সকলো সমাজতে জাতীয় চেতনা জাগ্ৰত কৰিবলৈ, সমাজক আগবঢ়াই নিবলৈ ভিন ভিন সময়ত কিছুমান ব্যক্তিৰ জন্ম হয়। তিৱা সমাজক জাতীয় চেতনাৰে উদ্বুদ্ধ কৰিবলৈ যেন জন্ম হৈছিল এনে এজন ব্যক্তিৰ, নাম যাৰ ইন্দ্ৰসিং দেউৰী ১৯৩২ চনত পশ্চিম কাৰ্বি আংলং জিলাৰ ৰংখৈপাৰ গাঁৱত জন্মা দেউৰীয়ে
অষ্টম শ্ৰেণীলৈকে পঢ়িয়েই শিক্ষাজীৱন সামৰিছিল। পাছলৈ বিপ্লৱী কমিউনিষ্ট পাৰ্টীৰ সংস্পৰ্শলৈ আহি দেউৰীয়ে উপলব্ধি কৰিছিল তিৱাসকলৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আৰু শৈক্ষিক অনগ্ৰসৰতাৰ কথা৷ তিৱা জাতিক আগুৱাই নিবলৈ কাম কৰাৰ দূৰন্ত ইচ্ছাকো নেওচি তেওঁ ঘৰুৱা অনাটনৰ বাবেই ১৯৫১ চনত পশুপালন বিভাগৰ চাকৰিত যোগ দিয়ে। কিন্তু দুবছৰ কাম কৰিয়েই তেওঁ মনৰ ইচ্ছাক বাস্তৱত
ৰূপ দিবলৈ চাকৰি ইস্তফা দিয়ে। তিৱা সমাজত প্রচলিত অন্ধবিশ্বাস, কুসংস্কাৰ আঁতৰাই শৈক্ষিক দিশৰ ধনৰ বাবে ১৯৬০ চনত তেওঁ প্রতিষ্ঠা কৰে ‘তিৱাচা মিচন’। এই অনুষ্ঠানৰ জৰিয়তে তেওঁ গাঁৱৰ কুটীৰ শিল্পৰ প্ৰসাৰৰ জৰিয়তে অৰ্থনৈতিক স্বাৱলম্বিতাৰ বাটো মুকলি কৰিছিল। ১৯৬৭ চনত তিৱা জাতিৰ উন্নয়নৰ হকে কাম কৰা ‘লালুং দৰবাৰ’ নামৰ সংগঠনটোও জন্ম হৈছিল দেউৰীৰ নেতৃত্বতেই। ১৯৭৬ চনত কাৰ্বি আংলংস্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ সদস্য হিচাপে মনোনীত হয় দেউৰী, পাছলৈ তেওঁ সেই পৰিষদৰ উপাধ্যক্ষ আৰু অধ্যক্ষ হয়। ১৯৮১ চনৰ সাধাৰণ নিৰ্বাচনত তেওঁ আম্ৰি সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰূপে মনোনীত হয়।
তিৱা সাহিত্য-সংস্কৃতিলৈও দেউৰীৰ অৱদান আছে। তেওঁৰ দ্বাৰা ৰচিত কবিতা, গীত আদি ভিন ভিন আলোচনীত প্রকাশ হৈছে। তিৱাসকলৰ জাতীয় সংগীত ‘তিৱা ‘তচিমা’ৰ তেৱেঁই ৰচক’আৰু সুৰকাৰ।
তিৱা জাতীয় জীৱনৰ কাণ্ডাৰীৰূপে বিবেচিত দেউৰী একাধাৰে এগৰাকী সমাজ সচেতক, সমাজ সংস্কাৰক, লেখক, গীতিকাৰ, সুৰকাৰ আৰু বিচক্ষণ ৰাজনীতিক । সেয়ে তেওঁক পাহাৰৰ তিৱাসকলে ‘ফাপৰৈ’ (জাতিৰ পিতা) বুলি সম্বোধন কৰিছিল। ১৯৯৪ চনৰ ২০ আগষ্টত ইন্দ্ৰসিং দেউৰীৰ দেহাৱসান ঘটে।