নিবনুৱা সমস্যা

নিবনুৱা সমস্যা UNEMPLOYMENT IN ASSAM

নিবনুৱা সমস্যা


আৰম্ভণি

শিক্ষা-দীক্ষা আহৰণ কৰি কৰ্ম-সংস্থান নোপোৱা লোকক নিবনুৱা বুলি কোৱা হয় । আজিবিশ্বত সবাতোকৈ ভয়াবহ ৰূপত দেখা দিয়া সমস্যাটো হ’ল নিবনুৱা সমস্যা। তথ্য-প্ৰযুক্তিবিদ্যাৰ নৱ-নৱ উত্ভাৱনে কৰ্মসংস্থানৰ পৰিসৰ কমাই আনিছে। ফলত বৰ্ধিত নিবনুৱা সমস্যাই দেখা দিয়ে।

বিভিন্ন প্ৰকাৰৰ নিবনুৱা

ভাৰতবৰ্ষৰ নিবনুৱাসকলক প্রধানকৈ দুই ভাগত ভগাব পাৰি— গ্ৰাম্য নিবনুৱা আৰু নগৰীয়া নিবনুৱা গ্ৰাম্য নিবনুৱা আকৌ দুই প্রকাৰৰ— খতুজ নিবনুৱা আৰু ছদ্মবেশী নিবনুৱা |

ঋতুজ নিবনুৱা

ভাৰতবৰ্ষৰ ৭০ শতাংশ কৃষিভূমিত গোটেই বছৰ জুৰি খেতি নচলে। সাধাৰণতে কিছুমান মাটিত বছৰত এবাৰহে শস্য চপোৱা হয়। এই শস্য চপোৱাৰ পাছত বছৰৰ বাকী সময়ছোৱা এনেয়ে বহি থাকিব লগা হয়। এইদৰে খতুজ নিবনুৱাৰ সৃষ্টি হয়।

ছন্মবেশী নিবনুৱা

সীমিত পৰিমাণৰ খেতিৰ মাটিৰ ওপৰত বৰ্ধিত জনসংখ্যাৰ হেচীই ছদ্মবেশী নিবনুৱাৰ সৃষ্টি কৰে। কৃষিকাৰ্যৰ বাবে যিমান শ্রমিকৰ প্ৰয়োজন তাতোকৈ অধিক শ্রমিক কৃষিকাৰ্যৰ সৈতে জড়িত হৈ পৰে৷ কিন্তু আটাইকেইজন মানুহৰ মাটি অনুপাতেপ্ৰয়োজন নহয়। কেইজনমান লোক তাৰ পৰা আঁতৰাই দিলেও শস্যৰ উৎপাদন কম নহয়। উৎপাদন বৃদ্ধি হ’লেও তেওঁলোকৰ কোনো অৰিহণা নাই।নিয়োগে উৎপাদন বৃদ্ধি কৰে৷ কিন্তু এই অতিৰিক্ত অমিকে উৎপাদন বৃদ্ধি কৰা নাই অথচ কৃষিকাৰ্য্যত এইসকল জড়িত। এওঁলোক ছদ্মবেশী নিবনুৱা ।

ওদ্যোগিক নিবনুৱা

ভাৰতবৰ্ষত প্ৰধানকৈ দুটা কাৰণত ওঁদ্যেগিক নিবনুৱাৰ সৃষ্টি হৈছে—(ক) মস্থৰ গতিৰ = উদ্যোগীকৰণ আৰু (খ) গ|ও অঞ্চলৰ পৰ৷ নগৰ অঞ্চললৈ জনসংখ্যাৰ প্রবজন ৷ নগৰীয়া জনসংখ্যা যি হাৰত বৃদ্ধি হৈছে সেই অনুপাতে উদ্যোগ প্ৰতিষ্ঠান বৃদ্ধি হোৱা নাই। গতিকে, নগৰ অঞ্চলত নিবনুৱাৰ সৃষ্টি হৈছে ।

শিক্ষিত নিবনুৱা

‘ভাৰতবৰ্ষত ভয়াবহ ৰূপত দেখা দিয়া সমস্যাটো হ’ল শিক্ষিত নিবনুৱা সমস্যা। জনসংখ্যা বৃদ্ধিৰ লগে লগে বিভিন্ন পৰ্য্যায়ৰ শিক্ষানুষ্ঠানৰ সংখ্যাও চমকণ্দভাৱে বৃদ্ধি হ’ব ধৰিছে। কিন্তু নিয়োগৰ সা-সুবিধা অতি লেহেমীয়া গতিতহে বৃদ্ধি হৈছে। এইটোও অৱশ্যে স্বীকাৰ কৰিব লাগিব যে আমাৰ শিক্ষা নীতি আৰু ওঁদ্যোগিক নীতি তথা সামগ্ৰিক অর্থনৈতিক নীতিৰ মাজত এক অৰ্থপূৰ্ণ যোগসূত্ৰৰ অভাৱ হৈছে। অৰ্হত৷সম্পন্ন ব্যক্তিৰ যোগান অনুপাতে চাহিদাৰ সংগতি হেৰাই গৈছে। আজি ল৷খ লাখ শিক্ষিত নিবনুৱাই অনিশ্চিত ভৱিষ্যতৰ
বাবে হতাশ হৈ পৰিছে।

চক্ৰীয় নিবনুৱা

বৰ্তমান লেহেমীয়া গতিত হ’লেও উদ্যোগৰ সংখ্যা তথা প্রতিষ্ঠানৰ সংখ্যা বাঢ়ি গৈছে। ওদ্যোগিক খণ্ডৰ মন্দা অৱস্থাত চাহিদা কম। সংকুচিত চাহিদাৰ ফলত উৎপাদন হাস হয়। উৎপাদন কমি যোৱা বাবে শ্রমিকৰ চাহিদা কমি যায়। অৰ্থাৎ কিছুমান শ্রমিক কামৰ পৰা বিতাৰিত হয়। এনে নিবনুৱাক চক্ৰীয় নিবনুৱা বুলি কোৱা হয়।

সামৰণি

আজি পৃথিৱীৰ সকলোতে নিবনুৱা সমস্যাই দেখা দিছে। উদ্যোগ নীতি, কৃষি নীতি, শিক্ষা নীতিৰ পৰিৱৰ্তন সাধিলে ইয়াৰ সমস্যা কিছু কমাব পাৰি। কিয়নো বৰ্ধিত জনসংখ্যাৰ সমস্যাই আমাৰ নিবনুৱা সমস্যাৰ প্ৰধান কাৰণ৷ জন্ম-নিয়ন্ত্ণকে ধৰি উদ্যোগীকৰণত গুৰত্ব আৰোপ কৰিলে বহু পৰিমাণে এই সমস্যা লাঘৱ হ’ব পাৰে। চৰকাৰৰ লগতে জনসাধৰণৰ সক্ৰিয় সহযোগিতাইহে ইয়াক আঁতৰ কৰিব পাৰিব।

##নিবনুৱা সমস্য,নিবনুৱা সমস্যা,###

মোবাইল ফোনৰ সুপ্ৰভাৱ আৰু কুপ্রভাব CLICK TO READ

পুথিভঁৰাল CLICK TO READ






Leave a Comment

Your email address will not be published. Required fields are marked *