Table of Contents
দেউৰীসকলৰ আদিম বাসস্থান ক’ত আছিল ?
উত্তৰ:- দেউৰীসকলে উত্তৰ-পূব দিশেৰে অসমত প্রৱেশ কৰি ব্ৰহ্মপুত্ৰৰ উজনি অঞ্চলত, অৰ্থাৎ বৰ্তমান অৰুণাচল প্রদেশৰ লোহিত জিলাৰ জৈদাম পাহাৰৰ আশে-পাশে বসতি স্থাপন কৰিছিল। সেয়েহে, এই অঞ্চলটোকে কোিলালা আদিম বাসস্থান হিচাপে গণ্য কৰিব পাৰি।
দেউৰীসকলে সামাজিকভাবে কেইটা আৰু কি কি খেলত বিভক্ত উল্লেখ কৰা।
উত্তৰ :-দেউৰীসকলে সামাজিকভাৱে চাৰিটা খেলত বিভক্ত। এইকেইটা হ’ল—ডিবঙীয়া, টেঙাপনীয়া, বৰগঞা আৰু পাটৰগঞা।
শদিয়াৰ পৰা প্ৰৱজন হৈ আহি দেউৰীসকল প্ৰথমতে অসমৰ কোনকেইখন জিলাত বাস কৰিবলৈ লৈছিল? বৰ্তমান অসমৰ কেইখন জিলাত তেওঁলোকে বসবাস কৰি আছে ?
উত্তৰ :-শদিয়াৰ পৰা পুৱজন হৈ আহি দেউৰীসকল প্ৰথমতে অবিতত শিৱনাহৰ জিলাৰ মাজুলী আৰু লখিমপুৰ জিলাৰ ডিব্ৰুং নদীৰ পাৰত বাস কৰিবলৈ লৈছিল। বৰ্তমান দেউৰীসকলে উজনি অসমৰ আঠখন জিলা— তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, মাজুলী, ধেমাজি, লক্ষীমপুৰ আৰু বিশ্বনাথ চাৰিআলিত বসবাস কৰি আছে।
দেউৰীসকলে নিজকে কি হিচাপে চিনাকি দিয়ে ?
উত্তৰ :- দেউৰীসকলে নিজকে “জিম’চঁণায়া” হিচাপে চিনাকি দিয়ে।
দেউৰী ভাষা তিব্বত-বৰ্মী ভাষাগোষ্ঠীৰ কোনটো ভাষা পৰিয়ালত অন্তৰ্ভুক্ত ? কিমান চনত দেউৰী ভাষাক অসম চৰকাৰে চৰকাৰীভাৱে স্বীকৃতি প্ৰদান কৰে?
উত্তৰ :- বড়ো শাখাৰ অন্তৰ্গত। অসম চৰকাৰে ২০০৫ চনৰ ২৮ জানুৱাৰীত দেউৰী ভাষাক চৰকাৰীভাৱে স্বীকৃতি প্রদান কৰে ।
দেউৰীসকলে পালন কৰি অহা তেওঁলোকৰ চাৰিটা উৎসৱৰ নাম উল্লেখ কৰা।
উত্তৰ :- দেউৰীসকলে পালন কৰি অহা তেওঁলোকৰ চাৰিটা উৎসৱ হৈছে— কৃষিভিত্তিক, উৎসৱ বিবা বচু গিবা মেচ্চু (বসন্ত কালক স্বাগতম জনোৱা উৎসৱ), বিহু উৎসৱ- চিগাদাগাৰেবা বিচু, বিচু দাবেবা মেচ্চু আৰু মিদি দেৰুবা মেচ্চু (ৰাজ কেবাং)।
দেউৰীসকল কি ধৰ্মৰ বিশ্বাসী ?
উত্তৰ :- দেউৰীসকল কুন্দ ধৰ্মৰ বিশ্বাসী।
চমুটোকা লিখা
ভীমবৰ দেউৰী
জনগোষ্ঠীয় পৰিয়ালত জন্মলাভ কৰিও অসমৰ বৃহত্তৰ স্বাৰ্থ ৰক্ষাৰ বাবে অহৰহ যত্নপৰ থকা এগৰাকী ব্যক্তি আছিল ভীমবৰ দেউৰী। সকলো জনগোষ্ঠীৰ ৰাজনৈতিক আৰু সামাজিক প্রতিষ্ঠাৰ বাবে উঠি পৰি লাগিছিল বাবে অসমৰ প্ৰথমজনা মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈয়ে ‘জননেতা’আখ্যা দিছিল। ১৯০৩ চনত শিৱসাগৰৰ বৰগঞা দেউৰী গীৱত জন্মা দেউৰীয়ে ১৯১৩ চনত প্রাথমিক বিদ্যালয়ৰ শিক্ষান্ত পৰীক্ষাত শিৱসাগৰ মহকুমাৰ ভিতৰতেই প্রথম স্থান অধিকাৰ কৰিছিল। পাছলৈ কটন মহাবিদ্যালয়ৰ পৰা স্নাযণক হৈ কোলকাতাৰ
প্রেচিডেন্সি কলেজলৈ যায় স্নাতকোত্তৰ শিক্ষাৰ বাবে। আৰ্থিক অনাটনে তেওঁক স্নাতকোত্তৰ শেষ কৰাত বাধা দিলে কিন্তু ১৯৩২ চনত তেওঁ অসম অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হয়। অৱশ্যে অসামৰিক সেৱাত মনোনিৱেশ নকৰি তেওঁ ওকালতিহে কৰে।
ভৈয়ামৰ অনগ্ৰসৰ জনগোষ্ঠীসমূহক একগোট কৰাৰ উদ্দেশ্যেৰে তেওঁ ১৯৩৩ চনত -ট্ৰাইবেল লীগৰ জন্ম দিয়ে। দুবছৰ পাছত ট্ৰাইবেল লীগৰ দাবীৰ ভিত্তিতে অসম বিধানসভাত ভৈয়াম জনজাতিৰ বাবে সংৰক্ষিত হয় ৪ খন আসন। ১৯৩৯ আৰু ১৯৪৬ চনত ভীমবৰ দেউৰী মনোনীত হয় অসম বিধান পৰিষদৰ সদস্য
হিচাপে।
১৯৪৫ চনত ভীমবৰ দেউৰীৰ নেতৃত্বত গঠন হয় অন্য এক সংগঠন ‘আচাম ট্ৰাইবছ এণ্ড ৰেছেচ ফেডাৰেচন’। ১৯৪৭ চনত গোপীনাথ বৰদলৈ মন্ত্ৰীসভাত বন আৰু শ্রম বিভাগৰ মন্ত্ৰী নিযুক্ত কৰা হয় দেউৰীক। তেতিয়াই তেওঁ অসমক পাকিস্তানত চামিল নকৰাৰ সপক্ষে যুক্তি দাঙি ধৰে ভাইচৰয় লৰ্ড ওৱাডেলৰ সন্মুখত।
জনগোষ্ঠীয় সমাজত থাকিও অসমৰ জনসাধাৰণৰ সামাজিক-ৰাজনৈতিক উত্থানৰ কাৰণে দেউৰীয়ে অহোপুৰুষাৰ্থ কৰিছিল। দেশত বহিৰাগত প্রৱজনত বাধা, প্ৰাকৃতিক সম্পদৰ ৰক্ষা,পিছপৰা জাতি-জনগোষ্ঠীৰ সংৰক্ষণৰ ব্যৱস্থা, ৰাজ্যসমূহক শক্তিশালী কৰিবলৈ কেন্দ্ৰৰ পৰা অধিক ক্ষমতাৰ হস্তান্তৰ, স্বায়ত্ত শাসন, বিধান পৰিষদ গঠন,
জন গোষ্ঠীসমূহৰ বাবে অৰ্থনৈতিক সমতা স্থাপন আদি নীতি আছিল তেওঁৰ উদ্ভাৱন যাৰ দ্বাৰা তেওঁৰ বিচক্ষণতা প্রকাশ পাইছিল।
এইগৰাকী বৰেণ্য ব্যক্তিয়ে ১৯৪৭ চনৰ ৩০ নৱেম্বৰত মাত্র ৪৪ বছৰ বয়সতে মৃত্যুবৰণ কৰে।
ৰাধাকান্ত দেউৰী
দেউৰী তথা অসমীয়া ভাষা-সাহিত্যৰ এগৰাকী সাহিত্যিক হৈছে ৰাধাকান্ত দেউৰী। ১৯৩১ চনতলক্ষীমপুৰ জিলাৰ বীহগড়া দেউৰী গাঁৱত জন্মা ৰাধাকান্ত দেউৰীৰ ঘৰুৱা আৰ্থিক অৱস্থা সিমান ভাল নাছিল। সেয়ে গাঁৱৰ মানুহৰ সহযোগতে প্রাথমিক শিক্ষা আৰম্ভ কৰে। পাছলৈ যোৰহাটৰ জে বি কলেজৰ স্নাতক দেউৰীয়ে ক্ৰমে শদিয়া আৰু লক্ষীমপুৰত চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কবিবলৈ লয়।
ছাত্ৰাৱস্থাতে সাহিত্যচৰ্চা আৰম্ভ কৰা দেউৰীৰ বিভিন্ন লেখা ভিন ভিন আলোচনী, কাগজ-পত্ৰ আদিত প্রকাশ পাইছে। তেওঁ লিখি থৈ যোৱা অমূল্য গ্ৰন্থসমূহ হ’ল – দেউৰী চ্চু বিবঁ (দেউৰী অভিধান), ‘চ্চিবী জিমচীয়া চ্চু বিবঁ (আধুনিক দেউৰী শব্দকোষ) দুখন ইয়াৰে দ্বিতীয়খন কেৱল দেউৰী ভাষাৰে নহয়, অসমীয়া আৰু ইংৰাজী ভাষাও আছে অৰ্থাৎ ত্ৰি-ভাষিক। এইগ্রন্থখন দেউৰী ভাষাৰ পূৰ্ণাংগ অভিধান । তদুপৰি আন এক সংযোজন হৈছে ‘দেউৰী শব্দ সম্ভাৰ’। ৰাধাকান্ত দেউৰীয়ে সাহিত্য চৰ্চা মামমলমাচচানিলেগলৱাচোলিযীশসীয়া ভাষা-সাহিত্যলৈকে আছিল।
বৰ্গৰাম দেউৰ
বৰ্গৰাম দেউৰী আছিল মুখ্যতঃ এগৰাকী ৰাজনীতিক । ৰাজনীতিৰ জৰিয়তেই তেওঁ আৰ্থ-সামাজিক উন্নয়নৰ কামতো জড়িত হৈছিল। লক্ষীমপুৰ জিলাৰ বিহপুৰীয়াৰ বীঁহগড়া দেউৰী গাঁৱত ১৯৩৮ চনতবৰ্গৰাম দেউৰীয়ে
জন্মলাভ কৰে।জন্মস্থানতে প্রাথমিক শিক্ষা গ্ৰহণ কৰা দেউৰীয়ে পাছলৈ যোৰহাটৰ জে বি মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ সম্পূৰ্ণ কৰা-দেউৰীয়ে বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতকো লাভ কৰে।তদুপৰি পঞ্জাব বিশ্ববিদ্যালয়ৰ পৰা হোমিওপেথিকৰ স্নাতকো হৈ সোণৰ মেডেল লাভ কৰে। স্নাতকোত্তৰ শিক্ষাগ্ৰহণৰ সময়তে দেউৰীয়ে শিক্ষকতা কৰিছিল কামৰূপ একাডেমীত ৷ তাৰ পাছত ওকালতি কৰিবলৈ লয় লক্ষীমপুৰত ৷ মাজতে ওকালতি বাদ,দি মণিপুৰত প্রবক্তাৰ চাকৰি কৰিছিল যদিও ভাল নলগাত উভতি আহি পুনৰ ওকালতিত ধৰে। সামাজিক বা ৰাজনৈতিক ক্ষেত্ৰৰ কাম পোনপটীয়াভাৱে আৰম্ভ হয় ১৯৭১ চনত। সেই বৰ্ষত দেউৰী সন্মিলনৰ সভাত তেওঁ সভাপতি নিৰ্বাচিত হয় পৰৱৰ্তী বৰ্ষৰ বাবে। পাছলৈ ১৯৮৩ আৰু ১৯৯১ চনত তেওঁ অসম বিধানসভালৈ বিধায়ক হিচাপে নিৰ্বাচিত হয় বিহপুৰীয়া সমষ্টিৰ পৰা। ১৯৯১ চনত তেওঁ অসম চৰকাৰৰ ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীকল্যাণ বিভাগৰ লগতে ৰেচম আৰু হস্ততাত আৰুবয়ন বিভাগৰ কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে। মন্ত্ৰী হৈ থকা অৱস্থাত তেওঁ দেউৰী জনজাতিৰ অৰ্থনৈতিক আৰু সামাজিক উন্নতিৰ
বাবে দেউৰী স্বায়ত্তশাসিত পৰিষদ গঠনত আগভাগ লয়। দেউৰী ভাষাক চৰকাৰী স্বীকৃতিকৰণ দিয়াটো তেওঁৰ যথেষ্ট অৰিহণা আছে। এইগৰাকী ব্যক্তি ২০০৪ চনত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে।
ইন্দ্ৰসিং দেউৰী
সকলো সমাজতে জাতীয় চেতনা জাগ্ৰত কৰিবলৈ, সমাজক আগবঢ়াই নিবলৈ ভিন ভিন সময়ত কিছুমান ব্যক্তিৰ জন্ম হয়। তিৱা সমাজক জাতীয় চেতনাৰে উদ্বুদ্ধ কৰিবলৈ যেন জন্ম হৈছিল এনে এজন ব্যক্তিৰ, নাম যাৰ ইন্দ্ৰসিং দেউৰী ১৯৩২ চনত পশ্চিম কাৰ্বি আংলং জিলাৰ ৰংখৈপাৰ গাঁৱত জন্মা দেউৰীয়ে
অষ্টম শ্ৰেণীলৈকে পঢ়িয়েই শিক্ষাজীৱন সামৰিছিল। পাছলৈ বিপ্লৱী কমিউনিষ্ট পাৰ্টীৰ সংস্পৰ্শলৈ আহি দেউৰীয়ে উপলব্ধি কৰিছিল তিৱাসকলৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আৰু শৈক্ষিক অনগ্ৰসৰতাৰ কথা৷ তিৱা জাতিক আগুৱাই নিবলৈ কাম কৰাৰ দূৰন্ত ইচ্ছাকো নেওচি তেওঁ ঘৰুৱা অনাটনৰ বাবেই ১৯৫১ চনত পশুপালন বিভাগৰ চাকৰিত যোগ দিয়ে। কিন্তু দুবছৰ কাম কৰিয়েই তেওঁ মনৰ ইচ্ছাক বাস্তৱত
ৰূপ দিবলৈ চাকৰি ইস্তফা দিয়ে। তিৱা সমাজত প্রচলিত অন্ধবিশ্বাস, কুসংস্কাৰ আঁতৰাই শৈক্ষিক দিশৰ ধনৰ বাবে ১৯৬০ চনত তেওঁ প্রতিষ্ঠা কৰে ‘তিৱাচা মিচন’। এই অনুষ্ঠানৰ জৰিয়তে তেওঁ গাঁৱৰ কুটীৰ শিল্পৰ প্ৰসাৰৰ জৰিয়তে অৰ্থনৈতিক স্বাৱলম্বিতাৰ বাটো মুকলি কৰিছিল। ১৯৬৭ চনত তিৱা জাতিৰ উন্নয়নৰ হকে কাম কৰা ‘লালুং দৰবাৰ’ নামৰ সংগঠনটোও জন্ম হৈছিল দেউৰীৰ নেতৃত্বতেই। ১৯৭৬ চনত কাৰ্বি আংলংস্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ সদস্য হিচাপে মনোনীত হয় দেউৰী, পাছলৈ তেওঁ সেই পৰিষদৰ উপাধ্যক্ষ আৰু অধ্যক্ষ হয়। ১৯৮১ চনৰ সাধাৰণ নিৰ্বাচনত তেওঁ আম্ৰি সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰূপে মনোনীত হয়।
তিৱা সাহিত্য-সংস্কৃতিলৈও দেউৰীৰ অৱদান আছে। তেওঁৰ দ্বাৰা ৰচিত কবিতা, গীত আদি ভিন ভিন আলোচনীত প্রকাশ হৈছে। তিৱাসকলৰ জাতীয় সংগীত ‘তিৱা ‘তচিমা’ৰ তেৱেঁই ৰচক’আৰু সুৰকাৰ।
তিৱা জাতীয় জীৱনৰ কাণ্ডাৰীৰূপে বিবেচিত দেউৰী একাধাৰে এগৰাকী সমাজ সচেতক, সমাজ সংস্কাৰক, লেখক, গীতিকাৰ, সুৰকাৰ আৰু বিচক্ষণ ৰাজনীতিক । সেয়ে তেওঁক পাহাৰৰ তিৱাসকলে ‘ফাপৰৈ’ (জাতিৰ পিতা) বুলি সম্বোধন কৰিছিল। ১৯৯৪ চনৰ ২০ আগষ্টত ইন্দ্ৰসিং দেউৰীৰ দেহাৱসান ঘটে।