BHUPEN HAZARIKA

ড° ভূপেন হাজৰীকাৰ বিষয়ে ৰচনা

অসমৰ সদিয়াত ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত ভূপেন হাজৰিকাৰ জন্ম হৈছিল । তেওঁৰ পিতৃৰ নাম নীলকণ্ঠ  হাজৰিকা আৰু মাতৃৰ নাম শান্তিপ্ৰিয়া হাজৰিকা । পূৰ্বতে তেওঁলোক শিৱসাগৰ জিলাৰ এখন চহৰ নাজিৰাৰ স্থানীয় লোক আছিল। ১৯৫০ চনত তেওঁ প্ৰিয়মবাদ পেটেলৰ সৈতে বিবাহপাশত আবদ্ধ হয়।

প্ৰাৰম্ভিক শিক্ষা ড° ভূপেন হাজৰিকাই সোণাৰাম আৰু ধুবুৰীত কৰিছিল । তেওঁ ১৯৪০ চনত তেজপুৰ হাইস্কুলৰ পৰা মেট্ৰিক পাছ  কৰে আৰু ১৯৪২ চনত ইন্টাৰমিডিয়েট সম্পূৰ্ণ কৰি বানাৰস হিন্দু বিশ্ববিদ্যালয়ত পঢ়িবলৈ যায় । তাৰ পৰা তেওঁ ৰাজনীতি বিজ্ঞানত ১৯৪৪ চনত বি.এ ডিগ্ৰী আৰু ১৯৪৬ চনত এম.এ ডিগ্ৰী লাভ কৰে। ইয়াৰ পাছত তেওঁ ১৯৪৯ চনত নিউয়ৰ্কলৈ যায় আৰু তাৰ পৰা ১৯৫২ চনত পি এইচ ডি ডিগ্ৰী লাভ কৰে। BHUPEN HAZARIKA ESSAY IN ASSAMESE (ড° ভূপেন হাজৰীকা)

তেখেত একেধাৰে গায়ক, সুৰকাৰ, গীতিকাৰ, সংগীত পৰিচালক,লেখক, বিশ্ববিদ্যালয়ৰ শিক্ষক, চলচিত্ৰ পৰিচালক, আলোচনী সম্পাদক তথা ৰাজনৈতিক নেতাও আছিল । ১৯৬৭ চনৰপৰা ১৯৭২ চনলৈ তেখেত নাওবৈচা সমষ্টিৰ বিধায়ক আছিল । ড° ভূপেন হাজৰিকাৰ গীতবোৰ মানৱীয়তা আৰু সাৰ্বজনীন ভাতৃত্ববোধেৰে চিহ্নিত। তেওঁ ভাৰতৰ এনে এজন উল্লেখযোগ্য শিল্পী আছিল যিয়ে নিজাকৈ গীত ৰচনা কৰিছিল আৰু গাইছিল। তেওঁৰ গীতসমূহ বহু ভাষালৈ অনুবাদ কৰা হৈছিল, তাৰ ভিতৰত উল্লেখযোগ্য আছিল বাংলা আৰু হিন্দী। তেওঁৰ গীতসমূহ সাম্প্ৰদায়িক সমন্বয়, সাৰ্বজনীন ন্যায় আৰু সহানুভূতিৰ বিষয়বস্তুৰ ওপৰত আধাৰিত। তেওঁ ৰচনা কৰা কেইটামান গীত হল——“মানুহে মানুহৰ বাবে” ।
“অসম আমাৰ ৰূপহী”
“আমি অসমীয়া নহয় দুখীয়া”
“বুকু হম হম কৰে”——————- ইত্যাদি ।

YOU ARE READING BHUPEN HAZARIKA ASSAMESE ESSAY

ড ভূপেন হাজৰিকাদেৱে সঙ্গীত আৰু চলচ্চিত্ৰৰ বাবে বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল । ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ১৯৭৫ চনত পদ্মশ্ৰী বঁটা ১৯৭৭ চনত সঙ্গীত নাটক একাডেমী বঁটা ১৯৮৭ চনত দাদা চাহেব ফাল্কে বঁটা ১৯৯৩ চনত পদ্মভূষণ ২০০১ চনত পদ্মবিভূষণ ২০১২ আৰু ভাৰত ৰত্ন ২০১৯ চনত দিয়া হৈছিল । BHUPEN HAZARIKA ESSAY IN ASSAMESE (ড° ভূপেন হাজৰীকা)

এই মহান ব্যক্তিগৰাকী ২০১১ চনৰ ৫ নৱেম্বৰ তাৰিকে ৮৫ বছৰ বয়সত মুম্বাইৰ ককিলাবেন হস্পিটেলত মৃত্যুবৰণ কৰে । সেয়ে আমি প্ৰতি বছৰে ৫ নৱেম্বৰ তাৰিকে “সুদাকন্ঠ দিৱস ” হিচাপে পালন কৰোঁ । আমি কেৱল সুধাকন্ঠ দিৱস উৎযাপন কৰিলেই নহব , হাজৰিকাদেৱৰ গীত -মাতসমূহ চৰ্চা কৰাৰ লগতে সেইবোৰ চিৰদিন জীয়াই ৰাখিবলৈ চেষ্টা কৰিব লাগিব । BHUPEN HAZARIKA ESSAY IN ASSAMESE

READ MORE ESSAY

BISHNUPRASHAD RABHA

LACHIT BORPHOOKAN

Leave a Comment

Your email address will not be published. Required fields are marked *