নেপালী বা গোৰ্খা জনগোষ্ঠীৰ লোকসকল কি কি নৃগোষ্টী লোকৰ সংমিশ্ৰণ ?
উত্তৰ:- নেপালী বা গোৰ্খাসকল আৰ্য-মংগোলীয়-কিৰাত নৃ-গোষ্ঠীৰ সংমিশ্ৰণ। (নেপালীভাষী গোৰ্খাসকল)
”লাল মোহৰীয়া পাণ্ডা” বুলি কলে কি বুজা যায় ?
উত্তৰ:- প্রাচীন ধৰ্মগ্ৰন্থ অনুসৰি কামাখ্যা মন্দিৰৰ নিৰ্মাতা তথা প্ৰাগজ্যোতিষপুৰৰ ৰজা নৰক বা নৰকাসুৰে কামাখ্যা মন্দিৰত পূজা-অৰ্চনা কৰাবলৈ নেপালৰ পৰা পূজাৰী আমন্ত্ৰণ কৰি আনিছিল। পিছলৈ এই পূজাৰীয়ে কামাখ্যা মন্দিৰত “লাল মোহৰীয়া পাণ্ডা” নামেৰে জনাজাত হৈ পৰিছিল।
অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰথম সভাপতি গৰাকীৰ নাম লিখা ?
উত্তৰ:- অসম প্রদেশ কংগ্ৰেছ কমিটীৰ প্রথম সভাপতি জনৰ নাম ছবিলাল উপাধ্যায়।
“ট্ৰাইবেল বেল্ট এণ্ড ব্লক”ত নেপালীভাষী লোকসকলে কেতিয়া সংৰক্ষিত শ্ৰেণীৰ মৰ্যাদা পাইছিল ?
উত্তৰ:- ১৯৪৭ চনত মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ শাসনকালত “ট্ৰাইবেল বেল্ট এণ্ড ব্লক” গঠন কৰা হৈছিল, এই সময়তে অন্যান্য জাতিসমূহৰ দৰে নেপালীভাষী লোকসকলেও সংৰক্ষিত শ্ৰেণীৰ মৰ্যাদা লাভ কৰিছিল।
ৰতিকান্ত উপাধ্যায় কোন আছিল আৰু তেওঁ কত কত সত্ৰ স্থাপন কৰিছিল ?
উত্তৰ:- ৰতিকান্ত উপাধ্যায় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এজন শিষ্য আছিল। টিয়ক আৰু নগাঁৱত “নেপালী সত্ৰ”স্থাপন কৰিছিল।
গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে পালন কৰা মুখ্য উৎসৱসমূহ কি কি ?
উত্তৰ:- গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে পালন কৰা মুখ্য উৎসৱসমূহ হৈছে—মহিলাসকলে পালন কৰা ‘তীজ’ উৎসৱ, পাৰিবাৰিক সম্বন্ধ শক্তিশালী তথা গভীৰ কৰি তোলাৰ্থে পালন কৰা ‘বড়া দশৈ’ উৎসৱ, ভাতৃ-ভগ্নীৰ মাজৰ মৰম গভীৰ কৰিবলৈ পালন কৰা ‘তিহাৰ’ উৎসৱ আদি। (নেপালীভাষী গোৰ্খাসকল)
“জম্বুদ্বীপে, আৰ্যাৱৰ্তে, ভাৰতবৰ্ষে, অসম প্ৰান্তে” বোলা কথাষাৰৰ তাৎপৰ্য কি ?
উত্তৰ:- অসমত বাস কৰা নেপালী সম্প্ৰদায়ৰ লোকসকলে যেতিয়া বছৰেকীয়া পিতৃশ্ৰাদ্ধ কৰোঁতে “জম্বুদ্বীপে; আৰ্যাৱৰ্তে, ভাৰতবৰ্ষে, অসমপ্ৰান্তে” বোলা কথাষাৰ উচ্চাৰণ কৰে। উক্ত কথাষাৰৰ তাৎপৰ্য হ’ল যে প্রায় পাঁচ হাজাৰ বছৰ পূৰ্বে নেপাল তথা অসমৰ সমস্ত ভূ-খণ্ডক একেলগে জম্বুদ্বীপ বা আৰ্যৱৰ্ত নামেৰে জনা গৈছিল, সেয়েহে তেওঁলোকে নিজৰ পূৰ্বপুৰুষৰ ঠিকনা প্রাচীন জম্বুদ্বীপ বা আৰ্যৱৰ্ত হিচাপে বিশ্বাস কৰি এই কথাষাৰ উল্লেখ কৰে।
সুগৌলী সন্ধি কেতিয়া হৈছিল আৰু এই সন্ধিমতে কোনখন দেশৰ ভূ-ভাগ আৰু জনসমষ্টি ভাৰতত অন্তৰ্ভুক্ত হৈছিল ?
উত্তৰ:- ১৮১৫-১৬ বৰ্ষত ব্ৰিটিছ আৰু নেপালৰ মাজত সুগৌলী সন্ধি সম্পাদিত হৈছিল। এই সন্ধিৰ চৰ্ত অনুসৰি নেপালৰ উত্তৰ দিশৰ বহুঅংশৰ লগতে তাৰ নাগৰিকসকলক ভাৰতত অন্তভুক্ত কৰা হৈছিল।
চমুটোকা লিখা
ছবিলাল উপাধ্যায়
উত্তৰ:- বৰ্তমান বিশ্বনাথ জিলাৰ বুঢ়ীগাঙত ১৮৮২ চনত জন্ম হৈছিল ছবিলাল উপাধ্যায়ৰ। মাধ্যমিক পৰ্যায়লৈকেহে তেওঁ শিক্ষাগ্ৰহণ কৰিছিল। পিছে অননুষ্ঠানিকভাৱে লাভ কৰা শিক্ষাই তেওঁৰ জীৱনক নতুন গতি দিছিল। বৰেণ্য কেইবাগৰাকীও ব্যক্তিৰ সান্নিধ্যত তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনত নামে। সেই সময়তে বিটিছ চৰকাৰে কাজিৰঙাৰ সমীপৱৰ্তী এলেকাত থকা গোৰ্খা আৰু মিচিং লোকৰ গৰু-ম’হৰ খুঁটি উচ্ছেদৰ প্রস্তুতিচলাইছিল। ১৯১৯ চনত, অসম এছোচিয়েছনৰ সভাত বিটিছচৰকাৰৰ চহ নিবাৰ উলীধম জে জলিলা ভামা ললো জল লমিৰ জনৰ সংঘটিত নহ’ল।
ছবিলাল উপাধ্যায় আছিল অসম সদেশ কংটোছ ৰি গৰম সভাপতি ।কংগেহত যোগদানৰ দোষত তেওঁক বিিটিছ চৰকাৰে গ্ৰেপ্ডাৰো কৰিছিল। পাছলৈ চৰকাৰে তেওঁক নানা লোভনীয় পদবীৰ চাকৰি যাচিছিল যদিও সকলো প্ৰত্যাখ্যান কৰি তেওঁ স্বেচ্ছসেৱকৰূপে আন্দোলনত জঁপিয়াই পৰে। আনকিছমাহ কাৰাবাসো খাটিলে ৷
গান্ধীজীয়ে আহ্বান জনোৱা বিদেশী বস্তু বৰ্জন কাৰ্যসূচীত সহযোগ কৰিবলৈ তেওঁ প্রথমে নিজৰ ঘৰৰ বিদেশী বস্তু জ্বলায়।
হৰিপ্ৰসাদ গোৰ্খা ৰাই
আৱাহন যুগৰ বিশিষ্ট লেখক সকলৰ মাজৰ এগৰাকী হৈছে হৰিপ্ৰসাদ গোৰ্খা ৰাই। ১৯১৫ চনত নগালেণ্ডৰ ৰাজধানী ক’হিমাত তেওঁ জন্মগ্ৰহণ কৰে।
পদ্মনাথ গোহাঞিবৰুৱাৰ সংস্পৰ্শত থাকি হৰিপ্ৰসাদ ৰাইয়ে সাহিত্য জগতত প্ৰথম খোজ পেলাইছিল। অসম সাহিত্য সভাৰ কোহিমা শাখা গঠনতো তেওঁ নেতৃত্ব লয়। অসমীয়া ভাষা-সাহিত্যৰ চৰ্চাত মনোনিৱেশ কৰা আৰু নেপালীভাষী হৈও অসমীয়া মাধ্যমত শিক্ষা লাভ কৰা । ৰাইয়ে অসমীয়া-নেপালী দুয়োটা ভাষাতে লিখিছিল। জাতীয় চেতনা জাগ্ৰতকাৰী আৰু ৰাজনৈতিকপ্ৰবন্ধ তেওঁ বহুতো লিখিছিল। ৰাইয়ে লিখা গল্পবোৰত পাহাৰৰ জনজাতীয়-অজনজাতীয় জনজীৱনৰ সম্প্ৰীতিৰ ৰূপৰেখা অংকিত থকা পৰিলক্ষিত হয়। ৰাইয়ে অভিধান ৰচনা কাৰ্যতো ব্ৰতী হৈছিল। তেওঁ ৰচনা কৰা অভিধানসমূহ ক্ৰমে— ‘মিকিৰ শব্দকোষ’, ‘পুমেইতাঙখুল শব্দকোষ’, ‘মাৰাম শব্দকোষ’,‘মেইৰিঙ শব্দকোষ’,‘অসমীয়া শব্দকোষ’,‘নেপালী শব্দকোষ’। নেপালী ভাষাত লিখা পুথিসমূহ হ’ল ‘বাবৰী’, ‘মনচৰিকো বোলী’ আৰু ‘য়হা বদনাম হুঞ্চ’ ইত্যাদি।
দলবীৰ সিং লোহাৰ
দলবীৰ সিং লোহাৰৰ জন্ম খলিহামাৰীত ১৯১৫ চনত হয়। ভাৰতৰ স্বাধীনতা আন্দোলনৰ স্বেচ্ছাসেৱক বাহিনীত তেওঁ মাত্র ১৫ বছৰতে যোগ দিয়ে। স্বেচ্ছাসেৱক হিচাপে কানিংহাম চাৰকুঁলাৰৰ বিৰোধিতা কৰি তেওঁ তিনি মাহ কাৰাবাসতো আছিল। পাছলৈও ভিন ভিন সময়ত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁ কাৰাবাস খাটিবলগীয়া হৈছিল। গান্ধীজীৰ বিভিন্ন কাৰ্যসূচীৰ ভিতৰত অস্পৃশ্যতা দূৰীকৰণ আঁৰু সেৱাদল গঠনত তেওঁৰ অংশগ্ৰহণ আছিল সন্ৰিয়। শ্রমিক আন্দোলনৰো তেওঁ নেতা আছিল। দ্বিতীয় বিশ্বযুদ্ধত ভাৰতক জড়িত কৰাটোৰ , বিৰোধিতা কৰি তেওঁ ঘৰৰ পৰা বিতাড়িতও হৈছিল। শ্রমিক আৰু পিছপৰা শ্ৰেণীৰ প্রতিনিধি হিচাপে লোহাৰে ১৯৪৬ চনত বিধানসভালৈ নিৰ্বাচিত হৈছিল আৰু তেৱেঁই আছিল নেপালীভাষী অসমৰ প্রথম বিধায়ক। এইগৰাকী সমাজসেৱক তথা ৰাজনীতিকৰ ১৯৬৯ চনতমৃত্যু ঘটে।