সন্ধি assamese grammar class 10

সন্ধি কাক বালে ?

উত্তৰ:- সন্ধি হ’ল দুটা শব্দ জোৰা লগোৱা এটা উপায় । অৰ্থাৎ দুটা শব্দৰ প্ৰথমটোৰ শেষ বৰ্ণ আৰু দ্বিতীয় শব্দৰ আদি বৰ্ণৰ মাজত মিলন ঘটি এটা শব্দ হ’লে, তাক সন্ধি বুলি কোৱা হয় । যেনে-শুভ+ইচ্ছা = শুভেচ্ছা ।

সন্ধি কেইবিধ আৰু কি কি ? সূত্ৰ লিখি উদাহৰণ দিয়া ।

উত্তৰ:- সন্ধি তিনিবিধ ।
যেনে- (ক) ব্যঞ্জন সন্ধি ।
(খ) স্বৰ সন্ধি ।
(গ) বিসৰ্গ সন্ধি ।

ব্যঞ্জন সন্ধি কাক বোলে ? উদাহৰণ দিয়া ?

উত্তৰ:- ব্যঞ্জনবৰ্ণৰ লগত ব্যঞ্জনবৰ্ণ বা স্বৰ বৰ্ণৰ মিলন ঘটিলে তাকে ব্যঞ্জন সন্ধি বোলে ।
উদাহৰণ :- উৎ+ছেদ= উচ্ছেদ । (ব্যঞ্জন+ব্যঞ্জন ।)
সম্+কৃত = সংস্কৃত ।

দিগ+অন্ত = দিগন্ত । (ব্যঞ্জন +স্বৰ)
তৎ+উপৰি = তদুপৰি ।

খ) স্বৰ সন্ধি কাক বোলে ? উদাহৰণ দিয়া ?

উত্তৰ:- স্বৰ বৰ্ণৰ লগত স্বৰবৰ্ণৰ মিলন ঘটিলে তাকে স্বৰ সন্ধি বোলে ।

বিসৰ্গ সন্ধি কাক বোলে ? উদাহৰণ দিয়া ?

উত্তৰ:- ব্যঞ্জন বৰ্ণ অথবা স্বৰবৰ্ণৰ লগত বিসৰ্গ (:) ৰ সন্ধি হ’লে তাকে বিসৰ্গ সন্ধি বোলে ।
উদাহৰণ:- নম:+কাৰ = নমস্কাৰ ।
নি:+ঠুৰ = নিষ্ঠুৰ ।
বিসৰ্গ+ব্যঞ্জন ।

দু:+অৱস্থা=দুৰৱস্থা ।
নি:+আকাৰ =নিৰাকৰ ।

সন্ধি ভঙা বা তলত কিছুমান শব্দৰ সন্ধি ভাঙি দেখুৱা হ’ল :

যথা+উচিত=যথোচিত ।

প্ৰাগ্+ঐতিহাসিক= প্ৰাগৈতিহাসিক ।

সম+বেশ=সমাবেশ ।

নি:অৰ্থক=নিৰৰ্থক ।

উৎ+নতি = উন্নতি ।

দু:+ চিন্তা = দুশ্চিন্তা ।

লাভ+অলাভ=লাভালাভ ।

গোন্ধ+ঈশ্বৰ=গোন্ধেশ্বৰ ।

গুণ+অভিৰাম= গুণাভিৰাম ।

বহিৰ+আগত=বহিৰাগত ।

ইতি+আদি=ইত্যাদি ।

সত্য+সত্য=সত্যাসত্য ।

সম+অন্বয়=সমন্বয় ।

অৰুণ+আচল=অৰুণাচল ।

সীমা+অন্ত =সীমান্ত ।

লোক+অৰণ্য =লোকৰণ্য ।

পৰম+ঈশ্বৰ=পৰমেশ্বৰ ।

নৱ+উদয়=নৱোদয় ।

দেশ+আচাৰ=দেশাচাৰ ।

সূৰ্য্য+উদয়=সূৰ্যোদয় ।

যোগ+ঈশ্বৰ=যোগেশ্বৰ ।

বহি:+কাৰ=বহিস্কাৰ ।

তৎ+উপৰি=তদুপৰি ।

অলম্+কাৰ =অলংকাৰ ।

তত্ব+অৱধান=তত্ত্বাৱধান ।

ৰূপ+অন্তৰ=ৰূপান্তৰ ।

অৰুণ+উদয়=অৰুণোদয় ।

মহান+আত্মা=মহাত্মা ।

Leave a Comment

Your email address will not be published. Required fields are marked *