assamese essay in assamese

Assamese essay in assamese language

মহাত্মাগান্ধী

মহাত্মাগান্ধী ভাৰতৰ এজন মহান আৰু উৎকৃষ্ট ব্যক্তিত্বৰ ব্যক্তি আছিল । আজিও তেখেতৰ নাম দেশ বিদেশত প্ৰচলিত আছে। মহাত্মাগান্ধীৰ জন্ম 2 অক্টোবৰ, 1869 চনত গুজৰাটৰ কাঠিয়বড়ত অবস্তিত পোৰবন্দৰ স্থানত হৈছিল । মহাত্মাগান্ধীৰ সম্পুৰ্ণ নাম আছিল মোহন দাস কৰমচান্দ গান্ধী যি তেখেতৰ দেউতাকৰ নামত ৰখা হৈছিল । গান্ধীজিৰ মাকৰ নাম আছিল পুতুলি বাই আৰু দেউতাকৰ নাম আছিল কৰমচান্দ গান্ধী । গান্ধীজি তেখেতৰ মাক দেউতাকৰ চতুৰ্থ পুত্ৰ আৰু অন্তিম সন্তান আছিল । Read More Assamese essay in assamese language

পুথিভঁৰাল

পুথিভঁৰাল মানে সাধাৰণ অৰ্থত পুথি জমা কৰি ৰখা ঠাইক বুজাই কিন্তু প্ৰকৃত অৰ্থত যি ঠাইত অধ্যয়নৰ বাবে কিতাপবোৰ সংগ্ৰহ কৰি জমা ৰখা হয় -তাকেই পুথিভঁৰাল বুলি কোৱা হয় ।

পুথিভঁৰালক বেলেগ বেলেগ নামেৰেও জনা যায় যেনে -গ্ৰন্থাগাৰ, পাঠাগাৰ, গ্ৰন্থলায়, পুষ্টকলায় আৰু ইংৰাজীত লাইব্ৰেৰী বুলি কোৱা হয় । পুথিভঁৰালত বিভিন্নভাষাৰ কিতাপৰ উপৰিও বাতৰিকাকত,মেগাজিন, ইত্যাদি ৰখা হয় । Read More Assamese essay in assamese language

লাচিত বৰফুকন

LACHIT BORPHUKAN ESSAY লাচিত বৰফুকন আছিল অসমৰ এজন মহান দেশভক্ত বীৰ পুত্ৰ । তেওঁৰ দৰে অন্য এজন বীৰৰ উদাহৰণ অসমৰ ইতিহাসত পোৱা নাযায় । আহোম-মোগলৰ মাজত সংঘটিত হোৱা শৰাইঘাটৰ যুদ্ধত তেওঁ যিধৰণৰ দক্ষতা,দায়বদ্ধতা আৰু কাৰ্যক্ষমতাৰ পৰিচয় দিছিল সিয়ে তেওঁৰ নাম অসমৰ ইতিহাসত অমৰ কৰি থৈ গৈছে। এইজনা বীৰ সন্তানৰ জন্ম হৈছিল ১৬১২ খ্ৰীঃত গড়গগীৱৰ ওচৰত। তেওঁৰ পিতৃৰ নাম আছিল মোমাই তামুলী বৰা । লাচিত তেওঁৰ পিতৃ-মাতৃৰ চতুৰ্থ তথা কনিষ্ঠ সন্তান আছিল। Read More

অসমৰ বৰ্তমান সমস্যা

মই ভাবোঁ বৰ্তমান অসমত নিবনুৱা সমস্যাই এক ভয়াৱহ সমস্যাৰূপে মূৰ দাঙি উঠিছে। যদিও আমাৰ মাজৰে বহুজনে বানপানীৰ সমস্যা আৰু সম্তাসবাদৰ সমস্যাকে অসমৰ বৰ্তমান জ্বলন্ত সমস্যা বুলি অভিহিত কৰিব খোজে, কিন্তু মই এই ক্ষেত্ৰত তেওঁলোকৰ লগত একমত নহয়। কাৰণ বানপানীৰ সমস্যা অসমৰ এক বতৰীয়া সমস্যা, যাক চৰকাৰ তথা ৰাইজৰ সহযোগিতাত সমাধান কৰিব পাৰি। আনহাতে সন্ত্ৰাসবাদৰ সমস্যাবিধো নিবনুৱা সমস্যাৰ লগত জড়িত হৈ আছে। এই সমস্যা দূৰ কৰিবলৈ হ’লে প্রথমে নিবনুৱা সমস্যাবিধ দূৰ কৰিব
লাগিব। শিক্ষা-দীক্ষা আহৰণ কৰি কৰ্ম-সংস্থান নোপোৱা লোকক নিবনুৱা বোলে। তথ্য প্ৰযুক্তিবিদ্যাৰ নবীনতম উদ্ভাৱনে কৰ্ম সংস্থানৰ পৰিসৰ হ্ৰাস কৰি অনাৰ ফলত বৰ্দ্ধিত নিবনুৱা সমস্যাই গা-কৰি উঠিছে। Read More

পৰিৱেশ প্ৰদূষণ

পৰিৱেশ বুলিলে আমি আমাৰ চাৰিওফালৰ বায়ু, পানী, মাটি আদিৰ অৱস্থাটোকেই বুজো মাটি, পানী, বায়ু আদিৰ ওপৰত গছ-গছনি, জীৱ-জন্তু, চৰাই-চিৰিকটি আদিয়েও প্রভাৱ পেলায় ৷ প্রাকৃতিক ভাৰসাম্য ৰক্ষা কৰিলে পৰিৱেশ অনুকূল হৈ থাকে আৰু প্ৰাকৃতিক ভাৰসাম্য হেৰালে পৰিৱেশ প্রতিকূল হৈ পৰে। Read More

ছাত্ৰৰ কৰ্তব্য

বিদ্যালয়-মহাবিদ্যালয় বা অন্যান্য শিক্ষানুষ্ঠানসমূহত অধ্যয়ন কৰাসকলক বা ছাত্ৰ- ছাত্ৰীসকলক বা বিদ্যাৰ্থীসকলকে ছাত্ৰ বুলি কোৱা হয়। বিদ্যা অৰ্জনকেই ছাত্ৰৰ প্রধান কৰ্তব্য বুলি কোৱা হয় যদিও বিদ্যা অৰ্জনৰ লগে লগে ছাত্ৰসকলে আন কিছুমান কৰ্তব্যও কৰি যাব লাগে। সাধাৰণতে ছাত্ৰাৱস্থাকেই মানৱ জীৱনৰ ভেটি স্বৰূপ বুলি গণ্য কৰা হয়। সেয়েহে, এই সময়ছোৱাত ছাত্ৰসকলে ভালদৰে শিকি-বুজি ভৱিষ্যতে এজন সৎ আৰু দক্ষ নাগৰিক হৈ নিজৰ লগতে দেশৰ উন্নতি সাধন কৰা উচিত। Read More

নিবনুৱা সমস্যা

শিক্ষা-দীক্ষা আহৰণ কৰি কৰ্ম-সংস্থান নোপোৱা লোকক নিবনুৱা বুলি কোৱা হয় । আজিবিশ্বত সবাতোকৈ ভয়াবহ ৰূপত দেখা দিয়া সমস্যাটো হ’ল নিবনুৱা সমস্যা। তথ্য-প্ৰযুক্তিবিদ্যাৰ নৱ-নৱ উত্ভাৱনে কৰ্মসংস্থানৰ পৰিসৰ কমাই আনিছে। ফলত বৰ্ধিত নিবনুৱা সমস্যাই দেখা দিয়ে। Read More

মোবাইল ফোনৰ সুপ্ৰভাৱ আৰু কুপ্রভাব

আধুনিক যুগৰ অপৰিহাৰ্য আহিলাসমূহৰ ভিতৰত মোবাইল ফোন সৰ্বাধিক গুৰুত্বপূৰ্ণ ।যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত বৈপ্লৱিক দিগন্তৰ সূচনা কৰা এই মোবাইল ফোনৰ জনপ্ৰিয়তাই নিত্যনতুন অভিলেখৰ সৃষ্টি কৰিছে, যেন মোবাইল ফোন অবিহনে মানুহৰ জীৱনযাত্ৰাই স্তব্ধ হোৱাৰ দৰে হৈছে। নিঃসন্দেহে টেলিসংযোগ জগতৰ আটাইতকৈ যুগান্তকাৰী উদ্ভাৱনেই হৈছে এই মোবাইল ফোন। অৰ্থনৈতিকভাৱে অনগ্ৰসৰ আৰু ভৌগোলিকভাৱে বিচ্ছিন্ন দেশ- জাতিৰ বাবেও মোবাইল ফোন হৈছে দ্ৰুত যোগাযোগ ব্যৱস্থাৰ আটাইতকৈ প্রভাৱশালী ‘উপকৰণ। উদাহৰণস্বৰূপে; কম্প’ডিয়াৰ দৰে দেশত এতিয়া ফিক্স্‌ড লাইন টেলিফোনৰ গ্রাহকতকৈ মোবাইলফোনৰ গ্ৰাহকৰ সংখ্যা বেছি। Read More

অসমৰ বানপানী আৰু তাৰ প্ৰতিকাৰ

পানীয়েই প্ৰাণীৰ প্ৰাণ । পানী নহলে আমি একো কথাই চিন্তা কৰিব নোৱাৰোঁ । অসমৰ নদী ব্ৰহ্মপুত্ৰকে ধৰি অন্যান্য নদী-উপনদীয়ে অসমৰ মানুহক জীৱনদায়িনী শক্তি হিচাপে উপকাৰ কৰি আহিছে । আনহাতে, এই নদীবোৰেই প্ৰলয়ঙ্কৰ মূৰ্তি ধাৰণ কৰি অসমবাসীক কোঙা কৰি পেলায় । বাৰিষা কালত যেতিয়া বৰষুণৰ পানীৰে নৈ- নিজৰাসমূহ উপচি পৰি পাৰ বাগৰি আহে তেতিয়া বানপানী হয় । আকৌ হিমালয়ৰ বৰফ গলা পানীয়ে ব্ৰহ্মপুত্ৰ উপচাই বানপানীৰ সৃষ্টি কৰে । মৌচুমী বায়ুৰ প্ৰভাৱত কেইবাদিনো ধৰি একেৰাহে বৰষুণ দি থাকিলে নদীৰ পৰা উপচি বানপানী হয় । বিশেষকৈ 1950 চনৰ প্ৰলয়ংকাৰী ভূমিকম্পৰ ফলত ব্ৰহ্মপুত্ৰৰ তলিভাগ ওপৰলৈ উঠি অহা হেতুকে অসমত সঘনে বানপানী হোৱা দেখা যায় । যোৱা কেইবছৰ মানৰ পৰা অসমৰ বানপানীৰ ভয়াবহ দৃশ্য পৰিলক্ষিত হৈছে । Read More

Leave a Comment

Your email address will not be published. Required fields are marked *