পাঠভিত্তিক প্রশ্মোত্তৰ
ভাষিক দিশৰ পৰা তিৱাসকল কোনটো থালৰ লোক ?
উত্তৰ:-ভাষিক দিশৰ পৰা তিৱাসকল ইণ্ডো-চীন ভাষাগোষ্ঠীৰ অন্তৰ্গত তিব্বত-বৰ্মীয় ভাষা পৰিয়ালৰ “বড়ো” থালৰ লোক।
তিৱাসকলে তেওঁলোকৰ উৎসৱ-পাৰ্বণত ব্যৱহাৰ কৰা বিভিন্ন বাদ্যযন্তবোৰ কি কি ?
উত্তৰ:-তিৱাসকলে তেওঁলোকৰ উৎসৱ-পাৰ্বণত ব্যৱহাৰ কৰা বিভিন্ন বাদ্যযন্ত্ৰসমূহ হৈছে– খ্ৰাম্ (ঢোল) বাৰ, শ্ৰাম্ খুজুৰা, খ্ৰাম্ পাস্থাই, দুম্দিং, দগৰ্, পাতিঢোল আদি চাম্ৰাৰে তৈয়াৰী বাদ্য; ৱাফাং খ্ৰাম, থক্থৰৰক আদি বীহেৰে তৈয়াৰী বাদ্যৰ লগতে পাংশী (বীহী), থোৰাং, মহৰ শিঙৰ পেঁপা, মুহুৰি, খায়াং (তাল) আদি অন্যান্য বাদ্যসমূহ ৷
তিৱা সমাজত কাক “জেলা” বুলি কোৱা হয় ?
উত্তৰ:-তিৱা সমাজত তেওঁলোকৰ সামাজিক গোট “খেল’”ৰ প্রশাসনিক তথা সামাজিক মুৰব্বীজনক “জেলা” বুলি কোৱা হয় ৷
তিৱা লোকসকলৰ কেইটামান উৎসৱৰ নাম লিখা ।
উত্তৰ:- অঞ্চলভেদে তিৱাসকলে বেলেগ বেলেগ উৎসৱ-পাৰ্বন পালন কৰা দেখা যায়। পাহাৰ অঞ্চলত বসবাস কৰা তিৱাসকলে ৱানচুৱা, ছগ্ৰা, য়াংলী, মুইনাৰী কাণ্ডি, লাংখন্, মাই পথালা, মাই ৰাৱা, খাপ্লাং ৰাৱানে ফুজা, পাস্থাইচ্যবা আদি উৎসৱ- পাৰ্বণ অনুষ্ঠিত কৰাৰ পৰিৱৰ্তে ভৈয়াম অঞ্চলৰ তিৱাসকলে পালন কৰা উৎসৱ- পাৰ্বশসমূহ হৈছে জোনবিল মেলা,বৰত্, গোসাঁই উলিওৱা মেলা,ব’হাগ বিহু, মাঘ বিহু আৰু কাতি বিহু আদি।
ফুলগুৰিৰ ধেঁৱা কি ?
উত্তৰ:- ফুলগুৰি ধেঁৱা হ’ল ভাৰতৰ স্বাধীনতা আন্দোলনৰ আৰম্ভণিতে অসমত ব্ৰিটিছ প্ৰশাসনৰ বিৰুদ্ধে সংঘটিত হোৱা প্রথমটো কৃষক বিদ্ৰোহ । য’ত কেইবাজনো কৃষকৰ মৃত্যু হোৱাৰ লগতে আন বহু লোকক যাৱজ্জীৱন কাৰাদণ্ড দি দ্বীপলৈ নিৰ্বাসন দিয়া হৈছিল। এই বিদ্ৰোহৰ গুৰি ধৰিছিল তিৱাসকলে।
চমুটোকা লিখা:-
ইন্দ্ৰসিং দেউৰী:-
উত্তৰ:- সকলো সমাজতে জাতীয় চেতনা জাগ্ৰত কৰিবলৈ, সমাজক আগবঢ়াই নিবলৈ ভিন ভিন সময়ত কিছুমান ব্যক্তিৰ জন্ম হয়। তিৱা সমাজক জাতীয় চেতনাৰে উদ্বুদ্ধ কৰিবলৈ যেন জন্ম হৈছিল এনে এজন ব্যক্তিৰ, নাম যাৰ ইন্দ্ৰসিং দেউৰী ১৯৩২ চনত পশ্চিম কাৰ্বি আংলং জিলাৰ ৰংখৈপাৰ গাঁৱত জন্মা দেউৰীয়ে
অষ্টম শ্ৰেণীলৈকে পঢ়িয়েই শিক্ষাজীৱন সামৰিছিল। পাছলৈ বিপ্লৱী কমিউনিষ্ট পাৰ্টীৰ সংস্পৰ্শলৈ আহি দেউৰীয়ে উপলব্ধি কৰিছিল তিৱাসকলৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আৰু শৈক্ষিক অনগ্ৰসৰতাৰ কথা৷ তিৱা জাতিক আগুৱাই নিবলৈ কাম কৰাৰ দূৰন্ত ইচ্ছাকো নেওচি তেওঁ ঘৰুৱা অনাটনৰ বাবেই ১৯৫১ চনত পশুপালন বিভাগৰ চাকৰিত যোগ দিয়ে। কিন্তু দুবছৰ কাম কৰিয়েই তেওঁ মনৰ ইচ্ছাক বাস্তৱত
ৰূপ দিবলৈ চাকৰি ইস্তফা দিয়ে। তিৱা সমাজত প্রচলিত অন্ধবিশ্বাস, কুসংস্কাৰ আঁতৰাই শৈক্ষিক দিশৰ ধনৰ বাবে ১৯৬০ চনত তেওঁ প্রতিষ্ঠা কৰে ‘তিৱাচা মিচন’। এই অনুষ্ঠানৰ জৰিয়তে তেওঁ গাঁৱৰ কুটীৰ শিল্পৰ প্ৰসাৰৰ জৰিয়তে অৰ্থনৈতিক স্বাৱলম্বিতাৰ বাটো মুকলি কৰিছিল। ১৯৬৭ চনত তিৱা জাতিৰ উন্নয়নৰ হকে কাম কৰা ‘লালুং দৰবাৰ’ নামৰ সংগঠনটোও জন্ম হৈছিল দেউৰীৰ নেতৃত্বতেই। ১৯৭৬ চনত কাৰ্বি আংলংস্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ সদস্য হিচাপে মনোনীত হয় দেউৰী, পাছলৈ তেওঁ সেই পৰিষদৰ উপাধ্যক্ষ আৰু অধ্যক্ষ হয়। ১৯৮১ চনৰ সাধাৰণ নিৰ্বাচনত তেওঁ আম্ৰি সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰূপে মনোনীত হয়।
তিৱা সাহিত্য-সংস্কৃতিলৈও দেউৰীৰ অৱদান আছে। তেওঁৰ দ্বাৰা ৰচিত কবিতা, গীত আদি ভিন ভিন আলোচনীত প্রকাশ হৈছে। তিৱাসকলৰ জাতীয় সংগীত ‘তিৱা ‘তচিমা’ৰ তেৱেঁই ৰচক’আৰু সুৰকাৰ।
তিৱা জাতীয় জীৱনৰ কাণ্ডাৰীৰূপে বিবেচিত দেউৰী একাধাৰে এগৰাকী সমাজ সচেতক, সমাজ সংস্কাৰক, লেখক, গীতিকাৰ, সুৰকাৰ আৰু বিচক্ষণ ৰাজনীতিক । সেয়ে তেওঁক পাহাৰৰ তিৱাসকলে ‘ফাপৰৈ’ (জাতিৰ পিতা) বুলি সম্বোধন কৰিছিল। ১৯৯৪ চনৰ ২০ আগষ্টত ইন্দ্ৰসিং দেউৰীৰ দেহাৱসান ঘটে।
বলাইৰাম সেনাপতি
অসমীয়া সাহিত্য-সংস্কৃতিৰ সুপ্ৰসিদ্ধ ব্যক্তি বলাইৰাম সেনাপতিয়ে ১৯৩১ চনত বুৰঞ্জীপ্ৰসিদ্ধ ঠাই নগাঁৱৰ বাৰপুজীয়াত জন্মগ্ৰহণ কৰে। (তিৱাসকল)
হাইস্কুলীয়া শিক্ষাও সমাপ্ত নকৰা সেনাপতিয়ে ১৯৫৩ চনৰ পৰা দহ বছৰ কাল মাধ্যমিক স্কুলৰ শিক্ষকতা কৰিছিল। বলাইৰাম সেনাপতি অসমীয়া সাহিত্য-সংস্কৃতিৰ এগৰাকী সুপ্ৰতিষ্ঠিত লেখক। ছাত্ৰাৱস্থাৰে পৰাই তেওঁ সাহিত্য আৰু সংস্কৃতিৰ চৰ্চাত জড়িত আছিল। ‘ৰামধেনু’ আলোচনীত লিখি তেওঁ সমাজত পৰিচিত হৈ পৰিছিল। আনকি ৰামধেনুত ‘মিকিৰ পাহাৰত কি ঘটিছে’ শীৰ্ষক প্রবন্ধ এটা লিখি তেওঁ স্কুলৰ প্রধান শিক্ষকৰ চাকৰি পৰ্যন্ত এৰিবলগীয়া হৈছিল। তিৱা ভাষা প্রতিষ্ঠাৰ বাবেও তেওঁ আপ্ৰাণ চেষ্টা কৰাৰ লগতে অসমীয়া ভাষাতে সাহিত্য চৰ্চা কৰি অসমীয়া সাহিত্যৰ ভঁৰালো সমৃদ্ধ কৰিছে। ১৯৫৪ চনত তেওঁ ‘মুকুল’ নামৰ এখন গীতৰ সংকলন প্রকাশ কৰে। অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য পদত থকা সেনাপতি বাৰপূজীয়াত অনুষ্ঠিত নগাঁ|ও জিলা সাহিত্য সভাৰ সভাপতি পদতো অধিষ্ঠিত হৈছিল। ২০০০ চনত তেওঁ
তিৱা সাহিত্য সভাৰ সভাপতিৰ পদো অলংকৃত কৰিছিল। তেওঁৰ সাহিত্যকৰ্মৰ ভিতৰত উল্লেখনীয় হ’ল –‘অতীতৰ সন্ধানত’, ‘পাচোৰজীয়৷ অঞ্চলৰ লালুঙৰ লোকগীতৰ ওপৰত সামান্য আলোকপাত আৰু ‘তিৱা জনগোষ্ঠীয় সংস্কৃতিত আলোকপাত, তিতি লালন না ইত্যাদি গ্ৰন্থ। তিৱা জনজাতি আৰু বৈষ্ণ্ৱ সমাজ’ শীৰ্ষক তেওঁ প্ৰদান কৰা বক্তৃতাৰ পুস্তিকাখনৰ জৰিয়তে সেনাপতিৰ চন্তাৰ গভীৰতা: সাৰ ননয বিলে ন 8 লোণীাহছে। ২০১৭ চনত মৰ প্রকাশ পায় ‘বলাইৰাম সেনাপতিৰ ৰচনা সমগ্র ।
নগাৰ নৰোত্তম গোসীই শ্ৰীৰাম’, ‘ফুলগুৰিৰ ধেঁৱা’, ‘তিৱা সমাজ-সংস্কৃতি,’ ‘হেৰনৱা দিনৰ সুৰ’, ‘স্বাধীনতা সংগ্ৰামৰ বিপ্লৱী গীত’আদি হৈছে বলাইৰাম সেনাপতিৰ দ্বাৰা ৰচিত গীত-আলেখ্য। এইবোৰ নগীও আৰু গুৱাহাটী অনাতীৰ কেন্দ্ৰৰ দ্বাৰা প্ৰচাৰ হৈছে। (তিৱাসকল)
“আজীৱন সাহিত্যলৈ আগবঢ়োৱা বৰঙণিক স্বীকৃতি দি অসম চৰকাৰে ১৯৯১ চনত তেওঁলৈ আগবঢ়ায় সাহিত্যিক পেঞ্চন। তিৱা সমাজ-সংস্কৃতিৰ অন্যতম সাধক গৱেষক হিচাপে ২০১১ চনত তেওঁক নগাও জিলা সাহিত্য সভাই ‘ড’ সূৰ্যকুমাৰ ভূঞা বঁটা’ৰে সন্মানিত কৰে। একেটা বৰ্ষতে বকুল বন ন্যাস, অসমে প্রদান কৰে
‘বকুল বন বঁটা’।অনাড়ম্বৰ জীৱন কটোৱা বিশাল ব্যক্তিত্বৰ গৰ৷কী বলাইৰায সেনাপতিয়ে ২০১৪
চনৰ ১১ মে’ত মৃত্যুবৰণ কৰে।