Table of Contents
অসমৰ বানপানী আৰু তাৰ প্ৰতিকাৰ
পানীয়েই প্ৰাণীৰ প্ৰাণ । পানী নহলে আমি একো কথাই চিন্তা কৰিব নোৱাৰোঁ । অসমৰ নদী ব্ৰহ্মপুত্ৰকে ধৰি অন্যান্য নদী-উপনদীয়ে অসমৰ মানুহক জীৱনদায়িনী শক্তি হিচাপে উপকাৰ কৰি আহিছে । আনহাতে, এই নদীবোৰেই প্ৰলয়ঙ্কৰ মূৰ্তি ধাৰণ কৰি অসমবাসীক কোঙা কৰি পেলায় । বাৰিষা কালত যেতিয়া বৰষুণৰ পানীৰে নৈ- নিজৰাসমূহ উপচি পৰি পাৰ বাগৰি আহে তেতিয়া বানপানী হয় । আকৌ হিমালয়ৰ বৰফ গলা পানীয়ে ব্ৰহ্মপুত্ৰ উপচাই বানপানীৰ সৃষ্টি কৰে । মৌচুমী বায়ুৰ প্ৰভাৱত কেইবাদিনো ধৰি একেৰাহে বৰষুণ দি থাকিলে নদীৰ পৰা উপচি বানপানী হয় । বিশেষকৈ 1950 চনৰ প্ৰলয়ংকাৰী ভূমিকম্পৰ ফলত ব্ৰহ্মপুত্ৰৰ তলিভাগ ওপৰলৈ উঠি অহা হেতুকে অসমত সঘনে বানপানী হোৱা দেখা যায় । যোৱা কেইবছৰ মানৰ পৰা অসমৰ বানপানীৰ ভয়াবহ দৃশ্য পৰিলক্ষিত হৈছে ।
বানপানীৰ পৰা হোৱা অপকাৰ
বানপানীয়ে অসমৰ জনসাধাৰণক বেয়াকৈ মাধমাৰ শোধায় । বানপানী হলে ঘৰ দুৱাৰ ভাঙি যায়, শস্য পথাৰ নষ্ট হয় । ভঁৰালৰ শস্যও নষ্ট হয় । পশু-পক্ষীৰ মৃত্যু হয় আনকি মানুহৰো মৃত্যু হয় । প্ৰলয়ংকাৰী বানত বহুত মানুহ সৰ্বৰাহ হয় । বানপানীৰ সময়তে প্ৰবল খহনীয়াই ঘৰ -দুৱাৰ , ভেঁটি, খেতি পথাৰ সহায় লৈ যায় । বানপানীয়ে বহু একৰ মাটি খহাই নি গাঁও-নগৰ চিহ্নিত কৰিছে । পৃথিৱীৰ বৃহত্তম নদী-দ্বীপ মাজুলীও খহনীয়াৰ গৰাহত । উপযুক্ত ব্যৱস্থা নললে হয়তো এই বৃহত্তম নদী-দ্বীপটো এদিন নাইকিয়া হৈ যাব । মৌচুমী বতাহৰ অনিয়ন্ত্ৰিত গতিৰ বাবে আজিকালি যেতিয়াই-তেতিয়াই বানপানী হয় । কেতিয়াবা আকৌ বান্ধ ভাঙি, মথাউৰী ভাঙি, বান্ধৰ পানী জমা হৈ আকস্মিক আৰু অস্বাভিক বানপানীৰ সৃষ্টি কৰে । ইয়াৰ ফলত মানুহৰ অভাৱনীয় ক্ষতি হয় । বানপানীৰ লগতে অহা বোকা-বালিয়ে কৃষিভূমিৰ অনিষ্ট কৰে । বানপানীৰ দৃশ্য সচাকৈ ভয়াবহ । বানপানীৰ সময়ত মানুহৰ খাদ্যৰ অভাৱ হয় । বানপানীৰ সময়ত মানুহে শিবিৰত আশ্ৰয় লৈ ভয়াবহতাৰ ক্ষণ গণি গণি জীৱন অতিবাহিত কৰিব লাগে । বানপানীৰ পাছত সাধাৰণতে কলেৰা, মহামাৰী, ডায়েৰীয়া আদি ৰোগে দেখা দিয়ে। বানপানী কমি যোৱাৰ লগে লগে মানুহে শিবিৰৰ পৰা নিজৰ গৃহাভিমুখে যাত্ৰা কৰে । কিন্তু প্ৰকৃতিয়ে দুৰ্ভগীয়া মানুহবোৰক আকৌ নানান ৰোগ জাপি দিয়ে । খোৱা পানীৰ অভাৱ, খাদ্যৰ অভাৱ আৰু জেকা পৰিৱেশৰ বাবে নানা বেমাৰে শৰীৰত বাহ লয়। বানপানীৰ সময়ত অসমীয়া মানুহৰ দুখ কুলাই পাচিয়ে নধৰা হয় ।
বানপানীৰ পৰা উপকাৰ
বানপানীৰ ফলত অপকাৰৰ তুলনাত উপকাৰ নগণ্য। বানপানীৰ লগতে নদীৰ পানীয়ে পলস কঢ়িয়াই আনি মাটি সাৰুৱা কৰে। নদীৰ পানীয়ে নানা মাছ কাছ কঢ়িয়াই আনি মানুহৰ বিল-খাল পৰিপূৰ্ণ কৰি তোলে । ফলত নানা ধৰণৰ মাছ -কাছৰে খাল বিল উভৈনদী হৈ পৰে ।
বানপানী নিয়ন্তুণ
কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে বান সমস্যা নিয়ন্তণৰ বাবে আঁচনি গ্ৰহণ কৰিছে যদিও বান সমস্যা নিৰ্মূল কৰিব পৰা নাই। চৰকাৰৰ বান প্রতিৰোধৰ যিবোৰ নীতি আছে সেই নীতি যথেষ্ট আসৌৱাহপূৰ্ণ। পৰিকল্পিতভাৱে বানপানী সমস্যা সমাধানৰ বাবে কোনো ধৰণৰ চেষ্টা কৰা নাই। বান প্ৰতিৰোধৰ বাবে চৰকাৰে বছৰি কেইবা কোটি টকা খৰচ কৰে যদিও বিভাগীয় কৰ্তৃপক্ষৰ অদূৰদৰ্শী নীতি আৰু হেমহি। তথা ফাঁকিমৰা ব্যৱস্থাৰ বাবে আজিও গৰাখহনীয়া হৈ আছে। বানপানী ৰোধ কৰিবলৈ অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে ব্ৰহ্মপুত্ৰৰ তলিভাগ খান্দি দ কৰিব লাগিব। তদুপৰি ব্ৰহ্মপুত্ৰকে ধৰি অসমৰ প্রধান নদীসমূহৰ পৰা বিদ্যুৎ উৎপাদনৰ ব্যৱস্থা কৰিব পাৰিলে অসমে সমগ্ৰ ভাৰততে বিদ্যুৎ যোগান ধৰিব পাৰিব। মানুহে জধে-মধে গছ-গছনি কাটি তহিলং কৰাৰ বাবেও বানপানী সৃষ্টি হৈছে। সেয়ে গছ কটা নিষেধ কৰি, বৃক্ষ ৰোপণ কৰি খহনীয়া প্রতিৰোধ কৰিব লাগে। গছ-গছনি থাকিলে মৌচুমী বায়ুৰ গতি সুস্থিৰ হ’ব বুলি আশা কৰিব পাৰি। মৌচুমী বায়ুৰ গতি স্থিৰ হ’লে কিছু পৰিমাণে বানপানীৰ পৰা হাত সাৰিব পাৰি।
সামৰণি
প্ৰকৃতিৰ কোনো বস্তুৱে সম্পূৰ্ণ ধ্বংসকাৰী বা উপকাৰী নহয়। প্রকৃতিক আয়ত্তলৈ আনি তাক জনকল্যাণমূলক কামত লগাব পাৰিলে আমি জীৱশ্ৰেষ্ঠ মানৱ হিচাপে স্বীকৃতি লাভ কৰি থাকিম। পৃথিৱীৰ বহু দেশে নদী নিয়ন্তুণ কৰি কৃতিত্ব লাভ কৰিছে আৰু উন্নতিৰ জখলাত আগুৱাই গৈছে । প্ৰাকৃতিক দুৰ্যোগ, বানপানী আদি হৈ থাকিলে কোনো জাতিৰ বা দেশৰ অৰ্থনৈতিক উন্নয়ন সম্ভৱ নহয় ।
নিবনুৱা সমস্যা ৰচনা CLICK HERE
মোবাইল ফোনৰ সুপ্ৰভাৱ আৰু কুপ্রভাব CLICK HERE