অসমৰ বৰ্তমান সমস্যা Present issue of Assam

আৰম্ভণি

মই ভাবোঁ বৰ্তমান অসমত নিবনুৱা সমস্যাই এক ভয়াৱহ সমস্যাৰূপে মূৰ দাঙি উঠিছে। যদিও আমাৰ মাজৰে বহুজনে বানপানীৰ সমস্যা আৰু সম্তাসবাদৰ সমস্যাকে অসমৰ বৰ্তমান জ্বলন্ত সমস্যা বুলি অভিহিত কৰিব খোজে, কিন্তু মই এই ক্ষেত্ৰত তেওঁলোকৰ লগত একমত নহয়। কাৰণ বানপানীৰ সমস্যা অসমৰ এক বতৰীয়া সমস্যা, যাক চৰকাৰ তথা ৰাইজৰ সহযোগিতাত সমাধান কৰিব পাৰি। আনহাতে সন্ত্ৰাসবাদৰ সমস্যাবিধো নিবনুৱা সমস্যাৰ লগত জড়িত হৈ আছে। এই সমস্যা দূৰ কৰিবলৈ হ’লে প্রথমে নিবনুৱা সমস্যাবিধ দূৰ কৰিব
লাগিব। শিক্ষা-দীক্ষা আহৰণ কৰি কৰ্ম-সংস্থান নোপোৱা লোকক নিবনুৱা বোলে। তথ্য প্ৰযুক্তিবিদ্যাৰ নবীনতম উদ্ভাৱনে কৰ্ম সংস্থানৰ পৰিসৰ হ্ৰাস কৰি অনাৰ ফলত বৰ্দ্ধিত নিবনুৱা সমস্যাই গা-কৰি উঠিছে।

কাৰণসমূহ

‘নিবনুৱা সমস্যা সৃষ্টি হোৱাৰ বিভিন্ন কাৰণ আছে। যিহেতু বৰ্তমান অসমত স্বাৱলম্বী শিক্ষা ব্যৱস্থাৰ কোনো সৃ বধা নাই তাৰ বাবে ইয়াত দিনক দিনে শিক্ষিত যুৱক-যুৱতী সকলৰ আত্মসংস্থানৰ অভাৱ বৃদ্ধি হৈ আহিছে। ইয়াৰ উপৰি বৰ্তমান অসমৰ লগতে সমগ্ৰ ভাৰততে ভয়াবহ ৰূপ ধাৰণ কৰা নিবনুৱা সমস্যাৰ আন কেইটামান প্ৰধান কাৰণ হ’ল –ৰাজনৈতিক দূৰদৰ্শিতাৰ অভাৱ, বিভিন্ন বিভাগত থলুৱা লোকসকল মকৰলৰ পৰা বঞ্চিত, দ্ৰুত হাৰত জনসংখ্যা বৃদ্ধি, যুৱক-যুৱতীসকলৰ কৰ্মবিমুখ মনোভাব আদি।

সমাধানৰ উপায়

নিবনুৱা সমস্যাই যাতে সমাজত বিভেদৰ সৃষ্টি নকৰে তাৰ প্রতি সকলোৱে লক্ষ্য বাখিব লাগিব। যাতে এই ভয়ানক সমস্যাটোৰ বাবে দেশ উন্নতিৰ ক্ষেত্রত বাধাপ্ৰাপ্ত নহয় তাৰ বাবে ইয়াক সমাধানৰ চেষ্টা চলাব লাগিব। এই সমস্যা সমাধানৰ কেইটিমান উপায় হ’ল —- (ক) অসমৰ আৰ্থিক উন্নয়নৰ হাৰ বৃদ্ধি কৰিব লাগিব, (খ) অসমত যিমান অংশ খেতিৰ মাটি আছে তাত অন্তত বছৰৰ আঠমাহে বিভিন্ন ধৰণৰ খেতি কৰিব পৰা হ’ব লাগিব। (গ) যিহেতু অসমখন খনিজ সম্পদত ধনী,গতিকে বিভিন্ন ৰাষ্ট্ৰীয়কৃত পদ্ধতিৰে এই সম্পদবোৰ
আহৰণ কৰি ইয়াক ব্যৱহাৰযোগ্য কৰি তুলিবলৈ দৰত ব্যৱস্থা অৱলম্বন কৰি অসমত বিভিন্ন

+


Leave a Comment

Your email address will not be published. Required fields are marked *