ছাত্ৰৰ কৰ্তব্য অসমীয়া ৰচনা

ছাত্ৰৰ কৰ্তব্য অসমীয়া ৰচনা

আৰম্ভণি

ছাত্ৰৰ কৰ্তব্য -বিদ্যালয়-মহাবিদ্যালয় বা অন্যান্য শিক্ষানুষ্ঠানসমূহত অধ্যয়ন কৰাসকলক বা ছাত্ৰ- ছাত্ৰীসকলক বা বিদ্যাৰ্থীসকলকে ছাত্ৰ বুলি কোৱা হয়। বিদ্যা অৰ্জনকেই ছাত্ৰৰ প্রধান কৰ্তব্য বুলি কোৱা হয় যদিও বিদ্যা অৰ্জনৰ লগে লগে ছাত্ৰসকলে আন কিছুমান কৰ্তব্যও কৰি যাব লাগে। সাধাৰণতে ছাত্ৰাৱস্থাকেই মানৱ জীৱনৰ ভেটি স্বৰূপ বুলি গণ্য কৰা হয়। সেয়েহে, এই সময়ছোৱাত ছাত্ৰসকলে ভালদৰে শিকি-বুজি ভৱিষ্যতে এজন সৎ আৰু দক্ষ নাগৰিক হৈ নিজৰ লগতে দেশৰ উন্নতি সাধন কৰা উচিত।

ছাত্ৰৰ মুখ্য কৰ্তব্য

বিদ্যা অৰ্জনেই ছাত্ৰৰ মুখ্য কৰ্তব্য অৰ্থাৎ “ছাত্ৰানাং অধ্যয়নং তপঃ”। স্কুলকলেজৰ শিক্ষা অৰ্জন কৰাটো প্রত্যেক ছাত্ৰৰে প্ৰাথমিক কৰ্তব্য ৷ ছাত্ৰাৱস্থাৰ অধ্যয়নৰ ওপৰতে সমগ্ৰ জীৱনৰ কালছোৱা নিৰ্ভৰশীল ৷ এই সময়ছোৱাত ছাত্ৰ বা বিদ্যাৰ্থীসকলৰ মন অতি কোমল হৈ থাকে,যিফালেই ঢাল খুৱাব বিচাৰে সেইফালেই ঢাল খায়৷ কিন্তু আজিকালিৰ ছাত্ৰসকলৰ জঅধিকাংশই এই কালছোৱাৰ প্ৰাথমিক কৰ্তব্য নিয়াৰিকৈ সম্পন্ন কৰা দেখ! নাযায়। পৰীক্ষাত সাকল্য লাভৰ উদ্দেশ্যেৰে অসাধু উপায় অৱলম্বন কৰে। এনে কৰি ছাত্ৰসকলে নিজকে ফাঁকি দিয়া যেন হয়। অধ্যয়নৰ কালছোৱাত নিজকে কেনেদৰে অধ্যয়নত ব্ৰতী কৰিব লাগে তাৰ প্ৰতি ছাত্ৰসকলে মনোযোগ দিব লাগে।

ছাত্ৰৰ অন্যান্য কৰ্তব্য

বিদ্যা-শিক্ষাত সফলতা অৰ্জনৰ বাবে অধ্যয়নত ব্ৰতী হোৱাৰ উপৰি জীৱনত কৃতকাৰ্য্যতা অৰ্জনৰ বাবেও ছাত্ৰসকলে আন কিছুমান কথা শিকাটো আৱশ্যকীয়৷ বৰ্তমানৰ ছাত্ৰসকলৰ মাজৰে পৰাই নিৰ্বাচিত হ’ব ভৱিষ্যতৰ বিচক্ষণ ৰাজনীতিজ্ঞ, সুদক্ষপ্ৰশাসক, সুবিচাৰক, আদৰ্শ শিক্ষক আৰু নিষ্ঠাবান সমাজকৰ্মী। পঢ়া-শুনাৰ বাহিৰে ছাত্ৰৰ আন এটা প্ৰধান কৰ্তব্য হৈছে চৰিত্ৰ গঠন। ছাত্ৰ সদায় বিনয়ী হ’ব লাগে। এই গুণৰ অধিকাৰী ছাত্ৰসকলে মহৎ লোকৰ সমকক্ষলৈ যোৱাটোও কঠিন নহয়। ছাত্ৰ সদায় নম্ৰ হ’ব লাগে, নহ’লে গৰিহণাৰ পাত্ৰও হ’ব লাগিব পাৰে। শৃংখলা ৰক্ষাও ছাত্ৰৰ আন এটা কৰ্ত্তব্য, যাৰ অভাৱত শিক্ষা লাভত বেমেজালি ঘটাৰ লগতে জীৱনতো বিশৃংখলতাই দেখা দিয়ে । অধ্যয়ন বা বিদ্যা লাভৰ ক্ষেত্ৰত যোগী-
সাধকৰ দৰে তপস্বী, একাগ্ৰ আৰু বৈৰ্যশীল হ’ব লাগিব। আনৰ অপ্ৰিয় ছাত্ৰই জীৱনত উন্নতি
কৰিব নোৱাৰে। শিক্ষাগুৰুক সন্মান কৰা আৰু তেওঁলোকৰ আদেশ মানি চলাও ছাত্ৰৰ এটা ডাঙৰ কৰ্তব্য। তদুপৰি, ছাত্ৰসকলে আদিগুৰু অৰ্থাৎ পিতৃ-মাতৃক শ্ৰদ্ধা কৰি, তেওঁলোকৰ “আদেশ মানি চলিলে কেনন যে ছাত্ৰজীৱনতেই কল্যাণ হয় এনে নহয়, ভৱিষ্য জীবাতো তেনেসকল ছাত্ৰই সুফল ভোগ কৰিব পাৰে। জ্ঞানৰ চক্ষু মোকলাই দিয়া শিক্ষাগুৰুক শ্ৰদ্ধা-ভক্তি কৰাটো ছাত্ৰৰ কৰ্তব্য, কিন্তু তেওঁলোকৰ দোষ ধৰা ছাত্ৰৰ কৰ্তব্যৰ ভিতৰত নপৰে। সময়ৰ সদব্যৱহাৰ, সুচৰিত্ৰ গঠন আৰু সজ-সংগ গ্ৰহণ কৰা ছাত্ৰসকলৰ আন এটা কৰ্তব্য ।মনোভাৱ পোষণ কৰিব লাগে ৷

সামৰণি

সৰ্বশেষত ছাত্ৰসকলে সকলো কৰ্মতে সিদ্ধিবা সফলতা অৰ্জন কৰিবলৈ ছাত্ৰ জীৱনতে চেষ্টা কৰিব লাগে। তেওঁলোকে মনত ৰাখিব লাগে যে “জ্ঞানেই প্রকৃত শক্তি” । জ্ঞান আহৰণৰ সৰ্বশ্ৰেষ্ঠ উপায় হ’ল শিক্ষা অৰ্জন বা অধ্যয়ন। গতিকে, ছাত্ৰসকলে ছাত্ৰ অৱস্থাতে অধ্যয়নৰ মাধ্যমেৰে প্ৰয়োজনীয় জ্ঞান অৰ্জন কৰি ভৱিষ্যৎ জীৱনত সাফল্য লাভ কৰা উচিত।

READ MORE ASSAMESE ESSAY

নিবনুৱা সমস্যা ৰচনা CLICK HERE

মোবাইল ফোনৰ সুপ্ৰভাৱ আৰু কুপ্রভাব CLICK HERE

মহাত্মাগান্ধী CLICK HERE

পুথিভঁৰাল CLICK HERE




Leave a Comment

Your email address will not be published. Required fields are marked *