অগ্নিগড়

হেমচন্দ্ৰ বৰুৱা অসমীয়া সাহিত্যলৈ অৱদান

হেমচন্দ্ৰ বৰুৱাৰ পৰিচয়

১৮৩৫ চনত হেমচন্ত্ৰ বৰুৱাৰ শিৱসাগৰৰ ৰাজাবাহাৰ গাঁৱত জন্ম হয়। বাৰ বয়সতে পিতৃ বিয়োগ হোৱাত খুৰাক লক্ষ্মীৰাম বৰুৱাৰ লগত থাকি সংস্কৃত পঢ়ে। সময়ত শিৱসাগৰ জিলাৰ অধিপতি কেপ্তেইন ব্লোডী চাহাবৰ অনুশ্ৰেৰণাত আৰু সহায়ত খুৰাকে নজনাকৈ ইংৰাজী পঢ়িবলৈ লয়। ৰক্ষণশীল খুৰাকৰ দ্বাৰা বাধাপ্ৰাপ্ত হৈও ইংৰাজী শিক্ষাৰ চেষ্টা পৰিহাৰ নকৰি অৱশেষত উক্ত ভাষাত ব্যুৎপত্তি লাভ নকৰাহেঁতেন হেমচন্দ্ৰই অসমীয়া ভাষা সাহিত্যৰ ওজাৰূপে চিনাকি দিব পাৰিলেহেতেঁন নে নাই সিও সন্দেহৰ বিষয়। ব্ৰোডী চাহাব আৰু মিছনেৰীসকলৰ সংস্পৰ্শই তেওঁৰ দৃষ্টিভঙ্গীৰ প্ৰসাৰতা আনিছে সেই বিষয়ে কোনো সন্দেহ নাই।

হেমচন্দ্ৰ বৰুৱা অসমীয়া সাহিত্যলৈ অৱদান

হেমচন্দ্ৰ বৰুৱাই সাহিত্যিক জীৱন আৰম্ভ কৰে অৰুণোদয়ত। ১৮৫৬ চনত ‘অৰুণোদয়’ ত ‘সোণাৰচাঁদ’ নামৰ ছল্মৰূপত তেওঁ প্রৱন্ধ লেখাৰ প্রমাণ পোৱা যায়। তাৰ বাহিৰেও মিছনেৰীসকলে প্ৰৱৰ্ত্তন কৰা বৰ্ণ-বিন্যাস সংশোধন কৰি সংস্কৃতমূলক কৰিবলৈ অৰুণোদয়ত প্রৱন্ধ লেখিছিল, কাৰণ তেনে কৰিলে
অসমীয়া শব্দৰ বানান পদ্ধতি বৈজ্ঞানিক আৰু মূলানুগ হ’ব বুলি তেওঁ ভাবিছিল। ১৮৫৯ চনত তেওঁৰ ‘অসমীয়া ব্যাকৰণ’, ১৮৭৩ চনত ‘আদিপাঠ’, ১৮৮৬ চনত ‘অসমীয়া ল’ৰাৰ ব্যাকৰণ’ আৰু ১৮৯২ চনত ‘পঢ়াশলীয়া অভিধান’ আৰু তাৰ দুবছৰ পাছত অৰ্থাৎ ১৮৯৪ চনত ‘সংক্ষিপ্ত হেমকোষ’ প্রকাশ পায়। তেওঁৰ জীৱিত কালত ‘হেমকোষ’ প্রকাশ হৈ নোলাল। ১৯০০ চনত হেমচন্দ্ৰ গোস্বামী আৰু গৰ্ডন চাহাবৰ চেষ্টাত তেওঁৰ কীৰ্তিস্তম্ভ ‘হেমকোষ’ ছপা হৈ ওলায়। ‘আদিপাঠ’, ‘পাঠমালা’, ‘স্বাস্থ্য ৰক্ষাৰ নিয়ম৷ নামৰ ইংৰাজী পুথিৰ ভাঙনি আদি ছাত্ৰৰ উপযোগী পুথি প্ৰণয়ন কৰি সেই সময়ৰ চৰকাৰৰ পৰা ১,১০০ টকা পুৰস্কাৰ হিচাপে লাভ কৰিবলৈ সক্ষম হৈছিল। ‘হেমকোষ’ অসমীয়া ভাষাৰ দ্বিতীয়খন অভিধান আৰু ইয়াত ব্ৰন্দন চাহাবৰ অভিধানতকৈ প্ৰায় আঠ হেজাৰ শব্দ অধিক পোৱা যায়। ‘হেমকোষ’ হেমচন্দ্ৰ বৰুৱাৰ পাণ্ডিত্য, ভাষাজ্ঞান, অপৰিসীম পৰিশ্ৰমৰ আদৰ্শ দাঙি ধৰে। এইখন গাইগুটীয়া বা অকলশৰীয়া চেষ্টাৰ চূড়ান্ত সৌধ।

নাট্যকাৰ হিচাপে হেমচন্দ্ৰ বৰুৱা

হেমচন্দ্ৰ বৰুৱা এগৰাকী নাট্যকাৰো আছিল। তেওঁ ডেকা বয়সত ডেকা বয়সত ‘কানীয়াৰ কীৰ্ত্তন’ (১৮৬১) আৰু ‘বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী’ এই দুখন নাটক ৰচনা কৰে। ‘কানীয়াৰ কীৰ্ত্তন’ ত কানি বৰবিহৰ গৰাহত পৰি কেনেকৈ চৰিত্র আৰু সম্পত্তি দুয়োটাই নষ্ট হয় তাক ইয়াত নাট্যৰূপত দেখুৱা হৈছে। ‘বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী’ ত অসমীয়া সমাজৰ বাহ্যিক নৈষ্ঠিকতা আৰু আচাৰ-ব্যৱহাৰৰ অন্তৰালত থকা ব্যাভিচাৰ, ভণ্ডামি, দুৰ্নীতিৰ বিকট ৰূপটো প্রকাশ কৰিছে।

ALSO READ খাদি মহোৎসব ৰচনা অসমীয়া

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে চমুকৈ লিখা

সম্পাদক ৰূপেওহেমচন্দ্ৰ বৰুৱা

‘অসাম নিউজ’ কাকতৰ সম্পাদক ৰূপেও হেমচন্দ্ৰ বৰুৱাই কৃতিত্ৰ পৰিচয় গৈছে। বৰুৱাই ইংৰাজীত লেখা “Assamese Marriage System” এখন উল্লেখনীয় পুথি। বৈজ্ঞানিক পদ্ধতিৰ প্রথম অভিধান প্রণয়নকাৰীৰূপে, অসমীয়া আখৰ-জোঁটনিক সুস্থিৰ ৰূপ দিওঁতা হিচাপে, আদৰ্শ গদ্য লেখকৰূপে হেমচন্দ্ৰ বৰুৱাই অসমীয়া সাহিত্যত এক বিশিষ্ট স্থান অধিকাৰ কৰি আছে।

হেমচন্ত্ৰ বৰুৱা প্ৰকৃততে বিপ্লৱী মণীষী আছিল। তেওঁ সমকালীন সমাজ-ব্যৱস্থাৰ ৰক্ষণশীলতাৰ বিৰুদ্ধে ওৰে জীৱন যুঁজি গ’ল। তেওঁ আছিল যুক্তিবাদী দৃষ্টিভঙ্গীৰ প্রগতিশীল ব্যক্তি। উনবিংশ শতিকাৰ বঙ্গদেশৰ সংস্কাৰক ইমশ্বৰচন্দ্ৰ বিদ্যাসাগৰ, ৰাজা ৰামমোহন ৰায় আদিৰ আদৰ্শৰ প্রতি শ্ৰদ্ধাশীল হেমচন্দ্ৰই অসমতো বিধৱা বিবাহৰ সমৰ্থক আছিল।

অসমীয়া ভাষা-সাহিত্যৰ আধুনিক স্তৰত হেমচন্দ্ৰ বৰুৱা তিনিটা বিশেষ কৃতিত্বৰ বাবে স্মৰণীয় হৈ থাকিব-_

(১) -তেওঁ খ্ৰীষ্টান মিছনেৰীৰ অসমীয়া ভাষাৰ বানান পদ্ধতি উচ্চাৰণকেন্দ্রিক নকৰি সংস্কৃত ভাষাৰ অনুগত কৰিলে। ইয়াকে কৰিবলৈ যাওঁতে তেওঁ অসমীয়া ব্যকৰণ আৰু অভিধান যুগুত কৰিলে।

(২) এটা আধুনিক গদ্যৰীতি প্রৱৰ্তন কৰিলে আৰু

(৩) সৃষ্টিশীল অসমীয়া সাহিত্যৰ দ্বাৰ উদঘাটন কৰিলে। সেইবাবে ভৱিষ্যতলৈকো অসমীয়া ভাষা-চৰ্চাৰ ক্ষেত্ৰত হেমচন্দ্ৰ প্ৰতিভাৰ জিলিকনি শ্ৰেৰণাৰ উৎসৰূপে থাকিব।

Leave a Comment

Your email address will not be published. Required fields are marked *