Assamese essay on library পুথিভঁৰাল এই পোষ্ট তোৰ জৰিয়তে সম্পূৰ্ণকৈ বুজাই দিয়া হৈছে আৰু এই পোষ্টটো আপুনি essay হিচাপেও লিখিব পাৰিব ।

Table of Contents
আৰম্ভণি
পুথিভঁৰাল মানে সাধাৰণ অৰ্থত পুথি জমা কৰি ৰখা ঠাইক বুজাই কিন্তু প্ৰকৃত অৰ্থত যি ঠাইত অধ্যয়নৰ বাবে কিতাপবোৰ সংগ্ৰহ কৰি জমা ৰখা হয় -তাকেই পুথিভঁৰাল বুলি কোৱা হয় ।
পুথিভঁৰালক বেলেগ বেলেগ নামেৰেও জনা যায় যেনে -গ্ৰন্থাগাৰ, পাঠাগাৰ, গ্ৰন্থলায়, পুষ্টকলায় আৰু ইংৰাজীত লাইব্ৰেৰী বুলি কোৱা হয় । পুথিভঁৰালত বিভিন্নভাষাৰ কিতাপৰ উপৰিও বাতৰিকাকত,মেগাজিন, ইত্যাদি ৰখা হয় ।
প্ৰাচীনকালত কাগজৰ আবিষ্কাৰ নোহোৱাৰ আগতে মানুহে সাঁচিপাত,গছৰ পাত আদিত হাতেৰে লিখি নিজাববীয়াকৈ সংগৰীক্ষিত কৰি ৰাখিছিল । বিশ্বত প্ৰথমতে ৰোমত প্ৰথম পুথিভঁৰালৰ প্ৰতিষ্ঠা হোৱা বুলি জনা যায় । তাৰ পাঁচত লাহে লাহে গোটেই বিশ্বতে পুথিভঁৰালৰ জনপ্ৰিয়তা বাঢ়িবলৈ ললে আৰু স্থাপন কৰিবলৈ ললে ।
(Assamese essay on library) পুথিভঁৰালৰ উপকাৰিতা :-
পুথিভঁৰাল স্থাপন অধ্যয়নৰ বাবে কৰা হৈছিল । পৃথিৱীত বুহুত সাহিত্যিক,বৈজ্ঞানিক আছে যাৰ ৰচিত কিতাপবোৰ কিনি পঢ়াটো সকলোৰে বাবে সম্ভৱ নহবও পাৰে । পুথিভঁৰালত ভালেমান পুথি সংগ্ৰহ কৰি সংৰক্ষিত কৰি ৰখা হয় ,যাতে ইচ্ছুক ব্যক্তি বা ছাত্ৰ ছাত্ৰী যে বিনামূলীয়াকৈ পঢ়াৰ সুবিধা পায় । ইয়াৰ বাহিৰে ই মানুহক অধ্যয়নৰ অভ্যাস গঢ়ি তোলাত সহায় কৰে । যাৰ ফলত ছাত্ৰ-ছাত্ৰী বা অইন ব্যক্তিয়ে নানা জ্ঞান আহৰণ কৰিব পাৰে ।
পুথিভঁৰালৰ আটাইতকৈ ডাঙৰ উপকাৰ হল- পুথিভঁৰালৰ পৰা যিকোনো ব্যক্তি বা ছাত্ৰ-ছাত্ৰীয়ে বিনামূলীয়াকৈ কিছু দিনৰ বাবে নিজৰ ঘৰলৈ নিয়াৰ সুবিধা পায় ।
Assamese essay on library পুথিভঁৰালৰ পৰিচালনা:-
পুথি সজোৱা, সংৰক্ষণ কৰা আৰু আদি বহুত জানিবলগীয়া নিয়ম নীতি থাকে এইবোৰ নাজানিলে হাজাৰ হাজাৰ পুথিৰ মাজৰ পৰা মিনিটতে এখন কিতাপ বাছি উলিওৱা সম্ভৱ নহয় । সেইবাবে বিশ্ববিদ্যালয়ত পুথিভঁৰাল বিজ্ঞান নামৰ এটি বিষয়ৰ শিক্ষা দিয়া হয় । এই বিষয়ত স্নাতক আৰু ডিগ্ৰী শেষ কৰা লোকক মহাবিদ্যালয়, বিশ্ববিদ্যালয়, মহকুমা, জিলা আৰু ৰাজ্যিক পুথিভঁৰাল সমূহত পৰিচালক হিচাপে নিযুক্তি দিয়া হয় ।
প্ৰতিজন পাঠকে বহীত নাম লিখি পঢ়াৰ সুবিধা থাকিলে পুথিভঁৰালতে একঘণ্টা, দুঘণ্টা পঢ়ি পুনৰ ফিৰাই দি দিয়ে । ঘৰলৈ নিব বিচাৰিলে চহী কৰি নি এসপ্তাৰ ভিতৰত বা পুথিভঁৰালৰ নিয়ম অনুসৰি ঘূৰাই দিব লাগে ।
পুথিভঁৰালৰ প্ৰকাৰ :-
প্ৰধানকৈ দুই প্ৰকাৰত ভাগ কৰিব পাৰি (ক) ৰাজহুৱা আৰু (খ) ব্যক্তিগত পুথিভঁৰাল ।
(Library essay in Assamese)ৰাজহুৱা পুথিভঁৰাল:-
এই পুথিভঁৰাল সমূহীয়াকৈ ৰাইজৰ দ্বাৰা অথবা অনুষ্ঠান, প্ৰতিষ্ঠান, চৰকাৰ আদিয়ে ৰাইজৰ ব্যৱহাৰৰ বাবে প্ৰতিষ্ঠা কৰে ।
ৰাজহুৱা পুথিভঁৰালক বিভিন্ন ভাগত ভাগ কৰিব পাৰি যেনে-
(১) গাঁৱলীয়া পুথিভঁৰাল
(২) ৰাজ্যিক পুথিভঁৰাল
(৩)বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় পুথিভঁৰাল।
(4)চলন্ত পুথিভঁৰাল ।
ব্যক্তিগত পুথিভঁৰাল:-
যদি কোনো ব্যক্তিয়ে নিজৰ বাবে বা নিজৰ পৰিয়ালৰ বাবে ঘৰতে এটা পুথিভঁৰাল স্থাপন কৰে তাক ব্যক্তিগত পুথিভঁৰাল বুলি কোৱা হয় । ৰাইজে সেই ব্যক্তি জনৰ পৰা তাৰ অনুমতি নোহোৱাকৈ কিতাপ নি পঢ়িব নোৱাৰিব ।
সামৰণি
ভাল পুথি পঢ়া মানে এজন ভাল মানুহৰ লগত কথা পতা । পুথিভঁৰালৰ (Assamese essay on library)এই সকলো সুবিধা সকলোৱে গ্ৰহণ কৰি নিজৰ জ্ঞানৰ ভাণ্ডাৰ পূৰ কৰিব লাগে । কিতাপ পঢ়াৰ পৰা জ্ঞান লাভ কৰাৰ উপৰিও পৰম আনন্দ লাভ কৰিব পাৰি । জ্ঞানী আৰু পণ্ডিত লোকে জিৰণি সময়ত পুথি অধ্যয়ন কৰি ভাল পায় ।
If you like the essay on library in Assamese language please do comment and share the post to get help other students too.
READ MORE ESSAY CLICK HERE
Thanks for essay full Assamese
Good link