বৰ্তমান বিশ্বনাথ জিলাৰ বুঢ়ীগাঙত ১৮৮২ চনত জন্ম হৈছিল ছবিলাল উপাধ্যায়ৰ। মাধ্যমিক পৰ্যায়লৈকেহে তেওঁ শিক্ষাগ্ৰহণ কৰিছিল। পিছে অননুষ্ঠানিকভাৱে লাভ কৰা শিক্ষাই তেওঁৰ জীৱনক নতুন গতি দিছিল। বৰেণ্য কেইবাগৰাকীও ব্যক্তিৰ সান্নিধ্যত তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনত নামে। সেই সময়তে বিটিছ চৰকাৰে কাজিৰঙাৰ সমীপৱৰ্তী এলেকাত থকা গোৰ্খা আৰু মিচিং লোকৰ গৰু-ম’হৰ খুঁটি উচ্ছেদৰ প্রস্তুতিচলাইছিল। ১৯১৯ চনত অসম এছোচিয়েছনৰ সভাত বিটিছচৰকাৰৰ চহ নিবাৰ উলীধম জে জলিলা ভামা ললো জল লমিৰ জনৰ সংঘটিত নহ’ল।
ছবিলাল উপাধ্যায় আছিল অসম সদেশ প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি। কংগ্ৰেছত যোগদানৰ দোষত তেওঁক ব্ৰিটিছ চৰকাৰে গ্ৰেপ্তাৰ কৰিছিল। পাছলৈ চৰকাৰে তেওঁক নানা লোভনীয় পদবীৰ চাকৰি যাচিছিল যদিও সকলো প্ৰত্যাখ্যান কৰি তেওঁ স্বেচ্ছসেৱকৰূপে আন্দোলনত জঁপিয়াই পৰে। আনকি ছমাহ কাৰাবাসো খাটিলে ৷
গান্ধীজীয়ে আহ্বান জনোৱা বিদেশী বস্তু বৰ্জন কাৰ্যসূচীত সহযোগ কৰিবলৈ তেওঁ প্রথমে নিজৰ ঘৰৰ বিদেশী বস্তু জ্বলায়।