Assamese essay on cow গৰু ৰচনা

Assamese essay on cow ba gorur bikhoye rosonatu apunalukoloy oti khundorvabe agborhaboloy khokhom hoisu. Akhakoru ai rosinatur pora apunaluk upokrito hobo

আৰম্ভণি

গৰু এবিধ চাৰিঠেঙীয়া জন্তু । গৰু প্ৰায় সকলো দেশতে পোৱা যায় । গৰু এবিধ উপকাৰী জন্তু । প্ৰায় সকলো মানুহে গৰু পোহে । বিশ্বৰ কোনো কোনো ঠাইত বনৰীয়া গৰুও পোৱা যায় ।

বিৱৰণ

গৰুৰ চাৰিখন ঠেং, দুটা চকু, এটা নাক, দুখন কান, এটা মূৰ আৰু এডাল নেজ আছে । মূৰৰ ওপৰত দুটা শিং আছে । গৰুয়ে নেজডালেৰে মহ-মাখি খেদে । গৰুৰ খুড়াবোৰ ফটা । গৰুৰ গাত চুটি চুটি মিহি নোম আছে । গৰুৰ বিভিন্ন ৰং আছে যেনে – কলা, বগা, ৰঙা পখৰা আদি । গৰু দুই ধৰণৰ গাই আৰু বলধ গৰু ।

উপকাৰ

উপকাৰী জন্তু হিচাপে গৰুৰ পৰা আমি বিভিন্ন ধৰণে উপকাৰ পাওঁ । গাই গৰুৱে পোৱালী আৰু গাখীৰ দিয়ে । গাখীৰ এবিধ পুষ্টিকৰ খাদ্য । গাখীৰৰ পৰা ঘিউ, মাখন, দৈ আদি খাদ্যবস্তু প্ৰস্তুত কৰা হয় ।বলধ গৰুৰ দ্বাৰা কৃষক সকলে খেতি-বাতি কৰে । গৰুৰ ছালেৰে বেগ জোতা, কাপোৰ, আদি বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰস্তুত কৰা হয় । গৰুৰ গোবৰ এবিধ উত্তম সাৰ । গৰুৰ হাড়ৰ দ্বাৰা বিভিন্ন ৰাসায়নিক সাৰ আৰু ঔষধ বনোৱা হয় ।

সামৰণি

আমাৰ দৈনন্দিনক জীৱনত গৰুয়ে আমাৰ বহু উপকাৰ কৰে । গৰুৰ গাখীৰ , গোৱাৰ ,ছাল আদি উপযুক্তভাবে ব্যৱহাৰ কৰিলেহে আমি উপকৃত হম । উপকাৰী জন্তু গৰুক আমি মৰম চেনেহ আৰু যত্ন লোৱা উচিত ।

গৰু ৰচনা

পৰিচয়

গৰু এবিধ পোহনীয়া চাৰিঠেঙীয়া জন্তু । এইবিধ প্ৰাণী মানুহৰ অতি মৰমিয়াল । গৰু এবিধ তৃণভোজী প্ৰাণী । পৃথিৱীত গৰু নথকা দেশ বা ৰাজ্য নাই বুলিয়েই কব পাৰি । গৰু মূলত দুই প্ৰকাৰৰ -মতা আৰু মাইকী । মতা গৰুক বলধ আৰু পোৱালীবোৰক দমৰা বুলি কোৱা হয় । মাইকী গৰুক গাই আৰু পোৱালীক চেউৰী বুলি কোৱা হয় ।

আকৃতি

অন্য দেশৰ গৰুতকৈ আমাৰ দেশৰ গৰুবোৰৰ আকৃতি কিছু সৰু । ই প্ৰায় ৪-৫ ফুটমান ওখ আৰু প্ৰায় ৬-৭ ফুটমান দীঘল হয় । গৰুৰ ঠেং চাৰিটা আৰু ঠেঙৰ তলত খুৰা থাকে , খুৰা কেইটা ফটা বাবে গৰুৱে বোকাত খোজ কাঢ়িব পাৰে । গৰুৰ চকু আৰু কান দুখন থিয় । গৰুৰ মূৰত দুটা শিং থাকে । শিং নথকা গৰুক লাউমূৰা বুলি কোৱা হয় । গৰুৰ পিছফালে এডাল নেজ থাকে । আৰু নেজ ডালৰ আগত একোচা চুলি থাকে । নেজৰ সহায়ত সিহঁতে গাত পৰা মহ মাখিবোৰক খেদাব পাৰে । সিহঁতৰ ডিঙিত এখন ধুনীয়া গলবিচনী আছে। গৰুৰ গাটো ছুটি ছুটি ডাঠ নামেৰে আবৃত সেয়েহে সিহঁতে গৰম ঠাণ্ডা সকলো সহ্য কৰিব পাৰে । গৰুৰ উপৰৰ পাৰি দাঁত নাই । সিহঁতে দিনত দিনত খোৱা ঘাঁহবোৰ ৰাতি পাগুলি থাকে । এটা প্ৰাপ্ত বয়স্ক গৰুৰ ৩২ টা পৰ্যন্ত দাঁত থাকে । গৰুৰ বৰণো বিভিন্ন ধৰণৰ যেনে – মুগা, বগা, কলা, পখৰা আদি ।

প্ৰকৃতি

গৰু বৰ শান্তিপ্ৰিয় প্ৰাণী । সিহঁতক সহজে পোহ মনাব পাৰি । সিহঁত তৃণভোজী হোৱাৰ বাবে গছ , পাত, ঘাঁহ , খেৰ ,দান-পানী আদি খাই জীয়াই থাকে । কিছুমান গৰুৱে বছৰত এটাকৈ আৰু কিছুমান গৰুৱে দুবছৰৰ মূৰে মূৰে পোৱালী দিয়ে । পোৱালীবোৰে ৪-৫ মাহ মানলৈ মাকৰ গাখীৰ খাই জীয়াই থাকে তাৰ পাছত লাহে লাহে ঘাঁহ খাবলৈ আৰম্ভ কৰে । গৰুৰ আয়ুস হৈছে ১৫-২০ বছৰ ।

উপকাৰিতা

মানুহৰ বাবে গৰু বৰ উপকাৰী জন্তু । বলধ বা মতা গৰুৱে হাল বাই , মৈ টানে, মৰনা মাৰে কুঁহিয়াৰ আৰু মিঠাতেল পাৰিবলৈ ও গৰুক ব্যৱহাৰৰ কৰা হয় । গৰুৱে গাড়ী-টানি বস্তু বাহিনী অনা নিয়াত সহায় কৰে । এখময়ত গৰু গাড়ীত উঠি মানুহে অহা যোৱা কৰিছিল । মাইকী গৰুৱে গাখীৰ দিয়ে । গাখীৰ এবিধ বৰ পুষ্টিকৰ খাদ্য । গাখীৰৰ পৰা দৈ, মাখন, ঘিউ, পনীৰ আদি প্ৰস্তুত কৰা হয় । গৰুৰ ছালৰ পৰা চামৰাৰ বিভিন্ন সামগ্ৰী আৰু বাদ্যযন্ত্ৰ বনোৱা হয় । গৰুৰ গোবৰ খেতি মাটিৰ বাবে উৎকৃষ্ট সাৰ । তাৰোপৰি গোবৰৰ পৰা গেছ প্ৰস্তুত কৰি বিভিন্ন কামত ব্যৱহাৰ কৰা হয় ।

সামৰণি

গৰুৰ উপকাৰিতা অলেখ । ভাৰতৰ হিন্দু ধৰ্মাৱলম্বী লোক সকলে গৰুক পূজাও কৰে । এই পূজাত গো-পূজা বুলি কোৱা হয় । অসমীয়া সকলে দুমাহী দিনা গৰুক গা-ধুৱাই নতুন পঘাৰে বান্ধি কপালত ফুট দি সেই দিনটোক গৰু বিহু হিচাপে পালন কৰে । এই উপকাৰী জন্তুবিধক সকলোৱে যত্ন লোৱা উচিত । কথাতে কয় যাৰ নাই গৰু সি সবাতোকৈ সৰু ।

Assamese essay on cow ba gorur bikhoye rosonatu jodi apunaluke porhi val paise tente comment koriboloy napahoribo. Akhakoru apunalukor ai rosonatu porhi bhal lagibo.

Leave a Comment

Your email address will not be published. Required fields are marked *