ্ৰামৰ পাশুপাত অস্ত্ৰ অসহযোগ আন্দোলন ৰাইজৰ হাতত তুলি দিয়ে । গান্ধীজীয়ে ভাৰতবাসীৰ অন্তৰত জাতীয় ভাৱ জগাই তুলিবৰ কাৰণে বিদেশী বস্তু বৰ্জন, খদ্দৰৰ প্ৰচলন আদি আন্দোলন গঢ়ি তোলে । 1920 চনত হিন্দু-মুছলমানৰ সাম্প্ৰদায়িক সংঘৰ্ষ আৰম্ভ হোৱাত গান্ধীজীয়ে তাৰ প্ৰতিবাদ অনশন ব্ৰত গ্ৰহণ কৰে । 1935 চনত জাতীয় কংগ্ৰেছে পূৰ্ণ স্বৰাজ ঘোষণা কৰে আৰু আইন অমান্য আন্দোলন আৰম্ভ হয় আৰু গান্ধীজীৰ নেতৃত্বত দেশবাসী উদ্বুদ্ধ হৈ স্বাধীনতাৰ বাবে সংগ্ৰাম কৰে ।
1939 চনত পৃথিৱীব্যাপী আৰম্ভ হয় দ্বিতীয় মহাসমৰ আৰু 1942 চনৰ 8 আগষ্ট তাৰিখে কংগ্ৰেছৰ বোম্বাই অধিবেশনত ভাৰতৰ পূৰ্ব স্বাধীনতা আৰু ইংৰাজৰ ভাৰত ত্যাগ প্ৰস্তাৱ গৃহীত হল । ইয়াৰ ফলত ইয়াৰ ফলত গান্ধীজীকে ধৰি আৰু বহু নেতাক ইংৰাজে জেলত সোমাই ৰাখিলে । বহুজনে প্ৰাণৰ বলিদানো দিলে বহুজন ফাঁচীত উলমিল তথাপিও ভাৰতবাসীৰ এই আন্দোলনত হৰুৱাব নোৱাৰিলে যাৰ ফলত ভাৰতবাসীয়ে 1947 চনত 15 আগষ্ট তাৰিখে স্বাধীনতা ঘূৰাই পালে ।
সামৰণি
সত্য, অহিংসা আৰু বিশ্বপ্ৰেমৰ প্ৰতীক, জাতিৰ জনক ৰূপে পৰিচিত মহাত্মা গান্ধীৰ তুলনা পাবলৈ টান । সেয়েহে তেওঁক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ মানুহ হিচাপে অভিহিত হৈছে । “মোৰ সত্য আম্বেশ্বনৰ কাহিনী” গান্ধীজীৰ জীৱন দৰ্শন । প্ৰতিটো কাম, প্ৰতিটো চিন্তা, প্ৰতিটো পদক্ষেপ সত্যৰ ওপৰত প্ৰতিষ্ঠিত হয় নে নহয়, পৰীক্ষা কৰিহে গান্ধীজী আগ বাঢ়িছিল । গতিকে তেওঁৰ সত্যৰ পৰীক্ষা আৰু আন্দোলনৰ সমস্ত জীৱনটোৱেই আছিল তেওঁৰ বাণী ।
READ MORE ESSAY CLICK HERE