বৰগীত class 10 question answer

বৰগীত class 10 question answer

বৰগীত class 10 question answer bur tolot oti khudor koi diya ase akha koru apunaluke iyar pora upokrito hobo.

Table of Contents

বৰগীত

প্রশ্ন ১ চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া।

(ক) “……..নেৰিবা বান্ধৱ মোক জীৱনে মৰণে ।”

———কবিয়ে জীৱনে মৰণে নেৰিবৰ কাৰণে কাক অনুৰোধ কৰিছে ?

উত্তৰ :- কবিয়ে জীৱনে-মৰণে নেৰিবৰ কাৰণে ভগৱানক অনুৰোধ কৰিছে কৰিয়ে ইতিমধ্যে ভগৱানৰ চৰণত আত্মনিবেদন কৰিছে আৰু তেওঁৰ চৰণতেই মুক্তিৰ প্রয়াস কৰিছে। কবিয়ে সকলো ধৰণৰ পাৰ্থিৱ মোহ-আকাঙ্ক্ষা ত্যাগ কৰি ভগৱানৰ চৰণত শৰণ লোৱাৰ লগতে জীৱনে-মৰণে তেওঁৰ পদপ্রান্ততেই একমাত্ৰ আশ্রয় গ্ৰহণ কৰাটো অতি তাৎপৰ্যপূৰ্ণ।

(খ) ‘সনক সনন্দ যোগী যাহাকু ধিয়ায় !’

সনক, সনন্দ আদি যোগীসকলে কাক ধিয়ান কৰে বুলি কৈছে ?

উত্তৰ:- সনক, সনন্দ, সনাতন প্রভৃতি শ্ৰীকৃষ্ণৰ একাশ্ত ভক্ত। তেওঁলোক একান্ত নাৰায়ণ-পৰায়ণা আৰু সেয়ে সকলো সময়তে ভগৱদ চিন্তাত ব্যক্ত হৈ থাকে। ভক্তিৰ মাধ্যমেদি ভগৱদ প্রাপ্ডি সম্ভৱ বাবেই এইসকল পৰমভক্ত যোগীয়ে একান্তভাৱে তেওঁক ধ্যান কৰে বুলি কোৱা হৈছে।

(গ) কবিয়ে কিহত আতুৰ হোৱা বুলি কৈছে ? বৰগীত class 10 question

উত্তৰ:-কবিয়ে সাংসাৰিক দুখ তথা বিধয়-বাসনাৰ তাড়নাত আতুৰ হোৱা বুলি উল্লেখ কৰিছে বিষয়ৰ বন্ধনেই হৈছে সাংসাৰিক দুখৰ মূল কাৰণ। এই দুখৰ নিবৃত্তিৰ বাবে হৰিভক্তি পৰম মহৌষধ।

(ঘ) বৰগীতটি কোনে ৰচনা কৰা ?

উত্তৰ:-শ্ৰী শ্ৰী শংকৰদেৱ ।

(ঙ) বৰগীতটো কি ৰাগত বন্ধা ?

উত্তৰ:- বৰগীতটো বসন্ত ৰাগত বন্ধা। ভাৰতীয় সংগীত শাস্ত্ৰৰ বিধান অনুসৰি উচ্চাঙ্গ সংগীতৰ আৰ্হিত এই গীতসমূহ ৰচিত হৈছে।

(চ) কবিয়ে বান্ধৱ’ বুলি কাক সম্বোধন কৰিছে ?

উত্তৰ:- ‘কবিয়ে ‘বান্ধৱ’ বুলি হৰিক কৈছে।


(ছ) ‘মোহ-পাশ’ মানে কি ? বৰগীত class 10 question

উত্তৰ:- মোহ-পাশ মানে মায়াৰ বন্ধন। মায়া মোহেই হৈছে জাগতিক আসক্তি তথা বন্ধনৰ নূল কাৰণ ৷ ইয়াত “পাশ শব্দই ‘বন্ধন’ক সূচাইছে ।


প্ৰশ্ন ২ বৰগীতটোৰ মূলভাব লিখা। বৰগীত class 10 question

উত্তৰ:-ভক্তকবি মাধৱদেৱে ভগৱন্তৰ চৰণত একান্তভাৱে আত্মনিবেদন কৰি তেওঁক জীৱনে-মৰণে নেৰিবৰ কাৰণে অতিশয় কাকৃতি কৰিছে। ভগৱানৰ অপাৰ মহিমা। আগম আৰু নিগম প্রভৃতি শাস্ত্ৰত ভগৱানৰ বিভিন্ন মহিমাৰ বৰ্ণনা দাঙি ধৰা হৈছে যদিও একান্ত ভিতি অবিহনে ভগৱন্তৰ স্বৰূপ উপলব্ধি সম্ভৱ নহয়। আনকি ব্ৰহ্মাদি দেৱতাসকলেও ভগৱন্তৰ প্রকৃত স্বৰূপ উপলব্ধি কৰিবলৈ সক্ষম নহয় আনকি ব্ৰক্ষ্মাদি দেৱতাসকলেও ভগৱন্তৰ প্ৰকৃত স্ৱৰূপ উপলব্ধি কৰিবলৈ সক্ষম নহয় । (বৰগীত class 10 question)

কবিয়ে কৈছে যে পাৰ্থিৱ মোহাকাঙ্ক্ষাই সাংসাৰিক বান্ধোনৰ প্রতি আকৰ্ষিত‌ কৰিছে বাবেই তেওঁ উদ্ধাৰৰপথ বিচাৰি ভগৱন্তৰ চৰণত আত্মসমৰ্পণ কৰিছে। ভক্তৰ মনোবাঞ্ছা পূৰণ কৰি ভগৱন্তই কৃপা কৰিলেহে তেওঁ সাংসাৰিক মোহবন্ধনৰ পৰা মুক্তি লাভ কৰিবলৈ সক্ষম হ’ব। সেৱে তেওঁ ভগৱন্ডৰ চৰণত শৰণ ভিক্ষা কৰিছে।


প্ৰশ্ন ৩ বৰগীতটোৰ ৰচকৰ চমু পৰিচয় দিয়া।

উত্তৰ:- শ্ৰীশ্ৰীমাধৱদেৱ নৱবৈষ্ণৱ ধৰ্মৰ অন্যতম প্রচাৰক শ্ৰীশ্ৰীমাধৱদেৱৰ লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত ১৪৮৯ চনত জন্ম হয়। তেওঁৰ পিতৃ গোবিন্দগিৰি ভূঞা আৰু মাতৃ মনোৰমা ৷ শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱে গুৰুৰ পদাংককে অনুকৰণ কৰি বাৰাদি, গণককুছি,
সুন্দৰীদিয়া, ভেলাডাংগা আদিত ধৰ্ম প্রচাৰ কৰিছিল। ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য সংস্কৃতিৰো পূজাৰী এইজনা মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ’ল ‘নামঘোষা’। এহেজাৰটা ঘোষা থকা বাবে এইখনক ‘হেজাৰী ঘোষা’ বুলিও কোৱা হয়। তেখেতৰ আন আন ৰচনাসমূহ হ’ল-

আখ্যানমূলক ৰচনা– ৰাজসূয় কাব্য, আদিকাণ্ড ৰামায়ণ।

তত্বমূলক ৰচনা— জন্মৰহস্য, ভক্তি ৰত্নাৱলী, নামমালিকা।

নাট– অৰ্জুন-ভজ্ঞন বা দধি-মথন।

ঝুমুৰা– চোৰধৰা, পিম্পৰা-গুচোৱা, ভূমি-লেটোৱা, ভোজন-বিহাৰ।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্রচাৰিত বৈষ্ণৱ ধৰ্মক সাধাৰণ মানুহৰ অধিক কাষ চপাই নিয়াৰ অৰ্থে মাধৱদেৱে তেওঁৰ ৰচনাৰাজিত ঘৰুৱা ভাৱ, ভাষা ব্যৱহাৰ কৰি তাৰ জৰিয়তে জনসাধাৰণক বৈষ্ণৱ ধৰ্মৰ তত্বসমূহ সহজে বুজি পোৱাত সহায় কৰিছিল। এই গীতটি মাধৱদেৱৰ দাস্য ভক্তিৰ উৎকৃষ্ট নিদৰ্শন । (বৰগীত class 10 question)

মাধৱদেৱৰ সাহিত্যৰ সৌন্দৰ্য উপলব্ধি কৰাত পাঠটোৱে ছাত্ৰ-ছাত্ৰীক সহায় কৰিব বুলি আশা কৰা হৈছে।

প্রশ্ন ৪ ব্যাখ্যা কৰা ।
(ক) ‘সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা।
অধনে জানিবে কেনে তোমাৰ মহিমা।
বৰগীত class 10 question

উত্তৰ:- উক্ত কবিতাংশ মহাপুৰুষ মাধৱেদেৱৰ দ্বাৰা ৰচিত আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট বৰগীতটিৰ পৰা তুলি দিয়া হৈছে।

ভগৱানৰ মহিমা অসীম। তেওঁৰ অনন্ত মহিমাৰ কথা ব্ৰহ্মা আদি দেৱতাৰো অজ্ঞাত। ভগৱানৰ অনন্ত মহিমাৰ কথা সাধাৰণ ভক্তৰ বাবে জনাটো অতি দুৰূহ ৷ সেইবাবেই ভক্তকবি মাধৱদেৱে কৈছে যে যিগৰাকী স্ৰস্টাই অনন্ত ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰিছে, সৃষ্টি-স্থিতি-প্রলয়ৰ গৰাকী অনন্ত শক্তিমান, সেইগৰাকী ভগৱন্তৰ অপৰিসীম মহিমাৰ অন্ত নাই। ব্ৰক্ষ্মা, মহেশ্বৰ প্ৰভৃতি দৈৱিক গুণসম্পন্ন মহৎ লোকৰ দৃষ্টিগোচৰ নোহোৱা ঈশ্বৰৰ মহিমা সেয়ে মাধৱদেৱৰ
দৰে ভক্তৰ দৃষ্টিৰ, বোধগম্যতাৰ বাহিৰত। তেওঁৰ দৰে সাধাৰণ ভক্তৰ বাবে ভগৱানৰ মহিমা বুজাটো (সেয়ে সহজ নহয়।

(খ) আতুৰ ভৈলোহো হৰি বিষয় বিকলে।

কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে। বৰগীত class 10 question

উত্তৰ:- উক্ত কবিতাংশ মহাপুৰুষ মাধৱদেৱৰ দ্বাৰ৷ ৰচিত আমাৰ পাঠাপুথিত সন্নিৱিষ্ট বৰগীতটিৰ পৰা তুলি দিয়া হৈছে।

মানুহৰ জন্মৰ লগে লগেই ছয় ৰিপু আৰু বিভিন্ন প্ৰবৃত্তি সমূহেও জন্ম লাভ কৰে। প্রবৃত্তিসমূহ বংশানুক্ৰমিক আৰু বয়সৰ লগে লগে ই শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰে। কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য প্রভৃতি ৰিপুৰ তাড়নাই মানুহৰ বৈষয়িক বন্ধনৰ মূল কাৰণ এই বিপুসমূহৰ প্রৰোচনাত মানুহে নানা ধৰণৰ অপকৰ্মত লিণ্ড হৈ কাললৈ কুখ্যাতি ৰাখে, দুখ-বেদনাৰে ভাৰাক্ৰান্ত হয়। কবি নিজেও এনে বিষয় বন্ধনৰ পৰা মুক্ত হ’ব পৰা
নাই। সেয়েহে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে যাতে তেওঁৰ অভয় চৰণত স্থান দি কবিক বিষয় বন্ধনৰ পৰা মুক্ত কৰে। হৰিভক্তিয়েই দৰাচলতে মোহ সাগৰৰ পৰা পৰিত্ৰাণৰ একমাত্ৰ উপায়। কবিয়ে সেয়ে ভগৱন্তৰ চৰণত ভক্তিভাৱে আত্মসমৰ্পন কৰিছে।

(গ) তোমাৰ চৰণ দুই মোৰ মহা ধন।

ভকত জনেৰ নিজ তুমিসে জীৱন। বৰগীত class 10 question

উত্তৰ :- উক্ত কবিতাংশ মহাপুৰুষ মাধৱদেৱৰ দ্বাৰ৷ ৰচিত আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট,বৰগীতটিৰ পৰ| তুলি দিয়া হৈছে।

সংসাৰ সাগৰৰ পৰা পৰিত্ৰাণ লাভৰ কাৰণে কবিয়ে একান্তভাৱে ভগৱানৰ চৰণত আত্মনিবেদন কৰিছে। তেওঁ উপলব্ধি কৰিছে যে মায়াময় সংসাৰৰ বান্ধোনৰ পৰ| হাত সাৰি থাকিবলৈ হ’লে ভগৱন্তৰ দুখনি চৰণত আশ্রয় গ্ৰহণৰ বাহিৰে আন কোনো পথ নাই। সেয়ে তেওঁ কৈছে যে কবিৰ বাবে সকলোৰে উদ্ধত হৈছে ভগৱানৰ অভয় চৰণত শৰণ আশ্ৰয় গ্ৰহণৰ বাহিৰে ভক্তই আন একোকে কামনা নকৰে । (বৰগীত class 10 question)

প্ৰশ্ন ৫ সনক সনন্দ যোগী যাহাকু ধিয়ায়।

সকল নিগমে যাক বিচাৰি নাপায়।— তাৎপৰ্য বিচাৰ কৰা।


উত্তৰ:- ভাৰতীয় সনাতন ধৰ্ম সাধনাত প্রবৃত্তি আৰু নিবৃত্তি অৰ্থাৎ আগম আৰু নিগম শাস্ত্ৰৰ যোগেদি সাধন পদ্ধতি নিৰূপিত কৰা দেখা গৈছে। কিন্তু মুক্তিৰ বাবে দুয়োবিধ মাৰ্গেই কষ্টসাধ্য। যোগমাৰ্গ, জ্ঞানমাৰ্গ আদিতকৈ ভক্তিমাৰ্গ প্রশস্ত। সেয়ে সনক, সনন্দ প্রভুতি একান্ত ভক্তসকলে সৰ্বান্তকৰণে ভগৱন্তক হৃদয়ত ধ্যান কৰে।পৰিত্ৰ অন্তঃকৰণেৰে ইশ্বৰ চিন্তাৰ যোগেদিহে ভগৱন্তৰ কৰুণা লাভ কৰিব পাৰি। যোগীসকলে ধ্যানৰ যোগেদি সম্ভেদ লাভ কৰিব নোৱৰা ভগৱন্তৰ কিন্তু ভক্তিত নিজে সন্তুস্ট হয়। সেয়ে কবিয়ে কৈছে যে শাস্ত্ৰৰ জটিলতালৈ নগৈ একান্ত অন্তঃকৰণেৰে হৰিভক্তি কৰাটো বাঞ্ছনীয় ৷ অন্যথা কৰ্ম, যোগ, জ্ঞান প্ৰভৃতি কষ্টসাধ্য পদ্ধতিৰে তেওঁৰ কৰুণাবোধ সম্ভৱ নহয়। সেইবাবেই নিগম শাস্ত্ৰৰ যোগেদি দুৰ্লভ প্রতিপন্ন হোৱা ভগৱন্তৰ প্রতি একান্ত ভক্তিভাব প্রদর্শন কৰা হৈছে । (Class 10 assamese book question answer borgeet)

প্ৰশ্ন ৬ বৰগীতৰ চাৰিতা লক্ষনৰ বিষয়ে লিখা ? বৰগীত class 10 question

উত্তৰ:- বৰগীতৰ চাৰিতা লক্ষণ :

১। বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ-তালযুক্ত গীত।

২। বৰগীতৰ ভাষা ব্ৰজাবলী।

৩। বৰগীতসমূহ ভক্তিমূলক তথা ইশ্বৰৰ মাহাত্ম্য প্রকাশক।

৪। শংকৰ-মাধৱে লিখা গীতসমূহকহে বৰগীত বোলা হয়। নামধৰ্মৰ প্ৰচাৰৰ উদ্দেশ্যে বৰগীতসমূহ ৰচিত।

প্রশ্ন ৭ তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা।

নপাৰন্ত, ভৈলোহো, জনেৰ, কেনে, তুমিসে, কহয়।

উত্তৰ:– নপাৱন্ত: — নাপায় কেনে —-কেনেকৈ, কেনেদৰে
ভৈলোহে৷ — হ’লো তুমিসে — তুমিসে, তুমিয়েই
জনেৰ —-জনৰ কহয় ——কয়

প্ৰশ্ন ৯ ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰ:- ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল–
(১) ব্ৰজাৱলী এক প্রকাৰৰ কৃত্ৰিম সাহিত্যিক ভাষা ৷

(২) পশ্চিমা হিন্দীৰ অপভ্ৰংশ ব্ৰজভাযাৰ সৈতে এই ভাষাৰ কোনো সম্পৰ্ক নাই।

(৩) ব্ৰজাৱলী ভাষাৰ মূল ভেটি মৈথিলী আৰু মধ্য়যুগত এই ভাষাক কেন্দ্ৰ কৰি কৃষ্ণলীলা বিষয়ক ভালেমান গীত পদ ৰচিত হৈছিল ।

(৪) ব্ৰজাৱলী ভাষাত মৈথিলী, ভোজপুৰী, উৰিয়া, হিন্দী, পুৰণি অসমীয়া প্ৰভৃতি শব্দৰ প্ৰয়োগ দৃস্টিগোচৰ হয় ।

প্ৰশ্ন ১০ বৰগীতৰ লক্ষন সম্পৰ্কে চমুকৈ লিখা ।

উত্তৰ:- শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত আধ্যাত্মিক ভাবসম্পন্ন ১৯১ টা গীতক বৰগীত আখ্যা দিয়া হৈছে। ভাব, ভাষা আৰু বিষয়বস্তুৰ শ্ৰেষ্ঠতাৰ বাৰে সমসাময়িক অন্যান্য গাতৰ পৰা এই গীতসমূহ পৃথক। তলত বৰগীতৰ লক্ষণসমূহ চমুকৈ উল্লেখ কৰা হ’ল–

বৰগীতৰ লক্ষণ:-

১। বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ-তালযুক্ত গীত।

২। বৰগীতৰ ভাষা ব্ৰজাবলী।

৩। বৰগীতসমূহ ভক্তিমূলক তথা ইশ্বৰৰ মাহাত্ম্য প্রকাশক।

৪। শংকৰ-মাধৱে লিখা গীতসমূহকহে বৰগীত বোলা হয়। নামধৰ্মৰ প্ৰচাৰৰ উদ্দেশ্যে বৰগীতসমূহ ৰচিত।

৫। বৰগীতসমূহ মূলতঃ ভক্তিৰস প্রধান যদিও তাত দাস্য, শান্ত, বাৎসল্য আদি ৰসৰো সমাৱেশ ঘটিছে।

৬৷ মাধৱদেৱৰ বৰগীতসমূহ প্ৰধানকৈ শিশুকৃষ্ণৰ লীলা বিষয়ক। অসমীয়া সমাজৰ ঘৰুৱা পৰিৱেশৰ চিত্ৰ
একোখনি ইয়াত চিত্ৰিত হৈছে।


প্ৰশ্ন ১১ ব্ৰজাৱলী ভাষা  ভাষা বুলিলে কি বুজা ?


উত্তৰ:-মহাপুৰুষ শংকৰদেৱ মাধৱদেৱ আদিয়ে সাহিত্য ৰচনাত ব্যৱহাৰ কৰা ভাষাটো যদিও পুৰণি অসমিয়া ভাষা, বৰগীত আৰু অংকীয়া নাটকত ব্যৱহাৰ কৰা ভাষাটো কাব্যৰ ভাষাৰ পৰ| কিছু পৃথক। কোনো কোনো পণ্ডিতে ইয়াক কৃত্রিম সাহিত্যিক ভাষা বুলি অভিহিত কৰিছে ।ব্ৰজাৱলী ভাষা এক প্রকাৰ কৃত্ৰিম সাহিত্যিক ভাষা। শংকৰদেৱৰ সময়ত অসম, বঙ্গ আৰু উৰিষ্যাত এটা কৃত্ৰিম উপভাষাৰ মাধ্যমত ভগৱান কৃষ্ণৰ লীলা-বিষয়ক গীত পদৰ সৃষ্টি হৈছিল। এই সাহিত্যিক ভাষাক ব্ৰজবুলি, ব্ৰজবোল আৰু অসমীয়াত ব্ৰজাৱলী ভাষা বোলা হয়। পশ্চিমা-হিন্দীৰ অপভ্ৰশ ব্ৰজভাযাৰ
লগত ইয়াৰ কোনো সম্পৰ্ক নাই। ব্ৰজাৱলী ভাষাৰ মূল ভেটি মৈথিলী। তাৰ লগত ভোজপুৰী, নেৱাৰী, আৰু কাষৰীয়া অঞ্চলৰ আন ভাষাৰ সংমিশ্ৰণেৰে ই ঠাই বিশেষে একোটা স্বতন্ত্ৰ ৰূপ লাভ কৰে। ব্ৰজাৱলী ভাষাটো শক্তিশালী আৰু স্বৰধ্বনিৰ অধিক প্রয়োগৰ বাবে শ্ৰুতিমধুৰ।

প্ৰশ্ন ১২ মাধৱদেৱে ৰচনা কৰা সৰ্বশ্ৰেষ্ঠ গ্ৰন্থখন কি ?

উত্তৰ:- মাধৱদেৱে ৰচনা কৰা সৰ্বশ্ৰেষ্ঠ গ্ৰন্থখন হল নামঘোষা ।

প্ৰশ্ন ১৩ তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটিত”বান্ধৱ” বুলি কাক সম্বোধন 

কৰিছে ?

উত্তৰ:- পাঠ্যপুথিত “বান্ধৱ” বুলি ভগৱান শ্ৰী কৃষ্ণক সম্বোধন কৰিছে ।






Leave a Comment

Your email address will not be published. Required fields are marked *