প্ৰশস্তি class 10 Question answer bur tolot oti khudorkoi diya ase.
১। অতি চমু উত্তৰ দিয়া ?
(ক) ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায়?
উত্তৰ:- ৰঘুনাথ চৌধাৰীক বিহগী কবি বুলি জনা যায়।
(খ) ৰঘুনাথ চৌধাৰীৰ কবিতা-পুথি দুখনৰ নাম লিখা।
উত্তৰ:-ৰঘুনাথ চৌধাৰীৰ কবিতাপুথি দুখনৰ নাম হৈছে–কেতেকী আৰু দহিকতৰা।
(গ) প্ৰকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে ?
উত্তৰ:- ন কুঁহিপাতে প্ৰকৃতিক সাদৰি আনিলে বুলি কবিয়ে কৈছে।
(ঘ) মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে?
উত্তৰ:- মন্দিৰৰ উপেক্ষিত ৰবাব ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে ।
(ঙ) জল, স্থল আৰু ক’ত দেৱতাৰ মহা অভিযান চলিছে ?
উত্তৰ:- জল, স্থল আৰু অন্তৰীক্ষত দেৱতাৰ মহা অভিযান চলিছে ।
(চ) মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে ?
উত্তৰ:- মোহন কীচক বেণুৱে মহামহিমৰ গান গায় বুলি কবিয়ে কৈছে ।
(2) কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি কি বস্তু টানি আনিছে লিখা ।
উত্তৰ:- এই কবিতাটোত কবিয়ে প্রকৃতিৰ সৌন্দৰ্যৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। ইয়াত বেলিৰ পোহৰে পৃথিৱীক পোহৰাই তুলিছে। ন কুঁহিপাতে প্ৰকৃতিক সাদৰী আনিছে। চৌদিশে ফুলি থকা ফুলবোৰৰ প্রাণ আনন্দৰে ভৰি পৰিছে। মন্দিৰৰ উপেক্ষিত ৰবাব ফুলে প্ৰকৃতিলৈ প্ৰেমে-পৰিমল যাচিছে । চৰাই-চিৰিকতিৰ সুমধুৰ গীতে জল,স্থল,অন্তৰীক্ষ সকলোতে যেন দেৱতাৰেহে সন্ধান কৰিছে । এইদৰে কবিয়ে প্রকৃতিৰ বিভিন্ন উপাদান টানি আনি ৰাতিপুৱাৰ এটি সুন্দৰ বৰ্ণনা দাঙি ধৰিছে ।
(৩) কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে ? (Class 10 assamese প্ৰশক্তি)
উত্তৰ:-বিহগী কবি ৰঘুনাথ চৌধাৰী সুন্দৰৰ উপাসক। সেয়েহে কবিয়ে প্ৰকৃতি বিভিন্ন সমলৰ মাজত অকুৰত্ত সৌন্দৰ্য দেখিবলৈ পায়। প্রশক্তি ববিভাটোৰছাৰা কবিয়ে প্রকৃতিৰ বিভিন্ন সমলৰ মাজত দেখা পোৱা সৌন্দৰ্ধৰ আধাৰত সুন্দৰৰ আৰাধনা কৰিছে।
কবিতাটোত কৰিয়ে সুন্দৰৰ প্রশত্তি কৰিছে। ৰাতিপুৱা বেলিৰ পোহৰে পোহৰাই তোলা পৃথিৱীত গছ-বনে প্ৰকৃতিক ন সাজেৰে সজই- পৰাই তুলিছে। চৌদিশে ফুলি থকা ফুলবোৰৰ প্রাণ আনন্দৰে উদ্ভাসিত হৈ পৰিছে। মন্দিৰত উপেক্ষিত হৈ ৰোৱা ৰবাব ফুলেও এই সৌন্দৰ্যত নিজৰ প্রেম-গৰিমল যাচি দিছে। সুমধুৰ কণ্ঠেৰে গোৱা চৰাই-চিৰিকতিৰ গীতেও যেন সকলোতে দেৱতাৰহে সন্ধান কৰিছে। কবিয়ে অমৃতৰ সতম্তান মানুহক বৰ শেষত মুক্তিৰ বাট বিচাৰিবলৈ আহ্বান জনাইছে। মোহন কীচক বেণুৱে বতাহত শষ্টাৰ গান গাইছে। কবিয়ে ভক্তবৃন্দক তন্দ্ৰা ত্যাগ ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কৈছে । প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে ঈশ্বৰৰ অস্তিত্ব অনুভৱ কৰিছে আৰু সকলোকে এই ঈশ্বৰৰ প্ৰশস্তি কৰিবলৈ আহ্বান জনাইছে ।
(৪) কবিতাটোত প্ৰকৃতিৰ মুখাৰ মাতত কিদৰে সূগৰৰ সাধনা লুকাই আছে বিৱৰি লিখা। (Class 10 assamese প্ৰশক্তি)
উত্তৰ:- বিহগী কবি ৰঘূনাথ চৌধাৰীয়ে এই কবিতাটোৰ দ্বাৰা প্রকৃতিৰ বিভিন্ন সমলৰ মাজত দেখা পোৱা সৌন্দৰ্যৰ মাজেৰে সুন্দৰৰ আৰাধন| কৰিছে। কবি চৌধাৰী সুন্দৰৰ উপাসক আৰু প্ৰকৃতিপ্ৰেমী। গতিকে প্রকৃতিৰ প্রতিটো বিষয়তে কবিয়ে সুন্দৰৰ অফুৰস্ত সমল বিচাৰি পায় ৷
ৰাতিপুৱা সুৰুজৰ ৰাঙলী আভাই দশোদিশ উদ্ভাসিত কৰি তোলা পৃথিৱীত গছ-লতাৰ ন কুঁহিপাতে প্ৰকৃতিক ন সাজেৰে সজাই তুলিছে। চৌদিশে ফুলি থকা সুন্দৰ ফুলবোৰৰ প্ৰাণ আনন্দৰে ভৰি পৰিছে। আনকি মন্দিৰতউপেক্ষিত হৈ ৰোৱা ৰবাব ফুলেও যেন প্ৰেম-পৰিমল যাচি দিছে। ৰাতিপুৱা চৰাই-চিৰিকতিবোৰেও যেন সুমধুৰ কণ্ঠেৰে গীত গাই গাই জল-স্থল-অন্তৰীক্ষ সকলোতে দেৱতাৰহে সন্ধান কৰিছে। কবিয়ে অমৃতৰ সম্ভান মানুহক কালৰাত্ৰিৰ শেষত মুক্তিৰ বাট বিচাৰিবলৈ কৈছে। কীচক বেণুৱে বতাহত মহামহিমৰ গান গাইছে। কবিয়ে ভক্তসকলক তন্দ্ৰাৰ মোহ ত্যাগ কৰি উঠিবলৈ কৈছে আৰু সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান
জনাইছে। কবিয়ে প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত বাৰে বাৰে সুন্দৰৰ অস্তিত্ব অনুভৱ কৰিছে। এই প্ৰকৃতিৰ ৰূপ বা সুন্দৰৰ আৰাধনাৰ আঁৰত কবিতাটোত ইশ্বৰ ভক্তিৰ স্বৰূপ সুন্দৰকৈ প্ৰকাশ পাইছে ।
(৫) কবিতাটোৰ মূলভাৱ লিখা ৷ (Class 10 assamese প্ৰশক্তি)
উত্তৰ:- প্রশস্তি কবিতাটোৰদ্বাৰা কবি ৰঘূনাথ চৌধাৰীৰ সুন্দৰৰ আৰাধনা আৰু প্রকৃতিৰ প্রতি থকা প্ৰীতি সুন্দৰকৈ ফুটি উঠিছে। ৰাতিপুৱা সুৰুজৰ ৰাঙলী আভাই দশোদিশ উদ্ভাসিত কৰি তোলা পৃথিৱীত ন কুঁহিপাতে প্রকৃতিক দেখি চৌদিশে ফুলি থকা ফুলবোৰৰ প্ৰাণ আনন্দত মতলীয়া হৈছে। আনকি মন্দিৰত উপেক্ষিত হৈ ৰোৱা ৰবাব ফুলেও তাত প্ৰেম- পৰিমল যাচি দিছে। সুললিত কণ্ঠে গীত গাই চৰাই-চিৰিকতিবোৰে সকলোতে যেন দেৱতাৰহে সন্ধান কৰিছে। কালৰাত্ৰি শেষ হোৱাত কবিয়ে অমৃতৰ সম্ভান মানুহক মুক্তিৰ পথ বিচাৰিবলৈ আহবান জনাইছে। মোহন কীচক বেণুৱে অনাহত ছন্দৰে গীত গাই ইশ্বৰৰ বন্দনা কৰিছে আৰু ভক্তসকলক তন্দ্ৰাৰ মোহ ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে । এইদৰে কবিয়ে কবিয়ে প্ৰকৃতিৰ সন্বোহিনী সুধাৰ সাজত বাৰে বাৰে ইশ্বৰৰ অস্তিত্ব দেখা পাইছে ।
প্ৰশ্ন ৬। “উঠা হে খত্বিক ধ্যানী অমৃতৰ পুত্ৰ,
উঠা যত মুক্তি পথযাত্মী।”
—–কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা।
উত্তৰ:-কবিয়ে ৰাতিপুৱাৰ সুন্দৰ ক্ষণত মানুহৰ মনত থকা সকলো বেয়া ভাৱ, ধাৰণা, চিন্তা আদি ত্যাগ কৰি সকলোকে মুক্তিৰ পথ বিচাৰিবলৈ আহ্বান জনাইছে। মহা কালৰাত্ৰি শেষ হ’ল অৰ্থাৎ মানুহে সকলো কু-কথা, কু-আচাৰ, কু-ভাৱ-ধাৰণা আদি ত্যাগ কৰিবৰ হ’ল। দিনৰ পোহৰে ৰাতিৰ অন্ধকাৰ নাশ কৰাৰ দৰে মানুহেও কালৰাত্ৰিৰ শেষত মনৰ মাজত থকা বেয়া ভাৱ, চিন্তা আদি ত্যাগ কৰি মুক্তিপথ বিচাৰিব লাগে। সেয়েহে মানুহে নিজৰ মাজত থকা অজ্ঞানতা আঁতৰ কবি জ্ঞান লাভ কৰাৰ সময়ত আহি পৰিছে। সেয়েহে সকলোৱে এক ধ্যানে সুন্দৰৰ আৰাধনা কৰিব লাগে বুলি কবিয়ে ভক্তবৃন্দগ আহ্বান জনাইছে।
প্ৰশ্ন ৭। সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে বুজাই লিখা। (Class 10 assamese প্ৰশক্তি)
উত্তৰ:- বিহগী কবি ৰঘূনাথ চৌধাৰীয়ে এই কবিতাটোৰ দ্বাৰা ভক্তসকলক সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে। চৌধাৰীদেৱে প্রকৃতিৰ সৌন্দৰ্যসমূহৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। পুৱাৰ সুৰুজৰ ৰাঙলী আভাই দশোদিশ উদ্ভাসিত কৰি তোলা পৃথিৱীত গছ-বনে প্ৰকৃতিক ন-সাজেৰে সজাই তুলিছে। চৌদিশে ফুলি থকা সুন্দৰ ফুলবোৰ আনন্দত মতলীয়া হৈ পৰিছে। আনকি মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও সেই আনন্দত প্ৰেম-পৰিমল যাচি দিছে। সুললিত কণ্ঠেৰে গীত গাই চৰাই-চিৰিকতিবোৰেও দশোদিশে যেন দেৱতাৰহে সন্ধান কৰিছে। মোহন কীচক বেণুৱেও অনাহত ছন্দেৰে স্ৰষ্টাৰ গান গাইছে। গতিকে এনে এটা সুন্দৰ
পৰিৱেশত কবিয়ে ভক্তসকলক তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহবান জনাইছে।
প্ৰশ্ন:- ব্যাখ্যা কৰা :-
(ক) উঠে তৰু শিৰে শিৰে বন বিহংগৰ
ছন্দভৰা সুমধুৰ তান
জল স্থল অন্তৰীক্ষ সকলোতে যেন
দেৱতাৰ মহা অভিযান। (Class 10 assamese প্ৰশক্তি)
উত্তৰ:- উক্ত কবিতাফীকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘূনাথ চৌধাৰীদেৱে ৰচনা কৰা ‘প্ৰশস্তি মামৰ আমিভানোম লোৰ তুতি জনোৱা হৈছে।
কবি চৌধাৰীদেৱ হৈছে সুন্দৰৰ উপাসক। তেখেতে প্রকৃতিৰ সকলো বস্তুতেই সৌন্দৰ্যৰ আকৰ বিচাৰি পায়। উক্ত কবিতাটোতো কবিয়ে ৰাতিপুৱাৰ প্ৰকৃতিৰ সুন্দৰ চিত্র এটা অংকন কৰিছে। ৰাতিপুৱা সুৰুজে ৰাঙলী আভাৰে গোটেই পৃথিৱী উদ্ভাসিত কৰি তুলিছে। ন কুঁহিপাতে জামৰেদি বিচি প্ৰকৃতিক যেন আদৰ-সাদৰ কৰি আগবঢ়াই আনিছে। ৰাতিপুৱাৰ সেই মনোমোহা পৰিৱেশ দেখি চিত্তহাৰী ফুলবোৰৰ মন দন্ত নাচি উঠিছে। আনকি মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও তাতে ইোম-পৰিমল যাচি দিছে। এনে এটা ধুনীয়া পৰিৱেশত চৰাই-ৰ ই বে দেৱতাৰহে সদ্ধা কৰিছে। এইদৰে কৰিয়ে ুৃতিৰ প্ৰতিটো নাছতেই নেদেখা জনৰ ৰূপ ধ্যান কৰিছে।
(২) কৰি দীৰ্ণ জৰাজীৰ্ণ পৃ্জীভূত ক্লেদ
শেষ হ’ল মহাকালৰাত্তি,
উঠা হে খত্বিক ধ্যানী অমৃতৰ পুত্ৰ
উঠা যত মুক্তি পথযাত্ৰী।
উত্তৰ:-উক্ত কবিতাফীকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত: ৰঘূনাথ চৌধাৰীদেৱে ৰচনা কৰা ‘প্রশস্তি’ নামৰ কবিতাটোৰপৰা তুলি দিয়া হৈছে।
উক্ত কবিতাটোৰ দ্বাৰা কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰদ্বাৰা সুন্দৰৰ আৰাধনা কৰিছে। ৰাতিপুৱা সুৰুজৰ ৰাঙলী আভাই দশোদিশ উদ্ভাসিত কৰি তুলিছে।. নৱ প্ৰভাতত গছ বিৰিখৰ ন কুঁহিপাতে চোৱৰেৰে বিচি প্ৰকৃতিদেবীক সাদৰি আনিছে। চৌদিশে ফুলি থকা চিত্তহৰণকাৰী ফুলবোৰ আনন্দত নাচি উঠিছে। মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও এই আনন্দৰ সময়ত প্ৰেম- পৰিমল যাচি দিছে। চৰাই-চিৰিকতিবোৰেও সুমধুৰ কণ্ঠেৰে গীত গাই সকলো ঠাইতে দেৱতাৰ সন্ধান কৰিছে। পুৰণি সকলো কলুষ-কালিমাৰে ভৰা কালৰাত্ৰি আঁতৰি গৈছে। সেয়েহে কবিয়ে এই নৱ প্রভাতত অমৃতৰ সম্ভান মানৱক মুক্তিৰ পথ বিচাৰিবৰ বাবে নিদ্ৰা ত্যাগ কৰি উঠিবলৈ আহ্বান জনাইছে। এইদৰে কবিয়ে প্রকৃতিৰ সকলো সৌন্দৰ্যৰ মাজত বাৰে বাৰে ই্টশ্বৰৰ অস্তিত্ব অনুভৱ কৰিছে আৰু সকলো ভক্তকেই তন্দ্ৰাৰ মোহ ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে।
(গ) মোহন কীচক বেণু অনাহত ছন্দে
মোহ তন্দ্ৰালস তেজি উঠা ভক্তবৃন্দ!
সুন্দৰৰকৰা ৰূপধ্যান। (Class 10 assamese প্ৰশক্তি)
উত্তৰঃ- উক্ত কবিতাফীকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত: ৰঘূনাথ চৌধাৰীদেৱে ৰচনা কৰা ‘প্রশস্তি’ নামৰ কবিতাটোৰপৰা তুলি দিয়া হৈছে। (Class 10 assamese প্ৰশক্তি)
উক্ত কবিতাফকিৰ জৰিয়তে কবিয়ে পুৱাৰ হেঙুলী সূৰুযৰ আভাই বিনন্দীয়া প্ৰকৃতিৰ অপৰূপ ৰূপ – লাৱণ্য জগাইতুলি কিদৰে সমগ্ৰ বিশ্বকে পুলকিত কৰি তোলে তাকে বুজাবলৈ প্ৰয়াস কৰি মানুহক সুন্দৰৰ সন্ধান কৰিবলৈ আহ্বান জনাইছে ।
পুৱা পূৱাকাশত হেঙুলী আভাৰে সূৰ্যদেৱতাই ভুমুকি মৰাৰ লগে লগে গোটেই প্ৰকৃতি জগততে সৃষ্টি হোৱা অপকরপ সৌন্দৰ্যত গছ- লতা, চৰাই – চিৰিকটিৰ উপৰি জল – থল – আকাশত সুন্দৰতাৰ আলোড়ন উঠিছে। কীচক বেণুৱেও বতাহত আনন্দতে নিজে নিজে সুৰ তুলি মহামহিম অৰ্থাৎ সৃষ্টিকৰ্তাৰ গান গাইছে। প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখা জনৰ অস্তিত্ব দেখিবলৈ পাইছে। সেয়ে কবিয়ে ভক্তবৃন্দক তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে।
ভাষা – বিষয়কঃ
১ । অর্থ লিখাঃ
কিশলয় , চিত্তহাৰী , অন্তৰীক্ষ , তন্দ্রালস ।
উত্তৰঃ কিলশয় – কোঁহ, কুঁহিপাত, তন্ত্ৰালস।
চিত্ৰহাৰী – মন-প্ৰাণ হৰি নিয়া।
অন্তৰীক্ষ – আকাশ।
তন্ত্ৰালস – ক্লান্ত, টোপনি যোৱা অৱস্থা।
২ । বাক্য ৰচনা কৰাঃ
দশােদিশ , উপেক্ষিত , জৰাজীর্ণ , অমৃত , মােহ ।
উত্তৰঃ দশোদিশ- পদুলিমুখৰ গোলাপজোপাৰ সুগন্ধই দশোদিশ আমোল মোলাই তুলিছে।
উপেক্ষিত – আগৰ দিনৰ স্ত্ৰীশিক্ষা সমাজত উপেক্ষিত হৈ ৰৈছিল।
জৰাজীৰ্ণ – ৰীমা জৰাজীৰ্ণ ঘৰত থাকিও উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান পাইছিল।অমৃত – ভোকাতুৰ অৱস্থাত শুদা ভাতো অমৃত যেন লাগে।মোহ- মিছা মোহৰ বন্দী হৈ আমি আনৰ অপকাৰ কৰা উচিত নহয়।
৩ । সমার্থক শব্দ লিখাঃ
তৰু , মুক্তি , সুমধুৰ , অভিযান , ধ্যানী ।
উত্তৰঃ তৰু – বৃক্ষ, গছ, উদ্ভিদ।
মুক্তি – মোক্ষ, নিৰ্বাণ, মুকলি।
সুমধুৰ – মধুৰত্ব, ঘুমিষ্ট, মৌ – সনা।
অভিমান – পৰিক্ৰমা, অনুসন্ধান, পৰিভ্ৰমণ।
ধ্যানী – মনস্বী, ধ্যাতা, কৃতধী।
অতিৰিক্ত প্ৰশ্নোত্তৰ
১ । অতি চমু প্ৰশ্নোত্তৰ
( ক ) ৰঘুনাথ চৌধাৰীৰ জন্ম ক’ত হৈছিল?
উত্তৰঃ ৰঘুনাথ চৌধাৰীৰ ১৮৭৯ চনত নলবাৰী জিলাৰ মুকালমুৱাৰ ওচৰৰ লাউপাৰা গাঁৱত জন্ম হৈছিল।
( খ ) ৰঘুনাথ চৌধাৰীৰ পিতৃ আৰু মাতৃৰ নাম কি আছিল?
উত্তৰঃ ৰঘুনাথ চৌধাৰীৰ পিতৃ নাম ভোলানাথ চৌধাৰী আৰু মাতৃৰ নাম দয়ালতা চৌধাৰী।
( গ ) ৰঘুনাথ চৌধাৰীৰ মৃতু কেতিয়া হৈছিল?
উত্তৰঃ ১৯৬৮ চনত মৃত্যু হৈছিল।
( ঘ ) কবিয়ে কিহে পৃথিৱীৰ দশেদিশ উদ্ভাসিত কৰা বুলি কৈছে?
উত্তৰঃ উষা অৰ্থাৎ পুৱাৰ সূৰুযৰ কুস্কুম ৰাগে দশোদিশ উদ্ভাসিত কৰা বুলি কৈছে।
( ঙ ) কবিয়ে কোনে ছন্দভৰা সুমধুৰ গান জোৰা বুলি কৈছে?
উত্তৰঃ কবিয়ে বনৰ চৰায়ে ছন্দভৰা সুমধুৰ তান জোৰা বুলি কৈছে।
( চ ) ৰঘুনাথ চৌধাৰীয়ে প্ৰথমাৱস্থাত লিখা কবিতাসমূহ তেওঁৰ কোনখন কবিতা পুথিত সন্নবিষ্ঠ কৰা হৈছিল?
উত্তৰঃ ৰঘুনাথ চৌধাৰীয়ে প্ৰথমাৱস্থাত লিখা কবিতাসমূহ তেওঁৰ `সদৰী’ পুথিত সন্নিৱিষ্ট কৰা হৈছিল।
( ছ ) ৰঘুনাথ চৌধাৰীয়ে অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সভাপতিত্ব কৰিছিল?
উত্তৰঃ ৰঘুনাথ চৌধাৰীয়ে অসম সাহিত্য সভাৰ তেজপুৰ অধিবেশনত সভাপতিত্ব কৰিছিল।
( জ ) কবিয়ে ভক্তবৃন্দক মোহতন্দ্ৰনস ত্যাগ কৰি কিহৰ ৰূপ ধ্যান কৰিবলৈ কৈছে?
উত্তৰঃ কবিয়ে ভক্তবৃন্দক মোহ তন্দ্ৰালস ত্যাগ কৰি সুন্দৰৰ ৰূপৰে ধ্যান কৰিবলৈ কৈছে।
২ । প্ৰশস্তিৰ অৰ্থ কি? কবিয়ে কবিতাটোত কিহৰ প্ৰশস্তি গাইছে?
উত্তৰঃ প্ৰশস্তিৰ অৰ্থ আৰাধনা বা গুনানুকীৰ্তন কৰা। কবিয়ে কবিতাটোত প্ৰকৃতিৰ সুন্দৰতাৰ প্ৰশস্তি গাইছে।
Class 10 Assamese Question answer Seba
Class 10 Assamese Question Answer All chapter Click Here
বৰগীত | Question Answer |
জিকিৰ | Question Answer |
বহাগীৰ বিয়া | Question Answer |
মোৰ দেশ মানুহৰ দেশ | Question Answer |
দৃশ্যান্তৰ | Question Answer |
সাহিত্য়ই জীৱনৰ অমিয়া | Question Answer |
ছাত্ৰ জীৱন আৰু সমাজ সেৱা | Question Answer |
ভাৰতীয় সংস্কৃতি | Question Answer |
অসমৰ জনগোষ্ঠীৰ গাথঁনি আৰু সংস্কৃতি | Question Answer |
মূল্য়বোধ | Question Answer |
নিউটন আৰু সপ্তদশ শতিকাৰ বৌদ্ধিক বিপ্লৱ | Question Answer |
পাৰস্য়ত এভুমুকি | Question Answer |
ব্যাকৰণ (পাঠভিত্তিক) নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰি সমাস, সন্ধি, ব্যাক পৰিৱৰ্তন (সৰল,যৌগিক,জটিল) নত্ব বিধি আৰু স্বত্ব বিধি, যতি চিহ্নৰ ব্যৱহাৰ, খণ্ডব্যাক/ জতুৱা ঠাঁচ, বিপৰিতাৰ্থক আৰু সমাৰ্থক শব্দ, এটা শব্দত প্ৰকাশ, প্ৰত্যয়,ভাব সম্প্ৰসাৰণ/ প্ৰতিবেদন/ আবেদন লিখন ৰচনা | Question Answer |
GROUP-B
মুক্তিমঙ্গল ভটিমা | Question Answer |
কইনাৰ চাতুৰী | Question Answer |
স্ৱৰ্গদেৱ প্ৰতাপ সিংহ | Question Answer |
বিষাদ যোগ | Question Answer |
প্ৰৰণা | Question Answer |