আধুনিক যুগৰ অপৰিহাৰ্য আহিলাসমূহৰ ভিতৰত মোবাইল ফোন সৰ্বাধিক গুৰুত্বপূৰ্ণ ।যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত বৈপ্লৱিক দিগন্তৰ সূচনা কৰা এই মোবাইল ফোনৰ জনপ্ৰিয়তাই নিত্যনতুন অভিলেখৰ সৃষ্টি কৰিছে, যেন মোবাইল ফোন অবিহনে মানুহৰ জীৱনযাত্ৰাই স্তব্ধ হোৱাৰ দৰে হৈছে। নিঃসন্দেহে টেলিসংযোগ জগতৰ আটাইতকৈ যুগান্তকাৰী উদ্ভাৱনেই হৈছে এই মোবাইল ফোন। অৰ্থনৈতিকভাৱে অনগ্ৰসৰ আৰু ভৌগোলিকভাৱে বিচ্ছিন্ন দেশ- জাতিৰ বাবেও মোবাইল ফোন হৈছে দ্ৰুত যোগাযোগ ব্যৱস্থাৰ আটাইতকৈ প্রভাৱশালী ‘উপকৰণ। উদাহৰণস্বৰূপে; কম্প’ডিয়াৰ দৰে দেশত এতিয়া ফিক্স্ড লাইন টেলিফোনৰ গ্রাহকতকৈ মোবাইলফোনৰ গ্ৰাহকৰ সংখ্যা বেছি।(মোবাইল ফোনৰ সুপ্ৰভাৱ আৰু কুপ্রভাব)
যিকোনো প্ৰযুক্তিৰে সু-প্রভাৱ আৰু কু-প্রভাৱ থাকে। সেইদৰে মোবাইল ফোনৰো উপকাৰিতা-অপকাৰিতা দুয়োটাই থকাটো স্বাভাৱিক ।
মোবাইল ফোনে সমাজত কেতবোৰ সু-প্রভাৱ পেলাইছে। যেনে:- মোবাইল ফোনে যোগাযোগ ব্যৱস্থা দ্ৰুততৰ কৰি তুলিছে। আজিৰ ব্যস্ত মানৱৰ সময় সঞ্চয় কৰাত মোবাইল ফোনে সহায় কৰিছে। ব্যক্তিগত সুৰক্ষা প্ৰদানত মোবাইল ফোনৰ সু-প্রভাৱৰ কথা ক’বই লাগিব। তদুপৰি ঘৰতে বহি নিজ দেশৰ বাহিৰেও অন্য দেশৰ মানুহৰ লগতো ব্যৱসায়- বাণিজ্যৰ সম্প্ৰসাৰণ কৰিব পৰা হৈছে মোবাইল ফোনৰ বাবেই। আনহাতে, মোবাইল ফোনে কেতবোৰ কু-প্রভাৱো সমাজলৈ ঠেলি দিছে। উদাহৰণস্বৰূপে; মোবাইল ফোনে পৰিৱেশ, সুৰক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত ভাবুকি অনাৰ আশংকাৰ কথা প্রায়েই আলোচিত হৈ আহিছে। তদুপৰি ‘বুটাম টিপিলেই যোগযোগ’ৰ এই তাৎক্ষণিক সহজ সুলভ ব্যৱস্থাই মানুহৰ পাৰস্পৰিক সম্পৰ্ক আৰু সামাজিক সংস্পৰ্শৰ ক্ষেত্ৰতো প্রভাৱ পেলাইছে।(মোবাইল ফোনৰ সুপ্ৰভাৱ)
গাঁৱে-চহৰে মোবাইল ফোন অপাৰেটৰৰ এন্টিনাবোৰ আমাৰ পৰিৱেশত পেলাব পৰা নেতিবাচক প্ৰভাৱ ৰ বিষয়ে পৰিৱেশবিদস্কলক দিত কৰি ভুমিছে।যুকলি আবৰি শোভাও এই যন্ত-পাতিবোৰে বিনষ্ট কৰিছে।

আনহাতে সামাজিক অনুষ্ঠান-আয়োজন আদিত মোবাইল ফোন বন্ধ নকৰাকৈ থকাৰ ফলত বহু অঘটন-ব্যাঘাতৰ সৃষ্টি হৈ আহিছে। বহুতে চলন্ত গাড়ীত মোবাইল ব্যৱহাৰ কৰি অসংখ্য দুৰ্ঘটনা সংঘটিত কৰিছে।
আন এক কু-প্রভাৱ দেখা যায় ব্যক্তিগত খণ্ডৰ কোম্পানীবোৰত। এই কোম্পানীবোৰে এতিয়া নিজৰ কৰ্মচাৰীসকল দিনটোৰ ২৪ ঘণ্টাই ‘ভাৰ্চুৱেলী এভেলেৱল’ অৰ্থাৎ বিচাৰিলেই মোবাইল ফোনত কথা পাতিব পৰা হৈ থকাটো বিচাৰে। ফলত কৰ্মগাৰীসকলে কামত সাংঘাতিক হেঁচাৰ সন্মুখীন হৈছে।
মোবাইল ফোনে কঢ়িয়াই অনা কু-প্রভাৱৰ ফল হ’ল বৰ্তমানৰ প্ৰজন্মৰ সৃজন ক্ষমতা হাস পোৱাটো। তেওঁলোকে নিজস্ব অনুভূতিক কাগজ কলমৰ মাধ্যমেৰে প্ৰকাশ নকৰে, বৰং যান্ত্ৰিকভাৱে যথাসম্ভৱ চুটিকৈ এছ এম এছ, এম এম এছ আদিৰেহে প্ৰকাশ কৰে।
গতিকে দেখা যায় আধুনিক প্ৰযুক্তিবিদ্যাৰ অভাৱনীয় আৱিষ্কাৰ মোবাইল ফোনে যিমানে সভ্যতাক দ্ৰুতগতিত আগুৱাই নিব বিচাৰিছে, সিমানেই মানুহৰ স্বকীয় গুণৰ বিকাশত বাধাও দিছে। সেয়ে এইবিধ যন্ত্ৰ ব্যৱহাৰে মানৱ সভ্যতাক বিকাশৰ কোন শিখৰলৈ লৈ যায় তাক সময়েহে নিৰ্দ্ধাৰণ কৰিব।
মহাত্মাগান্ধী CLICK HERE
পুথিভঁৰাল CLICK HERE